< 2 Mose 28 >
1 "Berufe deinen Bruder Aaron und nächst ihm seine Söhne aus all den Söhnen Israels zu dir, daß er mir Priester sei! Aaron, Nadab, Abihu, Eleazar und Itamar, die Söhne Aarons!
১পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।
2 Mach deinem Bruder Aaron Kleider für das Heiligtum, für den Anstand und die Würde!
২তোমাৰ ককায়েৰা হাৰোণৰ বস্ত্র মোৰ উদ্দেশ্যে পবিত্ৰ কৰি সংৰক্ষিত কৰি ৰাখিবা।
3 Du sollst dich mit allen Leuten weisen Sinnes besprechen, wen ich mit weisem Geiste erfülle, auf daß sie Aarons Kleider machen, um ihn zu weihen, daß er mir Priesterdienste tue!
৩মোৰ অৰ্থে পুৰোহিতৰ কাৰ্য কৰিবলৈ হাৰোণক পবিত্ৰকৃত কৰিবলৈ মই দিয়া জ্ঞানৰ আত্মাৰে পৰিপূৰ্ণ হোৱা নিপূণ লোকসকলক তেওঁৰ বস্ত্ৰ যুগুত কৰিবলৈ তুমি আজ্ঞা কৰিবা।
4 Dies sind die Kleider, die sie machen sollen: Die Tasche, das Schulterkleid, das Oberkleid und den Leibrock aus gewürfeltem Stoff, den Kopfbund und den Gürtel. So sollen sie deinem Bruder Aaron mit seinen Söhnen heilige Kleider machen, daß er mir Priesterdienste tue!
৪তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
5 Und dazu nehmen sollen sie Gold, blauen und roten Purpur, Karmesin und Linnen!
৫শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা ব্যৱহাৰ কৰিব লাগিব।
6 Das Schulterkleid sollen sie aus Gold machen, aus blauem und rotem Purpur, Karmesin und Linnen in kunstgewirkter Arbeit!
৬তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।
7 Zwei Schulterstücke, unter sich verbunden, soll es haben! Auf seinen beiden Enden werde es geknüpft!
৭এফোদৰ ওপৰৰ দুয়ো কান্ধৰ চুকত লগাবলৈ দুপাত স্কন্ধপটি থাকিব।
8 Das Band zum Umbinden sei von gleicher Arbeit. Ein Stück mit ihm, aus Gold, blauem und rotem Purpur, Karmesin und gezwirntem Linnen!
৮এফোদৰ দৰেই কঁকালত বান্ধিবৰ বাবে এডাল টঙালি এফোদৰ সৈতে সোণোৱালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, ও পকোৱা মিহি শণ সূতাৰে তৈয়াৰ কৰা হ’ব।
9 Nimm zwei Onyxsteine und grabe darein der Söhne Israels Namen!
৯তুমি দুটা গোমেদক বাখৰ ল’বা, আৰু তাৰ ওপৰত ইস্ৰায়েলৰ বাৰ জন পুত্ৰৰ নাম খোদিত কৰাবা।
10 Sechs ihrer Namen auf den einen Stein, die übrigens sechs Namen auf den zweiten Stein, nach ihrer Geburtsfolge!
১০তেওঁলোকৰ জন্মৰ ক্ৰম অনুসাৰে ছয় জনৰ নাম এটা বাখৰত আৰু বাকী ছয় জনৰ নাম আন এটা বাখৰৰ ওপৰত ক্ষোদিত কৰাবা।
11 In Steinschneideart, in Siegelstich sollst du in die beiden Steine der Söhne Israels Namen graben und sie in goldenes Geflecht fassen!
১১পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।
12 Setze die beiden Steine auf die Schulterstücke des Schulterkleides als Steine des Gedenkens an die Söhne Israels! Im Dienst des Herrn trage Aaron ihre Namen auf den Schultern zum Gedächtnis!
১২ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
13 Sodann mach Goldgeflechte
১৩তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা।
14 und aus reinem Gold zwei Kettchen! Du sollst sie in gedrehten Schnüren herstellen! Befestige an den Goldgeflechten die Schnurkettchen!
