< Κατα Μαρκον 11 >
1 και οτε εγγιζουσιν εις ιερουσαλημ εις βηθφαγη και βηθανιαν προς το ορος των ελαιων αποστελλει δυο των μαθητων αυτου
১যেতিয়া তেওঁলোক যিৰূচালেমৰ ওচৰৰ জৈতুন পৰ্বতৰ কাষত থকা বৈৎফগী আৰু বৈথনিয়া পালে, তেতিয়া যীচুৱে নিজৰ শিষ্য সকলৰ মাজৰ দুজনক আগত পঠিয়াই দিলে;
2 και λεγει αυτοις υπαγετε εις την κωμην την κατεναντι υμων και ευθεως εισπορευομενοι εις αυτην ευρησετε πωλον δεδεμενον εφ ον ουδεις ανθρωπων κεκαθικεν λυσαντες αυτον αγαγετε
২আৰু তেওঁলোকক এই আদেশ দি ক’লে - “তোমালোকে সন্মুখৰ গাওঁখন লৈ যোৱা৷ তাত তোমালোকে সোমাওঁতেই, কোনো মানুহে কেতিয়াও নুঠা এটা গাধ পোৱালি বান্ধি থোৱা দেখিবা; সেই পোৱালিটো মোৰ বাবে আনাগৈ।
3 και εαν τις υμιν ειπη τι ποιειτε τουτο ειπατε οτι ο κυριος αυτου χρειαν εχει και ευθεως αυτον αποστελει ωδε
৩কোনোবাই যদি তোমালোকক কয়, “এইটো কিয় মেলিছা?” তেতিয়া তোমালোকে ক’বা, ‘প্ৰভুৰ ইয়াক প্ৰয়োজন আছে, আৰু তেওঁ এতিয়াই ইয়াক পুনৰ ইয়ালৈ পঠাই দিব’।”
4 απηλθον δε και ευρον τον πωλον δεδεμενον προς την θυραν εξω επι του αμφοδου και λυουσιν αυτον
৪তেতিয়া তেওঁলোকে গৈ, দুৱাৰৰ বাহিৰত মুকলি বাটত বান্ধি থোৱা এটা গাধ পোৱালি পাই সেইটো মেলিলে।
5 και τινες των εκει εστηκοτων ελεγον αυτοις τι ποιειτε λυοντες τον πωλον
৫এনেতে, তাত থিয় হৈ থকা লোক সকলে ক’লে, “তোমালোকে গাধ পোৱালি মেলি কি কৰা?”
6 οι δε ειπον αυτοις καθως ενετειλατο ο ιησους και αφηκαν αυτους
৬তাতে তেওঁলোকে যীচুৱে কোৱাৰ দৰে লোক সকলক কোৱাত, লোক সকলে গাধ পোৱালিটো আনিবলৈ তেওঁলোকক এৰি দিলে।
7 και ηγαγον τον πωλον προς τον ιησουν και επεβαλον αυτω τα ιματια αυτων και εκαθισεν επ αυτω
৭পাছত শিষ্য দুজনে সেই গাধ পোৱালিটো যীচুৰ ওচৰলৈ আনিলে আৰু তাৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলে৷ পাছত তাৰ ওপৰত তেওঁ বহিল।
8 πολλοι δε τα ιματια αυτων εστρωσαν εις την οδον αλλοι δε στοιβαδας εκοπτον εκ των δενδρων και εστρωννυον εις την οδον
৮অনেকে নিজৰ নিজৰ কাপোৰবোৰ পথত পাৰি দিলে, আৰু কিছুমানে পথাৰৰ পৰা ডাল-পাত আদি কাটি আনি পথত পাৰি দিলে।
9 και οι προαγοντες και οι ακολουθουντες εκραζον λεγοντες ωσαννα ευλογημενος ο ερχομενος εν ονοματι κυριου
৯যি সকল লোক তেওঁৰ আগে-পাছে গৈছিল আৰু যি সকলে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকে ৰিঙিয়াই ক’বলৈ ধৰিলে, ‘জয়! জয়! যি জন প্ৰভুৰ নামেৰে আহিছে, তেওঁ ধন্য;
10 ευλογημενη η ερχομενη βασιλεια εν ονοματι κυριου του πατρος ημων δαβιδ ωσαννα εν τοις υψιστοις
১০আৰু আমাৰ ওপৰ-পিতৃ দায়ুদৰ যি ৰাজ্য আহিছে, সেই জন ধন্য! উৰ্দ্ধলোকত জয়ধ্বনি হওক’।
11 και εισηλθεν εις ιεροσολυμα ο ιησους και εις το ιερον και περιβλεψαμενος παντα οψιας ηδη ουσης της ωρας εξηλθεν εις βηθανιαν μετα των δωδεκα
১১এইদৰে যীচু যিৰূচালেমত প্ৰৱেশ কৰিলে আৰু মন্দিৰ এলেকাত সোমাল। তাৰ পাছত তেওঁ চাৰিওফালে ঘূৰি সকলোবোৰ চালে। এইদৰে পলম হোৱাত সন্ধিয়া হৈ আহিল, পাছত তেওঁ বাৰ জন শিষ্যৰ সৈতে বৈথনিয়া গাওঁলৈ ওলাই গ’ল।
