< Josua 19 >

1 Danach fiel das andere Los des Stamms der Kinder Simeon nach ihren Geschlechtern; und ihr Erbteil war unter dem Erbteil der Kinder Juda.
দ্ধিতীয়বাৰ চিঠি খেলাতে চিমিয়োনৰ নামত নির্ধাৰিত হ’ল আৰু তেওঁলোকৰ প্ৰত্যেক বংশক নিজ নিজ অংশৰ ভাগ দিয়া হ’ল৷ তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ ফৈদৰ উত্তৰাধিকাৰৰ মাজত আছিল।
2 Und es ward ihnen zum Erbteil Beer-Seba, Seba, Molada,
তেওঁলোকৰ উত্তৰাধিকাৰৰ মাজত আছিল বেৰ-চেবা, চেবা, মোলাদা,
3 Hazar-Sual, Bala, Azem,
হচৰ-চূৱাল, বালা এচম,
4 El-Tholad, Bethul, Horma,
ইল্টুলদ, বথূল আৰু হৰ্মা৷
5 Ziklag, Beth-Markaboth, Hazar, Sussa,
তাৰ ওপৰিও চিমিয়োনৰ আছিল, চিক্লগ, বৈৎ-মৰ্কাবোৎ, হচৰ-চুচা,
6 Beth-Lebaoth, Saruhen. Das sind dreizehn Städte und ihre Dörfer.
বৈৎ-লবায়োৎ আৰু চাৰূহন৷ এই তেৰখন নগৰ আছিল তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
7 Ain, Rimon, Ether, Asan. Das sind vier Städte und ihre Dörfer.
চিমিয়োনৰ পুনৰ ঐন, ৰিম্মোন, এথৰ আৰু আচন; এই চাৰিখন নগৰ আছিল, গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
8 Dazu alle Dörfer, die um diese Städte liegen, bis gen Baalath-Beer-Ramath gegen Mittag. Das ist das Erbteil des Stamms der Kinder Simeon in ihren Geschlechtern.
এই গাওঁবোৰ নগৰৰ চাৰিওফালে নগৰবোৰৰ সৈতে একেলগে বলাৎ-বেৰ অৰ্থাৎ দক্ষিণ অঞ্চলৰ ৰামালৈকে আছিল৷ এয়েই আছিল চিমিয়োনৰ ফৈদৰ নিজ নিজ বংশ অনুসাৰে দিয়া উত্তৰাধিকাৰ।
9 Denn der Kinder Simeon Erbteil ist unter der Schnur der Kinder Juda. Weil das Erbteil der Kinder Juda ihnen zu groß war, darum erbeten die Kinder Simeon unter ihrem Erbteil.
এয়ে আছিল চিমিয়োনৰ ফৈদক দিয়া উত্তৰাধিকাৰ৷ ই যিহূদা বংশৰ অঞ্চলৰ পৰা আৰম্ভ হৈছিল, কিয়নো যিহূদা ফৈদক দিয়া অংশ তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক আছিল৷ চিমিয়োনৰ ফৈদে তেওঁলোকৰ উত্তৰাধিকাৰ যিহূদাৰ উত্তৰাধিকাৰৰ মাজৰ পৰা ভাগ পাইছিল।
10 Das dritte Los fiel auf die Kinder Sebulon nach ihren Geschlechtern; und die Grenze ihres Erbteils war bis gen Sarid;
১০তৃতীয়বাৰ চিঠি খেলাওঁতে নিজ নিজ বংশ অনুসাৰে জবূলূনৰ ফৈদৰ নামত উঠিল। তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা চাৰীদৰ পৰা আৰম্ভণ হ’ল৷
11 und gehet hinauf zu abendwärts gen Mareala und stößet an Dabaseth und stößet an den Bach, der vor Jakneam fleußt;
১১তেওঁলোকৰ সীমা পশ্চিমফালে উঠি মৰলালৈকে গৈ, দাব্বেচতত লাগিল; তাৰ পাছত ই বাঢ়ি গৈ যক্‌নীয়ামৰ সন্মুখত থকা জুৰিত লাগিলগৈ।
12 und wendet sich von Sarid gegen der Sonnen Aufgang bis an die Grenze Kisloth-Thabor; und kommt hinaus gen Dabrath und langet hinauf gen Japhia.
