< 1 Chroniques 26 >
1 Voici les classes des portiers. Des Koréites: Meschélémia, fils de Koré, d’entre les fils d’Asaph.
১দুৱৰী সকলৰ বিভাগসমূহ তলত দিয়া হ’ল: কোৰহীয়া সকলৰ পৰা, কোৰিৰ পুত্ৰ মচেলেমিয়া আচফৰ এজন বংশধৰ আছিল।
2 Fils de Meschélémia: Zacharie, le premier-né, Jediaël le second, Zebadia le troisième, Jathniel le quatrième,
২মচেলেমিয়াৰ পুত্র সকল: প্রথম পুত্র জখৰিয়া, দ্বিতীয় যিদীয়েল, তৃতীয় জবদিয়া, চতুৰ্থ যৎনীয়েল,
3 Élam le cinquième, Jochanan le sixième, Éljoénaï le septième.
৩পঞ্চম এলম, ষষ্ঠ যোহোহানন, আৰু সপ্তম ইলিহোঐনয়।
4 Fils d’Obed-Édom: Schemaeja, le premier-né, Jozabad le second, Joach le troisième, Sacar le quatrième, Nethaneel le cinquième,
৪ওবেদ-ইদোমৰ পুত্র সকল: প্রথম পুত্র চময়িয়া, দ্বিতীয় যিহোজাবদ, তৃতীয় যোৱাহ, চতুৰ্থ চাখৰ, পঞ্চম নথনেল,
5 Ammiel le sixième, Issacar le septième, Peulthaï le huitième; car Dieu l’avait béni.
৫ষষ্ঠ অম্মীয়েল, সপ্তম ইচাখৰ, আৰু অষ্টম পিয়ুলতয়, কাৰণ ঈশ্বৰে ওবেদ-ইদোমক আশীৰ্ব্বাদ কৰিছিল।
6 A Schemaeja, son fils, naquirent des fils qui dominèrent dans la maison de leur père, car ils étaient de vaillants hommes;
৬তেওঁৰ পুত্র চময়িয়াৰ কেইজনো পুত্র জন্মিল; তেওঁলোকে নিজৰ পৰিয়াল সকলক শাসন কৰিছিল; তেওঁলোক বহুতো দক্ষতা সম্পন্ন লোক আছিল।
7 fils de Schemaeja: Othni, Rephaël, Obed, Elzabad et ses frères, hommes vaillants, Élihu et Semaeja.
৭চময়িয়াৰ পুত্র সকল হ’ল অৎনী, ৰফায়েল, ওবেদ, আৰু ইলজাবদ। তেওঁৰ সম্পৰ্কীয় ইলীহু ও চমখিয়াও বহুতো দক্ষতা সম্পন্ন লোক আছিল।
8 Tous ceux-là étaient des fils d’Obed-Édom; eux, leurs fils et leurs frères, étaient des hommes pleins de vigueur et de force pour le service, soixante-deux d’Obed-Édom.
৮এওঁলোক সকলোৱেই ওবেদ-ইদোমৰ বংশধৰ আছিল। তেওঁলোক, তেওঁলোকৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল ঈশ্বৰৰ আবাসৰ পৰিচৰ্যাৰ তেওঁলোকৰ কাম কৰাত সক্ষম লোক আছিল। তেওঁলোকৰ মাজৰ বাষষ্টি জন ওবেদ-ইদোমৰ সম্পৰ্কীয় আছিল।
9 Les fils et les frères de Meschélémia, hommes vaillants, étaient au nombre de dix-huit.
৯মচেলেমিয়াৰ পুত্র সকল আৰু সম্পৰ্কীয় সকল, সক্ষম লোকসকল, সৰ্বমুঠ ওঠৰ জন আছিল।
10 Des fils de Merari: Hosa, qui avait pour fils: Schimri, le chef, établi chef par son père, quoiqu’il ne fût pas le premier-né,
১০মৰাৰীৰ এজন বংশধৰ হোচাৰ পুত্র সকল: চিম্ৰী এজন নেতা, যদিও তেওঁ প্রথম পুত্র নাছিল, তথাপিও তেওঁৰ পিতৃয়ে তেওঁক নেতৃত্বৰ ভাৰ দিছিল,
11 Hilkija le second, Thebalia le troisième, Zacharie le quatrième. Tous les fils et les frères de Hosa étaient au nombre de treize.
১১দ্বিতীয় হিল্কিয়া, তৃতীয় টবলিয়া, আৰু চতুৰ্থ জখৰিয়া। হোচাৰ পুত্র আৰু সম্পৰ্কীয় লোকসকল সংখ্যাত তেৰ জন আছিল।
12 A ces classes de portiers, aux chefs de ces hommes et à leurs frères, fut remise la garde pour le service de la maison de l’Éternel.
