< Yaqobeppe 5 >
1 Histikko inteno dure asato, ane siiyte. Buro inte bolla gakkana metoza gish yekiite, wu! wu! gi wasiite.
১এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
2 Inte haaroy buqqides, inte mayoykka bil7ay/baday/ mides.
২আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।
3 Inte worqayinne inte biiray shiyides. He shiydaysikka inte bolla marikatesinne inte ashoy tama mala xuugees. Inte wode wurisethas miishshe shiishshidista.
৩আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
4 Inte inte wozinan wothite inte kaththi maxishe pe7idaytas istta wollqa waaga inte qanxxontta aggida gish inte bolla wasishe inte achchan deettes. Kaththi maxizayta wassoy wursi danda7iza Goda haythan gakides.
৪চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
5 Inte biitta bolla ishallonne aloo7etethan deyidista, inte wozina shuka galasas dhiikki handadhathidista.
৫আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।
6 Inte intenara eqetontta xiillo asata bolla worido wothidi wodhiidista.
৬যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে।
7 Hessa gish ta ishato Goday ha yaana gakanas danda7ite. Goshshe goyizadey biittay loo7o kathth kaxxana gakanaas wani danda7izakone balgo/asura/ irane ofintha ira izi wostti naagizako ane akekkite.
৭এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।
8 Inteka hessaththo danda7ite. Inte wozina miinthite. Gaasoykka Goda yussa gallas matides.
৮তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।
9 Ta ishato inte inte garsan zigretopite, inte zigretiko inte bolla piridistana. Piridanadey heko inte penge bolla eqqides.
৯হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
10 Ta ishato Goda sunththan intes yootida nabeta wayetethinne istta danda7a intes lemuso histti xeellite.
১০হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব।
11 Danda7an genccida asata nu istta “IstTi anjjetidayta” gi qoodizayssa inte ereista. Iyobey wanii danda7idakonne inte iza gish siyidista. Goday iza wurisethan ay oothidakone inte beyidista. Goday asas keehi michetizadenne marizadekko.
১১চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
12 Harapeka ta ishato sallon gidin woykko biitta bolla gidin woykko ay mishanka caqqofite; “Ee” gaanas bessiza miishsha gidikko “Ee” giite; “Akaye” gaanas gidiko “Akaye” giite hessafe hara giiko inte bolla pirdistana.
১২কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
13 Inte garisan metotiza uray dizee? Diza gidiko izi wosso. Ufa7etizadey dizee? diza gidiko ufayssa yeethi yeexxo.
১৩আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
14 Inte gidon saketiza assi dizee? diiko wossa keeththa ciimata xeyigo. Isttikka Goda sunththan zayte iza bolla tiyidi izas wosseto.
১৪কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
15 Ammanon wossida wossay hargidade pathana. Godaykka iza denthana. Izi nagara oothidade gidikokka Xoossi iza maarana.
১৫তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
16 Hessa gish intekka inte garisan issay issara inte nagara paxxetite; paxana mala issay issas wossite. Xiillo asa wossay wolliqara dees. Wollqama oothokka ooththees.
১৬এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
17 Elasay nu malaka asekko. Izi iray bukontta mala minthi wossin biitta bolla hezdzdu laythanne bagga gakanaas iray bukiibeyna.
১৭এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
18 Qasseka zaari wossin iray sallope biitta bolla bukides. Biittayka kaath immides.
১৮পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
19 Ta ishato intefe issadey tumape baletin hara uray iza zaariko hessa wozinan wothiite. Nagarancha izi balletida ogepe iza zaaridadey he uray shempo hayqope ashesinne izaade nagara darozaka kammees.
১৯হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
২০তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