১২আৰু সেই সীমা চাৰীদৰ পৰা পুব ফাললৈ ঘূৰি, কিশ্লোৎ-তাবোৰৰ সীমালৈকে গ’ল৷ তাৰ পৰা দাবৰতত ওলাই যাফীয়ালৈকো উঠি গ’ল৷
13 Und von dannen gehet sie gegen den Aufgang durch Gitta-Hepher, Itha, Kazin und kommt hinaus gen Rimon-Mithoar und Nea;
১৩সেই ঠাইৰ পৰা পূব ফাল হৈ গৎ-হেফৰ আৰু এৎ-কাচিনেদি গৈ, নয়ালৈকে বিস্তৃত হোৱা ৰিম্মোনলৈ গ’ল৷
14 und lenket sich herum von Mitternacht gen Nathon und endet sich im Tal Jephthah-El,
১৪আৰু সেই সীমাই উত্তৰ ফালে ঘূৰি হন্নাথোনলৈকে গ’ল আৰু যিপ্তহ-এল উপত্যকাত তাৰ অন্ত হ’ল৷
15 Katath, Nahalal, Simron, Jedeala und Bethlehem. Das sind zwölf Städte und ihre Dörfer.
১৫কটৎ, নহলাল, চিম্ৰোণ, যিদালা, আৰু বৈৎলেহেম, গাৱেঁৰে সৈতে বাৰখন নগৰ এই অঞ্চলটোত অন্তর্ভুক্ত আছিল৷ তাত বাৰখন নগৰ আছিল৷ তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
16 Das ist das Erbteil der Kinder Sebulon in ihren Geschlechtern; das sind ihre Städte und Dörfer.
১৬এইটোৱেই আছিল জবূলূন ফৈদৰ উত্তৰাধিকাৰ; এই নগৰবোৰ তেওঁলোকৰ গাৱেঁৰে সৈতে অন্তর্ভুক্ত আছিল।
17 Das vierte Los fiel auf die Kinder Isaschar nach ihren Geschlechtern.
১৭পাছত আকৌ চতুর্থবাৰ চিঠি খেলাওঁতে, ইচাখৰৰ নামত উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে ইয়াক দিয়া হ’ল।
18 Und ihre Grenze war Jesreel, Chesulloth, Sunem,
১৮তেওঁলোকৰ সীমা যিজ্ৰিয়েল, মচুল্লোৎ, চুনেম,
19 Hapharaim, Sion, Anaharath,
১৯হফাৰয়িম, চিয়োন, অনহৰৎ,
20 Rabith, Kiseon, Abez,
২০ৰব্বীৎ কিচিয়োন, এবচ,
21 Remeth, En-Gannim, En-Hada, Beth-Pazez;
২১ৰেমৎ, অয়ীন-গন্নীম, এয়িন-হদ্দা আৰু বৈৎ-পচেচলৈ হ’ল৷
22 und stößet an Thabor, Sahazima, Beth-Semes; und ihr Ende ist am Jordan. Sechzehn Städte und ihre Dörfer.
২২তেওঁলোকৰ সীমাবোৰ, চহচিমা আৰু বৈৎ-চেমচ’তটো লাগিল আৰু তেওঁলোকৰ সীমাৰ অন্ত যৰ্দ্দনত পৰিল৷ তাত ষোল্লখন নগৰ আছিল, তেওঁলোকৰ গাওঁসমূহ গণনা কৰা হোৱা নাছিল।
23 Das ist das Erbteil des Stamms der Kinder Isaschar in ihren Geschlechtern, Städten und Dörfern.
২৩এইবোৰেই আছিল ইচাখৰৰ বংশক দিয়া উত্তৰাধিকাৰ; তেওঁলোকৰ এই অঞ্চল নগৰবোৰৰ সৈতে তেওঁলোকৰ গাৱঁৰ লগত অন্তর্ভুক্ত আছিল৷
24 Das fünfte Los fiel auf den Stamm der Kinder Asser nach ihren Geschlechtern.
২৪পঞ্চমবাৰ চিঠি খেলাওঁতে, আচেৰৰ ফৈদৰ নামত উঠিল আৰু নিজ নিজ বংশ অনুসাৰে তেওঁলোকক দিয়া হ’ল।
25 Und ihre Grenze war Helkath, Hali, Beten, Achsaph.
২৫তেওঁলোকৰ সীমা হিল্কৎ, হলি, বেটন, অক্‌চফ,
26 Alamelech, Amead, Miseal; und stößt an den Karmel am Meer und an Sihor-Libnath;
২৬অল্লম্মেক, অমাদ আৰু মিচাল আছিল৷ সেই সীমা পশ্চিম ফালে কৰ্মিল আৰু চিহোৰ লিব্‌নাতলৈ বিস্তৃত্ব হ’ল।
27 und wendet sich gegen der Sonnen Aufgang gen Beth-Dagon und stößet an Sebulon und an das Tal Jephthah-El, an die Mitternacht Beth-Emek, Negiel; und kommt hinaus zu Kabul zur Linken,
২৭পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
28 Ebron, Rehob, Hammon, Kana bis an groß Zidon;
২৮পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
29 und wendet sich gen Rama bis zu der festen Stadt Zor; und wendet sich gen Hossa und endet sich am Meer der Schnur nach gen Achsib,
