< Jérémie 25 >

1 Parole du Seigneur qui vint à Jérémie, touchant tout le peuple de Juda, en la quatrième année du règne de Joakim, fils de Josias, roi de Juda,
যিহূদাৰ আটাই লোকৰ বিষয়ে যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ নবূখদনেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল।
2 Et qu'il a répétée devant tout le peuple de Juda et devant les habitants de Jérusalem, disant:
যিৰিমিয়া ভাববাদীয়ে যিহূদাৰ সকলো লোকৰ, আৰু যিৰূচালেম-নিবাসী সকলোৰে আগত সেই বাক্য প্ৰচাৰ কৰি ক’লে।
3 Depuis la treizième année de Josias, fils d'Amos, roi de Juda, jusqu'à ce jour, il s'est écoulé vingt-trois ans, et je vous ai parlé, me levant au point du jour, disant:
তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰৰ পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলোঁ, কিন্তু তোমালোকে কাণ দিয়া নাই।
4 Je vous ai envoyé mes serviteurs les prophètes; je les ai envoyés dès le matin, et vous n'avez point écoulé, et vous n'avez point prêté une oreille attentive, lorsqu'ils disaient:
যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।
5 Que chacun de vous se retire de sa mauvaise voie, et se corrige de ses mauvaises habitudes; et vous demeurerez en la terre que j'ai donnée à vous et à vos pères, de siècle en siècle.
এই ভাববাদীসকলে কৈছিল, ‘বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহোৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কাললৈকে বাস কৰা।
6 Ne marchez pas à la suite des dieux étrangers, pour les servir et les adorer, de peur que je ne sois irrité par les idoles, œuvres de vos mains, et que je ne vous opprime.
আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগামি নহ’বা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা; তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম।’
7 Et vous ne m'avez point écouté.
তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”
8 A cause de cela, dit le Seigneur, puisque vous n'avez point eu foi dans mes paroles;
এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে,
9 Voilà que je vais prendre et vous envoyer une famille qui viendra de l'aquilon, et je la conduirai contre cette terre et ceux qui l'habitent, et contre tous les gentils qui l'entourent; et je leur ferai de leurs champs un désert, un lieu de désolation, un sujet de raillerie et d'opprobre éternel.
চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
10 Et je ferai taire chez eux le bruit de la joie et le bruit des fêtes, la voix de l'époux et la voix de l'épousée; et je disperserai le parfum de la myrrhe, et j'éteindrai la lumière de la lampe.
১০ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
11 Et toute la terre sera désolée, et ils seront en servitude chez les gentils durant soixante-dix ans.
১১তেতিয়া এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ’ব, আৰু এই জাতিবোৰে সত্তৰ বছৰলৈকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব।
12 Et lorsque les soixante-dix ans seront accomplis, je punirai la nation qui les aura retenus, et j'en ferai un lieu d'éternelle désolation.
১২যিহোৱাই আৰু কৈছে: এই সত্তৰ বছৰ পূৰ হ’লে, মই বাবিলৰ ৰজাক, আৰু সেই জাতিক, আৰু কলদীয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম; আৰু মই তাক চিৰকালৰ বাবে ধ্বংসস্থান কৰিম।
13 Et j'amènerai sur cette terre toutes les paroles que j'ai dites contre elle; toutes les choses qui ont été écrites dans ce livre.
১৩আৰু মই সেই দেশৰ বিৰুদ্ধে কোৱা মোৰ সকলো বাক্য, এনে কি, যিৰিমিয়াই সকলো জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, এই পুথিখনিত লিখা সকলোকে সেই দেশলৈ ঘটাম।
14 Prophéties de Jérémie contre le peuple d'Élam.
১৪কিয়নো অনেক জাতি আৰু মহান ৰজাসকলে তেওঁলোকক বন্দী-কাম কৰোৱাব; আৰু মই তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিম।
15 Voici ce que dit le Seigneur: L'arc d'Élam, le principe de sa force a été brisé.
১৫কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।
16 Et je ferai venir sur Élam les quatre vents des quatre coins du ciel; et je les disperserai au soufle de ces vents, et il n'y aura point de nation où ne se réfugient les exilés d'Élam.
১৬তেওঁলোকে পান কৰি ঢলং-পলং কৰিব আৰু মই তেওঁলোকৰ মাজলৈ যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে তেওঁলোক পগলা যেন হ’ব।
17 Et je les ferai trembler en face de ceux qui en veulent à leur vie; j'amènerai sur eux les coups de ma fureur, et j'enverrai sur eux mon glaive, jusqu'à ce que je les aie exterminés.
১৭তেতিয়া মই যিহোৱাৰ হাতৰ পৰা সেই পান-পাত্ৰ লৈ, যিহোৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে, তেওঁলোকক পান কৰোৱালোঁ,
18 Et je placerai mon trône en Élam, et j'en chasserai le roi et les grands.
১৮অৰ্থাৎ আজিৰ দৰেই, তেওঁলোকক ধ্বংসস্থান, আচৰিত, ইচ্ ইচ্, আৰু শাওৰ বিষয় কৰিবলৈ যিৰূচালেমক, যিহূদাৰ নগৰবোৰক তাৰ ৰজাসকলক, আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালোঁ।
19 Et voici ce qui arrivera au dernier jour: je ramènerai Élam de la captivité, dit le Seigneur.
১৯আন জাতি সমূহেও ইয়াক পান কৰিব লগীয়া হৈছিল: আৰু মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক,
20 Au commencement du règne de Sédécias, cette parole vint contre Élam:
২০তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতি সমূহক, উচ দেশৰ সকলো ৰজাক, পলেষ্টীয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, গাজা, ইক্ৰোণ, আৰু অচ্‌দোদৰ অৱশিষ্ট ভাগক,
২১ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তান সকলক, তূৰৰ সকলো ৰজাক;
২২চীদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
২৩দদান, তেমা, বুজ, আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা সকলোৱে পান কৰিবলগীয়া হৈছিল।
২৪আৰবৰ সকলো ৰজাক, মৰুভূমি-নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক,
২৫যিম্ৰীৰ সকলো ৰজাক, এলমৰ সকলো ৰজাক, মাদিয়াসকলৰ সকলো ৰজাক,
২৬প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালোঁ; আৰু তেওঁলোকৰ পাছত চেচক ৰজাই পান কৰিব।”
২৭ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”
২৮আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পান-পাত্ৰটি লবলৈ অস্বীকাৰ কৰে, তোতিয়া তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে।
২৯কাৰণ, চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমঙ্গল আনিবলৈ ধৰিছোঁ, এনে স্থলত, তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবা নে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা; কিয়নো বাহিনীসকলৰ যিহোৱাই কৈছে, মই পৃথিৱী-নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম।
৩০এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ মেৰ-ছাগ চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
৩১পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতি সমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
৩২বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব।
৩৩সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
৩৪হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
৩৫মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।
৩৬মেৰ-ছাগ ৰখীয়াবোৰৰ কাতৰোক্তি আৰু মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে; কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।
৩৭আৰু যিহোৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ মেৰ-ছাগৰ গঁৰালবোৰ নিস্তব্ধ হ’ল।
৩৮তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গহবৰ এৰি আহিছে; কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতা আৰু তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে, কাৰণ তেওঁৰ খয়াল ক্রোধৰ বাবে।”

< Jérémie 25 >