< Marqqossa 13 >
1 Izi maqidaseppe kezishin iza kalizaytappe issay astemare haysi kethaynne kethay kexetida shuchay ay mala lo7izakkone hayssa beyay? gidees.
১পাছত যীচু মন্দিৰৰ পৰা ওলাই যাওঁতে তেওঁৰ শিষ্য সকলৰ এজনে তেওঁক ক’লে, “হে গুৰু, চাওক, কেনে আশ্চর্যজনক শিল আৰু ইয়াৰ গাঁথনি!”
2 Yeusayakka zaridi “hayta giitta kethata xelay? shucahti issay issa bolla diza mala detena, wurikka lalistana” gidees.
২তাতে যীচুৱে তেওঁক ক’লে, “তুমি এই বৰ বৰ গাঁথনি দেখিছা নে? ইয়াৰ কোনো এটা শিল আনটো শিলৰ ওপৰত পৰি থকা নাপাবা কিয়নো এই সকলো ভাঙি পেলোৱা হব৷”
3 Yeususay maqidaseza ginara Dabirazayte zumma bolla utidishin Phixirosay, Yaqobey, Yanisaynne Indirasay xalla izakko shiqidi
৩পাছত তেওঁ জৈতুন পৰ্বতত, মন্দিৰৰ বিপৰীতে বহি থাকোতে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয়ই গুপুতে তেওঁক সুধিলে,
4 “Haysi ayde hananakkone nus yot. Haysi wursethan polistanas malatay aze? gi oychida.
৪“আমাক কওক এনে ঘটনা কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হ’বলৈ উদ্যত হোৱা চিন কি হব?”
5 Yesusaykka istas hizgidees “Oonikka intena balethonta mala nagetite.
৫তেতিয়া যীচুৱে তেওঁলোকক ক’বলৈ ধৰিলে, “কোনেও যেন তোমালোকক নুভুলায়, এই কাৰণে সাৱধান হোৱা।
6 Buro daroti (Ta Kirstosa) gishe ta sunthan yana, darotakka balethana.
৬অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’, বুলি বহু মানুহক ভুলাব।
7 Inte olanne olla wore siyiza wode dagamopitte. Hessi hananaysi attena. wursethi gidikko burona.
৭তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।
8 Derey dere bolla kawoy kawo bolla dendana, daroson bitta qathinne qoshay hanana, heyti wuri mixas leeso malla.
৮কিয়নো জাতিৰ বিৰুদ্ধে জাতি আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভুমিকম্প আৰু আকালো হ’ব৷ এইবোৰ যাতনাৰ আৰম্ভণিহে মাথোন।
9 Inte intes nagetite. Buro intena dere dulatan athi immana. Isti intena Ayhudata wossa kethan garafana. Inte ta markata gidana mala ta gish dere dananata sinthaninne kawota sinthan eeqana.
৯কিন্তু তোমালোকে নিজলৈ সাৱধান হ’বা; কিয়নো মানুহবোৰে তোমালোকক বিচাৰ সভাত শোধাই দিব; তদুপৰি নাম-ঘৰত তোমালোকক প্ৰহাৰ কৰিব৷ মোৰ কাৰণে দেশাধিপতি আৰু ৰজা সকলৰ সন্মুখত মোৰ সাক্ষী হবলৈ তোমালোক থিয় হ’বা।
10 Kyoyrotidi mishiracho qalay dere wursos sabakistana beses.
১০কিন্তু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্তা প্রচাৰ হ’ব লাগিব।
11 Inte oyketidi pirdas shiqiza wode hino he sateyin intes immetizaro hasa7ite atin bidi nu ay gino gidi kaseti hirgopitte. Hasa7anay Xiillo Ayanappe atin intena gideketta.
১১যেতিয়া তেখেত সকলে তোমালোকক বন্দী কৰি নি শোধাই দিব, তেতিয়া কি ক’ব লাগে সেই বিষয়ে আগেয়ে চিন্তা নকৰিবা৷ সেই সময়ত কি কব লাগে, সেই বিষয় তেতিয়াই দিয়া হ’ব; কিয়নো তোমালোক সেই কথা কওঁতা নোহোৱা, কিন্তু পবিত্ৰ আত্মাহে কওঁতা।
12 Ishay isha aaway ba na hayqos athi immana. Nayti bena yelidayta bolla makal7ananne wodhana.
১২তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।
13 Ta gedon inte asa wurson ixetidayta gidana. Wurseth gakanas mini eeqidadey gidikko atana.”
১৩মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা; কিন্তু যি জনে শেষলৈকে সহন কৰি থাকিব, সেই জনেই পৰিত্ৰাণ পাব।
14 Inte, dhaysana tunatethi izas besontason eeqidashe beykko nababizadey wozinan wotho, Yudan dizayti pude zumma bolla gangeto.
১৪কিন্তু যেতিয়া পূজাৰ বাবে সেই ধ্বংসকাৰী ঘিণলগীয়া প্ৰতিমূৰ্তিটো থাকিব নলগীয়া ঠাইত থকা দেখিবা, (যি জনে পঢ়ে, তেওঁ বুজক), তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলায় যাওঁক;
15 Ketha karen dizadey so gelofo ba miish kesana gidi kethe geloppo.
১৫ঘৰৰ ওপৰত থকা জনে, তেওঁৰ ঘৰৰ ভিতৰৰ পৰা কোনো বস্তু উলিয়াবলৈ নামি নাহক আৰু ভিতৰলৈ নোসোমাওক;
16 Goshason dizadey ba mayo ekanas guye simoppo.
১৬আৰু পথাৰত থকা জনে নিজৰ কাপোৰ খন ল’বৰ বাবেও উলটি নাযাওঁক।
17 He galasatan qanthera diza macashatasine na dhanthizaytas aye ana!
১৭কিন্তু সেই কালত গৰ্ভৱতী আৰু কোলাত কেচুৱা থকা তিৰোতা সকলৰ সন্তাপ হ’ব
18 Hessikka balgon gidonta mala Xoossu wositte.
১৮এইবোৰ যেন জাৰ-কালত নঘটে, তাৰ বাবে প্ৰাৰ্থনা কৰিবা।
19 Koyro Xoossi medhetetha wursi medhosoppe ha7i gakanas woykko hayssappe guye izara lemusotizay baynda gitta metoy hanana.
১৯কিয়নো সেই কেইটা দিনত বহু মনোকষ্ট হ’ব৷ ঈশ্বৰে স্ৰজা সৃষ্টিত, আৰম্ভণিৰে পৰা এতিয়ালৈকে তেনে কষ্ট কেতিয়াও হোৱা নাই আৰু নহ’বও।
20 Goday he galasata qanthotakkao oonikka atena shin bess doretidayta gish he galasata qanthides.
২০যদি প্ৰভুৱে সেই দিনৰ সংখ্যা কম নকৰে, তেনেহলে কোনো মানুহৰে ৰক্ষা নহ’ব৷ কিন্তু যি সকলক তেওঁ মনোনীত কৰিলে, যি সকলক তেওঁ বাছি ল’লে; সেই লোক সকলৰ কাৰণে তেওঁ এই দিনৰ সংখ্যা কম কৰিলে।
21 He wode oonikka hekko kirstosay hayssan dees, gikko woykko hekko hen dees gikko amanopitte.
২১তেতিয়া যদিও কোনোৱে তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট ইয়াত আছে!’ বা ‘চোৱা, সৌ তাত আছে!’ তথাপি বিশ্বাস নকৰিবা।
22 Wordo kirstosatinne wordo nabeti buro dendidi malatatane kasse hani eeronta palamish oothon istas danda7etikko haray ato shin doretidaytakka balethana.
২২কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী সকল আবিৰ্ভাৱ হব আৰু চিনৰ সৈতে আশ্চর্যজনক কাম কৰিব; সম্ভৱ হ’লে তেওঁলোকে মনোনীত লোক সকলকো ভুলাবলৈ চেষ্টা কৰিব৷
23 Hessa gish nagetite, he wodey gakonta dishin haara hayssa ubbaa ta intes yotadis.
২৩সেয়েহে তোমালোক সাৱধান হোৱা! কিয়নো মই তোমালোকক সময়ৰ আগতে এই বিষয়ে কলোঁ।
24 He wode he metozappe kalidi awa arshey dhummana aginaykka po7uku.
২৪কিন্তু সেই মনোকষ্টৰ দিনবোৰৰ পাছত, সুৰ্য্য অন্ধকাৰময় হ’ব, চন্দ্ৰয়ো পোহৰ নিদিব
25 Xoolinteti saloppe qoqofistana, salon diza wolaqamati qaaxana.
২৫আকাশৰ পৰা তৰাবোৰ খহি তললৈ পৰিব আৰু আকাশত থকা পৰাক্ৰমবোৰ লৰোৱা হ’ব।
26 He wode asa nay gitta wolqarane bonchora salo sharara yishin asay iza beyana.
২৬তেতিয়া তেখেত সকলে মানুহৰ পুত্ৰক, পৰাক্ৰম আৰু প্ৰতাপেৰে মেঘৰ ওপৰত অহা দেখিব।
27 Izikka kiitanchata yedidi oydu bagafe/mizaneppe/ biitta gaxappe salo gaxa gakanas diza bess doretidayta shishana.
২৭তেওঁ দূত সকলক পঠিয়াই পৃথিৱীৰ সীমাৰ পৰা আকাশৰ সীমালৈকে, চাৰিওফালৰ পৰা নিজৰ মনোনীত লোক সকলক আনি গোটাব৷
28 Lumusoza balase miththafe tamaritte. Unquloy cililiza wode haythe kesishin bonney matidaysa inte ereista.
২৮ডিমৰু গছজোপাৰ পৰা এটা দৃষ্টান্ত শিকা। যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহিপাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা।
29 Hesathokka hayti ta gidayti poletishin inte beykko wodey mati yidi penge gakidayssa erite.
২৯সেইদৰে যেতিয়া এইবোৰ ঘটনা দেখিবা, তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা।
30 Ta intes tumu gays ha yoti polistana gakanas haysi ha yeletay adhena.
৩০মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটালৈকে এই কালৰ লোক লুপ্ত নহ’ব।
31 Saloynne haysi biittay adhana shin ta qalay gidikko adhena.
৩১আকাশ আৰু পৃথিৱী লুপ্ত হ’ব কিন্তু মোৰ বাক্য কেতিয়াও লুপ্ত নহ’ব।
32 Qasse he glasay gish woykko he satey gish ta aawappe atin salo kitanchata gidinkka naza gidnkka onikka erena.
৩২কিন্তু পিতৃৰ বাহিৰে সেই সময় বা দিনৰ প্ৰসংগত কোনো এজনে নাজানে, সেয়া স্বৰ্গৰ দূতেই হওক বা পুত্ৰই হওক৷
33 Hessa gish wodey aydekkone inte eronta gish nagetite, minitene wositte.
৩৩সেই বিষয়ে সাৱধান হোৱা! পৰ দি প্ৰাৰ্থনা কৰি থাকা; কিয়নো সেই সময় কেতিয়া আহিব, এই বিষয়ে তোমালোকে নাজানা।
34 Haysikka ba keth ashikaratas agidi; ashskarata issa issa iza iza ootho oythidi penge nagizaysi begidi nagana mala azazidi bida asa milates.
৩৪সেইদিন এনেদৰে আহিব, যেনেকৈ কোনো লোক নিজৰ ঘৰ এৰি বিদেশলৈ যায় আৰু নিজৰ দাসবোৰক তেওঁ অধিকাৰ দি প্ৰতিজনৰ কাম ভাগ কৰি দিয়ে, আৰু ঘৰৰ দুৱৰীক পৰ দি থাকিবলৈ আজ্ঞা দিয়ে৷
35 Histikko ketha aaway wode yanakone woykko qama gidi gidoth yanakone woykko kutoy wasishin yanakone woykko wonta bolla sosey zo7ishin yanakko inte erontagish begidi nagitte.
৩৫এই হেতুকে তোমালোকেও পৰ দি থাকা; কিয়নো ঘৰৰ গৰাকী গধূলি বা মাজনিশা বা কুকুৰাই ডাক দিয়া পৰত বা ৰাতিপুৱা কেতিয়া আহিব তোমালোকে নাজানা৷
36 Izi yishin inte qopponta zin7idashe izi intena demofo.
৩৬তেওঁ অকস্মাতে আহি তোমালোকক যেন টোপনিত থকা নেদেখে।
37 Ta intes yotizaysa asa wursos yotays, minidi nagite) gays.”
৩৭মই তোমালোকক কি কি কব লাগে, সেই সকলোবোৰকে কলোঁ, পৰ দি থাকা৷”