12 και τη επαυριον εξελθοντων αυτων απο βηθανιας επεινασεν
১২পাছদিনা খন তেওঁলোক বৈথনিয়া গাওঁৰ পৰা ঘুৰি আহোতে, তেওঁৰ ভোক লাগিল।
13 και ιδων συκην μακροθεν εχουσαν φυλλα ηλθεν ει αρα ευρησει τι εν αυτη και ελθων επ αυτην ουδεν ευρεν ει μη φυλλα ου γαρ ην καιρος συκων
১৩তেতিয়া তেওঁ দুৰৈৰ পৰা, পাতে সৈতে এজোপা ডিমৰু গছ দেখি, ফল পোৱাৰ আশাত তালৈ গ’ল; কিন্তু ওচৰ পোৱাত পাতৰ বাহিৰে একো নাপালে; কিয়নো সেই সময় ডিমৰুৰ ফল দিয়া বতৰ নাছিল।
14 και αποκριθεις ο ιησους ειπεν αυτη μηκετι εκ σου εις τον αιωνα μηδεις καρπον φαγοι και ηκουον οι μαθηται αυτου (aiōn )
১৪তেতিয়া তেওঁ মাত লগাই সেই গছক ক’লে, “এতিয়াৰ পৰা কোনেও তোৰ ফল কোনো কালে নাখাওঁক।” তেওঁৰ শিষ্য সকলে, তেওঁ কি ক’লে শুনিলে। (aiōn )
15 και ερχονται εις ιεροσολυμα και εισελθων ο ιησους εις το ιερον ηρξατο εκβαλλειν τους πωλουντας και αγοραζοντας εν τω ιερω και τας τραπεζας των κολλυβιστων και τας καθεδρας των πωλουντων τας περιστερας κατεστρεψεν
১৫পাছত তেওঁলোক যিৰূচালেম আহি পোৱাত, যীচুৱে মন্দিৰৰ এলেকাত সোমাই মন্দিৰত বেচা-কিনা কৰা সকলক বাহিৰ কৰিবলৈ ধৰিলে; আৰু ধন সলোৱা সকলৰ মেজ, আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে;
16 και ουκ ηφιεν ινα τις διενεγκη σκευος δια του ιερου
১৬তেওঁ মন্দিৰৰ মাজেদি কোনো লোকক বেচা-কিনা কৰিবলৈ একো পাত্ৰ লৈ যাব নিদিলে।
17 και εδιδασκεν λεγων αυτοις ου γεγραπται οτι ο οικος μου οικος προσευχης κληθησεται πασιν τοις εθνεσιν υμεις δε εποιησατε αυτον σπηλαιον ληστων
১৭তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহাকৰিলা’।”
18 και ηκουσαν οι γραμματεις και οι αρχιερεις και εζητουν πως αυτον απολεσουσιν εφοβουντο γαρ αυτον οτι πας ο οχλος εξεπλησσετο επι τη διδαχη αυτου
১৮এই কথা শুনি, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক কেনেকৈ বধ কৰিব পাৰে, তাৰ উপায় বিচাৰিব ধৰিলে৷ কিন্তু তেওঁলোকে তেওঁলৈ ভয় কৰিলে কাৰণ গোটেই লোক সমূহে তেওঁৰ উপদেশত বিস্ময় মানিছিল।
19 και οτε οψε εγενετο εξεπορευετο εξω της πολεως
১৯আৰু সন্ধিয়া হ’লেই তেওঁলোক নগৰৰ বাহিৰলৈ ওলাই গৈছিল।
20 και πρωι παραπορευομενοι ειδον την συκην εξηραμμενην εκ ριζων
২০ৰাতিপুৱা তেওঁলোকে সেই বাটেদি আহোতে, সেই ডিমৰু গছজোপা শিপাই সৈতে শুকাই যোৱা দেখিলে।
21 και αναμνησθεις ο πετρος λεγει αυτω ραββι ιδε η συκη ην κατηρασω εξηρανται
২১তেতিয়া পিতৰৰ মনত পৰিল আৰু তেওঁ যীচুক ক’লে, “ৰব্বি, চাওক! আপুনি শাও দিয়া ডিমৰু গছজোপা শুকাই গ’ল।”
22 και αποκριθεις ιησους λεγει αυτοις εχετε πιστιν θεου
২২যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে ঈশ্বৰত বিশ্বাস ৰাখা;
23 αμην γαρ λεγω υμιν οτι ος αν ειπη τω ορει τουτω αρθητι και βληθητι εις την θαλασσαν και μη διακριθη εν τη καρδια αυτου αλλα πιστευση οτι α λεγει γινεται εσται αυτω ο εαν ειπη
