< 1 Chroniques 16 >
1 Et ils introduisirent l'Arche de Dieu et la placèrent au centre de la Tente que lui avait dressée David, et ils offrirent des holocaustes et des sacrifices pacifiques en la présence de Dieu.
১তেওঁলোকে ঈশ্বৰৰ নিয়ম-চন্দুক বৈ আনিলে আৰু দায়ূদে নিয়ম-চন্দুকৰ বাবে তৰা তম্বুৰ মাজত ৰাখিলে। তাৰ পাছত ঈশ্বৰৰ সাক্ষাতে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰিলে।
2 Et après avoir achevé l'oblation des holocaustes et des sacrifices pacifiques, David bénit le peuple au nom de l'Éternel.
২দায়ূদে হোম-বলি আৰু সমজুৱা বলি উৎসৰ্গ কৰি শেষ কৰাৰ পাছত, তেওঁ যিহোৱাৰ নামেৰে লোকসকলক আশীৰ্ব্বাদ কৰিলে।
3 Et il distribua à tous les Israélites, et hommes et femmes, à chacun, une galette de pain et une ration [de vin] et de raisins secs.
৩তেওঁ ইস্ৰায়েলৰ সকলো লোকক, পুৰুষ আৰু মহিলাৰ মাজত এটাকৈ পিঠা, এটুকুৰাকৈ মাংস, আৰু এটাকৈ কিচমিচৰ পিঠা ভগাই দিলে।
4 Et il plaça devant l'Arche de l'Éternel des Lévites comme desservants et pour célébrer et pour louer et magnifier l'Éternel, Dieu d'Israël:
৪দায়ূদে যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ গুণ গাবলৈ, আৰু তেওঁৰ ধন্যবাদ-প্ৰশংসা কৰিবলৈ, লেবীয়াসকলৰ কেইজনমানক নিযুক্ত কৰিলে।
5 Asaph, comme chef, et Zacharie, comme son second, Jeïel et Semiramoth et Jehiel et Matthithia et Eliab et Benaïa et Obed-Edom et Jeïel avec des harpes et des luths, et Asaph faisant résonner les cymbales;
৫সেই লেবীয়াসকলৰ মাজত প্ৰধান আছিল আচফ। তেওঁৰ পাছত জখৰিয়া, যিয়ীয়েল, চমীৰামোৎ, যিহীয়েল, মত্তিথিয়া, ইলীয়াব, বনায়া, ওবেদ-ইদোম, আৰু যিয়ীয়েল, এওঁলোকে বেহেলা আৰু বীণা বজাইছিল। আচফে মহা-ধ্বনিৰে তাল বজাইছিল,
6 et Benaïa et Jahaziel, Prêtres, sonnant constamment des trompettes devant l'Arche d'alliance de Dieu.
৬যহজীয়েল আৰু বনায়া, এই দুজন পুৰোহিতে যিহোৱাৰ নিয়ম-চন্দুকৰ আগত প্রতিদিনে শিঙা বজাইছিল।
7 En ce jour, alors pour la première fois, David chargea Asaph et ses frères de rendre grâces à l'Éternel.
৭তাৰ পাছত সেই দিনাই দায়ুদে যিহোৱাক ধন্যবাদ দিবৰ বাবে এই গীত গাবলৈ আচফ আৰু তেওঁৰ ভাইসকলক নিযুক্ত কৰিলে।
8 Louez l'Éternel, invoquez son Nom! Publiez ses exploits parmi les peuples!
৮যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰা; জাতি সমূহৰ মাজত কৰা তেওঁৰ কাৰ্যবোৰ জনোৱা।
9 Célébrez-le par vos chants et vos accords! Chantez toutes ses merveilles!
৯তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ মহিমা কৰা; তেওঁৰ সকলো আচৰিত কাৰ্যবোৰ কোৱা।
