< Πραξεις 15 >
1 και τινες κατελθοντες απο της ιουδαιας εδιδασκον τους αδελφους οτι εαν μη περιτεμνησθε τω εθει μωυσεως ου δυνασθε σωθηναι
১যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”
2 γενομενης ουν στασεως και ζητησεως ουκ ολιγης τω παυλω και τω βαρναβα προς αυτους εταξαν αναβαινειν παυλον και βαρναβαν και τινας αλλους εξ αυτων προς τους αποστολους και πρεσβυτερους εις ιερουσαλημ περι του ζητηματος τουτου
২পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
3 οι μεν ουν προπεμφθεντες υπο της εκκλησιας διηρχοντο την φοινικην και σαμαρειαν εκδιηγουμενοι την επιστροφην των εθνων και εποιουν χαραν μεγαλην πασιν τοις αδελφοις
৩এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে
4 παραγενομενοι δε εις ιερουσαλημ απεδεχθησαν υπο της εκκλησιας και των αποστολων και των πρεσβυτερων ανηγγειλαν τε οσα ο θεος εποιησεν μετ αυτων
৪পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
5 εξανεστησαν δε τινες των απο της αιρεσεως των φαρισαιων πεπιστευκοτες λεγοντες οτι δει περιτεμνειν αυτους παραγγελλειν τε τηρειν τον νομον μωυσεως
৫কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
6 συνηχθησαν δε οι αποστολοι και οι πρεσβυτεροι ιδειν περι του λογου τουτου
৬পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
7 πολλης δε συζητησεως γενομενης αναστας πετρος ειπεν προς αυτους ανδρες αδελφοι υμεις επιστασθε οτι αφ ημερων αρχαιων ο θεος εν ημιν εξελεξατο δια του στοματος μου ακουσαι τα εθνη τον λογον του ευαγγελιου και πιστευσαι
৭বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
8 και ο καρδιογνωστης θεος εμαρτυρησεν αυτοις δους αυτοις το πνευμα το αγιον καθως και ημιν
৮ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
9 και ουδεν διεκρινεν μεταξυ ημων τε και αυτων τη πιστει καθαρισας τας καρδιας αυτων
৯আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।
10 νυν ουν τι πειραζετε τον θεον επιθειναι ζυγον επι τον τραχηλον των μαθητων ον ουτε οι πατερες ημων ουτε ημεις ισχυσαμεν βαστασαι
১০গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?
11 αλλα δια της χαριτος του κυριου ιησου πιστευομεν σωθηναι καθ ον τροπον κακεινοι
১১কিন্তু আমি বিশ্বাস কৰোঁ যে, তেওঁলোকেও আমাৰ দৰেই প্রভু যীচুৰ অনুগ্রহৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিব।”
12 εσιγησεν δε παν το πληθος και ηκουον βαρναβα και παυλου εξηγουμενων οσα εποιησεν ο θεος σημεια και τερατα εν τοις εθνεσιν δι αυτων
১২তেতিয়া সকলো মানুহ নীৰৱ হৈ গ’ল আৰু বার্ণব্বা আৰু পৌলৰ যোগেদি অনা-ইহুদী সকলৰ মাজত ঈশ্বৰে যি আচৰিত কর্ম আৰু চিন দেখুৱালে, সেই সকলো ঘটনা মানুহবোৰে তেওঁলোকৰ পৰা শুনিলে।
13 μετα δε το σιγησαι αυτους απεκριθη ιακωβος λεγων ανδρες αδελφοι ακουσατε μου
১৩তেওঁলোকে কথা কৈ শেষ কৰাৰ পাছত যাকোবে কবলৈ আৰম্ভ কৰিলে, “ভাই সকল, মোৰ কথা শুনক।
14 συμεων εξηγησατο καθως πρωτον ο θεος επεσκεψατο λαβειν εξ εθνων λαον επι τω ονοματι αυτου
১৪চিমোন পিতৰে ক’লে, কেনেকৈ ঈশ্বৰে প্রথমবাৰৰ বাবে অনা-ইহুদী সকলক প্রেম কৰিলে আৰু নিজৰ নামৰ কাৰণে অনা-ইহুদী সকলৰ মাজৰ পৰা কিছুলোকক গ্রহণ কৰিলে।
15 και τουτω συμφωνουσιν οι λογοι των προφητων καθως γεγραπται
১৫এই বিষয়ত ভাৱবাদী সকলৰ কথাৰো মিল আছে, যেনেকৈ লিখা আছে:
16 μετα ταυτα αναστρεψω και ανοικοδομησω την σκηνην δαυιδ την πεπτωκυιαν και τα κατεσκαμμενα αυτης ανοικοδομησω και ανορθωσω αυτην
১৬এইবোৰৰ পাছত মই উলটি আহিম, দায়ুদৰ ভাঙি যোৱা পঁজা মই পুনৰায় গঢ়িম মই তাৰ ভগ্নাৱশেষ পুনৰ নির্ম্মাণ কৰি থিক কৰিম,
17 οπως αν εκζητησωσιν οι καταλοιποι των ανθρωπων τον κυριον και παντα τα εθνη εφ ους επικεκληται το ονομα μου επ αυτους λεγει κυριος ο ποιων ταυτα παντα
১৭যাতে মানৱ জাতিৰ অৱশিষ্ট অংশই প্রভুৰ অন্বেষণ কৰিব পাৰে; মোৰ নামেৰে আমন্ত্রিত সকলো অনা-ইহুদীও ইয়াৰ অন্তর্ভুক্ত।
18 γνωστα απ αιωνος εστιν τω θεω παντα τα εργα αυτου (aiōn )
১৮যি জন প্ৰভুৱে পূৰ্বতে এই বিষয়বোৰ জনাইছিল, তেওঁ এই কথা কৈছে।” (aiōn )
19 διο εγω κρινω μη παρενοχλειν τοις απο των εθνων επιστρεφουσιν επι τον θεον
১৯এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।
