< Yanisa Mishiracho 18 >
1 Hessa wursi yootidape guye Yesussay bena kaallizaytara Qeedirone geetetza shooba pinidi akakiltte gidoo gelidees.
১যীচুৱে এইবোৰ কথা কৈ, কিদ্ৰোণ উপত্যকাৰ সিপাৰে য’ত এখন বাগিছা আছিল, সেই ঠাইলৈ তেওঁ শিষ্য সকলৰ সৈতে তালৈ ওলাই গ’ল; আৰু সেই বাগিচাত তেওঁ আৰু তেওঁৰ শিষ্য সকল সোমাল।
2 Yesussayne iza kaallizayti kasseka he gadeyin daroo wode isife shiqiza gish Yesussa aththi immida Y uday he gadeyo kasseka erress.
২শত্ৰুৰ হাতত শোধাই দিয়া যিহূদায় সেই ঠাই চিনি পাইছিল; কিয়নো যীচুৱে তেওঁৰ শিষ্য সকলক লগত লৈ বহুত বাৰ সেই ঠাইলৈ গৈছিল।
3 Hessa gish Yuday wotadarata, qeessista halaqatane Farssawistape kitteti yida ashshikarata wursi kaalleththi ekkidi he istti shiqizaso yidees. Izara yida asay paanoose, xoomipenee mashsha toora oykkidi yidees.
৩তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
4 Yesussay ba bolla gakkanaysa wursi erridi yida asako bidi “Oonna koyeti? gides.
৪তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
5 Istti qasse “Nazireete yesussa koyoos” gida, Izika isttas “Tani izakoo” gidees. Isttas aththi immida yuday isttara isife eqqides.
৫তেওঁলোকে উত্তৰ দিলে, “নাচৰতীয়া যীচুক।” যীচুৱে তেওঁলোকক ক’লে, “ময়েই সেই জন।” তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া যিহূদাও তেওঁলোকৰ সৈতে থিয় হৈ আছিল।
6 Yesussay “Ta izako” gida mala asati guye ganddigaridi biita bolla kunddida.
৬যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।
7 Yesussay ha7ika “Oonna koyeeti?” gidi oychchin istti zaaridi “Nazireete Yesussa koyoos” gida.
৭তেতিয়া তেওঁ তেওঁলোকক আকৌ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?” তেওঁলোকে ক’লে, “নাচৰতীয়া যীচুক।”
8 Izika zaaridi “Tani izako gadiiskkoo, histtkoo inte koyizay tana gidikoo hayti beto bochchofite” gides.
৮যীচুৱে উত্তৰ দিলে, “মই তোমালোকক কৈছোঁ, ময়েই সেই জন; এতেকে যদি মোক বিচাৰিছা, তেনেহলে এওঁলোকক যাবলৈ দিয়া।”
9 Hesi haniday “Ta aawawu ne tas immidaytape issadeka ta dhaysabeykee” gida qaalay poleistana malako.
৯তেওঁ আগেয়ে কোৱা কথা সম্পূৰ্ণ হবলৈ এইবোৰ ঘটিল। তেওঁ কৈছিল, “মোক যি সকলক দিলা, তেওঁলোকৰ এজনকো মই হেৰুওৱা নাই।”
10 Simmoona geetetza phixxirossay giththa mashsha oykkda gish mashsha shohope shodidi issi qeessista halaqa ashshikara dizaysa haythe mashshara padhi yegides. He ashshikaraza sunththi “malkosa” geetetes.
১০তেতিয়া চিমোন পিতৰৰ, এখন তৰোৱাল আছিল, তেওঁ সেই তৰোৱাল ফাঁকৰ পৰা উলিয়াই, মহা-পুৰোহিতৰ দাসক ঘাপ মাৰি, তাৰ সোঁ কাণ খন কাটি পেলালে। সেই দাসৰ নাম আছিল ‘মল্ক’।
11 Yesussay qasse phixxirossa “Ne mashsha gede shohon zara gelththa. Nees ta aaway tas immida metoo ushsha ta uyoontta milatizee?” gidees.
