< 1 Chroniques 7 >

1 Quant aux fils d'Issachar, ils étaient quatre: Thola, Phua, Jasub et Sémeron.
ইচাখৰৰ চাৰি জন পুত্র আছিল; তেওঁলোক হ’ল, তোলা, পূৱা, যাচূব, আৰু চিম্ৰোণ।
2 Fils de Thola: Ozi, Raphaïas, Jeriel, Jamaï, Jémasan et Samuel, chefs des familles issues de Thola; dont le nombre, au temps de David, fut de vingt-deux mille six cents hommes, tous nés forts et vaillants.
তোলাৰ পুত্র সকল হ’ল, উজ্জী, ৰফায়া, যিৰিয়েল, যহময়, যিবচম, আৰু চমূৱেল। এওঁলোক পূৰ্বপূৰুষৰ পৰা অহা বংশৰ মূল মানুহ। এয়াই হ’ল, তোলাৰ বংশ। তেওঁলোক শক্তিশালী আৰু সাহিয়াল আছিল, দায়ূদৰ সময়ত তেওঁলোকৰ সংখ্যা বাইশ হাজাৰ ছশ জন আছিল।
3 Fils d'Ozi: Jezraïe; fils de Jezraïe: Michel, Abdiu, Johel et Jésia; en tout cinq chefs.
উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।
4 Et avec eux, il y eut dans leurs familles paternelles des hommes nés forts et vaillants, au nombre de trente-six mille en état de porter les armes; Car ils avaient eu beaucoup de femmes et beaucoup d'enfants.
তেওঁলোকৰ সৈতে পিতৃ-বংশৰ জাতি অনুসাৰে যুদ্ধৰ বাবে ছয়ত্ৰিশ হাজাৰ সৈন্য আছিল। তেওঁলোকৰ বহুতো ভাৰ্যা আৰু সন্তান আছিল।
5 Et leurs frères dans toutes les familles d'Issachar, hommes forts et vaillants aussi, étaient quatre-vingt-sept mille; tel fut leur nombre total.
পূৰ্বপূৰুষৰ জাতিৰ তালিকা অনুযায়ী ইচাখৰৰ জাতিৰ ভিতৰত তেওঁলোকৰ সাতাশী হাজাৰ যুদ্ধাৰু আছিল।
6 Fils de Benjamin: Balé, Bachir et Jediel; trois.
বেলা, বেখৰ, আৰু যিদীয়েল; এই তিনি জন আছিল বিন্যামীনৰ পুত্র।
7 Fils de Balé: Esebon, Ozi, Oziel, Jerimuth et Uri; cinq. Chefs des familles issues de Balé, au nombre de vingt-deux mille trente-quatre hommes forts et vaillants.
বেলাৰ পাঁচ জন পুত্র হ’ল, ইচবোন, উজ্জী, উজ্জীয়েল, যিৰীমোৎ, আৰু ঈৰী। তেওঁলোক নিজৰ গোষ্ঠীৰ মূল ব্যক্তি আৰু সৈনিক আছিল। পূৰ্বপূৰুষৰ তালিকা অনুযায়ী তেওঁলোকৰ যুদ্ধাৰুৰ সংখ্যা বাইশ হাজাৰ চৌত্ৰিশ জন আছিল।
8 Fils de Bachir: Zémira, Joas, Eliézer, Elithénan, Amarias, Jerimuth, Abiud, Anathoth et Eliémeth; voilà tous les fils de Bachir.
জমীৰা, যোৱাচ, ইলীয়েজৰ, ইলিয়োঐনয়, অম্ৰী, যিৰোমোৎ, অবিয়া, অনাথোৎ, আৰু আলেমৎ; এই সকলো বেখৰৰ সন্তান।
9 Et le nombre des familles dont, selon leur naissance, ils furent les premiers chefs, s'éleva jusqu'à vingt. mille deux cents hommes forts et vaillants.
তালিকাত দিয়া গোষ্ঠীৰ সংখ্যা অনুযায়ী বিশ হাজাৰ দুশ পৰিয়ালৰ নেতা আৰু যুদ্ধাৰু লোক আছিল।
10 Fils de Jediel: Balaan, fils de Balaan; Jaiis, Benjamin, Aoth, Chanana, Zêthan, Tharsi et Achisaar.
১০যিদীয়েলৰ পুত্র বিলহন। বিলহনৰ পুত্র যিয়ূচ, বিন্যামীন, অহূদ, কনানা, জেথন, তৰ্চীচ, আৰু অহীচহৰ।
11 Voilà tous les fils de Jediel, vaillants chefs de familles, dont le nombre fut de dix-sept mille deux cents hommes forts et vaillants, en état de porter les armes.
