< 1 Chronik 27 >

1 Und dies sind die Kinder Israel nach ihrer Zahl, die Familienhäupter, die Obersten der Tausendschaften und Hundertschaften und ihre Amtleute, die dem König dienten nach der Ordnung der Abteilungen, wie sie Monat für Monat kamen und gingen, alle Monate des Jahres; jede Abteilung zählte 24000.
সংখ্যা অনুসাৰে ইস্ৰায়েলৰ পৰিয়ালৰ মূখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্যা কৰিছিল। সৈন্যৰ প্রতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্যা কৰিছিল। প্রতি বিভাগত চৌবিশ হাজাৰ লোক আছিল।
2 Über die erste Abteilung für den ersten Monat war Jaschobam, der Sohn Sabdiels, gesetzt, und zu seiner Abteilung gehörten 24000.
বিভাগৰ দ্বয়ীত্বত প্ৰথম মাহৰ বাবে জব্দীয়েলৰ পুত্ৰ যাচবিয়াম আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
3 Aus den Kindern des Perez war er das Oberhaupt aller Heerführer des ersten Monats.
তেওঁ পেৰচৰ বংশধৰসকলৰ মাজৰ এজন আৰু তেওঁ প্ৰথম মাহৰ সকলো সৈন্যৰ বিষয়াসকলৰ দ্বয়ীত্বত আছিল।
4 Über die Abteilung für den zweiten Monat war Dodai, der Achochiter, [gesetzt, ] und Miklot war Fürst, und zu seiner Abteilung gehörten 24000.
দ্বিতীয় মাহৰ বিভাগৰ দ্বায়ীত্বত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
5 Der dritte Heerführer für den dritten Monat war Benaja, der Sohn Jojadas, des Priesters, das Oberhaupt; und zu seiner Abteilung gehörten 24000.
যিহোয়াদা পুৰোহিতৰ পুত্ৰ বনায়া তৃতীয় মাহৰ কাৰণে সৈন্যৰ সেনাপতি আছিল। এই বিভাগত চৌবিশ হাজাৰ লোক আছিল।
6 Dieser Benaja war einer der dreißig Helden und über die Dreißig. Und sein Abteilungschef war sein Sohn Ammi-Sabad.
এই জনেই সেই বনায়া যি জন ত্ৰিশ জনৰ আৰু ত্রিশ জনৰ ওপৰত নেতা আছিল। তেওঁৰ পুত্র অম্মিযাবদ তেওঁৰ বিভাগত আছিল।
7 Der vierte für den vierten Monat war Asahel, der Bruder Joabs, und nach ihm Sebadja, sein Sohn; und zu seiner Abteilung gehörten 24000.
যোৱাবৰ ভায়েক অচাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ’ল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
8 Der fünfte für den fünften Monat war der Fürst Samchut, der Jisrachiter; und zu seiner Abteilung gehörten 24000.
যিজ্ৰাহীয়াৰ বংশধৰৰ চমহুৎ পঞ্চম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
9 Der sechste für den sechsten Monat war Ira, der Sohn des Ikkes, des Tekoiters; und zu seiner Abteilung gehörten 24000.
তকোৱায়ীয়া পৰা হোৱা ইক্কেচৰ পুত্ৰ ঈৰা ষষ্ঠ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
10 Der siebente für den siebenten Monat war Chelez, der Peloniter, aus den Kindern Ephraims; und zu seiner Abteilung gehörten 24000.
১০ইফ্ৰয়িমৰ লোকসকলৰ পৰা পলোনীয়া হেলচ সপ্তম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
11 Der achte für den achten Monat war Sibbekai, der Chusatiter, aus den Sarchitern; und zu seiner Abteilung gehörten 24000.
১১জেৰহৰ বংশৰ গোষ্ঠীৰ পৰা হূচাতীয়া চিব্বকয় অষ্টম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
12 Der neunte für den neunten Monat war Abieser, der Anatotiter, von den Benjaminitern, und zu seiner Abteilung gehörten 24000.
১২বিন্যামীনৰ জাতিৰ পৰা অনাথোতীয়া অবীয়েজৰ নৱম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
13 Der zehnte für den zehnten Monat war Macharai, der Netophatiter, aus den Sarchitern, und zu seiner Abteilung gehörten 24000.
