< Esther 8 >

1 Et, en ce jour-là même, le roi Artaxerxès fit don à Esther de tout ce que possédait Aman l'accusateur; et il appela Mardochée, car la reine lui avait dit leur parenté.
সেই দিনা ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক যিহুদী সকলৰ শত্ৰু হামনৰ সা-সম্পত্তি দিলে। যিহেতু ইষ্টেৰে মৰ্দখয়ৰ লগত তেওঁৰ সম্পৰ্ক কি, সেই বিষয়ে ৰজাক জনাইছিল। সেয়ে মৰ্দখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে।
2 Et le roi prit l'anneau qu'il avait ôté à Aman et il le remit à Mardochée; et la reine chargea celui-ci d'administrer les biens d'Aman.
তেতিয়া ৰজাই হামনৰ পৰা ঘূৰাই লোৱা নিজৰ মোহৰ মৰা আঙঠি সোলোকাই মৰ্দখয়ক দিলে। ইষ্টেৰে হামনৰ আস্থাবৰ সম্পত্তিৰ দায়িত্বত মৰ্দখয়ক নিযুক্ত কৰিলে।
3 Et, continuant de parler au roi, elle se jeta à ses pieds, et lui demanda de rendre nuls les mauvais desseins d'Aman, et ce qu'il avait fait contre les Juifs.
পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
4 Et le roi étendit sur Esther sa verge d'or, et elle fut encouragée à se placer auprès de lui.
তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ড ডাল মেলি দিলে, আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ’ল।
5 Et elle dit: S'il te plaît, si j'ai trouvé grâce, que l'on fasse révoquer les édits qu'a publiés Aman, ordonnant d'exterminer tous les Juifs qui sont en ton royaume.
ইষ্টেৰে ক’লে, “যদি ৰজাই ভাল দেখে; আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ। মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছোঁ; আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহলে অগাগীয়া হম্মদাথাৰ পুত্র হামনে, ৰজাৰ আটাই প্ৰদেশত থকা যিহুদী লোক সকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক।
6 Car, comment pourrais-je voir la ruine de mon peuple? Comment pourrais-je survivre à la destruction de ma patrie?
কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”
7 Et le roi dit à Esther: Puisque je t'ai donné tous les biens d'Aman, et que je t'en ai gratifié; puisque je l'ai fait pendre lui-même pour avoir porté les mains sur les Juifs, que demandes-tu encore?
তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ক ক’লে, “চোৱা, মই ইষ্টেৰক হামনৰ সা-সম্পত্তি দিলোঁ, আৰু হামনক ফাঁচি কাঠত ফাঁচিও দিয়া হ’ল, কাৰণ সি ইহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল।
8 Écrivez vous-mêmes en mon nom ce qu'il vous plaira, et scellez-le avec mon anneau; car nul ne peut contredire ce qui est écrit par l'ordre du roi, et revêtu de son scel.
এতিয়া যিহুদী লোকসকলৰ অৰ্থে ৰজাৰ নামেৰে আন এটা আজ্ঞা পত্র লিখা হওক; আৰু ৰজাৰ আঙঠিৰে তাত মোহৰ মৰা হওক। কাৰণ ৰজাৰ নামেৰে ইতিমধ্যে লিখা, আৰু ৰজাৰ আঙঠিৰে মোহৰ মৰা পত্ৰ কেতিয়াও বাতিল হ’ব নোৱাৰে।”
9 Les scribes furent donc convoqués le vingt-trois du premier mois, du mois de nisan, de la même année, et l'on écrivit ce qui était ordonné, concernant les Juifs, aux intendants et aux chefs des satrapes des cent vingt-sept provinces, depuis l'Inde jusqu'à l'Éthiopie, en la langue de chacune d'elles.
তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।
10 On écrivit au nom du roi, et on scella de son sceau les lettres, et on les expédia par des courriers.
১০মৰ্দখয়ে এই পত্র ৰজা অহচবেৰোচৰ নামেৰে লিখি তাত ৰজাৰ আঙঠিৰে মোহৰ মাৰিছিল। ৰাজ অশ্ৱপালনৰ প্রতিষ্ঠানৰ পৰা ৰাজ-কাৰ্য্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত সংবাদবাহক সকলৰ দ্বাৰাই সেই কাগজ পত্ৰবোৰ পঠিয়াই দিয়া হ’ল।
11 Elles prescrivaient de permettre aux Juifs, en chaque ville, de vivre selon leur loi, de leur porter secours, et de mettre à leur merci leurs ennemis et ceux qui résisteraient,
১১এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
12 Dans le royaume d'Artaxerxès, le treizième jour du douzième mois qui est adar.
১২ৰজা অহচবেৰোচৰ অধীনত থকা সকলো প্রদেশলৈ ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হ’ল, সেয়া আছিল দ্বাদশ মাহৰ তেৰ তাৰিখ, অৰ্থাৎ অদৰ মাহৰ তেৰ তাৰিখ।
13 Et que l'on affiche cette copie en des places apparentes dans tout le royaume, et que, le jour indiqué, les Juifs se tiennent prêts à combattre leurs ennemis.
১৩সকলো লোকলৈ এই আজ্ঞা, বিধান স্বৰূপে জাৰি কৰি জনসাধাৰণৰ মাজত প্রকাশ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হৈছিল; যাতে সেই দিনা যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুক প্রতিশোধ লবলৈ যুগুত হৈ থাকে।
14 Les courriers se hâtèrent de partir pour porter les ordres du roi, et l'édit fut affiché dans Suse.
১৪তাতে ৰাজ-কাৰ্য্যত ব্যৱহাৰ হোৱা বেগী ঘোঁৰাত সংবাদবাহক সকলে উঠি বেগাই ৰজাৰ সেই পত্র বিলাবলৈ গৈছিল; আৰু সেই আজ্ঞা পত্র চুচন ৰাজপ্রসাদতো জাৰি কৰা হৈছিল।
15 Et Mardochée sortit, revêtu d'une robe royale, ayant une couronne d'or et un diadème pourpre du lin le plus fin; et le peuple de Suse, l'ayant vu, se réjouit.
১৫তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
16 Et, pour les Juifs, il y eut lumière et allégresse
১৬যিহুদী লোকসকলে লঘু অনুভৱ কৰিলে; আৰু তেওঁলোকে আনন্দ, উল্লাস আৰু গৌৰৱ কৰিলে।
17 En toute ville et province où l'on afficha l'édit et où il fut proclamé, ils firent des réjouissances et se donnèrent des repas. Et, parmi les gentils, beaucoup se circoncirent et judaïsèrent par crainte des Juifs.
১৭প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।

< Esther 8 >