< 2 Chronik 8 >
1 Und nach zwanzig Jahren, in welchen Salomo des HERRN Haus und sein Haus bauete,
১চলোমনে যিহোৱাৰ গৃহ আৰু নিজৰ গৃহ সাঁজোতে বিশ বছৰ লাগিল,
2 bauete er auch die Städte, die Huram Salomo gab, und ließ die Kinder Israel drinnen wohnen.
২যেতিয়া হীৰমে চলোমনক যি যি নগৰ ওভটাই দিছিল, সেই বিশ বছৰৰ মুৰত সেইবোৰ চলোমনে পুনৰায় সাজিলে আৰু সেইবোৰত ইস্ৰায়েলৰ সন্তান সকলক বাস কৰিবলৈ দিলে।
3 Und Salomo zog gen Hemath-Zoba und befestigte sie;
৩চলোমনে হমাৎ-চোবালৈ গৈ তাক আক্ৰমণ কৰি পৰাজয় কৰিলে।
4 und bauete Thadmor in der Wüste und alle Kornstädte, die er bauete in Hemath.
৪আৰু মৰুপ্ৰান্তত থকা তদ্মোৰ নগৰ আৰু হমাতত যি যি ভঁৰাল থকা নগৰ আছিল, সেইবোৰ তেওঁ নিৰ্মাণ কৰিলে৷
5 Er bauete auch Ober- und Nieder-Beth-Horon, das feste Städte waren mit Mauern, Türen und Riegeln,
৫ইয়াৰ ওপৰিও তেওঁ উজনি বৈৎহোৰোণ আৰু নামনি বৈৎ-হোৰোণ পুনৰায় নিৰ্ম্মাণ কৰিলে; এই দুখন নগৰ গড়, দুৱাৰ আৰু ডাং থকা সুসজ্জিত নগৰ।
6 auch Baelath und alle Kornstädte, die Salomo hatte, und alle Wagenstädte und Reiter, und alles, wozu Salomo Lust hatte zu bauen, beide zu Jerusalem und auf dem Libanon und im ganzen Lande seiner HERRSChaft.
৬বালৎ আৰু সামগ্ৰী সমূহ মজুত ৰাখিবৰ বাবে তেওঁ অধিকাৰত থকা নগৰবোৰ নিৰ্মান কৰিলে। তেওঁৰ ৰথ ৰাখিবৰ বাবে আৰু অশ্বাৰোহীসকল থাকিবৰ বাবে নগৰ সাজিলে; তেওঁৰ সন্তুষ্টিৰ বাবে যিৰূচালেমত, লিবানোনত, তেওঁ যি যি নিৰ্মান কৰিব বিচাৰিছিল, সেই সকলোকে কৰিলে আৰু এইদৰে তেওঁৰ শাসনাধীন সকলো দেশতে কৰিলে।
7 Alles übrige Volk von den Hethitern, Amoritern, Pheresitern, Hevitern und Jebusitern, die nicht von den Kindern Israel waren,
৭ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নোহোৱা অৱশিষ্ট থকা হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ,
8 und ihre Kinder, die sie hinter sich gelassen hatten im Lande, die die Kinder Israel nicht vertilget hatten, machte Salomo zinsbar bis auf diesen Tag.
৮যি বংশধৰৰ সন্তান সকল দেশত অৱশিষ্ট থাকিল, যিসকলক ইস্ৰায়েলৰ সন্তান সকলে উচ্ছন্ন নকৰিলে, তেওঁলোকৰ মাজৰ পৰাই বন্দী কামৰ বাবে চলোমনে মানুহ গোটালে; আৰু তেওঁলোকে আজিলৈকে তাকেই কৰি আছে।
9 Aber von den Kindern Israel machte Salomo nicht Knechte zu seiner Arbeit, sondern sie waren Kriegsleute und über seine Fürsten und über seine Wagen und Reiter.
