< Néhémie 4 >
1 Or, lorsque Sanaballat apprit que nous relevions les remparts, il le trouva mauvais, s'en courrouça grandement, et se moqua fort des Juifs.
১তাৰ পাছত চনবল্লটে যেতিয়া আমি দেৱাল নিৰ্ম্মাণ কৰাৰ কথা শুনিলে তেতিয়া তেওঁ ক্রোধত প্রজ্ৱলিত হৈ যিহুদীসকলক বিদ্ৰূপ কৰিলে।
2 Et il dit devant ses frères (c'est-à-dire devant l'armée samaritaine): Il est donc vrai que les Juifs réédifient leur ville?
২চমৰিয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
3 Et Tobias l'Ammonite s'approcha de lui, et il dit à la multitude: Est-ce qu'ils sacrifieront et mangeront en ce lieu? Est-ce qu'un renard en sautant ne renversera pas leur muraille de pierres?
৩তেতিয়া তেওঁৰ সৈতে অম্মোনীয়া টোবিয়া আছিল আৰু তেওঁ ক’লে, “তেওঁলোকে যি দেৱাল সাজিছে, তাৰ ওপৰত যদি এটা শিয়ালো উঠে, তেন্তে তেওঁলোকৰ সেই শিলাময় দেৱাল ভাঙি পৰিব!”
4 Écoutez, ô notre Dieu, car nous sommes un sujet de raillerie; faites retomber ces outrages sur leurs têtes, et qu'eux-mêmes soient un sujet de raillerie en la terre où nous avons été captifs.
৪হে আমাৰ ঈশ্বৰ শুনা, কিয়নো আমি ঘৃণিত হৈছোঁ। তেওঁলোকৰ উপহাস তেওঁলোকলৰ ওপৰতে পৰক আৰু তেওঁলোক যি দেশত বন্দিত্ৱত আছিল, তাত লুট কৰি নিয়া বস্তুৰ দৰে থাকিবলৈ দিয়ক।
5 Ne couvrez pas leur iniquité.
৫তেওঁলোকৰ অপৰাধ ঢাকি নাৰাখিব আৰু তেওঁলোকৰ পাপ আপোনাৰ আগৰ পৰা মচি নেপেলাব, কিয়নো তেওঁলোকে দেৱাল সজা সকলৰ খং উঠাবলৈ উত্তেজিত কৰিছে।
6 Cependant, nous continuâmes à rebâtir le mur; et lorsque tout le mur fut bouché jusqu’à mi-hauteur, le peuple eut de nouveau du cœur à l’ouvrage.
৬সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্চতাৰ আধালৈকে মেৰামতি কৰিলে।
7 Or, lorsque Sanaballat, et Tobias, et les Arabes et les Ammonites, apprirent que les murs de Jérusalem reprenaient leur forme, et que leurs brèches commençaient à se fermer, ils le trouvèrent fort mauvais.
৭যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰবীয়া, অম্মোনীয়া, আৰু অচ্দোদীয়াৰ লোকসকল অতিশয় ক্ৰোধাম্বিত হ’ল।
8 Et ils se réunirent tous ensemble pour marcher contre Jérusalem, et la faire disparaître.
৮তেওঁলোকে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ আৰু তাত বিসংগতিৰ সৃষ্টি কৰিবলৈ সকলোৱে একগোট হৈ চক্ৰান্ত কৰিলে।
9 Alors, nous priâmes notre Dieu, et nous mîmes, nuit et jour, des gardes, à cause d'eux.
৯কিন্তু আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ আৰু তেওঁলোকৰ ভাবুকিৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকৰ বিৰুদ্ধে দিনে ৰাতিয়ে প্রহৰী নিযুক্ত কৰিলোঁ।
10 Et Juda dit: La force des ennemis est brisée; mais le monceau de ruines est énorme, et nous ne pourrons bâtir les remparts.
১০তাৰ পাছত যিহূদাৰ লোকসকলে ক’লে, “তাত বহুতো ভগ্নস্তূপ আছে আৰু ভাৰ বোৱাসকলৰ শক্তি হ্রাস পোৱা কাৰণে আমি পুনৰ দেৱাল সাজিবলৈ অক্ষম হৈছোঁ।”
11 Et nos oppresseurs dirent: Ils ne sauront, ils ne verront que lorsque nous arriverons au milieu d'eux, et nous les massacrerons, et nous ferons cesser l'œuvre.
১১আমাৰ শত্রুবোৰে ক’লে, “আমি তেওঁলোকৰ মাজত সোমাই তেওঁলোকক বধ কৰি কাম বন্ধ নকৰালৈকে তেওঁলোকে নাজানিব আৰু নেদেখিবও।”
12 Et les Juifs qui habitaient dans le voisinage, vinrent, et nous dirent: Ils arrivent de toutes parts contre nous.
১২সেই সময়ত তেওঁলোকৰ ওচৰত থকা যিহুদীসকলে সকলো দিশৰ পৰা আহি তেওঁলোকে আমাৰ বিৰুদ্ধে কৰা আঁচনিৰ বিষয়ে আমাক দহবাৰলৈকে সতৰ্ক কৰি ক’লে।
13 Alors, je plaçai tout le peuple en bas, au pied des remparts, sous des abris, par familles, avec leurs épées, leurs javelines et leurs arcs.
