< Ιακωβου 2 >
1 αδελφοι μου μη εν προσωποληψιαις εχετε την πιστιν του κυριου ημων ιησου χριστου της δοξης
১হে মোৰ ভাইসকল, আমাৰ মহিমাময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।
2 εαν γαρ εισελθη εις την συναγωγην υμων ανηρ χρυσοδακτυλιος εν εσθητι λαμπρα εισελθη δε και πτωχος εν ρυπαρα εσθητι
২কিয়নো যদি আপোনালোকৰ সভালৈ সোণৰ আঙঠি আৰু সুন্দৰ বস্ত্ৰ পিন্ধা কোনো এজন মানুহ সোমাই আহে আৰু মলিয়ন বস্ত্ৰেৰে দৰিদ্ৰ এজনো আহে,
3 και επιβλεψητε επι τον φορουντα την εσθητα την λαμπραν και ειπητε αυτω συ καθου ωδε καλως και τω πτωχω ειπητε συ στηθι εκει η καθου ωδε υπο το υποποδιον μου
৩তেতিয়া আপোনালোকে সেই পৰিষ্কাৰ বস্ত্ৰ পিন্ধা জনক যদি মনোযোগেৰে কয়, “আপুনি ইয়াতে স্বচ্ছন্দে বহক” আৰু সেই দৰিদ্ৰজনক যদি কয়, “তই তাতে থিয় হৈ থাক” বা “মোৰ এই ভৰি-পীৰাৰ তলতে বহ”;
4 και ου διεκριθητε εν εαυτοις και εγενεσθε κριται διαλογισμων πονηρων
৪তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে?
5 ακουσατε αδελφοι μου αγαπητοι ουχ ο θεος εξελεξατο τους πτωχους του κοσμου τουτου πλουσιους εν πιστει και κληρονομους της βασιλειας ης επηγγειλατο τοις αγαπωσιν αυτον
৫হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?
6 υμεις δε ητιμασατε τον πτωχον ουχ οι πλουσιοι καταδυναστευουσιν υμων και αυτοι ελκουσιν υμας εις κριτηρια
৬কিন্তু আপোনালোকে সেই দৰিদ্ৰ সকলক কিয় সন্মান নকৰিলে! ধনৱন্ত লোকে আপোনালোকক অত্যাচাৰ নকৰে নে? তেওঁলোকে আপোনালোকক সোধ-বিচাৰৰ আসনৰ সন্মূখলৈ টানি নিনিয়ে নে?
7 ουκ αυτοι βλασφημουσιν το καλον ονομα το επικληθεν εφ υμας
৭আৰু যি নামেৰে আপোনালোক নিমন্ত্ৰীত হৈছে, সেই উত্তম নামক তেওঁলোকে নিন্দা নকৰে নে?
8 ει μεντοι νομον τελειτε βασιλικον κατα την γραφην αγαπησεις τον πλησιον σου ως σεαυτον καλως ποιειτε
৮যদিহে বিধান-শাস্ত্ৰত লিখাৰ দৰে, “তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”, এই ৰাজকীয় বিধান যদি আপোনালোকে সিদ্ধ কৰে, তেনেহলে আপোনালোকে ভাল কৰিছে;
9 ει δε προσωποληπτειτε αμαρτιαν εργαζεσθε ελεγχομενοι υπο του νομου ως παραβαται
৯কিন্তু যদি পক্ষপাত কৰে, তেনেহলে পাপ কৰিছে, আৰু আজ্ঞা-লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে।
10 οστις γαρ ολον τον νομον τηρησει πταισει δε εν ενι γεγονεν παντων ενοχος
১০কিয়নো কোনোৱে যদি সকলো বিধান পালন কৰোঁতে, এটা বিধানো যদি তেওঁৰ ত্ৰুটি হয়, তেনেহলে তেওঁ সকলো বিধান ভংগ কৰিলে আৰু দোষী হ’ল৷
11 ο γαρ ειπων μη μοιχευσης ειπεν και μη φονευσης ει δε ου μοιχευσεις φονευσεις δε γεγονας παραβατης νομου
১১কিয়নো যিজন ঈশ্ৱৰ হয়, তেওঁ কৈছে, “তুমি ব্যভিচাৰ নকৰিবা”, সেইজন ঈশ্ৱৰেই পুনৰ কৈছিল, “তুমি নৰ-বধ নকৰিবা৷” এই হেতুকে আপোনালোকে ব্যভিচাৰ নকৰিও যদি নৰ-বধ কৰে, তেনেহলেও ঈশ্ৱৰৰ বিধান লঙ্ঘনকাৰী হ’ল।
12 ουτως λαλειτε και ουτως ποιειτε ως δια νομου ελευθεριας μελλοντες κρινεσθαι
১২যি সকল লোকৰ সোধ-বিচাৰ হ’ব, সেয়া স্বাধীনতা স্বৰূপ বিধানৰ দ্বাৰাই হ’ব; আপোনালোকে নিজকে সেই লোক সকলৰ নিচিনা কথা কৈ সেইবোৰ পালন কৰক৷
13 η γαρ κρισις ανιλεως τω μη ποιησαντι ελεος και κατακαυχαται ελεος κρισεως
১৩কিয়নো যিজনে দয়া নকৰে, সোধ-বিচাৰো তেওঁলৈ নিৰ্দয়ী হয়৷ দয়াই বিচাৰত জয়ী হৈ শ্লাঘা কৰে!