২৯পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
30 Uma, Aphek, Rehob. Zwoundzwanzig Städte und ihre Dörfer.
৩০উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
31 Das ist das Erbteil des Stamms der Kinder Asser in ihren Geschlechtern, Städten und Dörfern.
৩১এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
32 Das sechste Los fiel auf die Kinder Naphthali in ihren Geschlechtern.
৩২ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
33 Und ihre Grenzen waren von Heleph, Elon, durch Zaenannim, Adami-Nekeb, Jabneel bis gen Lakum und endet sich am Jordan;
৩৩তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
34 und wendet sich zum Abend gen Asnoth-Thabor und kommt von dannen hinaus gen Hukok; und stößet an Sebulon gegen Mittag und an Asser gegen Abend und an Juda am Jordan gegen der Sonnen Aufgang;
৩৪আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35 und hat feste Städte: Zidim, Zer, Hamath, Rakath, Cinnereth,
৩৫গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
36 Adama, Rama, Hazor,
৩৬অদামা, ৰামা, হাচোৰ,
37 Kedes, Edrei, En-Hazor,
৩৭কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38 Jereon, Migdal-El, Harem, Beth-Anath, Beth-Sames. Neunzehn Städte und ihre Dörfer.
৩৮আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39 Das ist das Erbteil des Stamms der Kinder Naphthali in ihren Geschlechtern, Städten und Dörfern.
৩৯এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40 Das siebente Los fiel auf den Stamm der Kinder Dan nach ihren Geschlechtern.
৪০সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41 Und die Grenze ihres Erbteils waren Zarea, Esthaol, Irsames,
৪১তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
42 Saelabin, Ajalon, Jethla,
৪২চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
43 Elon, Thimnatha, Ekron,
৪৩আকৌ ইয়াত এলোন, তিম্না, ইক্ৰোণ,
44 Eltheke, Gibethon, Baalath,
৪৪ইল্টকি, গিব্বথোন, বালাৎ,
45 Jehud, Bne-Barak, Gath-Rimon,
৪৫যীহূদ, বনে-বৰক, গৎ-ৰিম্মোণ,
46 Me-Jarkon, Rakon mit den Grenzen gegen Japho.
৪৬মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।
47 Und an denselben endet sich die Grenze der Kinder Dan. Und die Kinder Dan zogen hinauf und stritten wider Lesem und gewannen und schlugen sie mit der Schärfe des Schwerts; und nahmen sie ein und wohneten drinnen; und nannten sie Dan nach ihres Vaters Namen.
৪৭কিন্তু দানৰ উত্তৰাধিকাৰৰ সেই অঞ্চল যেতিয়া হেৰুৱালে, তেতিয়া দানে লেচমৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি, তাক হাত কৰি ল’লে৷ তেওঁলোকে সেই ঠাইৰ সকলোকে তৰোৱালেৰে বধ কৰি, সেই ঠাই অধিকাৰ কৰি তাত বাস কৰিলে৷ তেওঁলোকে নিজৰ পূৰ্বপুৰুষ দানৰ নামেৰে লেচমৰ নামো দান ৰাখিলে।
48 Das ist das Erbteil des Stamms der Kinder Dan in ihren Geschlechtern, Städten und Dörfern.
৪৮এইটোৱেই আছিল দানৰ ফৈদৰ উত্তৰাধিকাৰ আৰু গাৱঁৰে সৈতে নগৰবোৰ তেওঁলোকক বংশ অনুসাৰে দিয়া হৈছিল৷
49 Und da sie das Land gar ausgeteilet hatten, mit seinen Grenzen, gaben die Kinder Israel Josua, dem Sohn Nuns, ein Erbteil unter ihnen.
৪৯যেতিয়া তেওঁলোকৰ উত্তৰাধিকাৰত থকা নিজ নিজ সীমা অনুসাৰে দেশ ভগাই দিয়া হ’ল, তেতিয়া ইস্ৰায়েলৰ লোকসকলে তেওঁলোকৰ মাজত নুনৰ পুত্ৰ যিহোচূৱাক এক উত্তৰাধিকাৰ দিলে৷
50 Und gaben ihm nach dem Befehl des HERRN die Stadt, die er forderte, nämlich Thimnath-Serah auf dem Gebirge Ephraim. Da bauete er die Stadt und wohnete drinnen.
৫০ইফ্ৰয়িম পৰ্বতত থকা তেওঁ খোজা তিম্নৎ-চেৰহ নগৰ যিহোৱাৰ বাক্য অনুসাৰে তেওঁলোকে তেওঁক দিলে৷ তেওঁ সেই নগৰ পুনৰায় সাজি তাত বাস কৰিলে।
51 Das sind die Erbteile, die Eleasar, der Priester, und Josua, der Sohn Nuns, und die Obersten der Väter unter den Geschlechtern durchs Los den Kindern Israel austeileten zu Silo vor dem HERRN, vor der Tür der Hütte des Stifts; und vollendeten also das Austeilen des Landes.
৫১ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েল লোকসকলৰ মাজত পূর্ব-পুৰুষ সন্তান সকলৰ ফৈদৰ মুখীয়ালসকলৰ উত্তৰাধিকাৰবোৰ এই, যিবোৰ চীলোত যিহোৱাৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত চিঠি খেলাই অধিকাৰৰ অৰ্থে ভাগ বাঁটি দিয়া হৈছিল। এইদৰে তেওঁলোকে দেশ ভাগ কৰি ল’লে।

< Josua 19 >