১১এই সকলো যিদীয়েলৰ সন্তান। তেওঁলোকৰ গোষ্ঠীৰ তালিকা অনুযায়ী সোঁতৰ হাজাৰ দুশ নেতা আৰু সৈনিকৰ কাৰ্যৰ বাবে উপযুক্ত যুদ্ধাৰু লোক আছিল।
12 Saphin et Aphin étaient fils de Hor, et Hasom était fils d'Aor.
১২চুপ্পীম আৰু হুপ্পীম ঈৰৰ বংশৰ আছিল আৰু অহেৰৰ বংশৰ আছিল হূচীম
13 Fils de Nephtbali: Jasiel, Goni et Aser, Sellom, fils de ce dernier, et Balam son fils.
১৩নপ্তালীৰ পুত্র যহচীয়েল, গূনী, যেচৰ, আৰু চল্লুম। এই লোকসকল আছিল বিলহাৰ নাতি ল’ৰা।
14 Fils de Manassé: Esriel, qu'enfanta sa concubine la Syrienne, qui lui enfanta aussi Machir, père de Galaad.
১৪অস্ৰীয়েলৰ পুত্র আছিল মনচি। অস্রীয়েলৰ অৰামীয়া উপপত্নীয়ে তেওঁক জন্ম দিছিল। তেওঁ গিলিয়দৰ পিতৃ মাখীৰকো জন্ম দিছিল।
15 Et Machir maria Aphin et Saphin; sa sœur s'appelait Moocha, et le nom du second fils fut Saphaad; or, Saphaad n'eut que des filles.
১৫মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।
16 Et Moocha, femme de Machir, enfanta un fils, et elle le nomma Pharès, et il eut un frère nommé Suros, le même que Galaad, et ses deux fils furent Ulam et Rocom.
১৬মাখীৰৰ ভাৰ্যা মাখাই এটি পুত্ৰ প্ৰসৱ কৰি তেওঁৰ নাম পেৰচ ৰাখিলে, পেৰচৰ ভায়েকৰ নাম চেৰচ, আৰু চেৰচৰ পুত্র সকলৰ নাম উলম আৰু ৰেকম।
17 Fils d'Ulam: Badam; voilà les fils de Galaad, fils de Machir, fils de Manassé.
১৭উলমৰ পুত্র বদান। এওঁলোক মনচিৰ নাতি মাখীৰৰ পুত্র গিলিয়দৰ সন্তান আছিল।
18 Et sa sœur Malécheth enfanta Isud, Abiézer et Maéla;
১৮গিলিয়দৰ ভনীয়েক হম্মোলেকতে ইচহোদ, অবীয়াচৰ, আৰু মহলাক প্ৰসৱ কৰিলে।
19 Et Semira eut pour fils Kim, Sichem, Lacim et Anian.
১৯আৰু চমীদাৰ পুত্র অহিয়ন, চেখম, লিকহী, আৰু অনীয়াম।
20 Fils d'Ephraïm: Sothalath, Barad, Thaath, Elada, Saath,
২০তলত উল্লেখিত সকল ইফ্ৰয়িমৰ বংশৰ লোকসকল: ইফ্ৰয়িমৰ পুত্র চুথেলহ, চুথেলহৰ পুত্র বেৰদ, বেৰদৰ পুত্র তহৎ, তহতৰ পুত্র ইলিয়াদা, ইলিয়াদৰ পুত্র তহৎ,
21 Zabad, Sothelé, Azer et Eléad. Et des hommes de Geth les tuèrent tous, parce qu'ils s'étaient mis en campagne pour enlever leurs troupeaux.
২১তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
22 Et leur père Ephraïm s'affligea longtemps, et ses frères vinrent le consoler.
২২তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।
23 Et il s'approcha de sa femme, et elle conçut, et elle eut un fils, et il le nomma Beria, parce que, dit-il, il est venu en ma maison dans notre malheur.
