< Πραξεις 25 >
1 Φῆστος οὖν ἐπιβὰς τῇ ἐπαρχίᾳ μετὰ τρεῖς ἡμέρας ἀνέβη εἰς Ἱεροσόλυμα ἀπὸ Καισαρείας·
১ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ’ল।
2 ἐνεφάνισαν δὲ αὐτῷ ὁ ἀρχιερεὺς καὶ οἱ πρῶτοι τῶν Ἰουδαίων κατὰ τοῦ Παύλου, καὶ παρεκάλουν αὐτόν,
২তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷
3 αἰτούμενοι χάριν κατ᾽ αὐτοῦ, ὅπως μεταπέμψηται αὐτὸν εἰς Ἱερουσαλήμ, ἐνέδραν ποιοῦντες ἀνελεῖν αὐτὸν κατὰ τὴν ὁδόν.
৩এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।
4 ὁ μὲν οὖν Φῆστος ἀπεκρίθη τηρεῖσθαι τὸν Παῦλον ἐν Καισαρείᾳ, ἑαυτὸν δὲ μέλλειν ἐν τάχει ἐκπορεύεσθαι·
৪কিন্তু ফীষ্ট তেওঁলোকক উত্তৰ দিলে, যে পৌলক চীজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।
5 οἱ οὖν δυνατοὶ ἐν ὑμῖν, φησί, συγκαταβάντες, εἴ τί ἐστιν ἐν τῷ ἀνδρὶ τούτῳ, κατηγορείτωσαν αὐτοῦ.
৫গতিকে, তেওঁ ক’লে, “যদি সেই মানুহৰ কোনো দোষ আছে, তেনেহলে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷”
6 Διατρίψας δὲ ἐν αὐτοῖς ἡμέρας πλείους ἢ δέκα, καταβὰς εἰς Καισάρειαν, τῇ ἐπαύριον καθίσας ἐπὶ τοῦ βήματος ἐκέλευσε τὸν Παῦλον ἀχθῆναι.
৬পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চীজাৰিয়ালৈ গুচি গ’ল৷ পাছদিনা তেওঁ বিচাৰৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।
7 παραγενομένου δὲ αὐτοῦ περιέστησαν οἱ ἀπὸ Ἱεροσολύμων καταβεβηκότες Ἰουδαῖοι, πολλὰ καὶ βαρέα αἰτιώματα φέροντες κατὰ τοῦ Παύλου, ἃ οὐκ ἴσχυον ἀποδεῖξαι,
৭পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে।
8 ἀπολογουμένου αὐτοῦ ὅτι οὔτε εἰς τὸν νόμον τῶν Ἰουδαίων οὔτε εἰς τὸ ἱερὸν οὔτε εἰς Καίσαρά τι ἥμαρτον.
৮তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি ক’ব ধৰিলে, “ইহুদী সকলৰ বিধানৰ, বা মন্দিৰৰ, বা চীজাৰৰ বিৰুদ্ধ মই একো পাপ কৰা নাই।”
9 ὁ Φῆστος δὲ θέλων τοῖς Ἰουδαίοις χάριν καταθέσθαι, ἀποκριθεὶς τῷ Παύλῳ εἶπε· θέλεις εἰς Ἱερουσαλὴμ ἀναβὰς ἐκεῖ περὶ τούτων κρίνεσθαι ἐπ᾽ ἐμοῦ;
৯কিন্তু ফীষ্টে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক ক’লে, “তুমি যিৰূচালেমলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?”
10 εἶπε δὲ ὁ Παῦλος· ἐπὶ τοῦ βήματος Καίσαρος ἑστώς εἰμι, οὗ με δεῖ κρίνεσθαι. Ἰουδαίους οὐδὲν ἠδίκησα, ὡς καὶ σὺ κάλλιον ἐπιγινώσκεις·
১০পৌলে ক’লে, “মই চীজাৰৰ বিচাৰৰ আসনৰ আগত থিয় হৈ আছোঁ; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদীসকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।
11 εἰ μὲν γὰρ ἀδικῶ καὶ ἄξιον θανάτου πέπραχά τι, οὐ παραιτοῦμαι τὸ ἀποθανεῖν· εἰ δὲ οὐδέν ἐστιν ὧν οὗτοι κατηγοροῦσί μου, οὐδείς με δύναται αὐτοῖς χαρίσασθαι· Καίσαρα ἐπικαλοῦμαι.
