< 2 Korinther 1 >
1 Paulus, Apostel Jesu Christi durch Gottes Willen, und Timotheus, der Bruder, an die Gemeinde Gottes, die in Korinth ist, samt allen Heiligen, die in ganz Achaja sind:
১ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীচুৰ পাঁচনি পৌল, আৰু তীমথিয় ভাই - কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ:
2 Gnade sei mit euch und Friede von Gott, unsrem Vater und dem Herrn Jesus Christus!
২আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
3 Gelobt sei der Gott und Vater unsres Herrn Jesus Christus, der Vater der Barmherzigkeit und Gott alles Trostes,
৩আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।
4 der uns tröstet in all unsrer Trübsal, auf daß wir die trösten können, welche in allerlei Trübsal sind, durch den Trost, mit dem wir selbst von Gott getröstet werden.
৪আমি নিজে ঈশ্বৰৰ পৰা যি সান্ত্বনা পাওঁ, সেই সান্ত্বনাৰে যেন ক্লেশত থকা সকলক সান্ত্বনা দিব পাৰোঁ, এই কাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্ত্বনা দিয়ে।
5 Denn gleichwie die Leiden Christi sich reichlich über uns ergießen, so fließt auch durch Christus reichlich unser Trost.
৫কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্ত্বনা উপচি পৰে।
6 Haben wir Trübsal, so geschieht es zu eurem Trost und Heil; werden wir getröstet, so geschieht es zu eurem Trost, der sich kräftig erweist in standhafter Erduldung derselben Leiden, welche auch wir leiden, und unsre Hoffnung für euch ist fest;
৬কিন্তু আমি যদি যন্ত্রণাগ্রস্ত, তেনেহলে সেয়ে আপোনালোকৰ সান্ত্বনা আৰু পৰিত্রাণ নাইবা আমি যদি সান্ত্বনা প্রাপ্ত, তেনেহলে সেই জনো আপোনালোকৰ সান্ত্বনাৰ বাবে আৰু সেই সান্ত্বনাই, আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে সহন কৰাই, নিজ কাৰ্য সাধন কৰে।
7 denn wir wissen, daß, gleichwie ihr der Leiden teilhaftig seid, so auch des Trostes.
৭আৰু আপোনালোক যেনেকৈ দুখভোগৰ, তেনেকৈ সান্ত্বনাৰো যে সহভাগী ইয়াকে জানিবলৈ পাই, আপোনালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে।
8 Denn wir wollen euch, Brüder, nicht in Unkenntnis lassen über die Trübsal, die uns in Asien widerfahren ist, daß wir übermäßig schwer zu tragen hatten, über Vermögen, so daß wir selbst am Leben verzweifelten;
৮কিয়নো, হে ভাই সকল, এচিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই: সেই ক্লেশত অধিক পৰিমাণে শক্তিৰ অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্থ হ’লোঁ যে, আমাৰ জীৱনৰো আশা নাছিল।
9 ja wir hatten bei uns selbst schon das Todesurteil über uns gefällt, damit wir nicht auf uns selbst vertrauten, sondern auf den Gott, der die Toten auferweckt.
৯প্ৰকৃতপক্ষে, আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ৷ সেয়েহে আমি নিজৰ ওপৰত ভাৰসা নকৰোঁহক, কিন্তু ইয়াৰ পৰিৱৰ্তে যি জন মৃত্যুৰ পৰা তোলোঁতা, সেই জন ঈশ্বৰত ভাৰসা ৰাখোহঁক৷
10 Er hat uns denn auch von solchem Tod errettet und rettet uns noch, und wir hoffen auf ihn, daß er uns auch ferner erretten wird,
১০তেৱেঁই ইমান ভয়ঙ্কৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ;
11 vorausgesetzt, daß auch ihr uns behilflich seid durch eure Fürbitte, damit für die von vielen Personen für uns erbetene Gnadengabe auch von vielen gedankt werde für uns.
১১ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ’ল, তাৰ কাৰণে, অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়।
12 Denn unser Ruhm ist der: das Zeugnis unsres Gewissens, daß wir in Einfalt und göttlicher Lauterkeit, nicht in fleischlicher Weisheit, sondern in göttlicher Gnade gewandelt sind in der Welt, allermeist aber bei euch.