14 τι το οφελος αδελφοι μου εαν πιστιν λεγη τις εχειν εργα δε μη εχη μη δυναται η πιστις σωσαι αυτον
১৪হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে, তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে?
15 εαν δε αδελφος η αδελφη γυμνοι υπαρχωσιν και λειπομενοι ωσιν της εφημερου τροφης
১৫কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে,
16 ειπη δε τις αυτοις εξ υμων υπαγετε εν ειρηνη θερμαινεσθε και χορταζεσθε μη δωτε δε αυτοις τα επιτηδεια του σωματος τι το οφελος
১৬আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, “তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা”; কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ?
17 ουτως και η πιστις εαν μη εργα εχη νεκρα εστιν καθ εαυτην
১৭ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
18 αλλ ερει τις συ πιστιν εχεις καγω εργα εχω δειξον μοι την πιστιν σου εκ των εργων σου καγω δειξω σοι εκ των εργων μου την πιστιν μου
১৮তথাপি কোনোবাই ক’ব পাৰে, “তোমাৰ বিশ্বাস আছে আৰু মোৰ সৎ কৰ্ম আছে।” বাৰু, তেনেহলে বিনাকৰ্মৰে আপোনাৰ বিশ্বাস মোক দেখুৱাওঁক আৰু মই মোৰ কৰ্মৰ দ্বাৰাই অাপোনাক মোৰ বিশ্বাস দেখুৱাম।
19 συ πιστευεις οτι ο θεος εις εστιν καλως ποιεις και τα δαιμονια πιστευουσιν και φρισσουσιν
১৯ঈশ্বৰ এজন বুলি আপুনি বিশ্বাস কৰিছে, ভাল কৰিছে; ভূতবোৰেও সেই কথাত বিশ্বাস কৰে আৰু ভয়ত চিঞৰে।
20 θελεις δε γνωναι ω ανθρωπε κενε οτι η πιστις χωρις των εργων νεκρα εστιν
২০কিন্তু, হে নির্বোধ মানুহ, কৰ্মহীন বনুৱাৰ বিশ্বাস যে ব্যৰ্থ, ইয়াক আপুনি জানিবলৈ ইচ্ছা কৰে নে?
21 αβρααμ ο πατηρ ημων ουκ εξ εργων εδικαιωθη ανενεγκας ισαακ τον υιον αυτου επι το θυσιαστηριον
২১আমাৰ পিতৃ অব্ৰাহামে যজ্ঞবেদিৰ ওপৰত নিজ পুত্ৰ ইচহাকক উৎসৰ্গ কৰাৰ সময়ত, সেই কৰ্মৰ দ্বাৰাই ধার্মিক বুলি গণিত হোৱা নাছিল নে?
22 βλεπεις οτι η πιστις συνηργει τοις εργοις αυτου και εκ των εργων η πιστις ετελειωθη
২২এইদৰে চালে দেখিব যে, বিশ্বাস তেওঁৰ কৰ্মৰ সহকাৰী আছিল আৰু সেই কৰ্মৰ দ্বাৰাই বিশ্বাস সিদ্ধ হ’ল।
23 και επληρωθη η γραφη η λεγουσα επιστευσεν δε αβρααμ τω θεω και ελογισθη αυτω εις δικαιοσυνην και φιλος θεου εκληθη
২৩এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, য’ত কোৱা আছে, “অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।
24 ορατε τοινυν οτι εξ εργων δικαιουται ανθρωπος και ουκ εκ πιστεως μονον
২৪আপোনালোকে দেখিছে যে কৰ্মৰ দ্বাৰাই মানুহ ধাৰ্মিক বুলি গণিত হয়, কেৱল বিশ্বাসৰ দ্বাৰাই নহয়।
25 ομοιως δε και ρααβ η πορνη ουκ εξ εργων εδικαιωθη υποδεξαμενη τους αγγελους και ετερα οδω εκβαλουσα
২৫সেইদৰে ৰাহাব বেশ্যায়ো কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহ’ল নে; যেতিয়া তেওঁ দূত সকলক আলহী কৰি ৰাখিছিল আৰু পাছত আন বাটেদি পঠিয়াই দিছিল?
26 ωσπερ γαρ το σωμα χωρις πνευματος νεκρον εστιν ουτως και η πιστις χωρις των εργων νεκρα εστιν
২৬কিয়নো যেনেকৈ আত্মা-বিহীন শৰীৰ মৰা, তেনেকৈ কৰ্মবিহীন বিশ্বাসো মৰা।