< ୨ ପିତର 2 >

1 ଅଃସେ ଡିଡି ରେମୁଆଁଇଂନେ ବିତ୍ରେ ବଣ୍ଡ ବାବବାଦିଇଂ ଣ୍ଡିଗ୍ ତାର୍‌ଆର୍‌କେ; ଡେତ୍‌ରକମ୍ ପେନେ ବିତ୍ରେ ଡିଗ୍ ବଣ୍ଡ ବାବବାଦିଇଂ ତାର୍‌ଆର୍‌ଏ; ମେଇଂ ବିନାସ୍ ଡିଂନେ ବେକାର୍ ସାମୁଆଁ ଲେଃଗା ବାସଙ୍ଗ୍‌ଚେ ମେଇଂନେ ଆଃମ୍ବ୍ର ରେମୁଆଁ ମାପ୍‌ରୁକେ ଆଃ ଗୁର୍‌ନା ଡିଂଆର୍‌ଏ ବାରି ମେଇଂ ମାରିଆଃତୁଗ୍ ବିନାସ୍ ଡିଂଆର୍‌ଏ ।
অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
2 ଗ୍ଲୋଏ ଅଃସେ ପବିତ୍ର ବାବବାଦି‍ଇଂ ଆଣ୍ତିନେ ସାପା ଏତେନେ ସାମୁଆଁ ଆତର୍ସା ବଆର୍ଗେ ଆରି ରକ୍ୟା ଡିଂଣ୍ତ୍ରେ ମାପ୍‌ରୁନେ ଆଣ୍ଡିନେ ସାପା ସତ୍‌ ସାମୁଆଁ ଆପେକେ ବେବଗ୍ନେ ସିସ୍‌ଇଂ ବିଃବଆର୍ଗେ, ଆତାନ୍‌ ଆପେକେ ମନେ ତ୍ଲାଗ୍‌ ନ୍‌ସା ନେଂନେ ଇକ୍‌ଚା ।
অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব।
3 ସିସେ ପେଇଂ ମ୍ୟାଲେଃନେ ଦର୍‌କାର୍‌ ଜେ ଏନ୍‌ ଇଡ଼ିଂଡାମୁଏଃନେ ଉଡ଼ିକ୍ଲିଗ୍‌ ଚାଃ ନିଜର୍‌ ଇକ୍‌ଚାରେ ଦଦିଆ କାମ୍‌ ଡିଂଚେ ବ୍ରୁଆଡିକେଃଏ ।
তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
4 ଇସ୍‌ପର୍ ପାପ୍‌ ଡିଂମ୍ୟାକ୍ନେ ଦୁତ୍ଇଂକେ କେମା ମାବିଃଚେ ପାତାଲ୍‌ନ୍ନିଆ ଜଗ୍‌ତ୍ଲାଗ୍‌ ବଗେ । ଆତ୍‌ଅରିଆ ମେଇଂ ମ୍ନା ବିଚାର୍ ଦିନ୍ ଜାକ ତାଂକିଗ୍‌ନିଆ ନିମାଣ୍ଡା ଡିଂଚେ ଲେଃଆର୍‌କେ । (Tartaroō g5020)
স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে। (Tartaroō g5020)
5 ମେଁ ବାୱିର୍‌ ଦର୍‌ତନିକେ ଡିଗ୍‌ ଆଆନ୍ତାର୍‌କେ ଣ୍ଡୁ, ମାତର୍‌ ମୁଇଂ ଦର୍ମ ସାମୁଆଁ ବାସଙ୍ଗ୍‌ଣ୍ଡ୍ରେ ନୋହକେ ବିନ୍‌ ଗୁ ରୁଆକେ ରକ୍ୟା ଡିଂକେ ।
ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।
