< Psaumes 148 >

1 Louez l'Eternel. Louez des cieux l'Eternel; louez-le dans les hauts lieux.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।
2 Tous ses Anges, louez-le; toutes ses armées, louez-le.
হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
3 Louez-le, vous soleil et lune; toutes les étoiles qui jetez de la lumière, louez-le.
হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
4 Louez-le, vous cieux des cieux; et [vous] eaux qui êtes sur les cieux.
হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা!
5 Que ces choses louent le Nom de l’Eternel; car il a commandé, et elles ont été créées.
সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
6 Et il les a établies à perpétuité [et] à toujours; il y a mis une ordonnance qui ne passera point.
তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
7 Louez de la terre l'Eternel; [louez-le], baleines, et tous les abîmes,
হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
8 Feu et grêle, neige, et vapeur, vent de tourbillon, qui exécutez sa parole,
হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!
9 Montagnes, et tous coteaux, arbres fruitiers, et tous cèdres,
হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!
10 Bêtes sauvages, et tout bétail, reptiles, et oiseaux qui avez des ailes,
১০হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!
11 Rois de la terre, et tous peuples, Princes, et tous Gouverneurs de la terre.
১১হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!
12 Ceux qui sont à la fleur de leur âge, et les vierges aussi, les vieillards, et les jeunes gens.
১২হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
13 Qu'ils louent le Nom de l’Eternel; car son Nom seul est haut élevé; sa Majesté est sur la terre, [et] sur les cieux.
১৩এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
14 Et il a fait lever en haut une corne à son peuple, [ce qui est] une louange à tous ses bien-aimés, aux enfants d'Israël, qui est le peuple qui est près de lui. Louez l'Eternel.
১৪তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Psaumes 148 >