২৩তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।
24 Et sa fille s'appelait Saraa, et elle fut de ceux qui survécurent, et elle bâtit Béthoron-la-Haute et Béthoron-la-Basse. Fils d'Ozan: Seïra,
২৪তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল।
25 Et Raphé son fils, Saraph et Thaléès ses fils, et Thaen son fils.
২৫ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।
26 A Laadan, son fils, naquit Amiud, père d'Elisamai,
২৬তহনৰ পুত্র আছিল লদ্দন। লদ্দনৰ পুত্র আছিল অম্মীহূদ। অম্মীহূদৰ পুত্র আছিল ইলীচামা।
27 Père de Nun, père de Josué; tels furent ses fils.
২৭ইলীচামাৰ পুত্ৰ আছিল নূন। নুনৰ পুত্ৰ আছিল যিহোচূৱা।
28 Et leur demeure était Béthel et ses bourgs, et Noaran à l'est, et à l'occident Gazer et ses bourgs. Et Sichem et ses bourgs, jusqu'à Gazar et ses bourgs,
২৮তেওঁলোকে বৈৎএল আৰু তাৰ চাৰিওফালৰ গাওঁ অধিকাৰ কৰি তাতে বসবাস কৰিছিল। তেওঁলোকে পূবদিশে নাৰণ, পশ্চিমদিশে গেজৰ আৰু তাৰ গাওঁসমূহ, চিখিম আৰু তাৰ গাওঁসমূহ, অহিয়া আৰু তাৰ গাওঁসমূহলৈকে বিস্তাৰিত হৈছিল।
29 Et jusqu'aux confins des fils de Manassé, Bethsan et ses bourgs, Thanach et ses bourgs, Mageddo et ses bourgs, Dor et ses bourgs. C'est là qu'étaient établis les fils de Joseph, fils d'Israél.
২৯মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।
30 Enfants d'Aser: Jemna, Suïa, Isuï, Beria et Soré, sa sœur.
৩০আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ আছিল।
31 Fils de Beria: Haber, Melchiel; ce dernier père de Berthaïth.
৩১বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। এওঁ বিৰ্জয়িতৰ পিতৃ আছিল।
32 Et Haber engendra Japhlet, Samer, Hothan et Sola, leur sœur.
৩২হেবৰৰ পুত্র যফলেট, চোমেৰ, আৰু হোথম। এওঁলোকৰ চূৱা নামেৰে ভনী আছিল।
33 Fils de Japhlet: Phasec, Bamahel et Asith; voilà les fils de Japhlet.
৩৩যফলেটৰ পুত্র পাচক, বিমহল, আৰু অশ্বৎ। এওঁলোক যফলেটৰ সন্তান।
34 Fils de Samer: Achi, Rooga, Joba et Aram.
৩৪যফলেটৰ ভায়েক চেমৰৰ পুত্রসকল: ৰহগা, যিহুব্বা, আৰু আৰাম।
35 Fils de son frère Banehelam: Sopha, Imala, Sellés et Amal.
৩৫চেমৰৰ ভায়েক হেলমৰ পুত্রসকল: চোফহ, যিম্না চেলচ, আৰু আমল।
36 Fils de Sopha: Sué, Arnaphar, Suda, Barin, Imran,
৩৬চোফহৰ পুত্র চূহ, হৰ্ণেফৰ, চূৱাল, বেৰী, আৰু যিম্ৰা,
37 Basan, Hod, Sama, Salisa, Jethra et Bééra.
৩৭বেৰচ, হোদ, চম্মা, চিলচা, ষিত্ৰণ, আৰু বেৰা।
38 Fils de 'éther: Jephina, Phaspha et Ara.
৩৮যেথৰৰ পুতেক যিফুন্নি, পিস্পা, আৰু অৰা।
39 Fils d'Ola: Orech, Aniel et Rasia;
৩৯উল্লাৰ বংশধৰসকল হ’ল আৰহ, হন্নীয়েল, আৰু ৰিচিয়া।
40 Tels furent les fils d'Aser, tous chefs de familles, dont le nombre fut de vingt-six mille hommes d'élite, forts et vaillants, en état de porter les armes.
৪০এই সকলো আচেৰৰ বংশধৰ আছিল। এওঁলোক গোষ্ঠীৰ মূল ব্যক্তি, পৰিয়ালৰ নেতা, বিশিষ্ট লোক, যুদ্ধাৰু, আৰু নেতাসকলৰ মাজত প্ৰধান আছিল। তেওঁলোকৰ গণনাৰ তালিকা অনুসৰি যুদ্ধৰ বাবে ছাবিশ হাজাৰ উপযুক্ত সৈনিক আছিল।

< 1 Chroniques 7 >