১৩জেৰহৰ বংশৰ গোষ্ঠীৰ নটোফাতীয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
14 Der elfte für den elften Monat war Benaja, der Piratoniter, aus den Kindern Ephraims; und zu seiner Abteilung gehörten 24000.
১৪ইফ্ৰয়িমৰ জাতিৰ পৰা পিৰাথোনীয়া নগৰৰ বনায়া একাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
15 Der zwölfte für den zwölften Monat war Cheldai, der Netophatiter, von Otniel; und zu seiner Abteilung gehörten 24000.
১৫অৎনীয়েলৰ বংশৰ গোষ্ঠীৰ পৰা নটোফাতীয়া নগৰৰ হিলদয় দ্বাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।
16 Aber über die Stämme Israels waren gesetzt: Über die Rubeniter war Fürst Elieser, der Sohn Sichris; über die Simeoniter Schephathja, der Sohn Maachas.
১৬এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।
17 Über die Leviten Chaschabja, der Sohn Kemuels; über die Aaroniter war Zadok.
১৭লেবীয়া জাতিৰ বাবে কমূৱেলৰ পুত্ৰ হচবিয়া নেতা আছিল। আৰু হাৰোণৰ বংশধৰসকলক চাদোকে নেতৃত্ব দিছিল।
18 Über Juda war Elihu, aus den Brüdern Davids; über Issaschar Omri, der Sohn Michaels.
১৮যিহূদা জাতিৰ বাবে ইলীহূ নেতা আছিল। তেওঁ দায়ূদৰ ভায়েকসকলৰ মাজৰ এজন।
19 Über Sebulon war Jischmaja, der Sohn Obadjas; über Naphtali Jerimot, der Sohn Asriels.
১৯জবূলূন জাতিৰ বাবে ওবদিয়াৰ পুত্ৰ যিচময়া নেতা আছিল। নপ্তালীৰ বাবে অজ্ৰীয়েলৰ পুত্ৰ যিৰীমোৎ নেতা আছিল।
20 Über die Kinder Ephraims war Hosea, der Sohn Asasjas; über den halben Stamm Manasse Joel, der Sohn Pedajas.
২০ইফ্ৰয়িম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হোচেয়া নেতা আছিল। মনচিৰ আধা জাতিৰ বাবে পদায়াৰ পুত্ৰ যোৱেল নেতা আছিল।
21 Über den andern halben Stamm Manasse, in Gilead, war Jiddo, der Sohn Sacharjas; über Benjamin war Jaasiel, der Sohn Abners.
২১গিলিয়দত থকা মনচিৰ আধা জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ যিদ্দো নেতা আছিল। বিন্যামীনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ যাচীয়েল নেতা আছিল।
22 Über Dan war Asareel, der Sohn Jerobeams. Das sind die Fürsten der Stämme Israels.
২২দানৰ জাতিৰ বাবে যিৰোহমৰ পুত্ৰ অজৰেল নেতা আছিল। ইস্ৰায়েল জাতিৰ বাবে এওঁলোকেই নেতা আছিল।
23 Aber David nahm die Zahl derer, die unter zwanzig Jahren waren, nicht auf; denn der HERR hatte verheißen, Israel zu mehren wie die Sterne des Himmels.
২৩দায়ূদে বিশ বছৰ বা তাতকৈ ক’ম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহোৱাই ইস্ৰায়েলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্রতিজ্ঞা কৰিছিল।
24 Joab, der Sohn der Zeruja, hatte zwar angefangen zu zählen, allein er vollendete es nicht, denn es kam deswegen ein Zorn [gericht] über Israel. Daher wurde die Zahl nicht in die Chronik des Königs David aufgenommen.
