< Sòm 104 >
1 Kite m' di Seyè a mèsi! Seyè, Bondye mwen, ala gwo pouvwa ou gwo! Devan ou se respè, se chapo ba!
১হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
2 Ou vlope kò ou nan yon gwo limyè. Ou louvri syèl la tankou yon tant pou ou rete.
২বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
3 Ou bati kay ou sou nwaj yo ki plen dlo. Ou pran nwaj yo sèvi ou cha, yon kouran van ap pouse ou ale.
৩তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
4 Ou fè van yo pote komisyon pou ou. Ou fè zèklè yo tounen sèvitè ou.
৪তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
5 Ou mete latè kanpe fèm sou fondasyon li. Anyen pa ka brannen l'.
৫তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
6 Ou mete lanmè sou li tankou yon rad, dlo te kouvri tout mòn yo.
৬তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
7 Men, lè ou parèt devan yo, yo pran kouri. Lè yo tande loraj ou gwonde, yo met deyò.
৭কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
8 Yo kouri desann sou mòn yo, yo pase nan fon yo, y' al pran plas ou te pare pou yo.
৮পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
9 Ou ba yo limit pou yo pa janm depase, pou yo pa tounen vin kouvri latè ankò.
৯এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
10 Ou fè sous dlo koule nan fon yo. Ou fè dlo koule nan mitan mòn yo.
১০উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
11 Yo bay dlo pou bèt nan bwa yo bwè. Bourik nan bwa yo vin bwè lè yo swaf dlo.
১১সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
12 Zwezo fè nich sou pyebwa ki bò dlo yo. Y'ap chante byen fò nan tout branch yo.
১২জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
13 Ou rete nan syèl la, ou voye lapli wouze mòn yo. Ou kouvri tè a ak benediksyon ou.
১৩তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
14 Ou fè zèb pouse pou bèt yo manje. Ou fè plant moun bezwen yo grandi pou latè ka donnen manje,
১৪তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
15 pou latè ka donnen rezen ki bay diven pou fè kè lèzòm kontan, lwil pou fè figi yo fre, pen pou ba yo fòs.
১৫যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
16 Pyebwa Seyè yo, pye sèd li menm li te plante nan peyi Liban an, yo jwenn tou sa yo bezwen.
১৬যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
17 Se la zwazo fè nich yo. Sigòy fè kay yo sou tèt pyebwa yo.
১৭সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
18 Mòn apik yo se pou kabrit mawon yo ye. Daman kache nan twou wòch yo.
১৮ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
19 Ou te fè lalin pou l' make jou yo. Solèy la konnen kilè pou l' kouche.
১৯ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
20 Ou fè fènwa tonbe sou peyi a, li lannwit. Tout bèt nan rakbwa yo soti deyò.
২০তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
21 Jenn lyon yo ap gwonde, y'ap chache manje. Y'ap mande Bondye ba yo manje.
২১যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
22 Lè solèy leve, yo wete kò yo, y' al kouche nan twou yo.
২২সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
23 Moun soti pou y' al travay, wi, pou y' al travay jouk solèy kouche.
২৩মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
24 Seyè, ou fè anpil bagay! Ou fè yo avèk bon konprann. Latè plen ak bagay ou fè.
২৪হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
25 Gade gwo lanmè a, li laj, li fon. Gen kantite bèt k'ap viv ladan l', gwo kou piti.
২৫সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
26 Se sou li gwo batiman yo ap pwonmennen. Gwo bèt lanmè ou te fè a, levyatan an, ap jwe ladan l'.
২৬তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
27 Se sou ou tout bèt sa yo konte, pou ou ba yo manje lè yo bezwen.
২৭সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
28 Ou ba yo manje, yo manje. Ou louvri men ou, yo manje plen vant yo.
২৮তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
29 Vire ou vire do ou, yo pran tranble. Lè ou wete souf yo, yo mouri frèt, yo tounen nan pousyè kote yo te soti a.
২৯তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
30 Men, lè ou soufle souf ou, ou bay lavi ankò. Konsa, ou bay latè yon lòt figi.
৩০তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
31 Se pou bèl pouvwa Seyè a rete jan l' ye a pou tout tan. Se pou Seyè a kontan ak tou sa li fè.
৩১যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
32 Li gade latè, latè pran tranble. Li manyen mòn yo, mòn yo pran fè lafimen.
৩২তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
33 M'ap pase tout lavi m' ap chante pou Seyè a. M'ap fè lwanj Bondye pandan tout tan m'ap viv la.
৩৩মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
34 Mwen ta swete pawòl mwen fè l' plezi, paske se li ki fè kè m' kontan.
৩৪তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
35 Se pou moun k'ap fè sa ki mal yo disparèt sou latè. Se pou pa gen mechan ankò! Kite m' di Seyè a mèsi! Lwanj pou Seyè a!
৩৫পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।