< Jeremi 22 >
1 Konsa pale SENYÈ a: “Ale desann kote kay wa Juda a, e pale pawòl sa a:
১যিহোৱাই এইদৰে ক’লে: “তুমি যিহূদাৰ ৰাজগৃহলৈ গৈ সেই ঠাইত এই কথা ঘোষণা কৰা।
2 Di l konsa: ‘Koute pawòl SENYÈ a, O wa Juda, ki chita sou twòn David la, ou menm, sèvitè ou yo ak pèp ou a ki antre nan pòtay sila yo.
২কোৱা, ‘হে দায়ুদৰ সিংহাসনত বহোঁতা যিহূদাৰ ৰজা, তুমি, তোমাৰ মন্ত্ৰী আৰু এই দুৱাৰবোৰত সোমোৱা তোমাৰ প্ৰজা, এই আটাইয়ে যিহোৱাৰ বাক্য শুনা।”
3 Konsa pale SENYÈ a: “Fè jistis ak ladwati e delivre sila ki te vòlè devan pouvwa sila ki te oprime l la. Anplis pa maltrete ni fè vyolans a yon etranje, òfelen an ak vèv la. Ni pa vèse san inosan nan plas sa a.
৩যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
4 Paske si nou menm mesye yo va, anverite, fè bagay sa a, alò, wa yo va antre nan pòtay kay sa a, e va chita nan plas David sou twòn li an. Yo va monte sou cha yo ak sou cheval yo—yo menm, sèvitè yo ak pèp li a.
৪কিয়নো, তোমালোকে যদি এই কথা যত্নেৰে পালন কৰা, তেন্তে দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলে ৰথত আৰু ঘোঁৰাত উঠি প্ৰতিজনে মন্ত্ৰী আৰু প্ৰজাৰে সৈতে এই গৃহৰ দুৱাৰবোৰেদি সোমাব!
5 Men si nou pa obeyi pawòl sa yo, Mwen sèmante pa Mwen menm,” deklare SENYÈ a: “ke kay sila a va vin dezole.”’”
৫কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
6 Paske konsa pale SENYÈ a konsènan kay wa a Juda a: “Ou tankou Galaad pou Mwen, tankou tèt mòn Liban an. Malgre, anverite Mwen va fè nou kon yon dezè, kon vil ki abandone.
৬কিয়নো যিহোৱাই যিহূদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে: ‘তুমি মোৰ বিবেচনাত গিলিয়দ আৰু লিবানোনৰ ওখ ভাগৰ দৰে হলেও, নিশ্চয়ে মই তোমাক মৰুভূমিত, আৰু নিবাসী নোহোৱা নগৰবোৰৰ দৰে কৰিম।
7 Paske Mwen va mete destriktè apa pou ou, yo chak ak zam yo. Epi yo va koupe mete atè bwa sèd pi chwazi ou yo e jete yo nan dife.
৭আৰু মই তোমাৰ অহিতে নিজ নিজ অস্ত্ৰেৰে সৈতে বিনাশক লোকসকল যুগুত কৰিম তেওঁ লোকে তোমাৰ উত্তম উত্তম গছবোৰ কাটি জুইত পেলাই দিব।
8 “Anpil nasyon va pase kote vil sa a. Konsa, yo va di youn lòt: ‘Poukisa SENYÈ a te fè bagay sa a gwo vil sa a?’
৮আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
9 Epi yo va reponn: ‘Akoz yo te abandone akò SENYÈ a, Bondye yo a, e te pwostène yo a lòt dye yo e te sèvi yo.’”
৯তেতিয়া তেওঁলোকে উত্তৰ কৰিব, “কাৰণ ইয়াৰ লোকসকলে ঈশ্বৰ যিহোৱাৰ নিয়মটি ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছিল, আৰু সেইবোৰক সেৱাপূজা কৰিছিল।”
10 Pa kriye pou mò yo. Pa fè dèy pou li, men kriye san rete pou sila ki sòti a; paske li p ap janm retounen, ni li p ap wè peyi l ankò.
১০তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”
11 Paske se konsa SENYÈ a pale a Schallum, fis a Josias, wa Juda a, ki te vin wa nan plas Josias, papa li, ki te ale kite plas sa a: “Li p ap janm retounen la,
১১কাৰণ, যিহূদাৰ যোচিয়া ৰজাৰ পুতেক যি চল্লুম তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা হৈছিল, আৰু এই ঠাইৰ পৰা গল, তেওঁৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, তেওঁ এই ঠাইলৈ আৰু উলটি নাহিব;
12 men nan plas kote li te mennen an kaptivite a, se la li va mouri e li p ap wè peyi sila ankò.”
১২কিন্তু তেওঁলোকে যি ঠাইলৈ তেওঁক বন্দী কৰি নিলে, সেই ঠাইতে মৰিব, এই দেশ আৰু নেদেখিব।”
13 “Malè a sila ki bati kay li san ladwati, chanm anlè yo san jistis, ki itilize sèvis vwazen li san peye e ki pa bay li salè li,
১৩যি জনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে, যি জনে বেচ নিদিয়াকৈ নিজৰ ওচৰ-চুবুৰীয়াক বন্দী-কাম কৰোৱায়, আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে।
14 Ki di: “Mwen va bati pou mwen menm yon kay ak anpil espas, ak gwo chanm anlè. Mwen va koupe fenèt li yo, ba li panno bwa sèd e pentire l an koulè wouj.’