১৪দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।
15 Dann mach in Kunstwirkarbeit eine Lostasche! Wie das Schulterkleid sollst du sie machen! Aus Gold, aus blauem und rotem Purpur, Karmesin und gezwirntem Linnen sollst du sie machen!
১৫তুমি সিদ্ধান্ত ল’বলৈ এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা।
16 Viereckig sei sie, doppelt gelegt, je eine Spanne lang und breit!
১৬তুমি বুকুপতাৰ চাৰিওদিশ সমানে দুতৰপীয়াকৈ ভাজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিয়েও এবেগেত হ’ব।
17 Besetze sie mit Edelsteinbesatz in vier Steinreihen! Karneol, Topas und Smaragd sei die erste Reihe!
১৭বুকুপতাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱাবা। তাৰ প্ৰথম শাৰীত এটা ৰুবী, এটা পোখৰাজ, আৰু এটা ৰক্তমণি।
18 Die zweite Reihe Rubin, Saphir und Jaspis.
১৮দ্বিতীয় শাৰীত এটা মৰকত, এটা নীলকান্ত, আৰু এটা হীৰা।
19 Die dritte Reihe Hyazinth, Achat und Amethyst.
১৯তৃতীয় শাৰীত এটা নীলকান্তমণি, এটা আকীক, আৰু এটা নীলা।
20 Die vierte Reihe Chrysolith, Onyx und Beryll. In ihrer Einfassung seien sie goldumflochten!
২০আৰু চতুৰ্থ শাৰীত এটা পান্না, গোমেদক, আৰু জ্যাসপাৰ। এই সকলোবোৰ সোণৰ ওপৰত খটোৱাব লাগিব।
21 Die Steine sollen für der Söhne Israels Namen da sein, zwölf nach ihren Namen. In jeden sei der Name eines der zwölf Stämme eingegraben!
২১এই পাথৰবোৰ ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম অনুসাৰে স্থিৰ কৰা হ’ব। মোহৰত খোদিত কৰাৰ দৰেই তেওঁলোকৰ নাম প্ৰত্যেক পাথৰত বাৰ ফৈদ অনুসাৰে ক্ষোদিত কৰা হ’ব লাগিব।
22 Mach an die Tasche rein goldene Schnurkettchen!
২২বুকুপটাত লগাবলৈ, তুমি পকোৱা ৰচীৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰিবা।
23 Bringe an der Tasche auch zwei goldene Ringe an! Befestige die beiden Ringe an den Enden der Tasche!
২৩তুমি বুকুপটাৰ বাবে সোণৰ দুটা আঙঠি গঢ়াই, সেই দুটা আঙঠি বুকুপটাৰ দুই মুৰত লগাবা।
24 Befestige die beiden goldenen Schnüre in den beiden Ringen an den Enden der Tasche!
২৪সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই চুকত লগাবা।
25 Der beiden Schnüre beide Enden sollst du an die zwei Geflechte befestigen und diese an die Schulterstücke vorn am Schulterkleid!
২৫শিকলি দুডালৰ দুই মুৰ, পাথৰ খটোৱা সোণত লগাবা। তাৰ পাছত এফোদৰ আগফালৰ কান্ধৰ ওপৰত লগাবা।
26 Mach zwei goldene Ringe und setze sie an die beiden Enden der Tasche, an ihren Rand, nach innen dem Schulterkleid zu!
২৬তুমি সোণৰ দুটা আঙঠি গঢ়াবা, আৰু বুকুপটাৰ দুই মুৰত, এফোদৰ সন্মুখত থকা ভিতৰ দাঁতিত লগাবা।
27 Mach noch zwei goldene Ringe und befestige sie an den beiden Schulterstücken des Schulterkleides, unten an der Vorderseite, bei der Knüpfung, doch oberhalb der Schulterkleidbinde!