6 ଇସ୍‌ପର୍ ସଦୋମ ଆରି ଗମୋରା ଇନି ମ୍ବାକ୍ଲିଗ୍‌କେ ଡଣ୍ଡ୍ ବିଚେ ସୁଆ ଏତେ ଦଂସ ଆଃଡିଂକେ ଆରି ଅଦାର୍‍ମିକ୍‍ଇଂନେ ଆଡ଼ାତ୍ରା ମେଃନେ ଗଟେଏ ଆକେନ୍ ମ୍ବାକ୍ଲିଗ୍ ଇନିକେ ଆତେନ୍‌‌ ଉଦା‍ଅରନ୍ ରକମ୍ ବକେ ।
চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
7 ଦଦ୍ୟା କାମ୍ ଡିଂମ୍ୟାଆର୍‌କ୍ନେ ରେମୁଆଁଇଂନେ ଅଦରମ୍ ବେବ‍ଆର୍ ନ୍‌ସା ଅପବିତ୍ର ଡିଂଲେଃକ୍ନେ ଦରମ୍ ରେମୁଆଁ ଲୋଟକେ ଇସ୍‌ପର୍ ଆମ୍ବ୍ରକେ ।
কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল।
8 ଡିଃଡିକି ଆତେନ୍‌ ଦରମ୍‌ ରେମୁଆଁ ମେଇଂନେ ବିତ୍ରେ ବାସା ଲେଃଚେ ମେଇଂନେ ଅନ୍ୟାୟ୍‌ କାମ୍‌ କେଚେ ଆରି ଆତେନ୍‌ ସାମୁଆଁ ଅଁଚେଃ କାଲାଆଃ ନିଜର୍‌ ଦରମ୍‌ ଜିବନ୍‌ନ୍ନିଆ କସ୍‌ଟ ବାଆର୍‌କେ ।
সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।
9 ମାପ୍ରୁ ମ୍ୟାଲେଃକେ, ଡିରକମ୍ ଦରମ୍ ରେମୁଆଁଇଂକେ ମେଇଂନେ ପରିକ୍ୟାବାନ୍ ରକ୍ୟା ଡିଂନେ ଡିଂଏ । ବାରି ଦଦ୍ୟା‌ କାମ୍ ଡିଂଣ୍ଡ୍ରେଇଂକେ,
গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
10 ଡାଗ୍ଲା ମାପ୍‌ରୁନେ ଦିନ୍‌ ଡଙ୍ଗାରେ ସୁଗୁଆ ପାଂଏ । ଆତାନ୍‌ କ୍ଲା ମୁଇଂ ଲେଃଗା ଇଲ୍‌ଏଁ ଗର୍ଜେଚେ କିତଂଇନି ତାଂକିଗ୍‌ୱେଏ । କିତଂଇନିନେ ଗ୍ରଅ ଚାଙ୍କୁଆଇଂ ମେଃ ମେଃନେ ଗିଃ ୱେଚେ ଦଂସ ଡିଂୱେଏ । ଦର୍ତନିନେ ମେଃନେ ସାପା ଜିନିସ୍‌ ବଃଚାଃୱେଏ ।
১০এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু: সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।
11 ମେଇଂନେ ବାନ୍ ଜାବର୍ ବପୁ ଆରି ଜବର୍‌ ବପୁକ୍ନେ ଦୁତ୍ଇଂ ଡିଗ୍ ଇସ୍‌ପର୍‌ନେ ଡାଗ୍ରା ଆତେନ୍‌ ଗୌରବ୍‌ମୟ ଜିବ୍‌‍ଇଂନେ ନିନ୍ଦା ଡିଂଚେ ଆମେଇଂକେ ଦସ୍ ଆଡିଂ ଣ୍ଡୁ ।
১১সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।
