< Deteronòm 19 >
1 “Lè SENYÈ a, Bondye nou an, koupe retire nasyon yo, pou bannou tè pa yo a, pou nou deplase yo pou nou vin rete nan vil yo ak nan kay yo,
১আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব,
2 “Nou va mete akote twa vil pou nou menm nan mitan peyi nou an, ke SENYÈ a, Bondye nou an, bannou pou posede a.
২তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে আপোনালোকক দিব, আপোনালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব।
3 Nou va prepare wout pou nou menm, e divize an twa pati teritwa a peyi ke SENYÈ a va bannou kòm posesyon an, jis pou nenpòt moun ki touye moun kapab sove ale ladann.
৩সেই ঠাইলৈ যাবলৈ এটা পথও আপোনালোকে নির্মাণ কৰি ল’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ আপোনালোকক নিছে, সেই দেশৰ সীমা আপোনালোকে তিনি ভাগত ভাগ কৰিব যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে।
4 “Men sa se kondisyon ka a moun ki kapab sove ale rive la pou viv: Lè li vin touye zanmi li san entansyon eksprè, san ke li pa t rayi li avan——
৪সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে,
5 tankou lè yon nonm antre nan forè avèk zanmi li pou koupe bwa, epi men li voye rach la pou koupe bwa a, fè tèt fè a vin pati pou l frape zanmi li an, e li mouri—-li kapab sove ale nan youn nan vil sa yo pou viv.
৫যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব;
6 Otreman, vanjè san an ta petèt kouri dèyè sila ki touye moun nan, epi nan chalè kòlè li, rakontre l akoz distans lan twòp, e pran lavi li, malgre li pa t merite mouri, akoz ke li pa t rayi li avan.
৬তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল।
7 Pou sa, mwen kòmande nou, e di: ‘Nou va mete apa twa vil pou nou menm.’
৭এই কাৰণতে মই আপোনালোকৰ নিজৰ বাবে তিনিখন নগৰ নির্বাচন কৰিবলৈ আজ্ঞা দিছো।
8 “Si SENYÈ, Bondye nou an, fè teritwa nou an vin pi gran, jan li te sèmante a zansèt nou yo pou bannou tout tè ke li te pwomèt pou bay zansèt nou yo;
৮যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্বপুৰুষসকলৰ ওচৰত প্রতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু আপোনালোকৰ সীমাবোৰ বৃদ্ধি কৰে,
9 epi si nou fè atansyon pou swiv tout kòmandman sa ke mwen kòmande nou jodi a yo, pou renmen SENYÈ a, Bondye nou an, e mache nan vwa pa Li pou tout tan—-alò, nou va ogmante anplis twa vil ankò pou nou menm.
৯মই আজি আপোনালোকক দিয়া সকলো আজ্ঞা যদি আপোনালোকে মানি চলে - যদি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ পথত চলে, তেতিয়া আপোনালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিব।
10 Jis pou san inosan pa vèse nan mitan teritwa nou an, ke SENYÈ a bannou kòm eritaj la, e pou koupabilite san an pa vin rete sou nou.
১০আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।
11 “Men si vin gen yon nonm ki rayi vwazen li, li kouche an kachèt pou li, li leve kont li pou frape li jiskaske li vin mouri, e li sove ale rive nan youn nan vil sa yo,
১১কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি তেওঁ পলাই যায়,
12 alò, ansyen nan vil li yo va voye pran li soti la. Konsa, yo va livre li nan men vanjè san an, pou li kapab mouri.
১২তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰীজনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব।
13 Nou pa pou gen pitye pou li, men nou gen pou fè netwayaj san inosan an soti an Israël pou sa kapab ale byen pou nou.
১৩আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব। কিন্তু, তাৰ পৰিবর্তে আপোনালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাব। তাতে আপোনালোকৰ মঙ্গল হ’ব।
14 “Nou pa pou deplase lizyè tè vwazen nou, ke zansèt yo te etabli kòm eritaj nou ke SENYÈ Bondye nou an, ap bannou pou posede.
১৪আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে আপোনালোকক প্রৱেশ কৰিবলৈ দিব, প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাব। বহুদিনৰ আগেয়ে সেই চিহ্নবোৰ তাত ৰখা হৈছিল।
15 “Yon sèl temwen pa kapab leve kont yon moun sou koz nenpòt inikite oswa peche ke li te fè. Sou temwayaj a de oswa twa temwen, yo kapab konfime yon ka.
১৫কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপ কার্যৰ বাবে, তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হ’লে নহ’ব; দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্য ৰূপে প্রমাণিত হ’ব।
16 “Si yon temwen malveyan leve kont yon nonm pou akize li kòm malfektè,
১৬যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে,
17 alò, tou de moun ki gen dispit yo, va kanpe devan SENYÈ a, devan prèt avèk jij ki ofisye nan jou sa yo.
১৭তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰকসকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব;
18 “Jij yo va fè ankèt konplè; epi si temwayaj la se yon fo temwayaj, e li te fè fo temwayaj kont frè l,
১৮বিচাৰকসকলে বিষয়টো ভালদৰে তদন্ত কৰিব; যদি তেওঁ নিজৰ ইস্রায়েলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে,
19 alò, nou va fè li menm bagay ke li t ap fè rive a frè li a. Konsa, nou va netwaye mechanste fèt pami pèp nou an.
১৯তেন্তে, তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব, তাকে তেওঁলৈ কৰিব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব।
20 Lòt yo va tande, vin gen krentif, e yo p ap janm fè ankò yon bagay mechan konsa pami nou.
২০তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা আপোনালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব।
21 Konsa, zye nou p ap gen pitye: vi pou vi, zye pou zye, dan pou dan, men pou men, pye pou pye.
২১আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।