< Sacharja 13 >
1 "An jenem Tag wird eine Quelle für das Davidshaus und die Bewohner von Jerusalem entspringen als Mittel wider Sündenschuld und Unreinheit.
১“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
2 An jenem Tag wird es geschehn", ein Spruch des Herrn der Heerscharen, "da rotte ich der Götzen Namen aus dem Land, daß ihrer nimmer wird gedacht. Und aus dem Lande jage ich auch die Propheten samt dem Geist der Unreinheit."
২বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।
3 Und tritt dann einer noch als Seher auf, dann sagt zu ihm der Vater und die Mutter, die eignen Eltern: "Du darfst nicht leben bleiben; du redest in des Herren Namen Lügen." Sogar der Vater und die Mutter, seine eignen Eltern, nageln ihn dann an, wenn er den Seher machen will.
৩তেতিয়াও যদি কোনোৱে ভাববাণী প্ৰচাৰ কৰে, তেনেহ’লে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক ক’ব, ‘তই জীয়াই নাথাকিবি, কিয়নো তই যিহোৱাৰ নাম লৈ মিছা কথা কৱ!’ আৰু সি প্ৰচাৰ কৰিলে তেওঁৰ জন্মদাতা পিতৃ-মাতৃয়ে তেওঁক খুচি মাৰিব।
4 An jenem Tage schämen sich die Seher, ein jeder des Gesichts, durch das er den Propheten machen will, und keiner legt mehr einen här'nen Mantel an, um zu betrügen.
৪তেতিয়া এনে ঘটিব যে, সেই দিনা প্রত্যেক ভাববাদীয়ে প্ৰচাৰ কৰা সময়ত নিজ নিজ দৰ্শনৰ বিষয়ে লজ্জিত হ’ব আৰু তেওঁলোকে ছল কৰিবৰ অৰ্থে নোমাল হোলৌচোলা পুনৰ নিপিন্ধিব।
5 Ein jeder sagt: "Ich bin kein Seher; ein Ackersmann bin ich; von Jugend auf stammt aus dem Ackerboden mein Erwerb."
৫কিয়নো তেওঁ ক’ব, “মই ভাববাদী নহয়! মই কেৱল খেতিয়কহে; কিয়নো ল’ৰা কালৰে পৰা মই খেতি কৰি আহিছোঁ।
6 Und fragt man ihn: "Woher dann diese Wunden zwischen deinen Armen?", erwidert er: "Die holte ich mir doch in meiner Freunde Haus."
৬কিন্তু কোনোৱে তেওঁক ক’ব, ‘তোমাৰ বাহু দুটাৰ মাজত এইবোৰ ঘাৰ দাগ কিহৰ?’ তেতিয়া তেওঁ উত্তৰ দিব, ‘মোৰ বন্ধুসকলৰ ঘৰত মই এইবোৰ আঘাত পোৱা দাগ’।”
7 "Du Schwert! Auf gegen meinen Hirten und gegen den, mit dem ich übereingekommen!" Ein Spruch des Herrn der Heerscharen. "Den Hirten schlag! Alsdann zerstieben auch die Schafe. Ich strecke aus die Hand auch gegen diese Minderwertigen.
৭“হে তৰোৱাল! তুমি মোৰ মেৰ-ছাগ ৰখীয়াৰ অহিতে, মোৰ লগৰীয়া পুৰুষজনৰেই অহিতে সাৰ পোৱা”- এয়ে বাহিনীসকলৰ যিহোৱাৰ ঘোষণা। “মেৰ-ছাগ ৰখীয়াজনক আঘাত কৰা, তেতিয়া মেৰ-ছাগবোৰ ছিন্ন-ভিন্ন হৈ যাব! কিয়নো মই ক্ষুদ্ৰসকলৰ ওপৰত মোৰ হাত চলাম।
8 Im ganzen Lande werden", ein Spruch des Herrn, "zwei Drittel weggerafft zum Tode, ein Drittel bleibt darin noch übrig.
৮যিহোৱাই কৰা ঘোষণা এই, গোটেই দেশৰ দুভাগ লোক উচ্ছন্ন হ’ব!” তেওঁলোক অৱশিষ্ট নাথাকিব; কেৱল তৃতীয় ভাগ তাত অৱশিষ্ট থাকিব।
9 Ins Feuer bringe ich auch dieses Drittel und läutere es so, wie man das Silber läutert, erprobe es, wie man das Gold erprobt, und ruft's nur meinen Namen an, alsdann erhör ich es. 'Dies', sage ich, 'dies ist mein Volk', und dieses sagt: 'Du Herr, Du bist mein Gott'."
৯আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”