20 αλλα επιστειλαι αυτοις του απεχεσθαι απο των αλισγηματων των ειδωλων και της πορνειας και του πνικτου και του αιματος
২০বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
21 μωυσης γαρ εκ γενεων αρχαιων κατα πολιν τους κηρυσσοντας αυτον εχει εν ταις συναγωγαις κατα παν σαββατον αναγινωσκομενος
২১কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।
22 τοτε εδοξεν τοις αποστολοις και τοις πρεσβυτεροις συν ολη τη εκκλησια εκλεξαμενους ανδρας εξ αυτων πεμψαι εις αντιοχειαν συν παυλω και βαρναβα ιουδαν τον επικαλουμενον βαρσαββαν και σιλαν ανδρας ηγουμενους εν τοις αδελφοις
২২তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
23 γραψαντες δια χειρος αυτων ταδε οι αποστολοι και οι πρεσβυτεροι και οι αδελφοι τοις κατα την αντιοχειαν και συριαν και κιλικιαν αδελφοις τοις εξ εθνων χαιρειν
২৩তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
24 επειδη ηκουσαμεν οτι τινες εξ ημων εξελθοντες εταραξαν υμας λογοις ανασκευαζοντες τας ψυχας υμων λεγοντες περιτεμνεσθαι και τηρειν τον νομον οις ου διεστειλαμεθα
২৪আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
25 εδοξεν ημιν γενομενοις ομοθυμαδον εκλεξαμενους ανδρας πεμψαι προς υμας συν τοις αγαπητοις ημων βαρναβα και παυλω
২৫সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
26 ανθρωποις παραδεδωκοσιν τας ψυχας αυτων υπερ του ονοματος του κυριου ημων ιησου χριστου
২৬পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
27 απεσταλκαμεν ουν ιουδαν και σιλαν και αυτους δια λογου απαγγελλοντας τα αυτα
২৭এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
28 εδοξεν γαρ τω αγιω πνευματι και ημιν μηδεν πλεον επιτιθεσθαι υμιν βαρος πλην των επαναγκες τουτων
২৮কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
29 απεχεσθαι ειδωλοθυτων και αιματος και πνικτου και πορνειας εξ ων διατηρουντες εαυτους ευ πραξετε ερρωσθε
২৯আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
30 οι μεν ουν απολυθεντες ηλθον εις αντιοχειαν και συναγαγοντες το πληθος επεδωκαν την επιστολην
৩০পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
31 αναγνοντες δε εχαρησαν επι τη παρακλησει
৩১পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
32 ιουδας τε και σιλας και αυτοι προφηται οντες δια λογου πολλου παρεκαλεσαν τους αδελφους και επεστηριξαν
৩২যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
33 ποιησαντες δε χρονον απελυθησαν μετ ειρηνης απο των αδελφων προς τους αποστολους
৩৩এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
35 παυλος δε και βαρναβας διετριβον εν αντιοχεια διδασκοντες και ευαγγελιζομενοι μετα και ετερων πολλων τον λογον του κυριου
৩৫কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
36 μετα δε τινας ημερας ειπεν παυλος προς βαρναβαν επιστρεψαντες δη επισκεψωμεθα τους αδελφους ημων κατα πασαν πολιν εν αις κατηγγειλαμεν τον λογον του κυριου πως εχουσιν
৩৬কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”
37 βαρναβας δε εβουλευσατο συμπαραλαβειν τον ιωαννην τον καλουμενον μαρκον
৩৭তেতিয়া বার্ণব্বাই তেওঁলোকৰ লগত যোহনকো নিবলৈ ইচ্ছা কৰিলে। এই যোহনক মাৰ্ক বুলিও মতা হয়।
38 παυλος δε ηξιου τον αποσταντα απ αυτων απο παμφυλιας και μη συνελθοντα αυτοις εις το εργον μη συμπαραλαβειν τουτον
৩৮কিন্তু পৌলে ভাৱিলে, মাৰ্কক লগত নিয়াটো ভাল নহ’ব, কাৰণ পাম্ফুলিয়াত মার্কে তেওঁলোকৰ লগ এৰি উভতি গৈছিল। পাছত তেওঁলোকৰ লগত কাম কৰিবলৈও নগ’ল।
39 εγενετο ουν παροξυσμος ωστε αποχωρισθηναι αυτους απ αλληλων τον τε βαρναβαν παραλαβοντα τον μαρκον εκπλευσαι εις κυπρον
৩৯তাৰ ফলত তেওঁলোক দুয়োৰে মাজত মত বিৰোধ হ’ল। পাছত পৰস্পৰে পৃথক হৈ গ’ল। বার্ণব্বাই মাৰ্কক লগত লৈ জাহাজেৰে কুপ্ৰ দ্বীপলৈ যাত্রা কৰিলে।
40 παυλος δε επιλεξαμενος σιλαν εξηλθεν παραδοθεις τη χαριτι του θεου υπο των αδελφων
৪০কিন্তু পৌলে চীলক মনোনীত কৰিলে আৰু ভাই সকলে তেওঁক প্রভুৰ অনুগ্রহৰ হাতত তুলি দিলে। পাছত তেওঁলোক তাৰ পৰা ওলাই গ’ল।
41 διηρχετο δε την συριαν και κιλικιαν επιστηριζων τας εκκλησιας
৪১পৌলে চিৰিয়া আৰু কিলিকিয়া দেশৰ মাজেদি গৈ মণ্ডলী সমূহক অধিক শক্তিশালী কৰিলে।