< Kitetidayta Ootho 4 >
1 Phixxirossayne Yanissay asas hasa7an dishin qeessista hallaqatine Xoossa keethth nagizayta hallaqay qassekka saduqqaweti hasa7ay bayndda isttako yida.
১পিতৰ আৰু যোহনে লোক সকলৰ মাজত কথা কৈ থাকোতে মন্দিৰৰ পুৰোহিত, সেনাপতি আৰু চদ্দূকী সকলে তেওঁলোকৰ ওচৰত আহি উপস্থিত হল৷
2 Yiidine kittetidayti asa tammarsizaysasiine Yesussa baggara beettida hayqqidayta denththa gish sabakkizaysas keehi hanqqeetida.
২পিতৰ আৰু যোহনে লোক সকলক যীচুৰ বিষয়ে শিক্ষা দিয়াত আৰু মৃত লোকৰ মাজৰ পৰা যীচুৰ পুনৰুত্থান হোৱা বিষয়তো ঘোষণা কৰি থকাত তেওঁলোক অতি বিৰক্ত হ’ল।
3 Phixxirossane Yanissa oykkidi gadey qammishin wonttana gakkanaas qachcho keeththan ayssida.
৩তেওঁলোকে পিতৰ আৰু যোহনক ধৰিলে আৰু তেতিয়া সন্ধিয়া সময় হোৱা বাবে, পাছদিনা পুৱা নোহোৱালৈকে কাৰাগাৰত বন্দী কৰি থলে।
4 Gido attin qaala siyda asappe dariza baggay ammanides. Ammanzza atuumma asa qooday gede ichchachchu shi gakkanaas dhoqqu gides.
৪কিন্তু যি সকলে শিক্ষা শুনিছিল, তেওঁলোকৰ মাজৰ বহুত মানুহে বিশ্বাস কৰিলে; সেই বিশ্বাসী সকলৰ সংখ্যা হিচাপ কৰোঁতে প্ৰায় পাঁচ হাজাৰ পোৱা গ’ল।
5 Wonttetha gaalas istta halaqatine cimmat qasseka musse woga tammariszzayti yerussalamen shiiqida.
৫পাছদিনা ইহুদী সকলৰ অধিকাৰী, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকল একেলগে যিৰূচালেমত মিলিত হ’ল।
6 Istta qeessista halqqa Hannaynne qayahaaththaay, Yanissay, Iskkindirosaynne qeessista halaqaso asay wuri he gadan beettida.
৬তাতে মহা-পুৰোহিত হানন উপস্থিত আছিল। তেওঁৰ বাহিৰেও কায়াফা, যোহন, আলেকজেন্দাৰ আৰু মহা-পুৰোহিতৰ পৰিয়ালৰ বহুত লোক উপস্থিত আছিল।
7 Isttikka Phixxirossane Yanissa ba giidon aththi essiidi “hayssa inte ooththizay aza wolliqane? woykko oonna sunththane? gidi oychchida.
৭তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”
8 He wode Phixxirossay xiillo ayanan kummidi “inteno dere hallaqato! dere cimmato!
৮তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- “হে লোক সকলৰ শাসনকৰ্তা আৰু পৰিচাৰক সকল,
9 Inte hach ha too siila addezas ooththetida loo7o oosoy wani izi poxxidako inte nuna oychchiza gidiko,
৯আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে সোধ-বিচাৰ কৰি প্রশ্ন সুধিছে নেকি?
10 inte kaqqin Xoossi hayqope denththida nazireete Yesuss kiristtossa sunththan izi paxxidaysane inte sinththan izi eqqidayssas intekka Isra7eele dere asay wuri hayssa errite.
১০সেয়াই যদি হয়, আপোনালোক আৰু ইস্ৰায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তি জন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।
11 Izikka inteni keeththa hiillati kadhi aggida shuchchay ginbbe keethas waanna hu7e gidides.
১১যি শিলক আপোনালোকৰ দৰে ঘৰ সাজোতাই অৱহেলা কৰিলে, সেই যীচু খ্রীষ্টই হৈছে সেই শিল৷ সেই শিলক চুকৰ প্ৰধান শিল কৰা হ’ল।
12 Atootethi hara oonnankka baawa, saloppe garssa baggara nu asa naytti atana mala nus immettiday hayssafe hara sunththi deena” gides.
১২তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই, কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই।”
13 Assaykka Phixxirossayne Yanissay hessaththo xali hasa7izayssa beeyddi isti tammarontta asi gididayssa erridi malaletidane istt kasse Yesussara dizadentta gididayssa akekida.