১৪যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকি দুৱাৰ কাটে, আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায়, আৰু সেন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হব।”
15 “Èske ou dwe wa akoz ou pi fò nan afè bwa sèd? Èske papa ou pa t manje, bwè e fè jistis ak sa ki dwat? Epi sa te ale byen pou li.
১৫এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।
16 Li te plede koz a malere ak aflije yo, epi sa te ale byen. Èske se pa sa ki vle di ou rekonèt Mwen an?” deklare SENYÈ a.
১৬তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
17 “Men zye ou ak kè ou rete sèlman sou richès ki ranmase nan zak malonèt, nan vèse san inosan, nan opresyon ak vyolans.”
১৭কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
18 Pou sa, konsa SENYÈ a pale konsènan Jojakim, fis a Josias, wa Juda a: “Yo p ap fè dèy pou li. Ni rele ‘Anmwey, frè m!’ ni ‘Anmwey sè m!’ “Yo p ap fè gwo kri pou li. Ni ‘Anmwey, mèt mwen!’ Ni ‘Anmwey, pou grand pwisans li!’
১৮এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
19 Li va antere ak antèman bourik, trennen e jete deyò pòtay Jérusalem yo.”
১৯লোকে তেওঁক টানি নি যিৰূচালেমৰ দুৱাৰৰ বাহিৰে দূৰত পেলাই দি গাধ পোতাৰ দৰে পুতিব।
20 “Ale monte kote Liban. Kriye fò e leve vwa ou nan Basan. Kriye anplis depi Abarim, paske tout moun ki renmen ou yo vin kraze nèt.
২০তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা, আৰু অবাৰীমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোঁতা আটাইবিলাক বিনষ্ট হল।
21 Mwen te pale ak ou nan pwosperite, men ou te di: ‘Mwen p ap koute’! Konsa abitid ou depi nan jenès ou, ke ou te refize obeyi lavwa M.
২১তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
22 Van an va bale fè disparèt tout bèje ou yo, ak moun ki renmen ou yo, y ap wale an kaptivite. Konsa, ou va anverite wont e imilye akoz tout mechanste ou yo.
২২বতাহে তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব। তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হবা।
23 Nou menm k ap viv Liban, ki fè nich ak bwa sèd yo, nou va plenyen nan gòj lè gran doulè a rive sou ou; doulè tankou yon fanm k ap akouche a!
২৩এৰচ কাঠৰ মাজত নিজৰ বাহ সজা হে লিবানোন-বাসিনী, তেতিয়া যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক আক্ৰমণ কৰিব, তেতিয়া তুমি কিমান বেছিকৈ কৃপাৰ যোগ্য হবা।”
24 “Kon Mwen viv la”, deklare SENYÈ a: “Menmsi Jeconia, fis a Jojakim nan, te yon bag so nan men dwat Mwen; malgre sa, Mwen ta rale retire ou.
২৪যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকীমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।
25 Epi mwen ta lese ou tonbe nan men a sila k ap chache lavi ou yo; wi, nan men a sila ke ou krent anpil yo, menm nan men Nebucadnetsar, wa a Babylone nan, e nan men a Kaldeyen yo.
২৫আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত, আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনে কি, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু কলদীয়াসকলৰ হাতত শোধাই দিম।
26 Mwen va jete ou ak manman ou ki te fè ou a jis nan yon lòt peyi kote ou pa t fèt, e la ou va mouri.
২৬তোমাক আৰু তোমাক জন্মোৱা মাতৃক, তোমালোক নজনা আন দেশত পেলাই দিম। সেই ঠাইতে তোমালোক মৰিবা।
27 Men pou peyi kote yo ta vle retounen an, yo p ap retounen la.”
২৭তেওঁলোকৰ মনে যি দেশলৈ আহিবলৈ হাবিয়াহ কৰে, সেই দেশলৈ তেওঁলোক উলটি নাহিব।
28 Èske nonm sa a, Jenocia se yon po meprize, kraze nèt? Oswa èske li se yon veso lèd, san valè? Poukisa li menm ak desandan li yo te jete deyò konsa e depoze nan yon peyi ke yo pa t konnen?
২৮এই পুৰুষ কনিয়া ঘৃনিত ভগ্ন পাত্ৰ নে? ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে? তেওঁলোকে নজনা দেশত এওঁলোকক কিয় পেলোৱা হৈছে?
29 O latè, latè, latè, tande pawòl SENYÈ a!
২৯হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা। যিহোৱাই এইদৰে কৈছে, “তোমালোকে এই মানুহ সন্তানহীন বুলি, ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা।
30 Konsa pale SENYÈ a: “Mete nonm sa a nan lis kon ‘san pitit’, yon nonm ki p ap reyisi nan jou li yo. Paske nanpwen moun nan desandan li yo ki va reyisi, ni k ap chita sou twòn David la, ni gouvène ankò nan Juda.”
৩০কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দায়ুদৰ সিংহাসনত বহিবলৈ, আৰু যিহূদাত শাসন কৰিবলৈ, কৃতকাৰ্য্য নহব।”