২৩মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।
24 δια τουτο λεγω υμιν παντα οσα αν προσευχομενοι αιτεισθε πιστευετε οτι λαμβανετε και εσται υμιν
২৪এই হেতুকে মই তোমালোকক কওঁ, তোমোলোকে প্ৰাৰ্থনা কৰি যি যি খোজা, সেই সকলোকে পালোঁ বুলি বিশ্বাস কৰা; তেতিয়াহে পাবা,
25 και οταν στηκητε προσευχομενοι αφιετε ει τι εχετε κατα τινος ινα και ο πατηρ υμων ο εν τοις ουρανοις αφη υμιν τα παραπτωματα υμων
২৫আৰু স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে যাতে তোমালোকৰো অপৰাধ ক্ষমাকৰিব, সেই বাবে তোমালোকে প্ৰাৰ্থনা কৰিবলৈ থিয় হওতে, যদি কাৰোবাৰ বিৰুদ্ধে তোমালোকৰ কিবা কবলগীয়া থাকে, তেনেহলে তেওঁক নিশ্চয় ক্ষমা কৰা।
26 ει δε υμεις ουκ αφιετε ουδε ο πατηρ υμων ο εν τοις ουρανοις αφησει τα παραπτωματα υμων
২৬কিন্তু তোমালোকে যদি ক্ষমা নকৰা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব৷”
27 και ερχονται παλιν εις ιεροσολυμα και εν τω ιερω περιπατουντος αυτου ερχονται προς αυτον οι αρχιερεις και οι γραμματεις και οι πρεσβυτεροι
২৭এইদৰে তেওঁলোক আকৌ যিৰূচালেমলৈ আহিল৷ এনেতে যীচুৱে তেওঁ মন্দিৰত ফুৰোতে, প্ৰধান পুৰোহিত, বিধানৰ অধ্যাপক, আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে,
28 και λεγουσιν αυτω εν ποια εξουσια ταυτα ποιεις και τις σοι την εξουσιαν ταυτην εδωκεν ινα ταυτα ποιης
২৮“আপুনি কি ক্ষমতাৰে এইবোৰ কৰিছে বা এইবোৰ কৰিবলৈ কোনে এই ক্ষমতা আপোনাক দিলে?”
29 ο δε ιησους αποκριθεις ειπεν αυτοις επερωτησω υμας καγω ενα λογον και αποκριθητε μοι και ερω υμιν εν ποια εξουσια ταυτα ποιω
২৯তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক এটা কথা সোধো, আপোনালোকে মোক উত্তৰ দিয়ক; তেতিয়াহে মই কি ক্ষমতাৰে এইবোৰ কৰিছোঁ সেই বিষয়ে আপোনালোকক ক’ম।
30 το βαπτισμα ιωαννου εξ ουρανου ην η εξ ανθρωπων αποκριθητε μοι
৩০‘যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহৰ পৰা হৈছিল’? মোক উত্তৰ দিয়ক।”
31 και ελογιζοντο προς εαυτους λεγοντες εαν ειπωμεν εξ ουρανου ερει διατι ουν ουκ επιστευσατε αυτω
৩১তেতিয়া তেওঁলোকে পৰস্পৰে কোৱা-মেলা আৰু যুক্তি-তৰ্ক কৰি ক’লে, ‘স্বৰ্গৰ পৰা বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা, তেওঁ এনেকৈ ক’ব।
32 αλλ εαν ειπωμεν εξ ανθρωπων εφοβουντο τον λαον απαντες γαρ ειχον τον ιωαννην οτι οντως προφητης ην
৩২কিন্তু মানুহৰ বুলি ক’ম নে?’ তেওঁলোকে মানুহবোৰলৈ ভয় কৰিলে, কিয়নো সকলোৱে যোহনক স্বৰূপেই এজন ভাববাদী বুলি মানিছিল।
33 και αποκριθεντες λεγουσιν τω ιησου ουκ οιδαμεν και ο ιησους αποκριθεις λεγει αυτοις ουδε εγω λεγω υμιν εν ποια εξουσια ταυτα ποιω
৩৩পাছে তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো।” তাতে যীচুৱেও তেওঁলোকক ক’লে, “মই কি ক্ষমতাৰে এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”