< Προς Γαλατας 6 >
1 αδελφοι εαν και προληφθη ανθρωπος εν τινι παραπτωματι υμεις οι πνευματικοι καταρτιζετε τον τοιουτον εν πνευματι πραοτητος σκοπων σεαυτον μη και συ πειρασθης
১হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
2 αλληλων τα βαρη βασταζετε και ουτως αναπληρωσατε τον νομον του χριστου
২আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
3 ει γαρ δοκει τις ειναι τι μηδεν ων εαυτον φρεναπατα
৩কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে।
4 το δε εργον εαυτου δοκιμαζετω εκαστος και τοτε εις εαυτον μονον το καυχημα εξει και ουκ εις τον ετερον
৪প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
5 εκαστος γαρ το ιδιον φορτιον βαστασει
৫কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
6 κοινωνειτω δε ο κατηχουμενος τον λογον τω κατηχουντι εν πασιν αγαθοις
৬যি জনে বাক্যৰ শিক্ষা পায়, তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক।
7 μη πλανασθε θεος ου μυκτηριζεται ο γαρ εαν σπειρη ανθρωπος τουτο και θερισει
৭আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
8 οτι ο σπειρων εις την σαρκα εαυτου εκ της σαρκος θερισει φθοραν ο δε σπειρων εις το πνευμα εκ του πνευματος θερισει ζωην αιωνιον (aiōnios )
৮কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। (aiōnios )
9 το δε καλον ποιουντες μη εκκακωμεν καιρω γαρ ιδιω θερισομεν μη εκλυομενοι
৯আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
10 αρα ουν ως καιρον εχομεν εργαζωμεθα το αγαθον προς παντας μαλιστα δε προς τους οικειους της πιστεως
১০এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
11 ιδετε πηλικοις υμιν γραμμασιν εγραψα τη εμη χειρι
১১চাওক, মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ।
12 οσοι θελουσιν ευπροσωπησαι εν σαρκι ουτοι αναγκαζουσιν υμας περιτεμνεσθαι μονον ινα μη τω σταυρω του χριστου διωκωνται
১২যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
13 ουδε γαρ οι περιτεμνομενοι αυτοι νομον φυλασσουσιν αλλα θελουσιν υμας περιτεμνεσθαι ινα εν τη υμετερα σαρκι καυχησωνται
১৩কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।
14 εμοι δε μη γενοιτο καυχασθαι ει μη εν τω σταυρω του κυριου ημων ιησου χριστου δι ου εμοι κοσμος εσταυρωται καγω τω κοσμω
১৪কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।
15 εν γαρ χριστω ιησου ουτε περιτομη τι ισχυει ουτε ακροβυστια αλλα καινη κτισις
১৫কিয়নো চুন্নতো একো নহয়, অচুন্নতো একো নহয়; কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ।
16 και οσοι τω κανονι τουτω στοιχησουσιν ειρηνη επ αυτους και ελεος και επι τον ισραηλ του θεου
১৬যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব, তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক; আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷
17 του λοιπου κοπους μοι μηδεις παρεχετω εγω γαρ τα στιγματα του κυριου ιησου εν τω σωματι μου βασταζω
১৭এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক; কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ।
18 η χαρις του κυριου ημων ιησου χριστου μετα του πνευματος υμων αδελφοι αμην [ προς γαλατας εγραφη απο ρωμης]
১৮ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।