৯কিন্তু চলোমনে তেওঁৰ কাৰ্যৰ বাবে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো এজনকো বন্দী-কামত নলগালে৷ বৰং তেওঁলোক তেওঁৰ ৰণুৱা, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষ হ’ল।
10 Und der obersten Amtleute des Königs Salomo waren zweihundertundfünfzig, die über das Volk herrscheten.
১০তেওঁলোকৰ মাজৰ দুশ পঞ্চাশজন লোক চলোমন ৰজাৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে লোকসকলৰ কাম তদাৰক কৰিছিল৷
11 Und die Tochter Pharaos ließ Salomo heraufholen aus der Stadt Davids ins Haus, das er für sie gebauet hatte. Denn er sprach: Mein Weib soll mir nicht wohnen im Hause Davids, des Königs Israels; denn es ist geheiliget, weil die Lade des HERRN drein kommen ist.
১১পাছত চলোমনে ফৰৌণৰ জীয়েকৰ বাবে সজা গৃহলৈ, দায়ূদৰ নগৰৰ পৰা তেওঁক অনালে; কিয়নো তেওঁ কৈছিল, “মোৰ ভাৰ্য্যা ইস্ৰায়েলৰ দায়ুদ ৰজাৰ গৃহত বাস নকৰিব; কাৰণ যি যি ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আহে, সেই ঠাইবোৰ পবিত্ৰ।”
12 Von dem an opferte Salomo dem HERRN Brandopfer auf dem Altar des HERRN, den er gebauet hatte vor der Halle,
১২তাৰ পাছত চলোমনে বাৰাণ্ডাৰ আগত নিজে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিলে৷
13 ein jegliches auf seinen Tag zu opfern, nach dem Gebot Moses, auf die Sabbate, Neumonden und bestimmten Zeiten des Jahrs dreimal, nämlich aufs Fest der ungesäuerten Brote, aufs Fest der Wochen und aufs Fest der Laubhütten.
১৩প্ৰতিদিনৰ বিধি অনুসাৰে, তেওঁ মোচিৰ আজ্ঞামতে বিশ্ৰামবাৰত, ন-জোনত, আৰু নিৰূপিত পৰ্বৰ দিনত, যেনে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব, সাত সপ্তাহৰ পৰ্ব আৰু পঁজা-পৰ্ব্বৰ দিনবোৰত এই বলি তিনিবাৰকৈ বছৰৰ ভিতৰত উৎসৰ্গ কৰিলে।
14 Und er stellete die Priester in ihrer Ordnung zu ihrem Amt, wie es David, sein Vater, gesetzt hatte; und die Leviten auf ihre Hut, zu loben und zu dienen vor den Priestern, jegliche auf ihren Tag; und die Torhüter in ihrer Ordnung, jegliche auf ihr Tor. Denn also hatte es David, der Mann Gottes, befohlen.
১৪তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে।
15 Und es ward nicht gewichen vom Gebot des Königs über die Priester und Leviten an allerlei Sachen und an den Schätzen.
১৫এই লোকসকলে পুৰোহিত আৰু লেবীয়াসকলক বা ভঁড়াল ঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল।
16 Also ward bereitet alles Geschäft Salomos von dem Tage an, da des HERRN Haus gegründet ward, bis er's vollendete, daß des HERRN Haus ganz bereitet ward.
১৬এই দৰে যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্ম্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহোৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু কার্যত লগোৱা হ’ল।
17 Da zog Salomo gen Ezeon-Geber und gen Eloth an dem Ufer des Meers im Lande Edomäa.
১৭সেই কালত চলোমন ইদোম দেশৰ সাগৰৰ তীৰত থকা ইচিয়োন-গেবৰলৈ আৰু এলতলৈ গ’ল।
18 Und Huram sandte ihm Schiffe durch seine Knechte, die des Meers kundig waren; und fuhren mit den Knechten Salomos nach Ophir und holten von dannen vierhundertundfünfzig Zentner Goldes und brachten es dem Könige Salomo.
১৮আৰু হীৰমে নিজৰ দাসবোৰৰ দ্বাৰাই তেওঁৰ গুৰিলৈ জাহাজ আৰু সামুদ্ৰিক কাৰ্যত নিপুণ দাসবোৰক পঠিয়ালে; আৰু তেওঁলোকে চলোমনৰ দাসবোৰৰ লগত ওফীৰলৈ গ’ল। তাৰ পৰা তেওঁলোকে চাৰিশ পঞ্চাশ কিক্কৰ সোণ লৈ চলোমন ৰজাৰ ওচৰলৈ আহিল।