< 2 Chroniques 35 >
1 Et Josias fit à Jérusalem une Pâque à l'Éternel, et on immola la Pâque le quatorzième jour du premier mois.
১পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।
2 Et il établit les Prêtres dans leurs fonctions et les encouragea pour le service du Temple de l'Éternel.
২তেওঁ পুৰোহিত সকলক তেওঁলোকৰ নিজ নিজ কৰিব লগীয়া কামত লগালে আৰু যিহোৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আস্বাস দিলে।
3 Et il dit aux Lévites qui enseignaient tout Israël, étant consacrés à l'Éternel: Placez l'Arche sainte dans le Temple bâti par Salomon, fils de David, roi d'Israël; vous n'avez plus à en charger votre épaule. Maintenant servez l'Éternel, votre Dieu, et son peuple d'Israël,
৩আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
4 et tenez-vous prêts, par maison patriarcale et par classe, suivant le rescrit de David, roi d'Israël, et suivant le rescrit de Salomon, son fils.
৪আৰু তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ ৰজা দায়ূদে লিখা আৰু তেওঁৰ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা।
5 Et tenez-vous dans le Sanctuaire selon les sections des maisons patriarcales de vos frères, des fils du peuple, et selon la classification de la maison patriarcale des Lévites;
৫আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃ-বংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা; লোকসকলৰ প্ৰত্যেক অংশৰ বাবে লেবীয়াসকলৰ পিতৃ-বংশৰ এক এক অংশ হ’ব।
6 et immolez la Pâque et mettez-vous dans l'état de sainteté, et préparez-la à vos frères pour vous conformer à la parole de l'Éternel prononcée par l'organe de Moïse.
৬তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”
7 Et Josias fit pour les enfants du peuple un don d'agneaux et de chevreaux (le tout pour victimes pascales pour tous ceux qui étaient présents) au nombre de trente mille et de trois mille taureaux, le tout pris dans la propriété du roi.
৭যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।
8 Et les princes firent un don spontané au peuple, aux Prêtres et aux Lévites. Hilkia et Zacharie et Jehiel, primiciers de la Maison de Dieu, donnèrent au peuple pour victimes pascales deux mille six cents [agneaux] et trois cents bœufs.
৮আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
9 Et Chanania et Semaïa et Nethaneël, ses frères et Hasabia et Jehiel et Jozabad, chefs des Lévites, firent aux Lévites pour victimes pascales un don de cinq mille agneaux et de cinq cents bœufs.
৯আৰু লেবীয়াসকলৰ অধ্যক্ষ কননিয়া আৰু তেওঁৰ দুজন ভায়েক চময়িয়া আৰু নথনেল আৰু হচবিয়া, যিয়ীয়েল অাৰু যোজাবদ, তেওঁলোকে লেবীয়াসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে পাঁচ হাজাৰ ভেড়া ও ছাগলী পোৱালি আৰু পাঁচশ ভতৰা দিলে।
10 Ainsi fut organisé le service, et les Prêtres se placèrent à leur poste, et les Lévites d'après leurs classes, suivant l'ordre du roi.
১০এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
11 Et [les Lévites] immolèrent la Pâque et les Prêtres firent l'aspersion avec le sang reçu de leurs mains, et les Lévites dépouillèrent.
১১পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।
12 Et ils mirent à part les holocaustes pour les distribuer aux sections des maisons patriarcales des enfants du peuple pour les sacrifier à l'Éternel selon ce qui est écrit dans le livre de Moïse; et de même quant aux taureaux.
১২মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
13 Et ils firent rôtir la Pâque au feu selon le rite, et les quartiers consacrés ils les firent cuire dans des marmites, des chaudières et des poêles, et de suite les distribuèrent à tous les enfants du peuple.
১৩পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
14 Et ensuite ils apprêtèrent pour eux et les Prêtres, car les Prêtres, fils d'Aaron, assistèrent au sacrifice des holocaustes et des graisses jusque dans la nuit; les Lévites apprêtèrent donc pour eux et les Prêtres, fils d'Aaron.
১৪পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
15 Et les chantres, fils d'Asaph, étaient à leur poste selon l'ordre de David et d'Asaph et d'Heiman et de Jeduthun, Voyant du roi, et les portiers à chaque porte; ils n'avaient pas à interrompre leur service, parce que leurs frères, les Lévites, apprêtaient pour eux.