10 Glorifiez-vous de son saint Nom! Qu'ils aient le cœur joyeux ceux qui cherchent l'Éternel!
১০তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰা সকলৰ মনে আনন্দ কৰক।
11 Méditez sur l'Éternel et sa puissance! Cherchez sans cesse sa présence!
১১যিহোৱাক বিচাৰা আৰু তেওঁৰ শক্তিক বিচাৰা; সদায় তেওঁৰ উপস্থিতি বিচাৰা।
12 Pensez aux merveilles qu'il a faites, à ses prodiges et aux jugements émanés de sa bouche,
১২তেওঁ কৰা আচৰিত কৰ্মবোৰ সোঁৱৰণ কৰা, তেওঁৰ অদ্ভুত কাম আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ সোৱঁৰা।
13 Race d'Israël, son serviteur, enfants de Jacob, ses élus.
১৩তেওঁৰ দাস ইস্ৰায়েলৰ বংশধৰসকল, তেওঁৰ মনোনীত সকলৰ মাজৰ এজন যাকোবৰ লোক,
14 Lui, l'Éternel! Il est notre Dieu, ses jugements embrassent toute la terre.
১৪তেওঁ যিহোৱা, আমাৰ ঈশ্ৱৰ। তেওঁৰ শাসন-প্ৰণালী সকলো পৃথিৱীত প্ৰচলিত।
15 Pensez toujours à son alliance, parole qu'il a promulguée pour mille générations,
১৫তোমালোকে তেওঁৰ নিয়মটি চিৰদিনলৈকে মনত ৰাখা, এক হাজাৰ পুৰুষক তেওঁৰ বাক্য আজ্ঞা কৰা।
16 qu'Il a conclue avec Abraham, et au serment qu'il a fait à Isaac;
১৬তেওঁ অব্ৰাহামৰ লগত স্থাপন কৰা নিয়ম, আৰু ইচহাকলৈ কৰা শপত তোমালোকে সোঁৱৰণ কৰা।
17 et il a érigée pour Jacob en statut, et pour Israël en alliance éternelle,
১৭আৰু এইদৰে তেওঁ যাকোবৰ বাবে এটা বিধান স্থিৰ কৰিলে, আৰু ইস্ৰায়েলৰ কাৰণে এটা অনন্তকাল স্থায়ী নিয়ম স্থিৰ কৰিলে।
18 disant: Je te donnerai la terre de Canaan comme votre lot d'héritage;
১৮তেওঁ ক’লে, “মই তোমাক কনান দেশ দিম, তোমাৰ স্বত্ব থকা আধিপত্য দিম।”
19 alors vous étiez encore un petit nombre, peu considérables et étrangers dans le pays.
১৯মই কৈছিলোঁ সেই সময়ত তোমালোকৰ সদস্য কম আছিল, সেয়ে অতি তাকৰ, আৰু দেশত প্ৰবাসী আছিলা।
20 Ils émigraient de nation en nation, d'un royaume chez un autre peuple:
২০তেওঁলোক এক দেশৰ পৰা আন দেশলৈ, এক ৰাজ্যৰ পৰা আন ৰাজ্যলৈ
21 Il ne permettait à personne de les opprimer, et à cause d'eux Il châtia des rois:
২১তেওঁ তেওঁলোকক অত্যাচাৰ কৰিবলৈ কাকো নিদিলে; তেওঁ তেওঁলোকৰ বাবে ৰজা সকলকো শাস্তি দিছিল।
22 Ne touchez pas à mes oints, et ne maltraitez pas mes prophètes!
২২তেওঁ কৈছিল, “তোমালোকে মোৰ অভিষিক্ত সকলক নুচুবা, আৰু মোৰ ভাববাদী সকলৰ কোনো অনিষ্ট নকৰিবা।”
23 Chantez à l'Éternel, vous tous les habitants de la terre! Annoncez son salut de jour en jour.
২৩হে সমস্ত পৃথিৱী, যিহোৱাৰ উদ্দেশে গীত গোৱা; প্রতিদিনে তেওঁৰ পৰিত্ৰাণ ঘোষণা কৰা।
24 Racontez parmi les nations sa gloire, parmi tous les peuples ses merveilles!
২৪জাতি সমূহৰ মাজত, তেওঁৰ গৌৰৱ প্ৰকাশ কৰা, জাতি সমূহৰ মাজত তেওঁৰ আচৰিত কৰ্ম ঘোষণা কৰা।
25 Car l'Éternel est grand et digne d'une grande louange, et plus redoutable que tous les dieux;
২৫কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক।
26 car tous les dieux des peuples sont des idoles, et l'Éternel a fait les cieux.
