< Προς Κορινθιους Α΄ 5 >
1 Ὅλως ἀκούεται ἐν ὑμῖν πορνεία, καὶ τοιαύτη πορνεία ἥτις οὐδὲ ἐν τοῖς ⸀ἔθνεσιν ὥστε γυναῖκά τινα τοῦ πατρὸς ἔχειν.
১আমি শুনিছোঁ যে, আপোনালোকৰ মাজত ব্যভিচাৰ আছে; যি ব্যভিচাৰী কার্য অনা-ইহুদী সকলৰ মাজতো নাই। এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে।
2 καὶ ὑμεῖς πεφυσιωμένοι ἐστέ, καὶ οὐχὶ μᾶλλον ἐπενθήσατε, ἵνα ⸀ἀρθῇἐκ μέσου ὑμῶν ὁ τὸ ἔργον τοῦτο ⸀ποιήσας
২আপোনালোকে তথাপি নিজৰ বিষয়ে অহংকাৰহে কৰি আছে! ইয়াৰ পৰিৱর্তে আপোনালোকে জানো শোক কৰা উচিত নাছিল? এনে কৰ্ম যি জন ব্যক্তিয়ে কৰিছে, তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয়।
3 Ἐγὼ μὲν γάρ, ⸀ἀπὼντῷ σώματι παρὼν δὲ τῷ πνεύματι, ἤδη κέκρικα ὡς παρὼν τὸν οὕτως τοῦτο κατεργασάμενον
৩শৰীৰেৰে অনুপস্থিত থাকিলেও, আত্মাত মই আপোনালোকৰ লগত আছোঁ; যি ব্যক্তিয়ে এনে প্রকাৰৰ কার্য কৰিছে, উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলোঁ।
4 ἐν τῷ ὀνόματι τοῦ κυρίου ἡμῶν ⸀Ἰησοῦ συναχθέντων ὑμῶν καὶ τοῦ ἐμοῦ πνεύματος σὺν τῇ δυνάμει τοῦ κυρίου ἡμῶν ⸁Ἰησοῦ
৪আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হয়, মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলোঁ।
5 παραδοῦναι τὸν τοιοῦτον τῷ Σατανᾷ εἰς ὄλεθρον τῆς σαρκός, ἵνα τὸ πνεῦμα σωθῇ ἐν τῇ ἡμέρᾳ τοῦ ⸀κυρίου
৫তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।
6 Οὐ καλὸν τὸ καύχημα ὑμῶν. οὐκ οἴδατε ὅτι μικρὰ ζύμη ὅλον τὸ φύραμα ζυμοῖ;
৬আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
7 ἐκκαθάρατε τὴν παλαιὰν ζύμην, ἵνα ἦτε νέον φύραμα, καθώς ἐστε ἄζυμοι. καὶ γὰρ τὸ πάσχα ⸀ἡμῶνἐτύθη Χριστός·
৭নিজকে শুচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলোওক যাতে, আপোনালোক সনা পিঠাগুড়িৰ নতুন লদা হ’ব পাৰে; কাৰণ আপোনালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে। পুৰণি খমিৰ দূৰ কৰক। কাৰণ আমাৰ নিস্তাৰপৰ্বৰ মেৰ পোৱালিৰূপে যি জনক বলিদান কৰা হ’ল, তেওঁ খ্রীষ্ট।
8 ὥστε ἑορτάζωμεν, μὴ ἐν ζύμῃ παλαιᾷ μηδὲ ἐν ζύμῃ κακίας καὶ πονηρίας, ἀλλʼ ἐν ἀζύμοις εἰλικρινείας καὶ ἀληθείας.
৮এতেকে আহক, আমি পুৰণি খমিৰৰ পিঠাৰে অর্থাৎ পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয়, কিন্তু সৰলতা আৰু সত্যতাৰ খমিৰবিহীন পিঠাৰে পৰ্ব পালন কৰোঁহক।
9 Ἔγραψα ὑμῖν ἐν τῇ ἐπιστολῇ μὴ συναναμίγνυσθαι πόρνοις,
৯মই মোৰ পত্রত লিখিছিলো যে, আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপ-ব্যৱহাৰ নকৰে।
10 ⸀οὐπάντως τοῖς πόρνοις τοῦ κόσμου τούτου ἢ τοῖς πλεονέκταις ⸀καὶἅρπαξιν ἢ εἰδωλολάτραις, ἐπεὶ ⸀ὠφείλετεἄρα ἐκ τοῦ κόσμου ἐξελθεῖν.
১০কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী, লোভী, প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপ-ব্যৱহাৰ কৰিব নালাগে, এনে নহয়; কাৰণ সেয়ে হ’লে, আপোনালোক জগতৰে বাহিৰ হব লগা হব।
11 νῦν δὲ ἔγραψα ὑμῖν μὴ συναναμίγνυσθαι ἐάν τις ἀδελφὸς ὀνομαζόμενος ᾖ πόρνος ἢ πλεονέκτης ἢ εἰδωλολάτρης ἢ λοίδορος ἢ μέθυσος ἢ ἅρπαξ, τῷ τοιούτῳ μηδὲ συνεσθίειν.
১১মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে, খ্রীষ্টত ভাই বা ভনী বুলি পৰিচিত কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, মূৰ্তিপূজক, নিন্দক, মতলীয়া, প্রৱঞ্চক হয়, তেনেহলে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিব।
12 τί γάρ ⸀μοιτοὺς ἔξω κρίνειν; οὐχὶ τοὺς ἔσω ὑμεῖς κρίνετε,
১২কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ? মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে?
13 τοὺς δὲ ἔξω ὁ θεὸς ⸀κρίνει ⸀ἐξάρατετὸν πονηρὸν ἐξ ὑμῶν αὐτῶν.
১৩কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে। “আপোনালোকৰ মাজৰ পৰা সেই দুষ্ট লোকক বাহিৰ কৰি দিয়ক।”