১১তেতিয়া যীচুৱে পিতৰক ক’লে, “তৰোৱাল ফাকত সুমুৱাই থোৱা; পিতৃয়ে মোক যি দূখৰ পান-পাত্ৰ দিলে, মই তাতে পান নকৰিম নে?”
12 Hessafe guye wootadarati, istta azazizaysinne Ayhudata ashshikarati Yesussa oykkidi qachchida.
১২তেতিয়া সৈন্য দল আৰু তেওঁলোকৰ সেনাপতি আৰু ইহুদী সকলৰ ৰখীয়াবোৰে যীচুক ধৰি বান্ধি,
13 Koyro he laythas qessistas halaqa gidida qayafaa bollo Haannakko ehaaththaida.
১৩প্ৰথমতে হাননৰ ওচৰলৈ লৈ গ’ল; কিয়নো তেওঁ সেই বছৰত মহা-পুৰোহিত হোৱা কায়াফাৰ শহুৰেক আছিল।
14 Qayafaay “Deere gish issadey hayqqiko lo7okko” gidi Ayhudata dulata kase zooridade.
১৪এই কায়াফাই ইহুদী সকলক পৰামৰ্শ দিছিল যে, ‘লোক সকলৰ কাৰণে এজন মানুহ মৰা ভাল’।
15 Simmona geetettiza phixxirossayne Yesussa kaallizaytape issadey yesussa kaallida. He uray qessista halaqa achchan kehi erretidade. Hessa gish Yesussara isife qessista halaqaza gibbe gelides.
১৫তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
16 Phixxirossay gidikko penggefe kare baggara eqqdees. Qessista halaqa achchan kehi erretdi Yesussa kaallizaysi yidine penggen diza garadeya phixxirossa gibbe giddo gelththana mala yootdi Pixirosa ekki gelides.
১৬কিন্তু পিতৰ দুৱাৰৰ বাহিৰত থিয় হৈ থাকিল। এই হেতুকে মহা-পুৰোহিতৰ চিনাকি সেই আন শিষ্যই আকৌ বাহিৰলৈ আহি, দুৱৰী মহিলা গৰাকীক কৈ, পিতৰক ভিতৰলৈ আনিলে।
17 Pengge naggiza garadeya Phixxirossa “Neka hessa addeza kaalliza asatape issa gidikki?” gadus. Izi qasse “Tani iza kaallizade gidike” gides.
১৭তাতে সেই দুৱৰী মহিলা গৰাকীয়ে পিতৰক ক’লে, “তুমিও এই মানুহ জনৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ ক’লে, “মই নহয়।”
18 Wodey meegiza wode gidida gish ooththanchatnne ashshikarati tama eththidi eqoon ho7etes. Pixxirossaykka isttara eqidii ho7es.
১৮সেই ঠাইতে দাস আৰু ৰক্ষকবোৰে ঠাণ্ডাৰ কাৰণে জুই জ্বলাইছিল আৰু থিয় হৈ জুই পুৱাই আছিল; পিতৰেও সিহঁতৰ লগত থিয় হৈ জুই পুৱাই আছিল।
19 He wode qeessista halaqay Yesussa iza kaallizayta gishane izi tammarisida tmmirtte gish oychchides.
১৯তেতিয়া মহা-পুৰোহিতে যীচুক, তেওঁৰ শিষ্য সকলৰ বিষয়ে আৰু শিক্ষাৰ বিষয়ে সুধিলে।
20 Yesussayka izas “Ta asa wursos qoonccen yootadas. Ayhudati shiqiza istta wossa keeththan gidinkka Xoossa keeththan tammarisadis; ta qootan haasa7idazii aykoyka deena.
২০যীচুৱে তেওঁক উত্তৰ দি ক’লে, “মই জগতৰ আগত মুকলিকৈ ক’লোঁ; মই নাম-ঘৰত আৰু মন্দিৰত, ইহুদী সকলৰ গোট খোৱা ঠাইত সদায় শিক্ষা দিলোঁ আৰু কেতিয়াও গুপুতে একো কোৱা নাই।
21 Histtin ne tana oychchizay aazee? ta yootshshin siydayta oychcha; ta yootdiysa istti erretes” gides.
২১আপোনালোকে মোক কিয় সুধি আছে? তেওঁলোকক সোধক যি সকলে মোৰ কথা শুনিলে; তেওঁলোকক মই কি ক’লো, সেই বিষয়ে তেওঁলোকে জানে।”
22 Yesussay hessa gida mala hen eqida ashshikaratape issay “Qeessista halaqas hayssaththo wosta zaaray” gishe Yesussa shagalan baqqa shayides.