২৪চৰূয়াৰ পুত্ৰ যোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এই কাৰণে ইস্ৰায়েলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ুদ ৰজাৰ বংশাৱলীত লিখা নহ’ল।
25 Über die Vorräte des Königs war Asmavet, der Sohn Adiels, gesetzt. Und über die Vorräte auf dem Lande, in den Städten, Dörfern und Festungen war Jonatan, der Sohn Ussias;
২৫অদীয়েলৰ পুত্ৰ অজমাবৎ ৰজাৰ মূল্যৱান সম্পদৰ দ্বয়ীত্বত আছিল। উজ্জিয়াৰ পুত্ৰ যোনাথন খেতি-পথাৰত, নগৰবোৰত, গাওঁসমূহত, আৰু দুৰ্গবোৰত থকা গুদামৰ দ্বয়ীত্বত আছিল।
26 über die Ackerleute, welche das Land bebauten, war Esri, der Sohn Kelubs;
২৬কলূবৰ পুত্ৰ ইজ্ৰী মাটি চহোৱা খেতিয়ক সকলৰ ওপৰত আছিল।
27 über die Weinberge Simei, der Ramatiter; aber über die Vorräte an Wein in den Weinbergen war Sabdi, der Siphmiter;
২৭ৰামাথীয়া চিমিয়ী দ্ৰাক্ষাবাৰীবোৰৰ দ্বয়ীত্বত আছিল। চিফমীয়াৰ পৰা অহা জব্দী আঙুৰৰ আৰু দ্ৰাক্ষাৰস বিক্রী কৰোঁতা সকলৰ ওপৰত দ্বয়ীত্বত আছিল।
28 über die Ölbäume und die Maulbeerfeigenbäume in den Tälern Baal-Chanan, der Gederiter; über die Vorräte an Öl Joas;
২৮নিম্ন-ভূমিত থকা জিত গছ আৰু ডিমৰু গছবোৰ, গদেৰীয়াৰ পৰা অহা বাল-হাননৰ দ্বয়ীত্বত আছিল আৰু তেলৰ গুদামৰ দ্বয়ীত্বত যোৱাচ আছিল।
29 über die Rinder, die in Saron weideten, war Sitral, der Saroniter; über die Rinder in den Tälern Saphat, der Sohn Adlais;
২৯চাগোণৰ পৰা অহা চিত্রয় চাৰোণত চৰা জন্তুৰ জাকবোৰৰ দায়িত্বত আছিল। উপত্যকাবোৰত চৰা জন্তুৰ জাকবোৰৰ দ্বয়ীত্বত অদলয়ৰ পুত্ৰ চাফট আছিল।
30 über die Kamele war Obil, der Ismaeliter; über die Eselinnen Jechdeja, der Meronotiter;
৩০উটবোৰৰ দ্বয়ীত্বত ইশ্মায়েলীয়া অবীল আছিল, আৰু গাধীবোৰৰ দ্বায়ীত্বত মেৰোনোথীয়া যেহদিয়া আছিল।
31 über die Schafe Jaser, der Hagariter. Alle diese waren Verwalter der Güter des Königs David.
৩১এওঁলোক দায়ুদ ৰজাৰ সম্পতিৰ দ্বয়ীত্বত আছিল।
32 Jonatan aber, Davids Oheim, war Rat, ein verständiger Mann, ein Schriftgelehrter. Und Jechiel, der Sohn Hakmonis, war bei den Söhnen des Königs.
৩২দায়ূদৰ দদায়েক যোনাথন, তেওঁ এজন পৰামৰ্শদাতা আছিল, যিহেতু তেওঁ এজন জ্ঞানী আৰু নথি সংৰক্ষক আছিল। হকমোনীৰ পুত্ৰ যিহীয়েল ৰজাৰ পুত্রসকলৰ তত্বৱধানৰ দ্বায়ীত্বত আছিল।
33 Ahitophel war auch des Königs Rat und Husai, der Arkiter, des Königs Freund.
৩৩অহীথোফল ৰজাৰ পৰামৰ্শদাতা আছিল, অৰ্কীয়া লোকসকলৰ মাজৰ হূচয় ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতা আছিল।
34 Nach Ahitophel waren Jojada, der Sohn Benajas, und Abjatar. Joab aber war des Königs Feldhauptmann.
৩৪অহীথোফলৰ পাছত বনায়াৰ পুত্ৰ যিহোয়াদা অবিয়াথৰ যোগেদি তেওঁৰ স্থান লয়। যোৱাব ৰজাৰ সৈন্যসকলৰ সেনাপতি আছিল।

< 1 Chronik 27 >