< Psaumes 123 >
1 Cantique des degrés. J'ai levé mes yeux vers toi, qui demeures au ciel.
১হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
2 Comme les yeux des serviteurs sont sur les mains de leurs maîtres, et les yeux des servantes sur les mains de la maîtresse; voilà qu'ainsi nos yeux seront sur le Seigneur notre Dieu, jusqu'à ce qu'il nous fasse miséricorde.
২গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
3 Aie pitié de nous, Seigneur, aie pitié de nous, parce que nous sommes accablés sous les mépris.
৩আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।
4 Notre âme en est pleine, et déborde: que l'opprobre soit pour les riches, et le mépris pour les superbes!
৪আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।