১১এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেনেহলে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেতসকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেনেহলে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।”
12 τότε ὁ Φῆστος συλλαλήσας μετὰ τοῦ συμβουλίου ἀπεκρίθη· Καίσαρα ἐπικέκλησαι, ἐπὶ Καίσαρα πορεύσῃ.
১২তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক ক’লে, “তুমি চীজাৰত আপীল কৰিলা; এতিয়া তোমাক চীজাৰৰ আগলৈ লৈ যোৱা হ’ব৷”
13 Ἡμερῶν δὲ διαγενομένων τινῶν Ἀγρίππας ὁ βασιλεὺς καὶ Βερνίκη κατήντησαν εἰς Καισάρειαν ἀσπασόμενοι τὸν Φῆστον.
১৩কিছুদিনৰ পাছত ৰজা আগ্ৰিপ্প আৰু বৰ্ণীকী চীজাৰিয়ালৈ আহি ফীষ্টক মঙ্গলবাদ কৰিলে।
14 ὡς δὲ πλείους ἡμέρας διέτριβον ἐκεῖ, ὁ Φῆστος τῷ βασιλεῖ ἀνέθετο τὰ κατὰ τὸν Παῦλον λέγων· ἀνήρ τίς ἐστι καταλελειμμένος ὑπὸ Φήλικος δέσμιος,
১৪তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেওঁ ক’লে, “ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।
15 περὶ οὗ γενομένου μου εἰς Ἱεροσόλυμα ἐνεφάνισαν οἱ ἀρχιερεῖς καὶ οἱ πρεσβύτεροι τῶν Ἰουδαίων αἰτούμενοι κατ᾽ αὐτοῦ δίκην·
১৫যেতিয়া মই যিৰূচালেমত আছিলোঁ, তেতিয়া ইহুদী সকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁৰ বিষয়ে মোক জনাই, বিচাৰ আৰু দণ্ডাজ্ঞা যাচনা কৰিছিল।
16 πρὸς οὓς ἀπεκρίθην ὅτι οὐκ ἔστιν ἔθος Ῥωμαίοις χαρίζεσθαί τινα ἄνθρωπον εἰς ἀπώλειαν πρὶν ἢ ὁ κατηγορούμενος κατὰ πρόσωπον ἔχοι τοὺς κατηγόρους τόπον τε ἀπολογίας λάβοι περὶ τοῦ ἐγκλήματος.
১৬তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।
17 συνελθόντων οὖν αὐτῶν ἐνθάδε ἀναβολὴν μηδεμίαν ποιησάμενος τῇ ἑξῆς καθίσας ἐπὶ τοῦ βήματος ἐκέλευσα ἀχθῆναι τὸν ἄνδρα·
১৭তেতিয়া তেখেতসকলে আহি ইয়াতে গোট খোৱাত, অলপো পলম নকৰি, পাছ দিনাই মই বিচাৰৰ আসনত বহিলোঁ, আৰু বন্দী কৰি ৰাখি থোৱা মানুহ জনক আনিবলৈ আজ্ঞা দিলোঁ।
18 περὶ οὗ σταθέντες οἱ κατήγοροι οὐδεμίαν αἰτίαν ἐπέφερον ὧν ὑπενόουν ἐγώ,
১৮পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ, যি দুষ্কৰ্মৰ অপবাদ তেখেত সকলে দিব বুলি মই ভাবিছিলো, এনে একো অপবাদ নিদিলে৷
19 ζητήματα δέ τινα περὶ τῆς ἰδίας δεισιδαιμονίας εἶχον πρὸς αὐτὸν καὶ περί τινος Ἰησοῦ τεθνηκότος, ὃν ἔφασκεν ὁ Παῦλος ζῆν.
