< Psaumes 128 >
১ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
2 Parce que tu mangeras le fruit de tes travaux, tu es bien heureux, et bien te sera encore.
২তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।
3 Ta femme sera comme une vigne féconde dans l’intérieur de ta maison: Tes enfants, comme de jeunes plants d’oliviers, autour de ta table.
৩তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।
4 Ainsi sera béni l’homme qui craint le Seigneur.
৪এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
5 Que le Seigneur te bénisse de Sion, et que tu voies les biens de Jérusalem, tous les jours de ta vie.
৫যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
6 Et que tu voies les fils de tes fils, la paix sur Israël.
৬এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইস্ৰায়েলৰ ওপৰত শান্তি হওক।