< Yohaannisa 4 >
1 Yesuusi Yohaannisayssafe dariya kaalleyssata baakko shiisheyssanne xammaqeyssa Farisaaweti si7idosona.
১যোহনতকৈ যীচুৱে যে বেছি শিষ্য কৰি বাপ্তিস্ম দি আছে, এই কথা ফৰীচী সকলে শুনিছে বুলি যীচুৱে জানিব পাৰিলে;
2 Gidikkoka Yesuusa tamaareti xammaqidosonappe attin Yesuusi oonakka xammaqibeena.
২যদিও যীচুৱে নিজে বাপ্তিস্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্য সকলেহে দিছিল।
3 Yesuusi asay iyabaa geyssa si7ida wode Yihudappe denddidi Galiila bis.
৩তেতিয়া তেওঁ যিহুদীয়া প্রদেশ এৰি পুনৰ গালীল প্ৰদেশলৈ গ’ল।
4 Galiila bishe Samaarera aadhdhanayssi iyaw attonnabaa gidis.
৪গালীললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্রদেশৰ মাজেদি যাব লগা হ’ল।
5 Hessa gisho, Yayqoobi ba na7aa Yoosefas immida gadiya matan de7iya Sikaare giya Samaare katamaa bis.
৫তেওঁ চমৰীয়াৰ চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰ খন যাকোবে তেওঁৰ পুতেক যোচেফক যি ডোখৰ মাটি দিছিল, তাৰ ওচৰতে আছিল।
6 He bessan Yayqooba haathaa ollay de7ees. Yesuusi hamuthan daaburidi he haathaa olla matan uttis. He wode sa7ay usuppun saate heera.
৬সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্রা কৰি শ্রান্ত হৈ পৰাত যীচুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্রায় ভৰ-দুপৰীয়া আছিল।
7 Issi Samaare katamaa maccas he ollaafe haathe tikkanaw yasu. Yesuusi he maccaseekko, “Tana haathe ushsharkkii” yaagis.
৭এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীচুৱে তেওঁক ক’লে, “মোক অলপ পানী খাবলৈ দিয়াছোন।”
8 He wode Yesuusa tamaareti kathi shammanaw katama bidosonashin.
৮সেই সময়ত যীচুৰ শিষ্য সকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল।
9 He maccasiya zaarada, “Neeni Ayhude ase gidashe, Samaare maccas gidiya tana waanada haathe ushsha gay?” yaagasu. Hessa iya giday Ayhudeti Samaaretara gayttonna gishossa.
৯সেই চমৰীয়া মহিলা গৰাকীয়ে যীচুক ক’লে, “আপুনি এজন ইহুদী মানুহ হৈয়ো মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা!” কিয়নো সেই সময়ত ইহুদী সকলে চমৰীয়া সকলৰ লগত কোনো ধৰণৰ মিলা প্রীতি নাছিল।
10 Yesuusi zaaridi, “Neeni Xoossaa imotaanne haathe tana ushsha geyssi ooneekko eridabaa gidiyakko iya ne woossana; ikka new de7o immiya haathi immanashin” yaagis.
১০যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
11 Maccasiya zaarada, “Godaw, new duuqqiyabay baawa; ollayka ziqqa. Yaatin, de7o immiya haathi ne awuppe ekkanee?
১১সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
12 Nuus ha haathaa olla immida nu aawa Yayqoobappe neeni aadhdhay? I, iya naytinne iya mehey ha ollaafe uyidosona” yaagasu.
১২আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
13 Yesuusi, “Ha haathaafe uyida oonikka zaari saamottana.
১৩যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
14 Shin taani immana haathaa uyaa oonikka ubbakka saamottenna. Taani immana haathay iya giddon merinaa de7o immiya goggiya pultto gidana” yaagis. (aiōn , aiōnios )
১৪কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।” (aiōn , aiōnios )
15 Maccasiya zaarada, “Godaw, taani saamottonna melanne haathe tikkanaw ha bessaa yoonna mela taw he haathaa imma” yaagasu.
১৫সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
16 Yesuusi iikko, “Bada ne azina xeegada ya” yaagis.
১৬যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
17 Maccasiya zaarada, “Taw azini baawa” yaagasu. Yesuusi iikko, “Taw azini baawa guussan balabaakka.
১৭সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
18 New kase ichchashu azinati de7oosona. Ha77i neera de7iya addey ne azina gidenna. Neeni ha77i tuma odadasa” yaagis.
১৮কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
19 Maccasiya zaarada, “Godaw, neeni nabe gideyssa taani eras.
১৯সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
20 Nu aawati ha deriya bolla Xoossaa goynnidosona. Shin hintte Ayhudeti asi Xoossas goynnanaw bessiya bessay Yerusalaamena geeta” yaagasu.
