< Jérémie 1 >
1 Paroles de Jérémie, fils d’Helcias, un des prêtres qui demeuraient à Anathoth, dans la terre de Benjamin.
১এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল।
2 Parole du Seigneur qui lui fut adressée dans les jours de Josias, fils d’Amon, roi de Juda, en la treizième année de son règne.
২যিহূদা দেশৰ ৰজা আমোনৰ পুত্ৰ যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰ ধৰি যিহোৱাই তেওঁৰ এই বাক্যবোৰ যিৰিমিয়ালৈ দিবলৈ আৰম্ভ কৰিছিল।
3 Elle lui fut aussi adressée dans les jours de Joakim, fils de Josias, roi de Juda, jusqu’à la fin de la onzième année de Sédécias, fils de Josias, roi de Juda, jusqu’à la transmigration de Jérusalem, au cinquième mois,
৩যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।
4 Elle me fut donc adressée la parole du Seigneur, disant:
৪এদিনাখন যিহোৱাই এই বাক্য মোলৈ দিছিল:
5 Avant que je t’eusse formé dans le sein de ta mère, je t’ai connu, et avant que tu fusses sorti de ses entrailles, je t’ai sanctifié, et je t’ai établi prophète parmi les nations.
৫বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।”
6 Et je dis: A, a, a, Seigneur Dieu; voyez, je ne sais point parler, parce que moi, je suis un enfant.
৬তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
7 Et le Seigneur me dit: Ne dis pas: Je suis un enfant, puisque partout où je t’enverrai, ta iras; et que tout ce que je te commanderai, tu le diras.
৭যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব।
8 Ne crains pas à cause d’eux, parce que moi, je suis avec toi, afin que je te délivre, dit le Seigneur.
৮তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
9 Et le Seigneur étendit sa main, et toucha ma bouche; et le Seigneur me dit: Voilà que j’ai mis ma parole en ta bouche.
৯তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;
10 Voilà qu’aujourd’hui je t’ai établi sur les nations et sur les royaumes, afin que tu arraches et que tu détruises, et que tu perdes et que tu dissipes, et que tu édifies et que tu plantes.
১০চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰুবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।
11 Et la parole du Seigneur me fut encore adressée, disant: Que vois-tu, toi, Jérémie? Et je dis: Je vois une verge qui veille.
১১তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তাতে মই ক’লোঁ, “বাদাম গছৰ এডাল ডাল দেখিছোঁ।”
12 Et le Seigneur me dit: Tu as bien vu, parce que je veillerai sur ma parole, afin que je l’accomplisse.
১২যিহোৱাই ক’লে, “ঠিকেই দেখিছা। কিয়নো ‘বাদাম’ শব্দটো ‘সজাগতা’ শব্দটোৰ লগত মিল আছে, অৰ্থাৎ যি ঘটিবলৈ আছে মই তালৈ সজাগ হৈ আছোঁ, আৰু জাতিবোৰ ধ্বংশ হোৱাৰ বাবে মোৰ বাক্য সিদ্ধ কৰিবলৈ সজাগে আছোঁ।”
13 Et la parole du Seigneur me fut adressée une seconde fois, disant: Que vois-tu, toi? Et je dis: Je vois une marmite bouillante, et sa face venant de la face de l’aquilon.
১৩তেতিয়া পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “এতিয়া তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই এটা ঘূৰণীয়া পাত্র দেখিছোঁ য’ত উতলি থকা পানীৰে পৰিপূৰ্ণ হৈ আছে। দক্ষিণ ফালৰ পৰা তাৰ মুখ ফালে কাতি হৈ আছে।”
14 Et le Seigneur me dit: C’est de l’aquilon que se déploiera le mal sur tous les habitants de la terre;
১৪যিহোৱাই উত্তৰ দি ক’লে, “হয়! ইয়াৰ অৰ্থ হ’ল, ঘূৰণীয়া পাত্রৰ পৰা উতলা পানী ঢলাৰ দৰে, উত্তৰ দিশৰ পৰা এই আটায় দেশ-নিবাসীলৈ অমঙ্গলৰে বিয়পি পৰিব।
15 Parce que voici que moi, je convoquerai toutes les familles des royaumes de l’aquilon, dit le Seigneur; et elles viendront, et elles établiront chacune son trône à l’entrée des portes de Jérusalem, et sur tous ses murs à l’entour, et dans toutes les villes de Juda.
১৫মই কি কৈ আছোঁ, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালেমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব।
16 Et je leur dirai mes jugements sur toute la malice de ceux qui m’ont délaissé, qui ont fait des libations à des dieux étrangers et ont adoré l’ouvrage de leurs mains.
১৬তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে নির্মান কৰা মূর্তিৰ আগত প্ৰণিপাত কৰিছে!
17 Toi donc, ceins tes reins, et lève-toi, et dis-leur tout ce que moi, je te commande. Ne crains pas devant leur face; car je ferai que tu ne craignes pas leur visage.
১৭এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
18 Car c’est moi qui t’ai établi aujourd’hui comme une ville fortifiée, et une colonne de fer, et un mur d’airain sur toute la terre, contre les rois de Juda, ses princes, et ses prêtres et son peuple.
১৮কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ।
19 Et ils combattront contre toi, et ne prévaudront point, parce que moi je suis avec toi, dit le Seigneur, afin que je te délivre.
১৯তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”