< Ἰώβ 17 >
1 ὀλέκομαι πνεύματι φερόμενος δέομαι δὲ ταφῆς καὶ οὐ τυγχάνω
১মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে; মোলৈ মৈদাম যুগুত আছে।
2 λίσσομαι κάμνων καὶ τί ποιήσας
২নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে, আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।
3 ἔκλεψαν δέ μου τὰ ὑπάρχοντα ἀλλότριοι τίς ἐστιν οὗτος τῇ χειρί μου συνδεθήτω
৩বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?
4 ὅτι καρδίαν αὐτῶν ἔκρυψας ἀπὸ φρονήσεως διὰ τοῦτο οὐ μὴ ὑψώσῃς αὐτούς
৪কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা; এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা।
5 τῇ μερίδι ἀναγγελεῖ κακίας ὀφθαλμοὶ δέ μου ἐφ’ υἱοῖς ἐτάκησαν
৫যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে, তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব।
6 ἔθου δέ με θρύλημα ἐν ἔθνεσιν γέλως δὲ αὐτοῖς ἀπέβην
৬তেওঁ মোক লোকসকলৰ আগত দৃষ্টান্ত কৰিলে; যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লো।
7 πεπώρωνται γὰρ ἀπὸ ὀργῆς οἱ ὀφθαλμοί μου πεπολιόρκημαι μεγάλως ὑπὸ πάντων
৭মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল, আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল।
8 θαῦμα ἔσχεν ἀληθινοὺς ἐπὶ τούτῳ δίκαιος δὲ ἐπὶ παρανόμῳ ἐπανασταίη
৮ইয়াতে সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব, আৰু অধৰ্মিৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।
9 σχοίη δὲ πιστὸς τὴν ἑαυτοῦ ὁδόν καθαρὸς δὲ χεῖρας ἀναλάβοι θάρσος
৯তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব; যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।
10 οὐ μὴν δὲ ἀλλὰ πάντες ἐρείδετε καὶ δεῦτε δή οὐ γὰρ εὑρίσκω ἐν ὑμῖν ἀληθές
১০কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।
11 αἱ ἡμέραι μου παρῆλθον ἐν βρόμῳ ἐρράγη δὲ τὰ ἄρθρα τῆς καρδίας μου
১১মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় শেষ হৈছে, এনে কি মোৰ হৃদয়ৰ শুভেচ্ছা জনোৱা হ’ল।
12 νύκτα εἰς ἡμέραν ἔθηκαν φῶς ἐγγὺς ἀπὸ προσώπου σκότους
১২সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে, পোহৰ আহিলে সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে।
13 ἐὰν γὰρ ὑπομείνω ᾅδης μου ὁ οἶκος ἐν δὲ γνόφῳ ἔστρωταί μου ἡ στρωμνή (Sheol )
১৩যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ, যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ, (Sheol )
14 θάνατον ἐπεκαλεσάμην πατέρα μου εἶναι μητέρα δέ μου καὶ ἀδελφὴν σαπρίαν
১৪যদি মই গাতক মোৰ পিতৃ, আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছা,
15 ποῦ οὖν μου ἔτι ἐστὶν ἡ ἐλπίς ἦ τὰ ἀγαθά μου ὄψομαι
১৫তেনেহ’লে মোৰ আশা ক’ত? আৰু মোৰ আশাক নো কোনে দেখা পাব?
16 ἦ μετ’ ἐμοῦ εἰς ᾅδην καταβήσονται ἢ ὁμοθυμαδὸν ἐπὶ χώματος καταβησόμεθα (Sheol )
১৬আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পাম কেতিয়া ধূলিত গৈ জিৰণী পাম?” (Sheol )