১২দুৱৰী সকলৰ বিভাগবোৰে তেওঁলোকৰ নেতা সকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সম্পৰ্কীয় সকলৰ দৰে, যিহোৱাৰ গৃহত পৰিচৰ্যা কৰি, তেওঁলোকৰ কৰিবলগীয়া কাৰ্য কৰে।
13 Ils tirèrent au sort pour chaque porte, petits et grands, selon leurs maisons paternelles.
১৩তেওঁলোকে সকলো সম্পৰ্কীয় সকলৰ লগত যোগাযোগ কৰি সৰু কি বৰ সকলোৱে প্ৰত্যেক দুৱাৰৰ বাবে চিঠি খেলালে।
14 Le sort échut à Schélémia pour le côté de l’orient. On tira au sort pour Zacharie, son fils, qui était un sage conseiller, et le côté du septentrion lui échut par le sort.
১৪যেতিযা পূব দিশৰ দুৱাৰৰ বাবে চিঠি খেলালে তেতিয়া চেলেমিয়াৰ নাম উঠিল। তেওঁৰ পুত্র জখৰিয়া ভাল পৰামৰ্শ দিওঁতা লোক আছিল, চিঠি খেলত উত্তৰ দিশৰ বাবে তেওঁৰ নাম উঠিল।
15 Le côté du midi échut à Obed-Édom, et la maison des magasins à ses fils.
১৫দক্ষিণ দিশৰ দুৱাৰৰ বাবে ওবেদ-ইদোমক নির্ধাৰণ কৰে; আৰু তেওঁৰ পুত্র সকলক ভঁৰালৰ বাবে নির্ধাৰন কৰে।
16 Le côté de l’occident échut à Schuppim et à Hosa, avec la porte Schalléketh, sur le chemin montant: une garde était vis-à-vis de l’autre.
১৬পশ্চিম দিশৰ দুৱাৰৰ সৈতে ওপৰলৈ উঠি যোৱা বাটৰ চল্লেখৎ দুৱাৰো চূপ্পীম আৰু হোচাৰ নামত নির্ধাৰন কৰে। প্রতেক পৰিয়ালৰ কাৰণে; ৰখীয়া সকল আছিল।
17 Il y avait à l’orient six Lévites, au nord quatre par jour, au midi quatre par jour, et quatre aux magasins en deux places différentes;
১৭পূবফালে ছয় জন লেবীয়া লোক, উত্তৰফালে প্রতিদিনে চাৰি জন, দক্ষিণ ফালেও প্রতিদিনে চাৰি জন, আৰু ভঁৰালত দুজন দুজন।
18 du côté du faubourg, à l’occident, quatre vers le chemin, deux vers le faubourg.
১৮পশ্চিমফালৰ চোতালত চাৰি জনক নিযুক্ত কৰে, চাৰি জন বাটত আৰু চোতালত দুজন।
19 Ce sont là les classes des portiers, d’entre les fils des Koréites et d’entre les fils de Merari.
১৯এইদৰেই দুৱৰী সকলক ভাগ কৰা হ’ল। তেওঁলোক সকলো কোৰহীয়া আৰু মৰাৰীয়া বংশৰ পৰা অহা লোক আছিল।
20 L’un des Lévites, Achija, avait l’intendance des trésors de la maison de Dieu et des trésors des choses saintes.
২০লেবীয়াসকলৰ ভিতৰত, অহিয়া ঈশ্বৰৰ গৃহৰ আৰু পবিত্ৰীকৃত বস্তুৰ ভঁৰালৰ দায়িত্বত আছিল।
21 Parmi les fils de Laedan, les fils des Guerschonites issus de Laedan, chefs des maisons paternelles de Laedan le Guerschonite, c’étaient Jehiéli,
২১লদ্দনৰ বংশধৰ সকল, তেওঁৰ পৰা অহা গেৰ্চোনীয়াৰ বংশধৰ সকল, আৰু যি সকল গের্চোনীয়াৰ লদ্দনৰ পৰিয়ালৰ নেতা আছিল, তেওঁলোক যিহীয়েলী আৰু তেওঁৰ পুত্র সকল।
22 et les fils de Jehiéli, Zétham et Joël, son frère, qui gardaient les trésors de la maison de l’Éternel.
২২যেথম আৰু যোৱেল তেওঁৰ ভায়েক আছিল। তেওঁলোকো যিহোৱাৰ গৃহৰ ভঁৰালৰ দায়িত্বত আছিল।
23 Parmi les Amramites, les Jitseharites, les Hébronites et les Uziélites,
২৩অম্ৰমীয়া, যিচহৰীয়া, হিব্ৰোণীয়া, আৰু উজ্জীয়েলীয়াৰ গোষ্ঠীৰ পৰাও তাত দুৱৰী আছিল।
24 c’était Schebuel, fils de Guerschom, fils de Moïse, qui était intendant des trésors.