২২যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
23 Yesussayka zaaridi “Ta iitta hasa7ida gidiko anne ta gooysa ne markkata; ta yootday likee gidiko tana aazas baqqaz?” gides.
২৩যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
24 Hessafe guye Haanay qachchetida mala Yesussa Qeessista halaqa Qayafaakoo yedidees.
২৪তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
25 He wode Simmoona geetetza Phixxrossay eqqidii tama ho7ishin hankko asay iza haysoo, ne Yesussa kaallizaytape issa gidikii?” gida. Izika zaaridi “Ta iza kaallizade gidike” giidi kadides.
২৫তাতে চিমোন পিতৰে থিয় হৈ জুই পুৱাই আছিল। তাত থকা মানুহবোৰে তেওঁক সুধিলে, “তুমিও তেওঁৰ শিষ্য সকলৰ মাজৰ এজন নহয় নে?” তেওঁ অস্বীকাৰ কৰি ক’লে, “মই নহয়।”
26 Kase Pixxrossay iza hayththe qanxxiidayssa dabooy qeessista halaqa ashshikaratape issay “wona ta nena akaakilitesoon isttara dishin beeyabeykkina? gidees.
২৬মহা-পুৰোহিতৰ এজন দাসে, যি জনৰ কাণ পিতৰে কাটি পেলাইছিল, তেওঁৰ সমন্ধীয় এজনে ক’লে, “মই তোমাক তেওঁৰ লগত বাগিছাত দেখা নাছিলো নে?”
27 Pixxrossay qassekka kadides, heraka kutooy wasides.
২৭তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
28 Hessafe guye Yesussa Qayahaaththaa keeththafe dere aysiza kawooza gibbe malladoo wonttara ekki bidda. Ayhuda asas pazziga ba77ele dorssa ashsho mizza wode gidida gish bena tunisontta mala giidi malladora dere aysizaysa gibbe gidoo gelibeytena.
২৮ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
29 Hessa gish Philaxoossay gede isttako kezidi “Hayssa addeza inte aazas mootetii?” gidii oychchidees.
২৯এতেকে পীলাতে বাহিৰলৈ গৈ তেওঁলোকক সুধিলে, “তোমালোকে এই মানুহ জনৰ বিপক্ষে কি গোচৰ আনিছা?”
30 Istti qasse “Haysi addeezi iita oosonttade gididako nu iza nes aththi immokoko shin” gida
৩০তেওঁলোকে উত্তৰ দি পীলাতক ক’লে, “এই লোক জন দুষ্কৰ্ম্মী নোহোৱা হ’লে, আপোনাৰ হাতত এওঁক শোধাই নিদিলোহেঁতেন।”
31 Philaxossayka “Inte iza ekki bidi inte woga mala pirditee” gidees. Ayhudata aysizayti qasse zaaridi “Nu ass wodhana mala nuus fiqadey immetibeyna” gides
৩১তেতিয়া পীলাতে তেওঁলোকক ক’লে, “এওঁক লৈ যোৱা তোমালোকৰ বিধানৰ মতে তেওঁৰ সোধ-বিচাৰ কৰা।” ইহুদী সকলে তেওঁক ক’লে, “কাকো প্ৰাণদণ্ড দিবলৈ বিধান অনুসৰি আমাৰ ক্ষমতা নাই।”
32 Hessika haniday Yesussay kase isttas izi waani hayqanakoone yoottida qaalay polistana gishshasko.
৩২কিদৰে তেওঁৰ মৃত্যু হব এই বিষয়ে যীচুৱে যি কথা ইঙ্গিত দিছিল, সেই ধৰণৰে মৰিবলৈ এই ইঙ্গিত সিদ্ধ হ’বলৈ এনে হ’ল।
33 Philaxoosay qasseka guye gibbe gido gelidi Yesussa xeeygisidi “Ne Ayhudata kawoo?” gidii oychchidees.
৩৩এতেকে পীলাতে আকৌ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই গৈ, যীচুক সুধিলে “তুমি ইহুদী সকলৰ ৰজা নে?”