১২এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
13 Denn wir schreiben euch nichts anderes, als was ihr leset oder auch erkennet;
১৩আপোনালোকে পঢ়িব নোৱাৰা আৰু বুজি নোপোৱা, এনে কোনো কথা আমি আপোনালোকলৈ লিখা নাই; এই বিষয়ত মই সুনিশ্চিত।
14 ich hoffe aber, daß ihr uns bis ans Ende so erkennen werdet, wie ihr uns zum Teil schon kennen gelernt habt, nämlich daß wir euch zum Ruhm gereichen, gleichwie auch ihr uns, am Tage unsres Herrn Jesus.
১৪এনেদৰে আপোনালোকে আগেয়েও আমাক কিছু পৰিমাণে বুজি পাইছে, আমাৰ প্ৰভু যীচুৰ দিনত যেনেকৈ আপোনালোক আমাৰ, তেনেকৈ আমিও আপোনালোকৰ শ্লাঘাৰ কাৰণ হ’ম।
15 In dieser Zuversicht beabsichtigte ich, zuerst zu euch zu kommen, damit ihr eine doppelte Gunst empfinget;
১৫কাৰণ এই বিষয়ে মই দৃঢ় প্ৰত্যয় যে, আপোনালোকে দ্বিতীয় অনুগ্ৰহ পাবৰ কাৰণে, মই আগেয়ে আপোনালোকৰ তালৈ যাম৷
16 und über eure Stadt wollte ich dann nach Mazedonien ziehen und von Mazedonien wieder zu euch kommen, um von euch nach Judäa geleitet zu werden.
১৬আৰু আপোনালোকক দেখা কৰি, পাছত তাৰ পৰাই মাকিদনিয়া দেশলৈ গৈ, পাছত মাকিদনিয়াৰ পৰা আপোনালোকৰ ওচৰলৈ উলটি আহি, যিহুদীয়ালৈ যাবৰ বাবে আপোনালোকৰ দ্বাৰাই আগবঢ়ায় থোৱা হ’ম।
17 Habe ich nun mit Leichtfertigkeit gehandelt, als ich diesen Reiseplan entwarf? Oder mache ich überhaupt meine Pläne nach dem Fleisch, so daß bei mir das Ja Ja auch Nein Nein wäre?
১৭যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হ’বলৈ, মই মাংস অনুসাৰে ভাবো নে?
18 Gott aber ist treu, daß unser Wort an euch nicht Ja und Nein ist!
১৮কিন্তু ঈশ্বৰ বিশ্বাসী; এই কাৰণে আপোনালোকক এবাৰ ‘হয়’, পাছত ‘নহয়’, এই ধৰণে আমি নকওঁ।
19 Denn der Sohn Gottes, Jesus Christus, der unter euch durch uns gepredigt worden ist, durch mich und Silvanus und Timotheus, der war nicht Ja und Nein, sondern in ihm ist das Ja geworden;
১৯কিয়নো আমাৰ দ্বাৰাই, অৰ্থাৎ মোৰ, চীলৰ আৰু তীমথিয়ৰ দ্বাৰাই আপোনালোকৰ আগত যি জনৰ কথা প্রচাৰ কৰা হৈছিল, সেই জনা ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট বাবে, ‘হয়’ পাছত ‘নহয়’ এনে নহয়; কিন্তু তেওঁত চিৰকাল ‘হয়’হে হয়।
20 denn soviele Gottesverheißungen es gibt, in ihm ist das Ja, und deshalb durch ihn auch das Amen, Gott zum Lobe durch uns!
২০কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত ‘হয়৷’ এই কাৰণে, আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হ’বলৈ, তেওঁৰ দ্বাৰাই ‘আমেন’ বুলিও কওঁ।
21 Der Gott aber, der uns samt euch für Christus befestigt und uns gesalbt hat,
২১এতিয়া এই জন ঈশ্বৰে, আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্টত স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে৷
22 der hat uns auch versiegelt und in unsre Herzen das Pfand des Geistes gegeben.
২২তেৱেঁই আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে।
23 Ich berufe mich aber auf Gott als Zeugen für meine Seele, daß ich, um euch zu schonen, noch nicht nach Korinth gekommen bin.
২৩আপোনালোকলৈ মোৰ মৰম থকা বাবেই, মই এতিয়ালৈকে কৰিন্থলৈ যোৱা নাই, মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছোঁ।
24 Denn wir wollen nicht Herren sein über euren Glauben, sondern Gehilfen eurer Freude; denn ihr stehet im Glauben.
২৪আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ, এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে।