< Yanisa Mishiracho 6 >
1 Hesafe guye Yesussay xiibradoose geetettizaso gaalila abbafee he pinthth pinnidees.
১ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
2 Yesussay hargganchata paththida malata beydda gish daroo asay iza kaaliides.
২তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
3 Yesussay bena kaalizaytara pude zumma bolla kezii uttddes.
৩পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
4 He woode Ayhudaata paziiga ba77eley matii utdees.
৪সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
5 He woode daroo derey Izakoo yizayssa Yesussay dhoqu gi xeeliidi pilphphossa “hayssa deeras gidana quuma awapee shammana danddaiizoon?” gidess.
৫যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
6 Yesussay Pilphphoossa hessathoo oychchiday iza paccanako, gido attin izi ba ooththanaysa erress.
৬ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
7 pilphphossayka izas “issi issi urras issi bars gidza kath shamizakooka numm7u xeetu dinaren shaammida kathka hayssas gidena” gidees.
৭ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
8 Yesussa kalizaytape isay siimoona Phxroossa isha Indryaassa,
৮যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
9 “Ichchachu bangga ukethine namm7u mole oykkida issi nay hayssan dees, gidoo attin hana hayssa ha derezaas awa gakane?” gidees.
৯“ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
10 Yesussayka zardii “asa wuris utssite” gides, hen gadan daroo maatay diza gish asayka uttides, asa qoodayka ichchachu shi gidizaytako.
১০যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
11 Hesafe guyee Yesussay uketha ekidi galata wossa wosidi uttdaa asas gishshides, molezaka hessathokaa gishshechides asay wurkka bes gidiza demiides.
১১তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
12 Asay wurikka kaalli miin Yesussay bena kallizayta “maaddan attidaa kaththa isinooka ashoontta shishshite” gidees.
১২তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
13 Isttika asay mishshin ichchachu ukethafe attida tammane namm7u leemate kumeth shishshida.
১৩তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
14 Asayka Yesussay ooththida malata beyydi “hayssaadey tummape ha allame yana nabezakko” gidess.
১৪যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
15 Asay qase wolqara Yesussa kawothana qopidaysa a erridi Yesussay qaseka isttafe haki bidi zumma bolla kezzdes.
১৫যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
16 Gadey qaammishshin Yesussa kalizayt duge abbakoo woodhida.
১৬যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
17 Wogolon geliddi qifiranaahone bana kezzda. istti kezshshn gadeey dhumiidees, Yesussay hessa gakanaskka isttakko yibeyyna.
১৭তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
18 wolqama carkkooy carkkiiza gish abbay keez qaaxides.
১৮বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
19 Iza kallzayt baga saate ogge mala wogoloza lagidape guyee Yesussay abba balara toora hamutti wogolozakoo mattishin demmidi baabbida.
১৯শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
20 Izika isttas “tankoo! baboopte!” gidees.
২০তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
21 Isttika iza uhaaththaayysara gede wogoloza gi doo ekkana koyda, heraka wogolozika istt banaso gakides.
২১শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
22 Abbafe he pinththan attida asay wonttetha gaalas abba bolla issi wogoloy xaala dizarro beyyda, Yesussa kalizayyt kase berkka bidayssane Yesussay isttara wogolon gelonttaaysa erridda.
২২পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
23 Gido attin hankko wogolot xiibradoosepe denddidi Yesussay galata wosaa woosidi asa kaththa muzooso achchi yida.
২৩কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
24 Asayka Yesussay woykko iza kalizaytti hen baynddaysa beydii he wogolotan gelidi yesussa koshuu Qifranahomee bides.
২৪সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
25 Abbafe he pinththan iza demmidi “asttamare! ne aydee hayssa yadii” gidda.
২৫সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
26 Yesussayka isttas “ta intes tumma gayys inte tana koyzay kath mi kaallida gish attin malata be7ida gish gideena.
২৬যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
27 Dhayaana kaththas oosofite, gido attin hessafe athid xoossa aaway ammaanithza mattame iza bolla shoccida gish asa nay intes immiza medhina deyoos gidiza kaththas ooththite.” (aiōnios )
২৭ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰমাৰিলে।” (aiōnios )
28 isttika iza “histtin Xoossa ooso ooththanas nu azi ooththino?” gida.
২৮লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
29 Yesussayka “Xoossa oosoy Xoossi kiitida iza nazan ammano.” gidii isttas zaardes.
২৯যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
30 Isttika izas “nu beyddi nena ammanana mala ne nuna aaza malata beesane? qaseka azi ooththane? gides.
৩০তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
31 (Istti maana mala isttas qumma salope immides) geeteti xaafetida mala kase nu aawati baazoo bittan maan7e miida.”
৩১আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
32 Yesussay isttas. “ta intes tummu gays salope wodhida qumma intes imiiday musse giddena, tummu qumma salope intess immizaay ta aawakoo.
৩২যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
33 Gasooyka Xoossa qummay salope wodhidi allamees deyoo imiizaysako” gides.
৩৩কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
34 Hesa gish asay “Godo hessa mala qumma nuss wuriso wode immarkkii” gides.
৩৪লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
35 yesussayka isttas hizigidess “deyoo qummay tana, taakko yiza urray mulleka gafeetena, tana ammaaniizadeey aydeeka samotena.
৩৫যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
36 kase ta intes gida mala inte tana beyddistashin ammanibeeykista.
৩৬মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
37 Ta aaway tas immizaay wurkka taakko yana, takoo yizade ta gedee kaare goodike.
৩৭পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
38 Gasoykka ta salope wodhiday tana kitidaysa sheene ooththanas attin ta sheene ooththanas gideena.
৩৮কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
39 Tana kitidadeey sheene tas immidaytape issadeeka dhaysontta wurisetha gaalas ta denththana.
৩৯মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
40 Ee ta sheeney naza beydii iza ammanizadeey wuri medhina deyoo demmanasiko, tanikka wuriseththa gaalas iza hayqqope denththana.” (aiōnios )
৪০মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (aiōnios )
41 Hesa gish Yesussay “salope wodhidda qummay tana” gidda gish ayhudat iza bolla zuzumeetida.
৪১পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
42 “hayisii Yoseefoo na Yesussa gideene? iza aawane iza aayoo nu errokoni? histtin hai izi (salope wodhadis) waani gizze?” gida.
৪২সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
43 Yesussayka isttas hizzgides “inte intee garrisaan gugummista.
৪৩যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
44 Tana kittida ta aaway xeeygidape attin takoo yana danddaizadeey oonikka dena, berika takoo yana danddaizay oonikka dena, takoo yizadeka wurisetha gaalas ta iza hayqqope denithana.
৪৪যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
45 Nabbista maaxxafatan asay wuri Xoossafe tammardade gidana geetet xaafeetidees, hessa gish aawape siyydi tammarda assi wuri takoo yana.
৪৫ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
46 Hesa guus aawa beeyda assi dess guusu gidena. aawa beeyday Xoossa achchafe yidaysa xaala.
৪৬কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
47 Ta intees tumma gays tanan ammanida asas medhina deyooy dees. (aiōnios )
৪৭মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। (aiōnios )
৪৮জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
49 kasse inte aawat bazzo biittan man7e midda gido attin wurkka hayqqida.
৪৯আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
50 Salope wodhida qummay hayssa, hayssa mizzadey mulleka hayqqena.
৫০স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
51 Salope wodhida deyoo qummay tana, hayssa ha qummape mizzadey wurkka medhinas dana, allames deyoo gidana mala ta immiza qummay ta ashshoko.” (aiōn )
৫১স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” (aiōn )
52 Hesa wode Ayhuddat “haysi addeez nu iza ashsho mana mala woostt iimane?” gidi ba garssan palameetida.
৫২এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
53 Hessa gish Yesussay istta hizzigidees “ta intes tummu gays, asa na ashsho inte moontta aggikko iza suththika uyoontta aggikko intes deyooy deena.
৫৩যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
54 Ta ashsho mizza urasine ta suththu uyzaa uraas wurisoos medhina deyooy dees, taka izzade wuriththetha gaalas hayqqope denththana. (aiōnios )
৫৪যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। (aiōnios )
55 Gasooyka ta ashshoy tummu qumma, ta suththayka tummu ushsha.
৫৫কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
56 Ta ashsho mizzayne ta suththu uyzzay wuri tanan deeyana, takka izzaden deeyana.
৫৬যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
57 Deyoo aaway tana kiitida malane takka izzan deyoon diza mala hessathoka ta ashsho mizzadey wuri tanan deyoon dana.
৫৭যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
58 Hessa gish salope wodhida qummay hayssa, izika kase inte aawat midaaysa mala gidena, gasooykka he qumma midayt hayqqida, ha qumma mizayt gidikoo medhinas dana.” (aiōn )
৫৮স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।” (aiōn )
59 Yesussay hayssa Qihaaththairanahomeen ayhudata woosa keeththan tammirisiza wode yotiddes.
৫৯এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
60 Iza kaallizaytape darzzayt hessa siydii “haysi yoozi dexxoko hayssa oonni ekkane danddaize?” gida.
৬০যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
61 Yesussayka iza kaallizayt hessa yooza gish zuzumetidaysa ba wozinan erridi “(haysi intena dexxize?) gidees.
৬১যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
62 Assa nay Kirisitoossay ba dizzaso simm kezshshin beykoo inte ay gane?
৬২মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
63 Assas deyoo immizzay Xoossa ayanakoo, asa wolqay qaasse aynee go77ena, ta intes yootida qaalay deyoo immiza ayanakoo.
৬৩আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
64 Gido attin inte garisan issi issi ammanoontta asat detes. Yesussay isttas hessa giday koyroope dommidi istta garisan ammanoonitayti oonanitakoone qaasse iza aththi immanadeeyka oonakoone erriza gishaskko.
৬৪কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
65 Kallethidikka Yesussay aawa sheeney bayyndda takoo ha yana danddaizadeey dena gada ta intes yootiday hessassa.” gidees.
৬৫তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
66 Hesafe denddidayssan iza kallizaytape daroot guyee simmida, he gaalasafe dommidi Yesussa kaalo aggida.
৬৬ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
67 Hessa gish Yesussay bena kalliza tammane namm7ista “inteka bana kooyet?” gides.
৬৭যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
68 Hessa wode Simoonna geetettiza phxxirossay “Godo ne medhina deyooy dishin nu oonakoo banee? (aiōnios )
৬৮চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। (aiōnios )
69 Ne geshsha Xoossa na gididdayysa erridi nun ammanidos” gidees.
৬৯আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
70 Yesussayka istta “ta intena tammane namm7ista doorabeykina? histtin intefe isaay Xallaeko.” gidees.
৭০যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবলআছে।”
71 Izi hessa giday Simoona na Asqqoroto Yuddaa gishasiko. ayysi gikko yudday tammane namm7istape iisa gididdakoka Yesussa athth immanay iza gididda gishshasiko.
৭১ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।