২০আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
21 Yesuusi, “Ha maccasete tana ammana; ha deriya bolla woykko Yerusalaamen Aawas hintte goynnona wodey yaana.
২১যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
22 Hintte Samaareti eronnayssa goynneeta. Shin nuuni atotethay Ayhudeppe yaa gisho nu ereyssa goynnos.
২২তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
23 Shin Aawas tuman goynneyssati Ayyaananinne tumatethan goynnana wodey matattis; ha77ika gakkis. Hiza, Aaway koyey hayssa mela ogiyan goynneyssata.
২৩কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
24 Xoossay Ayyaana; iyaw goynneyssati Ayyaananinne tumatethan goynnanaw bessees” yaagis.
২৪ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰা সকলে আত্মাৰে আৰু সত্যেৰে তেওঁক ভজনা কৰিব লাগে।”
25 Maccasiya zaarada, “Kiristtoosi yaanayssa taani erays. I yaa wode nuus ubbabaa odana” yaagasu.
২৫সেই মহিলাই তেওঁক ক’লে, “মচীহ, যি জনক খ্ৰীষ্ট বোলা হয়, তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব, তেতিয়া আমাক সকলো কথা জনাব।”
26 Yesuusi, “Ha neera odettey taani iya” yaagis.
২৬যীচুৱে তেওঁক ক’লে, “তোমাৰে সৈতে কথা-বাৰ্ত্তা হোৱা ময়েই সেই মচীহ।”
27 Entti odettishin, Yesuusa tamaareti bida bessaafe simmidosona. Yesuusi maccasara odettishin entti be7idi daro malaalettidosona. Shin maccaseekko, “Ay koyay?” giday woykko Yesuusakko, “Iira ays odettay?” giday oonikka baawa.
২৭তেনে সময়তে তেওঁৰ শিষ্য সকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীচুক কথা পাতি থকা দেখি আচৰিত হ’ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে “আপুনি কি বিচাৰিছে?” বা “কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে?”
28 Hessafe guye, maccasiya ba haatha otuwa aggada guye katamaa bada asaakko,
২৮সেই মহিলা গৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোক সকলক মাতি ক’লে,
29 “Taani oothidabaa ubbaa taw odida addiya be7anaw yedhdhite. I Kiristtoosa gidanddeshshaa?” yaagasu.
২৯“আহাঁছোন, এজন মানুহক চোৱাঁহি; মই যি সকলো কৰিলোঁ, তেওঁ সেই সকলোকে মোক ক’লে। এই জনেই সেই খ্ৰীষ্ট নেকি?”
30 Asay katamaappe keyidi Yesuusakko bidosona.
৩০তেতিয়া লোক সকলে নগৰৰ পৰা ওলাই যীচুৰ ওচৰলৈ আহিব ধৰিলে।।
31 Hessi hanishin, iya tamaareti Yesuusakko, “Guuthabaa markkii” yaagidi woossidosona.
৩১ইয়াৰ মাজতে শিষ্য সকলে তেওঁক অনুৰোধ কৰি ক’লে, “ৰব্বি, আপুনি অলপ মান কিবা খাই লওঁক।”
32 Shin I, “Taw hintte eronna kathi ta meyssi de7ees” yaagis.
৩২কিন্তু তেওঁ তেওঁলোকক ক’লে, “মোৰ এনে আহাৰ খাবলগীয়া আছে, যিহৰ বিষয়ে তোমালোকে নাজানা।”
33 Hessa gisho, iya tamaareti bantta giddon, “Iyaw miyabaa asi ehonna aggenna?” yaagidosona.
৩৩শিষ্য সকলে পৰস্পৰে কোৱা-কুই কৰিবলৈ ধৰিলে, “তেনেহলে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি?”
34 Yesuusi enttako, “Ta kathay tana kiittidayssa sheniya oothanayssanne iya oosuwa polanayssa.
৩৪যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
35 Hintte, ‘Oyddu ageenappe guye kathay cakettana’ geekketiyye? Shin taani hinttew odays; kathay kaxidi shiishoos gakkidayssa loythi xeellite.
