< Πραξεις 1 >
1 Τὸν μὲν πρῶτον λόγον ἐποιησάμην περὶ πάντων, ὦ Θεόφιλε, ὧν ἤρξατο ⸀ὁἸησοῦς ποιεῖν τε καὶ διδάσκειν
১হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।
2 ἄχρι ἧς ἡμέρας ἐντειλάμενος τοῖς ἀποστόλοις διὰ πνεύματος ἁγίου οὓς ἐξελέξατο ἀνελήμφθη·
২পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
3 οἷς καὶ παρέστησεν ἑαυτὸν ζῶντα μετὰ τὸ παθεῖν αὐτὸν ἐν πολλοῖς τεκμηρίοις, διʼ ἡμερῶν τεσσεράκοντα ὀπτανόμενος αὐτοῖς καὶ λέγων τὰ περὶ τῆς βασιλείας τοῦ θεοῦ·
৩ক্রুচীয় মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
4 καὶ συναλιζόμενος παρήγγειλεν αὐτοῖς ἀπὸ Ἱεροσολύμων μὴ χωρίζεσθαι, ἀλλὰ περιμένειν τὴν ἐπαγγελίαν τοῦ πατρὸς ἣν ἠκούσατέ μου·
৪এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
5 ὅτι Ἰωάννης μὲν ἐβάπτισεν ὕδατι, ὑμεῖς δὲ ⸂ἐν πνεύματι βαπτισθήσεσθε ἁγίῳ οὐ μετὰ πολλὰς ταύτας ἡμέρας.
৫যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”
6 Οἱ μὲν οὖν συνελθόντες ⸀ἠρώτωναὐτὸν λέγοντες· Κύριε, εἰ ἐν τῷ χρόνῳ τούτῳ ἀποκαθιστάνεις τὴν βασιλείαν τῷ Ἰσραήλ;
৬পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”
7 εἶπεν ⸀δὲπρὸς αὐτούς· Οὐχ ὑμῶν ἐστιν γνῶναι χρόνους ἢ καιροὺς οὓς ὁ πατὴρ ἔθετο ἐν τῇ ἰδίᾳ ἐξουσίᾳ,
৭তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
8 ἀλλὰ λήμψεσθε δύναμιν ἐπελθόντος τοῦ ἁγίου πνεύματος ἐφʼ ὑμᾶς, καὶ ἔσεσθέ ⸀μουμάρτυρες ἔν τε Ἰερουσαλὴμ καὶ ἐν πάσῃ τῇ Ἰουδαίᾳ καὶ Σαμαρείᾳ καὶ ἕως ἐσχάτου τῆς γῆς.
৮কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”
9 καὶ ταῦτα εἰπὼν βλεπόντων αὐτῶν ἐπήρθη καὶ νεφέλη ὑπέλαβεν αὐτὸν ἀπὸ τῶν ὀφθαλμῶν αὐτῶν.
৯এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে।
10 καὶ ὡς ἀτενίζοντες ἦσαν εἰς τὸν οὐρανὸν πορευομένου αὐτοῦ, καὶ ἰδοὺ ἄνδρες δύο παρειστήκεισαν αὐτοῖς ἐν ⸂ἐσθήσεσι λευκαῖς,
১০এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে,
11 οἳ καὶ εἶπαν· Ἄνδρες Γαλιλαῖοι, τί ἑστήκατε ⸀βλέποντεςεἰς τὸν οὐρανόν; οὗτος ὁ Ἰησοῦς ὁ ἀναλημφθεὶς ἀφʼ ὑμῶν εἰς τὸν οὐρανὸν οὕτως ἐλεύσεται ὃν τρόπον ἐθεάσασθε αὐτὸν πορευόμενον εἰς τὸν οὐρανόν.
১১“হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
12 Τότε ὑπέστρεψαν εἰς Ἰερουσαλὴμ ἀπὸ ὄρους τοῦ καλουμένου Ἐλαιῶνος, ὅ ἐστιν ἐγγὺς Ἰερουσαλὴμ σαββάτου ἔχον ὁδόν.
১২তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
13 καὶ ὅτε εἰσῆλθον, ⸂εἰς τὸ ὑπερῷον ἀνέβησαν οὗ ἦσαν καταμένοντες, ὅ τε Πέτρος καὶ ⸂Ἰωάννης καὶ Ἰάκωβος καὶ Ἀνδρέας, Φίλιππος καὶ Θωμᾶς, Βαρθολομαῖος καὶ Μαθθαῖος, Ἰάκωβος Ἁλφαίου καὶ Σίμων ὁ ζηλωτὴς καὶ Ἰούδας Ἰακώβου.