২৬কাৰণ জাতি সকলৰ সকলো দেৱতাবোৰ প্রতিমা মাথোন, কিন্তু তেওঁ যিহোৱা যি জনে আকাশ-মণ্ডল সৃষ্টি কৰিলে।
27 Devant sa face, c'est splendeur et majesté, gloire et allégresse dans sa demeure.
২৭মহিমা আৰু প্ৰতাপ তেওঁৰ সাক্ষাতে আছে। তেওঁৰ স্থানত শক্তি আৰু আনন্দ থাকে।
28 Tribus des peuples, rendez à l'Éternel, rendez à l'Éternel l'honneur et la louange!
২৮জাতি সমূহৰ লোকসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে গৌৰৱ আৰু শক্তি আৰোপ কৰা। যিহোৱাৰ উদ্দেশে গৌৰৱ আৰু শক্তি দিয়া;
29 rendez à l'Éternel l'honneur dû à son Nom! apportez des offrandes et venez devant lui! Adorez l'Éternel avec une pompe sainte!
২৯যিহোৱাৰ উদ্দেশে তেওঁৰ নাম গৌৰৱ কৰা। তেওঁৰ আগত উপহাৰ লৈ আহাঁ। পবিত্ৰতাৰে বিভূষিত হৈ যিহোৱাৰ আগত আঁঠুকাঢ়া।
30 Tremblez devant lui, vous toutes les contrées! le monde est ferme et ne chancelle pas.
৩০সমস্ত পৃথিৱী, তেওঁৰ আগত কম্পমান হোৱা। পৃথিৱী খনো লৰচৰ নোহোৱাকৈ স্থাপিত হৈছে।
31 Que les cieux se réjouissent et que la terre tressaille! qu'on dise parmi les peuples: L'Éternel règne!
৩১আকাশ-মণ্ডল আনন্দ কৰক, আৰু পৃথিৱীও উল্লাসিত হওক; জাতি সমূহৰ মাজত তেওঁলোকে কওঁক, “যিহোৱাই ৰাজত্ব কৰিছে।”
32 Que la mer s'émeuve avec tout ce qu'elle enserre! que les campagnes s'égayent avec tout ce qui les couvre!
৩২সমুদ্ৰ আৰু তাৰ সকলোৱে গৰ্জ্জন কৰক; আৰু যিবোৰে তাক পূৰ্ণ কৰে, সেইবোৰেও উচ্চস্বৰে আনন্দ কৰক। পথাৰবোৰ আৰু তাত থকা সকলোৱেও আনন্দ কৰক।
33 que les arbres des forêts acclament l'Éternel, car Il vient pour juger la terre.
৩৩তেতিয়া কাঠনিৰ সকলো গছবোৰে যিহোৱাৰ সাক্ষাতে উচ্ছস্বৰে আনন্দ কৰিব, কাৰণ তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে।
34 Louez l'Éternel, car Il est bon, car sa miséricorde est éternelle;
৩৪যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে।
35 et dites: Sauve-nous, ô notre Dieu sauveur, recueille et retire-nous du milieu des peuples, pour que nous chantions ton saint Nom, que nous fassions gloire de te louer!
