< Ιακωβου 4 >
1 ποθεν πολεμοι και μαχαι εν υμιν ουκ εντευθεν εκ των ηδονων υμων των στρατευομενων εν τοις μελεσιν υμων
১আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
2 επιθυμειτε και ουκ εχετε φονευετε και ζηλουτε και ου δυνασθε επιτυχειν μαχεσθε και πολεμειτε ουκ εχετε δε δια το μη αιτεισθαι υμας
২আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
3 αιτειτε και ου λαμβανετε διοτι κακως αιτεισθε ινα εν ταις ηδοναις υμων δαπανησητε
৩আপোনালোকে বিচাৰে, আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে৷
4 μοιχοι και μοιχαλιδες ουκ οιδατε οτι η φιλια του κοσμου εχθρα του θεου εστιν ος αν ουν βουληθη φιλος ειναι του κοσμου εχθρος του θεου καθισταται
৪হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
5 η δοκειτε οτι κενως η γραφη λεγει προς φθονον επιποθει το πνευμα ο κατωκησεν εν ημιν
৫অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
6 μειζονα δε διδωσιν χαριν διο λεγει ο θεος υπερηφανοις αντιτασσεται ταπεινοις δε διδωσιν χαριν
৬কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
7 υποταγητε ουν τω θεω αντιστητε τω διαβολω και φευξεται αφ υμων
৭এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
8 εγγισατε τω θεω και εγγιει υμιν καθαρισατε χειρας αμαρτωλοι και αγνισατε καρδιας διψυχοι
৮ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
9 ταλαιπωρησατε και πενθησατε και κλαυσατε ο γελως υμων εις πενθος μεταστραφητω και η χαρα εις κατηφειαν
৯বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।
10 ταπεινωθητε ενωπιον του κυριου και υψωσει υμας
১০প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।
11 μη καταλαλειτε αλληλων αδελφοι ο καταλαλων αδελφου και κρινων τον αδελφον αυτου καταλαλει νομου και κρινει νομον ει δε νομον κρινεις ουκ ει ποιητης νομου αλλα κριτης
১১হে ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব; যি জনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।
12 εις εστιν ο νομοθετης ο δυναμενος σωσαι και απολεσαι συ τις ει ος κρινεις τον ετερον
১২বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নো কোন?
13 αγε νυν οι λεγοντες σημερον και αυριον πορευσωμεθα εις τηνδε την πολιν και ποιησωμεν εκει ενιαυτον ενα και εμπορευσωμεθα και κερδησωμεν
১৩শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;
14 οιτινες ουκ επιστασθε το της αυριον ποια γαρ η ζωη υμων ατμις γαρ εστιν η προς ολιγον φαινομενη επειτα δε αφανιζομενη
১৪কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷
15 αντι του λεγειν υμας εαν ο κυριος θεληση και ζησωμεν και ποιησωμεν τουτο η εκεινο
১৫তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”
16 νυν δε καυχασθε εν ταις αλαζονειαις υμων πασα καυχησις τοιαυτη πονηρα εστιν
১৬কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।
17 ειδοτι ουν καλον ποιειν και μη ποιουντι αμαρτια αυτω εστιν
১৭এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।