12 ପେଇଂ ମାପ୍‌ରୁନେ ଦିନ୍‌ ପାଂ ନ୍‌ସା ପେ ଉର୍‌ ଲେଃନେ ଦର୍‌କାର୍‌ । ଆତାନ୍‌ କାଲା ପାଙ୍ଗ୍‌ଲା ସୁଆ ଏତେ କିତଂଇନି ଚୁର୍‌ମାର୍‌ ଡିଂ ୱେଏ ଆରି କିତଂଇନି ଲେଃକ୍ନେ ସାପା ସିସେବାନ୍‌ ଲେଃକ୍ନେ ଜିନିସ୍‌ଇଂ ତାତିରେ ଏଡ଼ିଆ ୱେଏ ।
১২কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব।
13 ଡାଗ୍ଲା ଇସ୍‌ପର୍‌ ଆନେକେ ମୁଇଂ ସାମୁଆଁ ବିଃବକେ । ନେ ମେଁନେ ବାସଙ୍ଗ୍‌କ୍ନେ ଅନୁସାରେ ମୁଇଂ ତ୍ମି କିତଂଇନି ଆରି ତ୍ମି ଦର୍ତନିନେ ଉର୍‌ନେଲେଃକେ । ଆତେନ୍‌‌ ଦାର୍ମିକ୍‌ଇଂନେ ବାସାନେ ଜାଗା ଡିଂଏ ।
১৩নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে;
14 ତେଲାଲେଃ ବୟାଁଇଂ ଏନ୍‌ ଗଟ୍‌ନା ଗଟେନେ ନ୍‌ସା ନେ ଉର୍‌ନେଲେଃକେ । ତେସାଃ ପାପ୍‌ ଆରି ଦସ୍‌ ମାଡିଂନେ ନ୍‌ସା ମାଲେ କଷ୍ଟ ପେଡିଂଏ । ମାପ୍‌ରୁ ଏତେ ସାନ୍ତିରେ ଲେଃ ନ୍‌ସା ତୁର୍‌ପା ।
১৪সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।
15 ମେଇଂ ସିଦା ଗାଲି ଆନ୍ତାର୍‌ଚେ ବିନ୍‌ଗାଲି ୱେଲେଃଆର୍‌କେ । ବିଓରନେ ଉଂଡେ ବାଲାମନେ ଗାଲି ମେଇଂ ୱେଡିଂଆର୍‌କେ । ମେଁ ଅନ୍ୟାୟ୍ କାମ୍ ଡିଂଚେ ଡାବୁ ଅର୍ଜେନ୍‌ସା ଆଲାଦ୍ ଡିଂକ୍ନେସାଃ
১৫এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
16 ମାତର୍ ମେଁ ନିଜର୍ ପାପ୍‌ ନ୍‌ସା ବିରଦି ଡିଂଲେଃଗେ ରେମୁଆଁ ସବ୍ଦରେ ମେଁନେ ଗଦ ସାମୁଆଁ ବାସଙ୍ଗ୍‌ଚେ ବାବବାଦିକେ ମ୍ୟାକ୍ନେ କାମ୍‌ବାନ୍ ସ୍ଲ ଆଃଡିଂକେ ।
১৬কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল।
17 ନିମାଣ୍ତା ମୈତର୍‌ଇଂ ପେ ଏନ୍‌ ବିସୟ୍ ସିସେ ମ୍ୟାପେଲେଃକେ । ତେସାଃ ତରକ୍‌ ଲାଃଲାପା । ଆତାନ୍‌ ଦଦିଆ ରେମୁଆଁଇଂ ଡିଂଡିଂକ୍ନେ ଦଦିଆ କାମ୍ ନ୍‌ସା ପେ ନିଜେକେ ଡିଂନେ ଆବିଗ୍‌ପା ନିଜେ ନିମାଣ୍ତା ବିସ୍‌ବାସ୍‌‌ରେ ତର୍‌ବର୍‌ ମାଡିଂଚେ ତରକ୍‌ ଲାଃଲାପା । (questioned)