১৫আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।
16 Ainsi fut organisé tout le service de l'Éternel en cette journée pour immoler la Pâque et offrir les holocaustes sur l'autel de l'Éternel, selon l'ordre du roi Josias.
১৬এইদৰে ৰজা যোচিয়াৰ আজ্ঞা অনুসাৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আৰু যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত হোম ৰাখিবলৈ যিহোৱাৰ সকলো সেৱকীয়া কাম সেই দিনাই পৰিপাটিকৈ কৰা হ’ল।
17 Et les enfants d'Israël, présents, célébrèrent la Pâque en ce temps-là et la fête des azymes pendant sept jours.
১৭এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
18 Et il ne s'était pas célébré de Pâque pareille en Israël depuis l'époque de Samuel, le prophète, et de tous les rois d'Israël aucun n'avait célébré une Pâque pareille à la Pâque célébrée par Josias, et les Prêtres et les Lévites et tout Juda et Israël, présents, et les habitants de Jérusalem.
১৮চমূৱেল ভাববাদীৰ দিনৰে পৰা ইস্ৰায়েলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব কেতিয়াও পালন কৰা নাছিল; আনকি যোচিয়া, পুৰোহিসকল, লেবীয়াসকল, উপস্থিত হোৱা গোটেই যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল আৰু যিৰূচালেম-নিবাসীসকলে যেনেকৈ নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, ইস্ৰায়েলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল।
19 Ce fut dans la dix-huitième année du règne de Josias que cette Pâque fut célébrée.
১৯যোচিয়াৰ ৰাজত্বৰ অষ্টাদশ বছৰলৈকে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
20 Après tout cela, comme Josias avait mis en état le Temple, s'avança Nécho, roi d'Egypte, pour attaquer Charchemis sur l'Euphrate, et Josias marcha à sa rencontre.
২০এই সকলোৰে পাছত যোচিয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত, মিচৰৰ ৰজা নখোৱে ফৰাৎ নদীৰ ওচৰত থকা কৰ্কমীচত যুদ্ধ কৰিবলৈ আহিল, আৰু যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
21 Et il envoya à celui-ci des messagers pour lui dire: Qu'ai-je à démêler avec toi, roi de Juda? Ce n'est pas à toi que j'en veux, pas à toi aujourd'hui, mais c'est à une [autre] maison que je porte la guerre, et Dieu a dit que je dois me hâter. Ne t'attaque donc pas au Dieu qui est avec moi, de peur qu'il ne t'écrase.
২১কিন্তু নখোৱে তেওঁৰ দূত পঠিয়াই কৈ পঠিয়ালে, বোলে, “হে যিহূদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই; কিন্তু যি বংশৰ লগত মোৰ ৰণ হ’ব, তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ৷ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে, মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে, তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা।”
22 Mais Josias ne détourna point sa face de lui, au contraire, pour en venir aux mains avec lui, il se travestit, sans écouter les discours de Nécho, qui émanaient de la bouche de Dieu, et il se présenta au combat dans la vallée de Megiddo.
২২তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
23 Et les tireurs tirèrent sur le roi Josias, et le roi dit à ses serviteurs: Emmenez-moi, car je suis grièvement blessé.
২৩তাতে ধনুৰ্দ্ধৰসকলে ৰজা যোচিয়ালৈ কাঁড় মাৰি আঘাত কৰিলে, তেতিয়া ৰজাই তেওঁৰ দাসবোৰক ক’লে, “মোক আঁতৰাই নিয়া; কিয়নো মই বেয়াকৈ আঘতপ্ৰাপ্ত হলোঁ।”
24 Et ses serviteurs l'enlevèrent de son char, et le transportèrent sur son second char et l'amenèrent à Jérusalem. Et il mourut, et il reçut la sépulture dans les tombeaux de ses pères, et tout Juda et Jérusalem célébrèrent le deuil de Josias.
২৪তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।
25 Et Jérémie composa une complainte sur Josias. Et tous les chantres et toutes les chanteresses ont fait mention de Josias dans leurs complaintes jusqu'aujourd'hui, et en établirent la coutume en Israël; elles sont d'ailleurs transcrites dans Les Complaintes.
২৫আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
26 Le reste des actes de Josias et ses actions pieuses conformes à ce qui est écrit dans la Loi de l'Éternel, et ses faits,
২৬যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ
27 les premiers et les derniers, sont d'ailleurs consignés dans le livre des rois d'Israël et de Juda.
২৭আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।