৩৫আৰু কোৱা, “হে আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰ, আমাক উদ্ধাৰ কৰা। তোমাৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিবলৈ, তোমাৰ প্ৰশংসাত জয়-ধ্বনি কৰিবলৈ; আমাক একলগ কৰি আন জাতিবোৰৰ পৰা আমাক উদ্ধাৰ কৰা। যাতে আমি আপোনাৰ পবিত্র নামত ধন্যবাদ কৰিব পাৰোঁ আৰু আপোনাৰ প্রশংসাত মহিমা কৰিব পাৰোঁ।
36 Béni soit l'Éternel, Dieu d'Israël, de l'éternité a l'éternité! et que tout le peuple dise: Ainsi soit-il! Alléluia!
৩৬ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওক। অনাদি কালৰ পৰা অনন্ত কাললৈকে।” তেতিয়া সকলো লোকে ক’লে, “আমেন” আৰু যিহোৱাৰ প্ৰশংসা কৰিলে।
37 Et il laissa là devant l'Arche d'alliance de l'Éternel Asaph et ses frères, pour faire devant l'Arche le service ordinaire, quotidien;
৩৭প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে নিয়ম-চন্দুকৰ আগত একেৰাহে পৰিচৰ্যা কৰিবলৈ, তেওঁ আচফক আৰু তেওঁৰ ভাইসকলক যিহোৱাৰ নিয়ম-চন্দুকৰ সন্মূখত ৰাখিলে।
38 et Obed-Edom [et Hosa] et leurs frères au nombre de soixante-huit, et Obed-Edom, fils de Jeduthun, et Hosa comme portiers.
৩৮ওবেদ-ইদোমৰ লগত তেওঁলোকৰ আঠষষ্টি জন সম্পৰ্কীয় লোকক ভুক্ত কৰা হ’ল, যিদূথূনৰ পুত্ৰ ওবেদ-ইদোম আৰু লগতে হোচা দুৱৰী হ’ল।
39 Et il laissa Tsadoc, le Prêtre, et ses frères les Prêtres devant la Résidence de l'Éternel sur la hauteur de Gabaon
৩৯চাদোক পুৰোহিত, আৰু লগৰীয়া পুৰোহিতসকল গিবিয়োনৰ ওখ ঠাইত যিহোৱাৰ আবাসৰ আগত পৰিচৰ্যা কৰিলে।
40 pour offrir des holocaustes à l'Éternel sur l'autel aux holocaustes, à l'ordinaire, matin et soir, selon tout le texte de la Loi de l'Éternel, par Lui prescrite à Israël,
৪০হোম-বেদিৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে একেৰাহে ৰাতিপুৱা আৰু গধূলি হোম-বলি উৎসৰ্গ কৰিছিল, এইসকলো যিহোৱাই লিখাৰ দৰে কাৰ্য কৰিবলৈ ইস্ৰায়েলক যিহোৱাই আজ্ঞা কৰিছিল।
41 et avec eux Heiman et Jeduthun et les autres élus nommément désignés pour rendre grâces à l'Éternel de ce que sa miséricorde est éternelle;
৪১যিহোৱাক ধন্যবাদ দিবলৈ, হেমন, আৰু যিদূথূন লগত নামেৰে মনোনীত অৱশিষ্ট লোকসকলক একেলগে ৰাখিলে, কাৰণ “যিহোৱাৰ দয়া চিৰকাললৈকে থাকে,”
42 et avec eux Heiman et Jeduthun pour faire résonner les trompettes et les cymbales et les instruments de musique de Dieu, et les fils de Jeduthun comme portiers.
৪২হেমন আৰু যিদূথূন তূৰী, তাল আৰু ঈশ্বৰীয় বাদ্যযন্ত্ৰসমূহ বজোৱাসকলৰ তত্ত্ৱাৱধানত আছিল। যিদূথূনৰ পুত্ৰসকল দুৱাৰ ৰখীয়া কৰিছিল।
43 Et tout le monde se retira, chacun dans sa maison, et David s'en retourna pour bénir sa maison.
৪৩তাৰ পাছত সকলো লোক নিজৰ নিজৰ ঘৰলৈ উভটি আহিল, আৰু দায়ূদেও নিজৰ পৰিয়ালসকলক আশীৰ্ব্বাদ কৰিবলৈ উভতি আহিল।