< Marqqossa 8 >
1 He wode qasse daro assi shiqides, shiqida asas miza kathi baynda gish Yesusay bena kalizayta xeygidi hizgidees;
১সেই সময়ত বহু মানুহ দলে দলে আহি তেওঁৰ ওচৰত গোট খাব ধৰিলে, কিন্তু তেওঁলোকৰ খাবলৈ একো নাছিল৷ তেতিয়া যীচুৱে নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে,
2 Hayti asati tanara heedzdzu galas gakanas gam7ida gishinne qassekka istas miza kathi baynda gish tana miichetes.
২“এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো এওঁলোক মোৰ লগত আজি তিনি দিন ধৰি আছে আৰু এওঁলোকৰ লগত খাবলৈ একো নাই।
3 Istappe issi issi asati hahoppe yida gish hayssa gafara ta ista so yedikko daburidi ogge bolla kundana.
৩যদি মই তেওঁলোকক নিজৰ নিজৰ ঘৰলৈ লঘোনে বিদায় দিওঁ, তেনেহলে বাটত হয়তো অচেতন হৈ যাব! কিয়নো কোনো কোনো লোক দুৰৈৰ পৰা আহিছে”।
4 Iza kalizaytikka zaridi “hayssa bazon hayssa mala dere muzana qumma awappe demmane?” gida.
৪তেতিয়া তেওঁৰ শিষ্য সকলে তেওঁক ক’লে, “এই লোক সকল তৃপ্ত হব পৰাকৈ এনে নির্জন ঠাইত ইমানবোৰ পিঠা আমি ক’ৰ পৰা যোগাৰ কৰিব পাৰিম?”
5 Izikka ista intekkon appun ukethi dize? gi oychidees. Isttkka “lappun ukethi dees” gida.
৫তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা”।
6 Izikka asay gadde bolla utana mala azazides; lappun uketha ba kushen oykidi galtidinne menthidi asas gishechanamala bena kalizaytas immin istika derezas gishida.
৬তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
7 Qassekka hen diza qeri molista gish Xoossu galatidi asas gishistanamala bena kalizayta azazidees.
৭আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে।
8 Dereukk midi kalidees. Hessappekka iza kalizayti madappe tirfida kath lappun pitha kummeth denthida.
৮তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে।
9 Hessa mida asay oydu shiye gidana. He asa moyzidi bena kalizatara wogolon gelidi gede Dalmanuta getetizaso bidees.
৯তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
১০তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ’ল।
11 Parsaweti yidi Yesusara palameteth oykida. Iza paacanas koydi bena saloppe malata besana mala oychida.
১১তেতিয়া ফৰীচী সকল ওলাই আহিল আৰু তেওঁৰে সৈতে তর্ক-বিতর্ক কৰিবলৈ ধৰিলে। তেওঁলোকে তেওঁক পৰীক্ষা কৰাৰ উদ্দেশ্যে স্বৰ্গৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।
12 Izikka tooki shmepidi “Haysi yeletazi aazas malata koyizee? Ta intes tummu gays hayssa yelets issi malataykka immetena gidees.
১২তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”
13 Ista hen agidinne wogolon gelidi he pinth piniddees.
১৩পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।
14 Izza kalizayti kath oykonta baletida gish issi uketh atin wogolo gidon hara ay kathikka deena.
১৪তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল।
15 Yesusay ista “Parsawista isrshppenne Herodosa irshoppe nagetitte gidi azazidees.
১৫এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”
16 Issti qasse ba garsan issay issara “izi nuna hayssa gizay nuss kath baynda gishasakko” gi yotetida.
১৬তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, “অ! আমাৰ পিঠা নাই।”
17 Qasse Yesusay issta qofa eridi (Nuss kathi baynda gish gasa) gidi inte garsan aazas hasa7eteti? Ha7ikka yushi qopeketi? Wozinanka wotheketi? woykko inte wozinay mumidee?
১৭যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
18 Intees ayfey dees shin xeleketi? Haythi dees shin siyeketi? Akekeketi?
১৮তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
19 Ichachu uketha ichachu shiye asas ta mentha immin appun pitha kumeth kath denthideti?” gides. Isstika zaridi “tamanne namm7u” gida.
১৯মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “বাৰটা”।
20 Izikka “Lappun uketha oydu shiye asas ta mentha immin appun pitha kumetha kathi denthideti” gi oychin isstika “lappun” gida.
