< Προς Εβραιους 12 >

1 τοιγαρουν και ημεις τοσουτον εχοντες περικειμενον ημιν νεφος μαρτυρων ογκον αποθεμενοι παντα και την ευπεριστατον αμαρτιαν δι υπομονης τρεχωμεν τον προκειμενον ημιν αγωνα
এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক,
2 αφορωντες εις τον της πιστεως αρχηγον και τελειωτην ιησουν ος αντι της προκειμενης αυτω χαρας υπεμεινεν σταυρον αισχυνης καταφρονησας εν δεξια τε του θρονου του θεου εκαθισεν
আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
3 αναλογισασθε γαρ τον τοιαυτην υπομεμενηκοτα υπο των αμαρτωλων εις αυτον αντιλογιαν ινα μη καμητε ταις ψυχαις υμων εκλυομενοι
এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।
4 ουπω μεχρις αιματος αντικατεστητε προς την αμαρτιαν ανταγωνιζομενοι
আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই;
5 και εκλελησθε της παρακλησεως ητις υμιν ως υιοις διαλεγεται υιε μου μη ολιγωρει παιδειας κυριου μηδε εκλυου υπ αυτου ελεγχομενος
আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে- “হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা”;
6 ον γαρ αγαπα κυριος παιδευει μαστιγοι δε παντα υιον ον παραδεχεται
কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে।
7 ει παιδειαν υπομενετε ως υιοις υμιν προσφερεται ο θεος τις γαρ εστιν υιος ον ου παιδευει πατηρ
আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে?
8 ει δε χωρις εστε παιδειας ης μετοχοι γεγονασιν παντες αρα νοθοι εστε και ουχ υιοι
কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়।
9 ειτα τους μεν της σαρκος ημων πατερας ειχομεν παιδευτας και ενετρεπομεθα ου πολλω μαλλον υποταγησομεθα τω πατρι των πνευματων και ζησομεν
ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে?
10 οι μεν γαρ προς ολιγας ημερας κατα το δοκουν αυτοις επαιδευον ο δε επι το συμφερον εις το μεταλαβειν της αγιοτητος αυτου
১০তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে।
11 πασα δε παιδεια προς μεν το παρον ου δοκει χαρας ειναι αλλα λυπης υστερον δε καρπον ειρηνικον τοις δι αυτης γεγυμνασμενοις αποδιδωσιν δικαιοσυνης
১১সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
12 διο τας παρειμενας χειρας και τα παραλελυμενα γονατα ανορθωσατε
১২এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;
13 και τροχιας ορθας ποιησατε τοις ποσιν υμων ινα μη το χωλον εκτραπη ιαθη δε μαλλον
১৩আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক।
14 ειρηνην διωκετε μετα παντων και τον αγιασμον ου χωρις ουδεις οψεται τον κυριον
১৪সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক;
15 επισκοπουντες μη τις υστερων απο της χαριτος του θεου μη τις ριζα πικριας ανω φυουσα ενοχλη και δια ταυτης μιανθωσιν πολλοι
১৫পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়;
16 μη τις πορνος η βεβηλος ως ησαυ ος αντι βρωσεως μιας απεδοτο τα πρωτοτοκια αυτου
১৬বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
17 ιστε γαρ οτι και μετεπειτα θελων κληρονομησαι την ευλογιαν απεδοκιμασθη μετανοιας γαρ τοπον ουχ ευρεν καιπερ μετα δακρυων εκζητησας αυτην
১৭কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে।
18 ου γαρ προσεληλυθατε ψηλαφωμενω ορει και κεκαυμενω πυρι και γνοφω και σκοτω και θυελλη
১৮কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই;
19 και σαλπιγγος ηχω και φωνη ρηματων ης οι ακουσαντες παρητησαντο μη προστεθηναι αυτοις λογον
১৯সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়;
20 ουκ εφερον γαρ το διαστελλομενον καν θηριον θιγη του ορους λιθοβοληθησεται η βολιδι κατατοξευθησεται
২০কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে, তেনেহলে তাক শিল দলিয়াই মৰা হ’ব, এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে,
21 και ουτως φοβερον ην το φανταζομενον μωσης ειπεν εκφοβος ειμι και εντρομος
২১আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ;
22 αλλα προσεληλυθατε σιων ορει και πολει θεου ζωντος ιερουσαλημ επουρανιω και μυριασιν αγγελων
২২কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷
23 πανηγυρει και εκκλησια πρωτοτοκων εν ουρανοις απογεγραμμενων και κριτη θεω παντων και πνευμασιν δικαιων τετελειωμενων
২৩স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ,
24 και διαθηκης νεας μεσιτη ιησου και αιματι ραντισμου κρειττονα λαλουντι παρα τον αβελ
২৪নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।
25 βλεπετε μη παραιτησησθε τον λαλουντα ει γαρ εκεινοι ουκ εφυγον τον επι της γης παραιτησαμενοι χρηματιζοντα πολλω μαλλον ημεις οι τον απ ουρανων αποστρεφομενοι
২৫সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!
26 ου η φωνη την γην εσαλευσεν τοτε νυν δε επηγγελται λεγων ετι απαξ εγω σειω ου μονον την γην αλλα και τον ουρανον
২৬তেতিয়া তেওঁৰ ধ্বনিয়ে পৃথিৱী লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম।
27 το δε ετι απαξ δηλοι των σαλευομενων την μεταθεσιν ως πεποιημενων ινα μεινη τα μη σαλευομενα
২৭ইয়াতে, ‘আৰু এবাৰ’, এই শব্দই, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে।
28 διο βασιλειαν ασαλευτον παραλαμβανοντες εχωμεν χαριν δι ης λατρευωμεν ευαρεστως τω θεω μετα αιδους και ευλαβειας
২৮এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক;
29 και γαρ ο θεος ημων πυρ καταναλισκον
২৯কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।

< Προς Εβραιους 12 >