< Marqqossa 5 >
1 Abba pinidi gede Gergesene getetizaso bida
১তাৰ পাছত তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে।
2 Yesusay wogoloyppe wodhida mala tunna ayanay izza bolla dizadey dufosoppe kezidi Yesusara gagana izako yides.
২যীচুৱে নাৱৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিব আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷
3 Haysi adezi dufoson dizadene oonikka iza haray atoshin sansalatara qachanas danda7ibeyna.
৩সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷
4 Daro wode to birataranne sansalatara qachetees. Gido atin kushe sansalata duthethi yeges, too biratakka mentherethi yeges, oonikka iza oykidi teqanas danda7ibeyna.
৪তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি পেলাই, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।
5 Galasine qamma dufota gidoninne zummata bolla yuyi yuyi wasishe ba bolla shuchara qanxerethes.
৫প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে।
6 Izikka Yesusa hahon be7idamala wothan izakko yidi iza sinthan gulbatidi goynidees.
৬যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷
7 Kehi wassidi “Hayso woogga Xoossa na Yesusa nees tanara azi dizee? Xoossa sunthan ta nena wosays tana waysoppa gidees.
৭তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব”।
8 Izi hessa giday Yesusay kasse neni tunna ayanay hayssafe keza gida gishasa.
৮কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা”।
9 Hessafe qasse Yesusay iza ne sunthi oone gidi oychidees. Izikka nuni darota gidida gish ta sunthi Legewone getetes gidees.
৯পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক ক’লে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছোঁ”।
10 He dereppe kessi yedonta mala Yesusa kehi wosidees.
১০পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে।
11 Hen matan zumma bolla daro gudunthi heemetes.
১১সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল।
12 Tunna ayanati nu gudunthatan gelanamala nuss ero garkki gidi Yesusa wosida.
১২তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷”
13 Izikka istas ero gidees. Tunna ayanatikka adezappe kezidi gudunthatan gelida. Namm7u shi gidida gudunthay wurii aafozara dugetha gendereti wodhidi wurikka abban mitettidees.
১৩তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
14 Guduntha hemizayti baqatidi hanidaysa katamaninne dere garsan yotida. Dereykka hanidaysa beyanas ba dizasoppe dizasoppe kezidees.
১৪তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাঁৱবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱাৰ ঘটনাতোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল;
15 Yesusaykka yidi daro daydanth iza bolla dizadez wozinay izas simin mayo maydinne woggara utidaysa yida asay beydi babidees.
১৫আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷
16 Haysa be7ida asay daydanthi iza bolla dizadeza gishinne gudinthati hanoysa derezas yotida.
১৬সেই ঘটনা যি সকল লোকে দেখিছিল তেওঁলোকে লোক সকলক, কেনেকৈ কি ঘটিল আৰু ভূতে পোৱা মানুহ জনৰ আৰু গাহৰিবোৰৰ বিষয়ে বুজাই দিলে৷
17 Hessafe guye he dere asay Yesusay ista dere yedidi bana mala wossidees.
১৭তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আতৰি যাবলৈ বিনয় কৰিলে৷
18 Yesusay wogolon gelishin daydanthati izappe kezida uray Yesusara danas wosidees.
১৮পাছত যীচুৱে যেতিয়া সেই ঠাই এৰি যাবৰ বাবে নাৱত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷
19 Yesusay qasse izi oychidaysa akkayo gidine “Neni gede ne so ba, Goday ness ay mala gita miish othidakkonne izi ness othida marotetha ne soo asas yota” gides.
১৯কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি ক’লে, “তুমি ঘৰলৈ গৈ আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনলৈ কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।”
20 Adezikka ba so biidi Yesuusay izas othida gita miish wursi tammu katamma getetiza deren yotin siyiday wurikka malaletidees.
২০তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।
21 Yesusay qassekka wogolon gelidi gede pinth pinidi abba achan dishin daro asay iza ach shiqidinne iza gidothides.
২১পাছত যীচুৱে যেতিয়া নাৱেৰে আকৌ সিপাৰলৈ গ’ল, তেতিয়া মানুহৰ বৃহৎ দল এটা তেওঁৰ ওচৰত গোট খালে; সেই সময়ত তেওঁ সাগৰৰ তীৰত আছিল।
22 Mukirabe halaqatappe issay Iya7irosa getetizaysi izi dizaso bidi Yesusa demida mala iza to bolla kundidi
২২এনেতে যায়ীৰ নামেৰে নাম-ঘৰৰ অধিকাৰী এজনে আহি তেওঁক দেখি তেওঁৰ চৰণত পৰিল৷
23 Tass gutha naa dizara hayqana gaysu iza hayqonta paxa dana mala ne ha yada ne kushe izi bolla wotharki gidi kehi wosides.