৩৫তোমালোকে প্রায়েই নোকোৱা নে ‘আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ’ব?’ কিন্তু, মই হ’লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে।
36 Zereyssinne cakkeyssi issife ufayttana mela cakkeyssi damooziya ekkees qassi kathaa merinaa de7os shiishees. (aiōnios )
৩৬যি জনে দায়, তেওঁ বেচ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়; তাতে যি জনে ধান ৰোৱে আৰু ধান দায়, দুয়োৱে একেলগে আনন্দ কৰে। (aiōnios )
37 Hiza, ‘Issoy zerees; hankkoy qassi cakkees’ giya oday tuma.
৩৭ইয়াত এই কথাটো সত্য যে, ‘এজনে ৰোৱে আৰু আন জনে দায়’।
38 Hintte daaburiboonayssa shiishana mela taani hinttena kiittas. Harati oothi daaburidasuwan gelidi hintte entta daaburaa ayfiyaa ekkideta” yaagis.
৩৮মই তোমালোকক এনে শস্য দাবলৈ পঠালোঁ, যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই; তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰেই শ্ৰমৰ শস্য গোটাইছা।”
39 Maccasiya, “I, taani oothida ubbabaa odis” gada markkattida gisho he kataman de7iya Samaare asaappe daroti Yesuusa ammanidosona.
৩৯যি মহিলা গৰাকীয়ে সাক্ষ্য দিছিল যে “মই যি সকলো কৰিলোঁ, তেওঁ মোক সেই সকলোকে ক’লে,” তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰীয়া মানুহে যীচুত বিশ্বাস কৰিলে।
40 Samaare asay Yesuusakko yidi, bantta matan gam77ana mela Yesuusa woossin I yan nam77u gallas uttis.
৪০লোক সকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ লগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল।
41 I odiya qaala gisho kaseyssafe daro asay ammanidosona.
৪১তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে।
42 Qassi entti maccaseekko, “Ha77i nu ammaney nu huu7en I geyssa si7ida gishossafe attin neeni markkattida gishossa gidenna. Qassi I tuma ha alamiya ashsheyssa gideyssa nuuni erida” yaagidosona.
৪২তেওঁলোকে সেই মহিলা গৰাকীক ক’লে, “এতিয়া যে আমি বিশ্বাস কৰিছোঁ, কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে, এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা।”
43 Nam77u gallasappe guye, Yesuusi yaappe keyidi Galiila biitta bis.
৪৩দুদিনৰ পাছত তেওঁ তাৰ পৰা গালীল প্ৰদেশলৈ গ’ল।
44 Yesuusi ba huu7en, “Nabey ba biittan bonchchettena” yaagidi kasetidi odis.
৪৪কাৰণ যীচুৱে নিজে কৈছিল যে, কোনো ভাববাদীয়ে নিজৰ দেশত মৰ্যদা নাপায়;
45 Yesuusi Galiila gakkida wode Galiila asay iya mokkidosona. Ays giikko, Faasika Baale bonchchiya gallas entti Yerusalaamen de7iya gisho I oothidabaa ubbaa be7idosona.
৪৫তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
46 Yesuusi haathaa woyne ushshi laammida bessaa, Galiilan de7iya Qaana katama bis. Qifirnahoomen kawo keethan oothiya issi shuumaas na7ay harggettis.
৪৬পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
47 Yesuusi Yihudappe Galiila yidayssa he shuumay si7idi iyaakko yis. Hayqqanaw matida ba na7aa bidi pathana mela Yesuusa woossis.
৪৭তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
48 Yesuusi shuumakko, “Xoossay oothiya malaatatanne oorathabata be7onna de7ishe hintte ubbarakka ammanekketa” yaagis.
৪৮যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
49 Shuumay zaaridi, “Godaw, ta na7ay hayqqonna de7ishin taara yedhdharkki” yaagis.
৪৯সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
50 Yesuusi, “Ne soo ba; ne na7ay paxana” yaagis. He shuumay Yesuusi gidayssa ammanidi ba soo bis.
৫০যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
51 I ba soo bishin iya aylleti iyaakko yishe iyara ogen gayttidi, “Ne na7ay paxis” gidosona.
৫১তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।”
52 I ba aylleta ba na7aas ay saaten lo77idaakko oychchis. Entti zaaridi, “Zine laappun saaten mishay aggis” yaagidosona.
৫২তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
53 Na7aa aaway Yesuusi baakko, “Ne na7ay paxana” giday he saatiyan gideyssa akeekis. Hessa gisho, inne iya soo asay ubbay ammanidosona.
৫৩ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
54 Hessi Yesuusi Yihudappe Galiila yidi oothida nam77antho malaataa.
৫৪যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।