১৩যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
14 οὗτοι πάντες ἦσαν προσκαρτεροῦντες ὁμοθυμαδὸν τῇ ⸀προσευχῇσὺν γυναιξὶν καὶ ⸀Μαριὰμτῇ μητρὶ τοῦ Ἰησοῦ καὶ ⸀σὺντοῖς ἀδελφοῖς αὐτοῦ.
১৪তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
15 Καὶ ἐν ταῖς ἡμέραις ταύταις ἀναστὰς Πέτρος ἐν μέσῳ τῶν ⸀ἀδελφῶνεἶπεν (ἦν τε ὄχλος ὀνομάτων ἐπὶ τὸ αὐτὸ ⸀ὡςἑκατὸν εἴκοσι)·
১৫সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,
16 Ἄνδρες ἀδελφοί, ἔδει πληρωθῆναι τὴν ⸀γραφὴνἣν προεῖπε τὸ πνεῦμα τὸ ἅγιον διὰ στόματος Δαυὶδ περὶ Ἰούδα τοῦ γενομένου ὁδηγοῦ τοῖς συλλαβοῦσιν ⸀Ἰησοῦν
১৬“হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল।
17 ὅτι κατηριθμημένος ἦν ⸀ἐνἡμῖν καὶ ἔλαχεν τὸν κλῆρον τῆς διακονίας ταύτης.—
১৭তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল।
18 Οὗτος μὲν οὖν ἐκτήσατο χωρίον ἐκ μισθοῦ τῆς ἀδικίας, καὶ πρηνὴς γενόμενος ἐλάκησεν μέσος, καὶ ἐξεχύθη πάντα τὰ σπλάγχνα αὐτοῦ.
১৮দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল।
19 καὶ γνωστὸν ἐγένετο πᾶσι τοῖς κατοικοῦσιν Ἰερουσαλήμ, ὥστε κληθῆναι τὸ χωρίον ἐκεῖνο τῇ ⸀ἰδίᾳδιαλέκτῳ αὐτῶν Ἁκελδαμάχ, τοῦτʼ ἔστιν Χωρίον Αἵματος.—
১৯এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।”
20 γέγραπται γὰρ ἐν βίβλῳ ψαλμῶν· Γενηθήτω ἡ ἔπαυλις αὐτοῦ ἔρημος καὶ μὴ ἔστω ὁ κατοικῶν ἐν αὐτῇ, καί· Τὴν ἐπισκοπὴν αὐτοῦ ⸀λαβέτωἕτερος.
২০পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে, ‘তেওঁৰ থকা ঠাই নিৰ্জন হওক, ‘তাত কোনো মানুহ নাথাকক; আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক।’
21 δεῖ οὖν τῶν συνελθόντων ἡμῖν ἀνδρῶν ἐν παντὶ χρόνῳ ⸀ᾧεἰσῆλθεν καὶ ἐξῆλθεν ἐφʼ ἡμᾶς ὁ κύριος Ἰησοῦς,
২১গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যি সকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল,
22 ἀρξάμενος ἀπὸ τοῦ βαπτίσματος Ἰωάννου ἕως τῆς ἡμέρας ἧς ἀνελήμφθη ἀφʼ ἡμῶν, μάρτυρα τῆς ἀναστάσεως αὐτοῦ ⸂σὺν ἡμῖν γενέσθαι ἕνα τούτων.
২২সেই লোক সকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।”
23 καὶ ἔστησαν δύο, Ἰωσὴφ τὸν καλούμενον Βαρσαββᾶν, ὃς ἐπεκλήθη Ἰοῦστος, καὶ Μαθθίαν.
২৩তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে।
24 καὶ προσευξάμενοι εἶπαν Σὺ κύριε καρδιογνῶστα πάντων, ἀνάδειξον ὃν ἐξελέξω, ἐκ τούτων τῶν δύο ἕνα,
২৪পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
25 λαβεῖν τὸν ⸀τόποντῆς διακονίας ταύτης καὶ ἀποστολῆς, ⸀ἀφʼἧς παρέβη Ἰούδας πορευθῆναι εἰς τὸν τόπον τὸν ἴδιον.
২৫কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।”
26 καὶ ἔδωκαν κλήρους ⸀αὐτοῖς καὶ ἔπεσεν ὁ κλῆρος ἐπὶ Μαθθίαν, καὶ συγκατεψηφίσθη μετὰ τῶν ἕνδεκα ἀποστόλων.
২৬পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।