২৩তেওঁ বাৰে বাৰে বিনয় কৰি যীচুক কলে, “মোৰ ছোৱালী জনীৰ মৃত্যু ওচৰ চাপিছে; তাই যেন সুস্থ হৈ জীয়াই থাকে, এই কাৰণে আপুনি আহি, তাইৰ গাত হাত দিয়কহি।”
24 Yesusaykka izara issippe bidess. Daro asay iza kun7ana gakanas kaalidees.
২৪তেতিয়া যীচু তেওঁৰ লগত গ’ল আৰু বহু লোক তেওঁৰ পাছে পাছে গৈ তেওঁক হেঁচি-মেলি ধৰিলে।
25 Tammane nam7u layth kumethi suthi izi bollafe gukiza macasha dizara hen asara daysu.
২৫আৰু সেই সময়ত তাতে বাৰ বছৰ ধৰি তেজ যোৱা ৰোগ ভোগ কৰি থকা তিৰোতা এজনী আছিল৷
26 Iza bess diza miish ubbaa wursana gakanas akimeppe akime lamon daro daburadus. Gido atin sakoy izis gede daridees atin ayinne keybeynna.
২৬অনেক বেজৰ ওচৰত চিকিৎসা কৰি আৰু সৰ্ব্বস্ব খৰচ কৰিও তেওঁ সুস্থ হোৱা নাছিল, কিন্তু বেচি কষ্টহে পাই আছিল৷
27 Iza Yesusa gish siyidamala asa gidora Yesusa guyera kalada iza mayo bochaduss.
২৭তেওঁ যীচুৰ বিষয়ে শুনি, লোক সকলৰ মাজত সোমাল আৰু তেওঁৰ পাছফালেদি আহি, তেওঁৰ কাপোৰ চুলে৷
28 Gassoykka ta ay hanadakka iza mayo kushera bocho bochizakkokka ta paxana gada qopida gishasa.
২৮কিয়নো তেওঁ কৈছিল, ‘মই যদি তেওঁৰ কাপোৰ মাথোন চুবলৈ পাওঁ, তেতিয়াও মই ৰক্ষা পাম’।
29 Gukiza suthay herakka eqi agidees, izakka paxidaysa ba asatethan eradus.
২৯তেতিয়া তেওঁ যীচুক চুবলৈ পাই, তেওঁৰ তেজ বৈ থকা শুকাই গ’ল আৰু তেওঁ শৰীৰত সেই ব্যাধিৰ পৰা মুক্ত হোৱা গম পালে।
30 Beppe wolqay kezidaysa Yesusay eriidi gede asakko simidi “Ta mayo oone bochiday?” gides.
৩০সেই সময়ত যীচুৱে নিজৰ পৰা শক্তি ওলাই যোৱা গম পাই, লোক সকলৰ মাজত মুখ ঘূৰাই সুধিলে, “মোৰ কাপোৰ কোনে চুলে?”
31 Iza kalizayti qasse haysi derey kun7etidi sugetishin beyashe wanada (tana bochiday oonne?) gay gida.
৩১তাতে তেওঁৰ শিষ্য সকলে তেওঁক কলে, “লোক সকলে আপোনাক হেঁচি-মেলি ধৰা দেখিও, কোনে মোক চুলে বুলি কয় নে?”
32 Yesusay hessa othiday oonakkone beyanas yushi xelidees.
৩২কিন্তু সেই কৰ্ম কৰা জনীক দেখিবলৈ তেওঁ চাৰিওফালে চালে।
33 Macashayakka bess azi wanidakkone erada babashene kokorashe yada Yesusa sinthan gufanada hanida tumma wurssa izas yotaduss.
৩৩তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷
34 Izikka “ta naaye ne amonoy nena ashides Saron ba, ne wayeppe paxa” gidees.
৩৪তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
35 Yesusay buro hasa7a bolla dishin mukurabe halaqa Iya7irosa soppe yidi Iya7irosas “ne naaya hayqaduss, Goda mela aazas dabursaz?” gida.
৩৫তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, “তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?”
36 Gidikkokka Yesusay issta hasa7a lepp histidi mukurabe halaqaza “Ne amano xala ammana atin baboppa” gidees.
৩৬কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, “ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।”
37 Pixirosa Yaqoberane Yaqobe isha Yanisappe atin haray oonikka iza kalana mala koybeyna.
৩৭পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।
38 Gede mukurabe halaqa keth gakidamala asay wasishe cammo yeho yekizaysa beyidees.
৩৮তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।
39 So gelidi haysi wuri aza wasonne aaza yeho? Naya dhiskadus atin hayqabeyku gidees.
৩৯পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, “তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা?
40 Qassse asay wuri iza bolla bicidees asa wursikka kethappe kesidi nayi aawane nayi ayiyo qassekka izara issippe yidayta iza kalizayta xala kalethidi naya diza so gelidees.
৪০ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।” তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল।
41 Nayi kushekka ooykidi “Xaalita kum!” gidees. “Xaalita kum” gusas birshechi hane naye denda guussa.
৪১পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”
42 Nayakka herkka denda eeqadus, hene hane hamutaduss. Iziskka laythay tammanne namm7u laytha; asaykka he hanozan daro malaletides.
৪২সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে।
43 Yesusay hayssa oonikka eronta mala kehi minthi yotidees; “nays mana qumma immitte” gides.
৪৩পাছত এই কথা যেন কোনেও নাজানে, তাৰ বাবে তেওঁ তেওঁলোকক এনে দৃঢ় আজ্ঞা দিলে আৰু তাইক কোনো খোৱা বস্তু দিবলৈ ক’লে।