১৭এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
18 ମେଇଂ ଆଂକାର୍‌ରେ ଅର୍ତ ମାଲେଃନେ ସାମୁଆଁ ବାସଙ୍ଗ୍‌ଆର୍‌କେ; ଦଦ୍ୟା‌ଣ୍ଡ୍ରେଇଂନେ ବିତ୍ରେବାନ୍ ରକ୍ୟା ବାଚେ ଆଣ୍ଡେ ଲାଗ୍‌ଡମ୍ୟାକ୍ନେ ରେମୁଆଁଇଂକେ ଡାଆଁ ଦଦ୍ୟା‌ କାମ୍‌ନେ ଲାଲ୍‌ସା ଆଃସୁଏଚେ ପାନ୍ଦ୍‌ନ୍ନିଆ ତ୍ଲାଗ୍‌ଆର୍‌ଏ ।
১৮কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
19 ଆକ୍‌ମେଇଂକେ ଆତେନ୍‌ ନାଲେ ବାସଙ୍ଗ୍‌ଣ୍ଡ୍ରେଇଂ ମୁକ୍‌ତି ବିଃନ୍‌ସା ଆଦେସ୍ ବିଃଡିଂଆର୍‌କେ ଣ୍ଡୁଲା ମେଇଂ ନିଜେ ଦଂସ ଆଃଡିଂଣ୍ଡ୍ରେ ଦଦ୍ୟା‌ ଅବ୍ୟାସ୍‌ନେ ଚାକର୍; ଡାଗ୍ଲା ରେମୁଆଁ ଆଣ୍ଡିନେ ସାମୁଆଁନେ ଆଲ ଲେଃନେ ମେଁନେ ମେଁ ଚାକର୍ ।
১৯এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।
20 ନେଃନେ ମାପ୍ରୁ ଆରି ଜିସୁ କ୍ରିସ୍ଟନେବାନ୍ ବୁଦି ବାଚେ ଜାଣ୍ଡେଇଂ ସଂସାର୍‌ନେ ବିନାସ୍ ଆଃଡିଂଣ୍ଡ୍ରେ ବପୁଇଂନେ ବାନ୍ ଉଦାର୍ ବାକ୍ନେ ଇଡ଼ିଂ ବାର୍‌ମୁଇଂତର୍ ମେଁ ସାପାନେ ଆଲ ଡିଂଏ ମେଇଂନେ ସାରାସାରି ଡଣ୍ଡ୍ ମୁଲ୍ ଡଣ୍ଡ୍‌ବାନ୍ ମାଲେ କସ୍ଟ ଡିଂଏ ।
২০কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হব।
21 ଦର୍ମଗାଲି ମ୍ୟାଚେ ଆତ୍‌ତେ ବିଃକ୍ନେ ପବିତ୍ର ସିକ୍ୟାବାନ୍ ସ୍ଲ ଡିଂନେ ବାନ୍ ନିମାଣ୍ଡା ଡିଂଏ ଆତେନ୍‌ ଅଃନାଡିଗ୍ ମାମ୍ୟାନେ ମାଲେ ନିମାଣ୍ଡା ପାଡିଂ ।
২১কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।
22 ଗୁସୁଃ ନିଜେ ଲୁଆର୍‌କ୍ନେ ଚୁଚଙ୍ଗ୍‌ ନ୍‌ସା ଆରି ଆଃକୁମାକ୍ନେ ଗୁବୁଗ୍‌ କାଦନ୍ନିଆ ତାଙ୍ଗ୍‌ବୁର୍‌ ନ୍‌ସା ବାରି ଆଣ୍ଡେଏ, ଆକେନ୍‌ ସତ୍‌ ସାମୁଆଁ ମେଇଂନେ ଡାଗ୍ରା ଗଟେଲେଃକେ ।
২২তেওঁলোকৰ ক্ষেত্রত এই প্রবাদ সত্য হৈছে, “কুকুৰে নিজৰ বমিলৈ ঘূৰে আৰু গাহৰিক ধুউৱা হলেও সি বোকালৈকে আকৌ উলটি যায়।”

< ୨ ପିତର 2 >