১৩সেয়ে মই দেৱালৰ তলভাগৰ মুকলি অংশত স্থিতি ললোঁ। মই প্রতি পৰিয়ালক নিজৰ নিজৰ স্থান দিলোঁ। তেওঁলোকৰ তৰোৱাল, যাঠী, আৰু ধনু আছিল।
14 Et je regardai, me levai, et dis aux nobles, aux capitaines, à tout le reste du peuple: Ne craignez point leur face; souvenez-vous de notre Dieu grand et redoutable; combattez pour vos frères, vos fils, vos filles, vos femmes et vos foyers.
১৪মই চাই, থিয় হৈ প্ৰধান লোকসকল, অধ্যক্ষসকল, আৰু আন আন লোকসকলক ক’লো, “তোমালোকে তেওঁলোকৰ কাৰণে ভয় নকৰিবা। মহান আৰু ঐশ্বৰ্য্যৱান ঈশ্ৱৰক সোঁৱৰণ কৰা। তোমালোকৰ পৰিয়াল, পুত্র আৰু কন্যা, ভাৰ্যা আৰু তোমালোকৰ ঘৰৰ বাবে যুদ্ধ কৰা।”
15 Et aussitôt que nos ennemis apprirent qu'ils nous avaient été signalés, Dieu dissipa leurs conseils, et nous retournâmes aux remparts, chacun à son ouvrage.
১৫আমাৰ শত্রুবোৰে যেতিয়া শুনিলে যে, আমি তেওঁলোকৰ পৰিকল্পনাৰ কথা গম পাইছোঁ, সেই সময়ত ঈশ্বৰে তেওঁলোকৰ পৰিকল্পনা ব্যৰ্থ কৰিলে। তেতিয়া, আমি সকলোৱে দেৱাললৈ ঘূৰি আহি নিজৰ নিজৰ কামত লাগিলোঁ।
16 Et, à partir de ce jour, la moitié de ceux que j'avais attirés fit l'œuvre; l'autre moitié se rangea derrière les remparts avec des javelines, des boucliers, des arcs et des cuirasses; leurs chefs se tenant derrière toute la maison de Juda,
১৬মুখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।
17 Et derrière ceux qui bâtissaient; ceux qui transportaient les matériaux ne quittaient point leurs armes; d'une main ils faisaient leur tâche, de l'autre ils tenaient un trait.
১৭দেৱাল নিৰ্ম্মাণ কৰোঁতা, আৰু ভাৰ বওঁতাসকলে প্রতিজনে এখন হাতেৰে কাম কৰিছিল, আৰু আন খন হাতেৰে অস্ত্ৰ ধৰিছিল।
18 Et chaque travailleur avait autour des reins son épée, et ils édifiaient, et celui qui sonnait de la trompette était auprès d'eux.
১৮দেৱাল নিৰ্ম্মাণ কৰোঁতা প্ৰতিজনে কাষত তৰোৱাল লৈছিল আৰু সেইদৰেই কাম কৰিছিল। যি জনে তূৰী বজাইছিল তেওঁ মোৰ ওচৰত থিয় হৈছিল।
19 Et je dis aux nobles, aux capitaines et au reste du peuple: L'œuvre est grande et de longue étendue, et nous, sommes dispersés sur le rempart, chacun loin de son frère.
১৯মই প্ৰধান লোকসকলক, কৰ্মচাৰী সকলক, আৰু অৱশিষ্ট লোকসকলক ক’লোঁ, “এই কৰ্ম বৃহৎ আৰু বিস্তৃত, আৰু আমি দেৱালৰ ওপৰত ইজনে সিজনৰ পৰা দুৰত থাকি পৃথকে আছোঁ।
20 N'importe où vous entendrez la trompette, accourez tous en ce lieu, et notre Dieu combattra avec nous.
২০তোমালোকে যি ঠাইত তূৰীৰ মাত শুনিবা, সেই ঠাইলৈ তৎক্ষণাত গৈ তোমালোকে সমবেত হ’বা। আমাৰ ঈশ্বৰে আমাৰ বাবে যুদ্ধ কৰিব।”
21 Ainsi, nous continuâmes nos travaux; la moitié de nous ne quitta point ses javelines, depuis les premières lueurs du jour jusqu'au lever des étoiles.
২১সেয়ে আমি এই কাৰ্য কৰি আছোঁ। তেওঁলোকৰ মাজত আধা সংখ্যক লোকে বেলি ওলোৱাৰ পৰা তৰা দেখালৈকে যাঠী ধৰি থাকে।
22 Et, en ce temps-là, je dis au peuple: Que chacun, avec son serviteur, demeure au milieu de Jérusalem; la nuit on veillera, le jour on se mettra au travail.
২২সেই সময়ত ময়ো লোকসকলক ক’লোঁ, “প্ৰতিজন লোক আৰু তেওঁৰ দাসে যিৰূচালেমৰ মাজত ৰাতিটো অতিবাহিত কৰক, সেয়ে তেওঁলোক ৰাতি আমাৰ ৰখীয়া হ’ব, আৰু দিনত কাম কৰিব।”
23 Et j'étais là, et les hommes de garde se tenaient derrière moi, et nul de nous n'ôtait ses vêtements.
২৩সেয়ে মই, নাইবা মোৰ ভাইসকল, মোৰ দাস সকল, আৰু মোক অনুসৰণ কৰা ৰখীয়াসকলৰ, কোনেও কাপোৰ সলনি কৰা নাছিলোঁ আৰু এনেকি পানী খাবলৈ যাওঁতেও প্ৰতিজনে নিজৰ অস্ত্ৰ কঢ়িয়াইছিলোঁ।