১৩পিতৰ আৰু যোহনৰ সাহস দেখি আৰু তেওঁলোক লিখা-পঢ়া নজনা লোক বুলি জানিবলৈ পোৱাত, তেওঁলোকে বিস্ময় মানিলে৷ তেওঁলোকে জনিলে যে, পিতৰ আৰু যোহন যীচুৰ লগত আছিল।
14 He paxxida addezi isttara eqqidishin beeyida gish isttas hara oothanas gaassoy dhayides.
১৪সেই সুস্থ হোৱা লোক জন তেওঁলোকৰ মাজত থিয় হৈ থকা দেখি, ইহুদী নেতা সকলে পিতৰ আৰু যোহনৰ বিৰুদ্ধে একো কব নোৱাৰিলে।
15 Hessa gish istta duulatappe kessana mala azazida. Hessafe qassekka shiqeetidi ba garssan zooretida.
১৫তেওঁলোকে পাঁচনি সকলক সভা কক্ষৰ পৰা ওলাই যাবলৈ আজ্ঞা দিলে আৰু নিজৰ মাজতে আলোচনা কৰি ক’লে-
16 Be garssan hizgida “hayta asata wossitino? Yerusalamen diza asay wuri istta kushshen hannida giita malata errides. Hessa gish nu ha yooza asa ballethanas danda7okko.
১৬“এই লোক সকলক লৈ কি কৰা যায়? এওঁলোকে যে এক আচৰিত কাম কৰিলে যিৰূচালেমত থকা সকলোৱে জানিছে আৰু আমিও তাক অস্বীকাৰ কৰিব নোৱাৰোঁ।
17 Gido attin hayssi yoozi dere garsan keehi akkonita malane hayti asati namm7anththo hayssa ha sunththan hara onnaskka yootontta mala isttas loo7eththi yootana.”
১৭কিন্তু মানুহৰ মাজত যেন এই কথা বিয়পি নাযায়, সেই কাৰণে এওঁলোকক এই নামেৰে আন লোকৰ আগত কোনো কথা নকবলৈ আমি সাৱধান কৰি দিওঁহক”।
18 Istta xeeygidinne mulleka Yesuussa sunththan hassa7ontta malane tammarsontta mala azaziida.
১৮তেতিয়া তেওঁলোকে পিতৰ আৰু যোহনক মাতি আনি, যীচুৰ নামেৰে কোনো কথা নকবলৈ আৰু উপদেশ নিদিবলৈ আজ্ঞা দিলে।
19 Phixxirossayne Yanissay qasse zaarid “nuni xoossafe bollara intes azazistanas beesizakonne ane inte Xoossa sinththan pirdite.
১৯কিন্তু পিতৰ আৰু যোহনে উত্তৰত তেওঁলোকক ক’লে- “আপোনালোকেই বিচাৰ কৰি কওক ‘ঈশ্বৰৰ আজ্ঞা অমান্য কৰা বা আপোনালোকৰ আজ্ঞা পালন কৰা’ ইয়াৰ ভিতৰত কোনটো বিষয় আমি পালন কৰা উচিত হব?
20 Nuni nu beeydayssane nu siydayssa hassa7anappe guye gookk” gida.
২০কিয়নো আমি যিবোৰ দেখিলোঁ আৰু শুনিলো, সেই বিষয়বোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ”।
21 Qassekka istta bolla maanddidi yeedida, gasooykka hankko derey wuri hanida yooza gaason wurkka Xoossu galatiza gish istta qaxxayanas danddaibeyetena.
২১পাছত পুনৰবাৰ সতৰ্ক কৰি পিতৰ আৰু যোহনক যাবলৈ এৰি দিলে। কিয়নো তেওঁলোকে পিতৰ আৰু যোহনক শাস্তি দিবলৈ একো উপায় নাপালে, ইয়াৰ উপৰি তেওঁলোকে কৰা কার্যবোৰ দেখি লোক সকলে ঈশ্বৰৰ স্তুতি কৰি আছিল৷
22 He giita malatan paxxida addezas layththi uyddu taammufe bollako.
২২আৰু যি জন লোক সুস্থ হৈছিল, সেই মানু্হজনৰ বয়স চল্লিশ বছৰৰ বেচি আছিল।
23 Phixxirossaynne Yanissay qachchoppe birshetidi gede ba asattako simmidi qeessista halaqatine dere ciimati istta gidaysa wursikka yoottida.
২৩পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গী সকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, পৰিচাৰক সকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে।
24 Isttikka hessa siyida mala ba qaala dhoqqu histtidi isife Xoossakko hizzgi wassiida “Wooga Godo! neni salone sa7a abbane abba giidon dizayta wurssa medhdhadassa.
২৪এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিৱী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই।
25 Ne ashshikkara nus aawa Dawite dunaara Xilo Ayanan “Hankko dere asay aazas hanqqeti denddide? Deerey aazas meella maqqetizee?
২৫তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্ৰ আত্মাৰ দ্বাৰা এই কথা কৈছিলা, জাতিবোৰ কিয় ক্রুদ্ধ হ’ল? সকলো লোকে কিয় অসাৰ চিন্তা কৰে?
26 Biitta kawooti isife gagidi biitta harizayti issi bolla shiqeetida, Goda bollane dooreti tiyetidayssa bolla duullatida”) gides.
২৬ঈশ্বৰ আৰু তেওঁৰ অভিষিক্ত জনৰ বিৰুদ্ধে জগতৰ ৰজা সকল একেলগে উঠিছে, শাসনকর্তা সকল একগোট হৈছে।
27 Tumappe Heridosayne Phanxxossa Philaxossay Isira7elatarane hara dere asaara hanno kaatamayin ne doora tiyida geeshsha naza Yesussa bolla yoo qachchanas shiqetida.
২৭হয়, এই নগৰতে তুমি অভিষিক্ত কৰা তোমাৰ পবিত্ৰ দাস যীচুৰ বিৰুদ্ধে হেৰোদ আৰু পন্তীয় পীলাত; অনা-ইহুদী আৰু ইস্ৰায়েলী সকলৰ সৈতে একেলগ হৈছিল।
28 Haysnkka ne wolqaninne ne sheenen kasse ne qopidaysa isti polida.
২৮তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
29 Godo ha7ikka istta manddetha ne beeya, nuni ne aylleti ne qaala babontta kummetha xallatethara yootana mala dandda7isa.
২৯হে প্ৰভু, এতিয়া তেওঁলোকৰ এই ভীতি প্ৰদৰ্শন শুনা! তোমাৰ দাস সকলক তোমাৰ বাক্য অতি সাহসেৰে কবলৈ অনুগ্রহ দান কৰা।
30 Paththanas ne kushshe mica, ne na geshshaza sunththan gita malata ooththa.
৩০তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
31 Istti woosidappe guye istti dizasoy qaaxides. wurikka Xiillo Ayanan kummidi Xoossa qaala xallatethan yootida.
৩১এনেদৰে প্ৰাৰ্থনা কৰাৰ পাছত, যি ঠাইত তেওঁলোক গোট খাই আছিল; সেই ঠাই কঁপিবলৈ ধৰিলে আৰু সকলোৱে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ’ল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ বাক্য সাহসেৰে কবলৈ ধৰিলে।
32 Ammanizayti wurikka issi wozinaninne issi qoofan gaagi deetes. Istas dizay wursi issi bolla dees attin bess dizaz “haysi tas buzu7a mishsha” gizadey deena.
৩২বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।
33 Kittetidaytikka Goda Yesussa denththa giita wolqan markkateth oykkida, Wuriso bolla giita Xoossa kiyatethi dees.
৩৩পাঁচনি সকলে মহান শক্তিৰ প্ৰভাৱেৰে প্ৰভু যীচুৰ পুনৰুত্থানৰ সাক্ষ্য দিলে আৰু তেওঁলোক সকলোৱে মহা অনুগ্ৰহ প্ৰাপ্ত হল।
34 Istta giidon meetottanchay issadeykka bawa. Gasooykka gade gidin keethe gidin bees diza wursii bayzzi bayzzi shishshida mishshe
৩৪তেওঁলোকৰ মাজত কোনো এজনৰে একো অভাৱ নাছিল, কিয়নো যি সকলৰ ঘৰ-বাৰী বা মাটি আছিল, তেওঁলোকে সেইবোৰ বেচি সেই সম্পত্তিৰ মূল্য আনি পাঁচনি সকলৰ চৰণত থৈছিল।
35 kittetidayta kushshen woththidi issi issi urras izas koshshiza mala gisheetes.
৩৫পাছত বিশ্বাসী সকলৰ যাৰ যেনেকৈ প্ৰয়োজন, তেনেকৈ পাঁচনি সকলে সকলোকে ভগাই দিয়ে।
36 Qophirose geetettizason diza Yossefo geetettizadey issi Lewe bagga assi dees. Izikka kittetidaytan “Barnnabassa” geeteti sumides. Hessas birshechay “minththetho naa” guussikko.
৩৬যোচেফ নামৰ লেবী বংশৰ এজন মানুহ আছিল। তেওঁ কুপ্র দ্বীপৰ পৰা আহিছিল আৰু পাঁচনি সকলে তেওঁক বার্ণব্বা বুলি মাতিছিল। এই নামৰ অর্থ “উৎসাহদাতা”।।
37 Izikka ba gade bayizida miishsha ehiidi kittetidayta kushshen wooththides.
৩৭যোচেফৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি পোৱা ধন পাঁচনি সকলৰ চৰণত আনি থলে।