১৯কিন্তু তেখেত সকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যি জনক জীয়াই উঠা বুলি কৈছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়কলৈহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
20 ἀπορούμενος δὲ ἐγὼ τὴν περὶ τούτου ζήτησιν ἔλεγον εἰ βούλοιτο πορεύεσθαι εἰς Ἱεροσόλυμα κἀκεῖ κρίνεσθαι περὶ τούτων.
২০তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?
21 τοῦ δὲ Παύλου ἐπικαλεσαμένου τηρηθῆναι αὐτὸν εἰς τὴν τοῦ Σεβαστοῦ διάγνωσιν, ἐκέλευσα τηρεῖσθαι αὐτὸν ἕως οὗ πέμψω αὐτὸν πρὸς Καίσαρα.
২১কিন্তু পৌলে ৰাজাধিৰাজৰ ওচৰত সোধ-বিচাৰৰ পৰা নিস্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চীজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ।”
22 Ἀγρίππας δὲ πρὸς τὸν Φῆστον ἔφη· ἐβουλόμην καὶ αὐτὸς τοῦ ἀνθρώπου ἀκοῦσαι. ὁ δέ, αὔριον, φησίν, ἀκούσῃ αὐτοῦ.
২২তেতিয়া আগ্ৰিপ্পই ফীষ্টক ক’লে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷” ফীষ্টে ক’লে, “কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷”
23 Τῇ οὖν ἐπαύριον ἐλθόντος τοῦ Ἀγρίππα καὶ τῆς Βερνίκης μετὰ πολλῆς φαντασίας καὶ εἰσελθόντων εἰς τὸ ἀκροατήριον σύν τε τοῖς χιλιάρχοις καὶ ἀνδράσι τοῖς κατ᾽ ἐξοχὴν οὖσι τῆς πόλεως, καὶ κελεύσαντος τοῦ Φήστου ἤχθη ὁ Παῦλος.
২৩পাছদিনা আগ্ৰিপ্প আৰু বৰ্ণীকী বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতি সকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফীষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হ’ল।
24 καί φησιν ὁ Φῆστος· Ἀγρίππα βασιλεῦ καὶ πάντες οἱ συμπαρόντες ἡμῖν ἄνδρες, θεωρεῖτε τοῦτον περὶ οὗ πᾶν τὸ πλῆθος τῶν Ἰουδαίων ἐνέτυχόν μοι ἔν τε Ἱεροσολύμοις καὶ ἐνθάδε, ἐπιβοῶντες μὴ δεῖν ζῆν αὐτὸν μηκέτι.
২৪তেতিয়া ফীষ্টে ক’লে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমূহ৷ আপোনালোকে এই মানুহ জনক যে দেখিছে, এই জনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, ই আৰু জীয়াই থকা উচিত নহয়।
25 ἐγὼ δὲ καταλαβόμενος μηδὲν ἄξιον θανάτου αὐτὸν πεπραχέναι, καὶ αὐτοῦ δὲ τούτου ἐπικαλεσαμένου τὸν Σεβαστόν, ἔκρινα πέμπειν αὐτόν.
২৫কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷
26 περὶ οὗ ἀσφαλές τι γράψαι τῷ κυρίῳ οὐκ ἔχω· διὸ προήγαγον αὐτὸν ἐφ᾽ ὑμῶν καὶ μάλιστα ἐπὶ σοῦ, βασιλεῦ Ἀγρίππα, ὅπως τῆς ἀνακρίσεως γενομένης σχῶ τι γράψαι.
২৬কিন্তু আমাৰ ৰাজাধিৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ। এই কাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলো৷ এতেকে সোধ-বিচাৰ কৰাৰ পাছত, মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ, হে আগ্ৰিপ্প ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলো।
27 ἄλογον γάρ μοι δοκεῖ πέμποντα δέσμιον μὴ καὶ τὰς κατ᾽ αὐτοῦ αἰτίας σημᾶναι.
২৭কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখো।”