34 Yesussaykka zaaridi “Ne hessa gizay nepeyee woykoo hara asatii ta gish nes yoottdoo?” gides.
৩৪যীচুৱে উত্তৰ দিলে, “তুমি নিজেই এই কথা সুধিছা নে নাইবা অন্য লোকে মোৰ বিষয়ে তোমাক এই কথা সুধিবলৈ ক’লে?”
35 Philaxoossayka “Ta Ayhuda asee? Nena tas aththi immidayti ne baggatanne qeessista halaqattako; ne ayy ooththadii?” gides.
৩৫পীলাতে উত্তৰ দিলে, “মই জানো ইহুদী মানুহ? তোমাৰ নিজৰ জাতিৰ লোক আৰু প্ৰধান পুৰোহিত সকলে মোৰ হাতত তোমাক শোধাই দিলে; তুমি কি কর্ম কৰিলা?”
36 Yesussaykka “Ta kawootethi hayssa ha biita bolla gideena, ta kawootethi hayssa ha biita bolla gididakoo Ayhudata dannata kushshen ta kunddoontta mala ta ashshikarati ta gish olistanakoshin. Ta kawootethi gidikoo ha biita bolla gideena” gides.
৩৬যীচুৱে উত্তৰ দিলে, “মোৰ ৰাজ্য এই জগতৰ নহয়; মোৰ ৰাজ্য এই জগতৰ হোৱা হ’লে ইহুদী সকলৰ হাতত যাতে মোক শোধাই দিব নোৱাৰে তাৰ কাৰণে মোৰ সেৱক সকলে মোক ৰক্ষা কৰিবলৈ প্ৰাণপণে যুদ্ধ কৰিলেহেঁতেন; কিন্তু এতিয়া মোৰ ৰাজ্য ইয়াত নহয়।”
37 Philaxoossayka “Histtin ne kawoo?” gides, Yesussay qasse “Tani ne gidaysa mala ee kawoo, ta yeleetidayne ha biitta yiday tuma gish markkatanasko. Tumape gididay wuri ta qaala siyees” gides.
৩৭তেতিয়া পীলাতে তেওঁক ক’লে, “তেনেহলে তুমি ৰজা নে?” যীচুৱে উত্তৰ দিলে, “মই যে ৰজা হওঁ, ইয়াক তুমিয়েই কৈছা। সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই জন্ম ধৰি এই জগতলৈ আহিলোঁ। যি কোনোৱে এই সত্যৰ পক্ষত আছে, তেওঁলোকে মোৰ কথা শুনে৷”
38 Philaxoossayka “Tumay azee?” gides. Hessafe guye Phiilaxossay namm7enththo Ayhudatako kezzidi “Ta iza bolla ayko bala beyabeyke.
৩৮পীলাতে তেওঁক ক’লে, “সত্য নো কি?” এই কথা সুধি তেওঁ পুনৰ বাহিৰত থকা ইহুদী সকলৰ ওচৰলৈ গৈ তেওঁলোকক ক’লে, “মই এই মানুহ জনৰ একো দোষ দেখা পোৱা নাই৷
39 Gido attin kasseka ta intes paziga ba77ele gaalas issi qachcho ass birshiza mala hayssa Ayhudata kawoo intes birshana mala koyeetii?” gides.
৩৯তোমালোকৰ এটা নিয়ম আছে, সেই নিয়ম অনুসাৰে নিস্তাৰ-পৰ্বৰ সময়ত মই তোমালোকলৈ এজনক এৰি দিব লাগে, তোমালোকৰ যদি ইচ্ছা হয়, তেনেহলে মই তোমালোকলৈ ইহুদী সকলৰ ৰজাক এৰি দিম নে?”
40 Istti gidiko “nus Barbbanne birsha attin hayssa gideena!” giidi wassida. Barbbanney ba hu7es pangga.
৪০তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “এই মানুহ জনক নহয় কিন্তু বাৰাব্বাক এৰি দিয়ক।” সেই ‘বাৰাব্বা’ এজন ডকাইত আছিল।