২৪গেৰ্চোমৰ বংশৰ মোচিৰ পুত্র চবূৱেল ভঁৰালৰ তদাৰক কৰিছিল।
25 Parmi ses frères issus d’Éliézer, dont le fils fut Rechabia, dont le fils fut Ésaïe, dont le fils fut Joram, dont le fils fut Zicri, dont le fils fut Schelomith,
২৫তেওঁৰ সম্পৰ্কীয় লোক সকল ইলিয়েজৰৰ গোষ্ঠীৰ পৰা আছিল আৰু চবুৱেলৰ পুত্র ৰহবিয়া আছিল। ৰহবিয়াৰ পুত্র যিচয়া, যিচয়াৰ পুত্র যোৰাম, যোৰামৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ পুত্র চলোমোৎ।
26 c’étaient Schelomith et ses frères qui gardaient tous les trésors des choses saintes qu’avaient consacrées le roi David, les chefs des maisons paternelles, les chefs de milliers et de centaines, et les chefs de l’armée:
২৬দায়ুদ ৰজা, পৰিয়ালৰ মূল লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, আৰু সেনাপতিসকলে যিবোৰ বস্তু পবিত্ৰ কৰিছিল, সেইবোৰ চলোমোৎ আৰু তেওঁৰ সম্বন্ধীয় লোকসকলে সেই ভঁৰালৰ তদাৰক কৰিছিল।
27 c’était sur le butin pris à la guerre qu’ils les avaient consacrées pour l’entretien de la maison de l’Éternel.
২৭যিহোৱাৰ গৃহ মেৰামতি কৰিবৰ অৰ্থে তেওঁলোকে যুদ্ধত পোৱা লূটদ্ৰব্যৰ মাজৰ অনেক বস্তু উৎসর্গ কৰিছিল।
28 Tout ce qui avait été consacré par Samuel, le voyant, par Saül, fils de Kis, par Abner, fils de Ner, par Joab, fils de Tseruja, toutes les choses consacrées étaient sous la garde de Schelomith et de ses frères.
২৮চমূৱেল ভাববাদীয়ে, কীচৰ পুত্ৰ চৌলে, নেৰৰ পুত্ৰ অবনেৰে, আৰু চৰূয়াৰ পুত্ৰ যোৱাবে যিবিলাক বস্তু উৎসর্গ কৰিছিল, এই সকলোৰ দায়িত্বত তেওঁলোক আছিল। উৎসর্গ কৰা সকলো বস্তু চলোমোৎ আৰু তেওঁৰ সম্পৰ্কীয়া লোক সকলৰ নিৰাপত্তাত আছিল।
29 Parmi les Jitseharites, Kenania et ses frères étaient employés pour les affaires extérieures, comme magistrats et juges en Israël.
২৯যিচহৰীয়াৰ বংশধৰ সকলৰ, কননিয়া আৰু তেওঁৰ পুত্ৰসকলক ইস্ৰায়েলৰ সমাজৰ কৰ্মচাৰী আৰু বিচাৰকৰ্ত্তাৰ কাৰ্যৰ বাবে নিযুক্ত কৰে।
30 Parmi les Hébronites, Haschabia et ses frères, hommes vaillants, au nombre de mille sept cents, avaient la surveillance d’Israël, de l’autre côté du Jourdain, à l’occident, pour toutes les affaires de l’Éternel et pour le service du roi.
৩০হিব্ৰোণীয়াৰ বংশধৰসকল, হচবিয়া আৰু তেওঁৰ ভাইসকল এক হাজাৰ সাত শ সক্ষম লোক আছিল, তেওঁলোকক যিহোৱাৰ কাৰ্য আৰু ৰজাৰ কাৰ্যত নিযুক্ত কৰা হছিল। তেওঁলোক যৰ্দ্দনৰ পশ্চিমফালে আছিল।
31 En ce qui concerne les Hébronites, dont Jerija était le chef, on fit, la quarantième année du règne de David, des recherches à leur égard d’après leurs généalogies et leurs maisons paternelles, et l’on trouva parmi eux de vaillants hommes à Jaezer en Galaad.
৩১হিব্ৰোণীয়াৰ বংশধৰ সকলৰ পৰা যিৰিয়া তেওঁৰ বংশৰ মূখ্য লোক আছিল। তেওঁ তেওঁলোকৰ পৰিয়ালৰ তালিকাৰ পৰা গণনা কৰা লোক আছিল। দায়ূদৰ ৰাজত্বৰ চল্লিশ বছৰত তেওঁলোকে লিপিৱদ্ধ কৰা নথি পত্র পৰীক্ষা কৰি তেওঁলোকৰ মাজত গিলিয়দৰ যাজেৰক দক্ষতা সম্পন্ন লোক বিচাৰি পালে।
32 Les frères de Jerija, hommes vaillants, étaient au nombre de deux mille sept cents chefs de maisons paternelles. Le roi David les établit sur les Rubénites, sur les Gadites et sur la demi-tribu de Manassé pour toutes les affaires de Dieu et pour les affaires du roi.
৩২যাজেৰকৰ দুই হাজাৰ সাত শ সম্পৰ্কীয় লোক আছিল, যিসকল পৰিয়ালৰ সক্ষম লোক আছিল। দায়ূদে ঈশ্বৰীয় আৰু ৰাজকীয় কাম কৰিবলৈ, ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধা জাতিবোৰৰ ওপৰত তেওঁলোকক অধ্যক্ষ পাতিলে।