২৭তুমি আৰু দুটা সোণৰ আঙঠি গঢ়াবা, আৰু এফোদৰ আগফালে থকা দুপাত স্কন্ধপটিৰ তল ভাগত লগাবা। অৱশেষত এফোদৰ বাবে বোৱা টঙালি বান্ধিবলৈ ইয়াৰ ওপৰত লগাবা।
28 Man soll die Tasche samt den Ringen an die Ringe des Schulterkleides mit blauen Purpurschnüren ketten, daß sie über der Schulterkleidbinde sei und sich die Tasche nicht vom Schulterkleide trenne!
২৮বুকুপটা যেন এফোদৰ বোৱা টঙালিৰ ওপৰত থাকে, আৰু এফোদৰ পৰা এৰাই নাযায়, সেই বাবে নীলা বৰণীয়া ফিতাৰে সেই বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিবা।
29 Aaron trage in der Tasche auf der Brust der Söhne Israels Namen, wenn er ins Heiligtum geht, zur ständigen Erinnerung des Herrn!
২৯হাৰোণ যেতিয়া পবিত্ৰ স্থানলৈ যাব, তেতিয়া তেওঁ হৃদয়ত সিদ্ধান্ত ল’বলৈ, ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম নিজৰ বুকুপটাত কঢ়িয়াব।
30 Und in die Tasche lege die Urim und Tummim, daß sie auf Aarons Brust seien, wenn er vor den Herrn tritt! Also trage Aaron für die Söhne Israels die Tasche vor dem Herrn beständig auf der Brust!
৩০সেই সিদ্ধান্ত লোৱা বুকুপটাত ঊৰীম আৰু তুম্মীম লগাবা। হাৰোণে যি সময়ত যিহোৱাৰ আগলৈ যাব, সেই সময়ত হাৰোণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। যিহোৱাৰ আগত হাৰোণে ইস্ৰায়েলীসকলৰ বাবে সিদ্ধান্ত ল’বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব।
31 Das Obergewand zum Schulterkleid mache aus blauem Purpur!
৩১তুমি এফোদৰ চোলা সম্পূৰ্ণ বেঙুনীয়া ৰঙৰ কাপোৰেৰে তৈয়াৰ কৰিবা।
32 In seiner Mitte sei seine Kopföffnung! Und diese Öffnung habe einen Saum ringsum in Webart! Wie eine Panzeröffnung soll es eine solche haben, daß es nicht zerreiße!
৩২তাৰ সোঁ মাজত, মুৰ সুমুৱাবলৈ এটা বাট থাকিব। সেয়ে নাফালিবলৈ মুৰ সোমোৱা অংশৰ চাৰিওফাল সিপিনীয়ে বোৱা হ’ব লাগিব।
33 Mach an dem Saum Granatäpfel von blauem und rotem Purpur und Karmesin, rings an seinem Saum, und goldene Glöckchen mitten darin ringsum!
৩৩তুমি তাৰ তল দাঁতিৰ চাৰিওফালে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে ডালিমৰ চানেকী তুলিবা, আৰু তাৰ মাজে মাজে চাৰিওফালে সোণৰ জুনুকা থাকিব।
34 Goldene Glöckchen sollen mit Granatäpfeln am Saum des Oberkleides ringsum abwechseln!
৩৪সেই এফোদৰ তল দাঁতিত চাৰিওফালে এটা সোণৰ জুনুকা এটা ডালিম, আৰু এটা সোণৰ জুনুকা এটা ডালিম এইদৰে থাকিব।
35 Beim Dienste trage es Aaron, und sein Geräusch werde gehört, wenn er vor den Herrn ins Heiligtum geht und wenn er herausgeht, daß er nicht sterbe!
৩৫হাৰোণে যেতিয়া পৰিচৰ্যা কৰিব, তেতিয়া সেই বস্ত্র পিন্ধিব। তেওঁ যেতিয়া যিহোৱাৰ পবিত্র-স্থানত যিহোৱাৰ আগলৈ যাব, আৰু ওলাই আহিব, তেতিয়া সেই জুনুকাৰ শব্দ শুনা যাব। এইদৰে কৰাত তেওঁৰ মৃত্যু নহ’ব।