২০“আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “সাতোটা”।
21 Izikka istta histin “Ha7i gakanas yushi qopibeykistaka” gidees.
২১তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
22 Hessfe gede Betesayda gizaso bida. Gutha asatikka issi ayfe qoqe assi Yesusakko ehidi Yesusay iza bochanamala wosida.
২২পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
23 Izikka he qoqeza kushe oyki gochidi asssi dizasoppe gede kare kesidi addeza ayfen cutidinne ba kushe iza bolla wothidi ha7i ness azi betize? gi oychidees.
২৩তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
24 Izikka dhoqu gi xelidi “asay mith milatidi qaxetishe betes” gidees.
২৪তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
25 Qassekka Yesusay ba kushista iza ayfeta bolla wothidees, herakka iza ayfeti xelida, kasse po7oykka izas simmin wursikka geshi xelidees.
২৫তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
26 Qasse “ha gutata gido geloppanne oonasikka yotoppa” gidi iza gede izaso yedidees.
২৬পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”
27 Yesusay bena kalizaytara Pilipos Qisariya achan diza gutata bidees, Issti oogge bolla dishin benna kalizayta “tana asay oona gize?” gidi oychidees.
২৭পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
28 Issttikka zaridi nena “Xammaqiza Yanisa gizaytikka deetes, bagayti qasse Elasa getees, harati qass Nabistappe issade getees gidi yotida.
২৮তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
29 Kalethidikka Intech tana oona geti? gidi oychidees. Pixirosay “Neni Kirstosa (Xoossappe kitetidade) gidees.
২৯তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক ক’লে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।”
30 Yesusaykka ba gish oonasika istti yotontamala minthi yotides.
৩০তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
31 Hessafe Yesusay bena kalizayta “asa nay daro waye beyanaysane dere cimmatan, qesista halaqanine, xafistan kadhistanaysa asa kushen hayqanaysa, hayqoppe hezantho galas dendanas besizaysa tamarso oykidees.
৩১তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব।
32 Izikka hessa istas qoncisi yotidees, Pixirosaykka iza dumma shaki efidi hessaththo goppa gidi hanqidees.
৩২তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
33 Yesusay qass bena kalizayta yushi xelishe Pixirosa “Xal7e ne tappe gede guye ba, neni asazappe atin Xoossaz qopakka” gidi hanqidees.
৩৩কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
34 Hessafe guye asa bena kalizaytara issippe bekko xeygidi “tana kalanas dosizadey dikko bena kado ba masqale tokidi tana kalo” gidees.
৩৪পাছত তেওঁ নিজৰ শিষ্য সকলৰ সৈতে লোক সকলক ওচৰলৈ মাতি আনি ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে দমন কৰক, আৰু নিজৰ ক্ৰুচ তুলিলৈ মোৰ পাছে পাছে আহক।
35 Be shemppo ashana dosizadey dhaysana shin ta gishine ta mishiracho qaala gish ba shemppo dhaysizadey wurikka ashana.
৩৫কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ আৰু শুভবাৰ্তাৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন ৰক্ষা কৰিব।
36 Assi alame kumeth harikkone ba shempofe mela atikko iza ay go7anne?
৩৬কাৰণ কোনো এজন মানুহে গোটেই জগত খন পোৱাৰ পাছতো যদি নিজৰ জীৱন হেৰুৱাই, তেনেহলে তেওঁৰ কি লাভ?
37 Ero assi ba shemppo gish lame ekanay azi dize?
৩৭কিয়নো মানুহে আপোন জীৱনৰ সলনি কি দিব পাৰে?
38 Hayssa laymane nagarncha yeleta gidon dishe tananine ta qalan yelatiza assi wuri ta asa nay taa aawa bonchoranne gesha kitanchatara yiza wode issstan yelatana.” gides.
৩৮কাৰণ এই কালৰ ব্যভিচাৰী আৰু পাপী লোকৰ সন্মুখত যি কোনোৱে মোক আৰু মোৰ বাক্যত লাজ পায়, মানুহৰ পুত্ৰ যেতিয়া স্বৰ্গৰ পবিত্ৰ দূত সকলৰ সৈতে তেওঁৰ পিতৃৰ প্ৰতাপেৰে আহিব, তেতিয়া তেৱোঁ সেই মানুহত লাজ পাব।”