36 Dann mach aus reinem Gold ein Blatt und grabe darauf in Siegelstich: 'Heiligtum des Herrn'!
৩৬তুমি শুদ্ধ সোণৰ এচটা পতা গঢ়িবা, আৰু মোহৰত খোদিত কৰাৰ দৰে সেই পতাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ” এই কথা ক্ষোদিত কৰিবা।
37 Befestige dies mit blauer Purpurschnur am Kopfbunde! Vorn am Kopfbunde sei es!
৩৭তুমি সেই পতা নীলা বৰণীয়া ফিতাৰে পাগুৰিৰ আগফালে লগাবা।
38 Es sei auf Aarons Stirn! So ersetze Aaron die Fehler an heiligen Gaben, die Israels Söhne darbringen, bei all ihren heiligen Opfergaben! Auf seiner Stirn sei es beständig, daß ihnen Wohlgefallen vor dem Herrn werde!
৩৮সেয়ে হাৰোণৰ কপালত থাকিব। ইস্ৰায়েলীসকলে পবিত্র কৰি উৎসৰ্গ কৰা পবিত্ৰ দানত থকা যিকোনো দোষ হাৰোণে বব। তেওঁলোক যেন যিহোৱাৰ আগত গ্ৰহণীয় হোৱা, সেইবাবে পাগুৰি সদায় তেওঁৰ কপালৰ ওপৰত থাকিব।
39 Den Leibrock webe aus Linnen, würfelförmig ausgemustert! Einen Kopfbund mach aus Linnen! Und einen Gürtel in buntgewirkter Arbeit sollst du machen!
৩৯তুমি মিহি শণ সূতাৰে কোট চোলা আৰু পাগুৰি তৈয়াৰ কৰিবা, আৰু এটা ফুল বছা টঙালিও তৈয়াৰ কৰিবা।
40 Für Aarons Söhne sollst du Leibröcke herstellen; mach auch Gürtel, und hohe Mützen sollst du ihnen für den Anstand und die Würde machen!
৪০হাৰোণৰ পুত্ৰসকলৰ বাবে কোট চোলা, টঙালি, আৰু পাগুৰি তেওঁলোকৰ মৰ্য্যদা আৰু শোভাৰ বাবে তৈয়াৰ কৰিবা।
41 Kleide darein deinen Bruder Aaron und seine Söhne bei ihm! Dann salbe sie, fülle ihre Hand und weihe sie, daß sie mir Priesterdienste tun!
৪১তোমাৰ ককায়েক হাৰোণ, আৰু তেওঁৰ সৈতে তেওঁৰ পুত্ৰসকলক সেইবোৰ পিন্ধিবা, আৰু মোৰ পৰিচৰ্যাৰ বাবে পুৰোহিতৰ কাৰ্য কৰিবলৈ তুমি তেওঁলোকক পবিত্ৰ কৰি অভিষিক্ত কৰিবা, আৰু পুৰোহিত পদত নিযুক্ত কৰিবা।
42 Fertige ihnen Linnenbeinkleider zur Verhüllung der Blöße! Von den Hüften bis zu den Schenkeln sollen sie reichen!
৪২তেওঁলোকৰ গোপনীয় অংশ ঢাকিবলৈ, কঁকালৰ পৰা কৰঙণলৈকে তুমি তেওঁলোকলৈ শণ সূতাৰ বস্ত্র তৈয়াৰ কৰিবা।
43 Aaron und seine Söhne sollen sie tragen, wenn sie zum Festgezelt eingehen oder an den Altar treten, um Dienst im Heiligtum zu tun! Sonst würden sie Schuld auf sich laden und sterben. Dies gelte ihm und seinem Stamm als ewige Verpflichtung!"
৪৩যেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকল সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাব, বা পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ বেদীৰ ওচৰ চাপিব, তেতিয়া তেওঁলোকে যেন সেইবস্ত্র পৰিধান কৰে। তেওঁলোকে নিশ্চয়কৈ এইদৰে কৰিব লাগিব যাতে তেওঁলোকে পাপৰ ভাৰ বব লগা নহয় আৰু তেওঁলোকৰ মৃত্যু নহয়। এয়ে হাৰোণ আৰু তেওঁৰ ভাবি বংশৰ পালন কৰিবলগীয়া চিৰস্থায়ী বিধি।