< Exode 37 >
1 Béseléel fit l’arche de bois d’acacia; sa longueur était de deux coudées et demie, sa largeur d’une coudée et demie, et sa hauteur d’une coudée et demie.
১তাৰ পাছত বচলেলে চিটীম কাঠৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল, আৰু ডেৰ হাত ওখকৈ নিয়ম চন্দুক নিৰ্মাণ কৰিলে।
2 Il la revêtit d’or pur, en dedans et en dehors, et il y fit une guirlande d’or tout autour.
২তেওঁ নিয়ম চন্দুকৰ বাহিৰে ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে, আৰু তাৰ চাৰিওফালৰ কিনাৰ বোৰত সোণ লগালে।
3 Il fondit pour elle quatre anneaux d’or, qu’il mit à ses quatre pieds, deux anneaux d’un côté et deux anneaux de l’autre.
৩তেওঁ তাৰ খুটাৰ বাবে সোণৰ চাৰিটা চক্র গঢ়ালে। তাৰ এফালে দুটা আন ফালে দুটা এই দৰে তাৰ চাৰিটা খুৰাত লগালে।
4 Il fit des barres de bois d’acacia et les revêtit d’or.
৪আৰু তেওঁ চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
5 Il passa les barres dans les anneaux sur les côtés de l’arche, pour la porter.
৫তেওঁ চন্দুক বৈ নিবলৈ, সেই কানমাৰি চন্দুকৰ দুই কাষে থকা আঙঠি সুমুৱালে।
6 Il fit un propitiatoire d’or pur; sa longueur était de deux coudées et demie, sa largeur d’une coudée et demie.
৬তেওঁ শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল আৰু ডেৰ হাত বহলকৈ এখন পাপাবৰণ সাজিলে।
7 Il fit deux chérubins d’or; il les fit d’or battu, aux deux extrémités du propitiatoire,
৭বচলেলে সোণ পিটাই দুটা সোণৰ কৰূব সাজিলে, আৰু পাপাবৰণৰ দুই মুৰত ৰাখিলে।
8 un chérubin à l’une des extrémités et un chérubin à l’autre extrémité; il fit les chérubins sortant du propitiatoire à ses deux extrémités.
৮এটা মুৰত এটা কৰূব আৰু আনটো মুৰত আন এটা কৰূব হ’ল। পাপাবৰণৰ দুই মুৰত একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিলে।
9 Les chérubins avaient leurs ailes déployées vers le haut, couvrant de leurs ailes le propitiatoire, et se faisant face l’un à l’autre; les faces des chérubins étaient tournées vers le propitiatoire.
৯কৰূবে ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকি ধৰিলে; আৰু কৰূব দুটা মুখামুখি হৈ থাকিল; আৰু কৰূবৰ দৃষ্টি পাপাবৰণৰ মাজভাগত আছিল।
10 Il fit la table de bois d’acacia; sa longueur était de deux coudées, sa largeur d’une coudée, et sa hauteur d’une coudée et demie.
১০তেওঁ দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ মেজ সাজি, তাত শুদ্ধ সোণৰ পতা মাৰিলে।
11 Il la revêtit d’or pur, et y mit une guirlande d’or tout autour.
১১মেজখনত তেওঁ সোণৰ পতা মাৰিলে, আৰু তাৰ ওপৰৰ চাৰিওফালৰ দাঁতিত সোণ লগালে।
12 Il lui fit à l’entour un châssis d’une palme, et il fit une guirlande d’or au châssis tout autour.
১২তাৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এটা কাঠৰ ফ্রেম যুগুত কৰিলে, আৰু ফ্রেমৰ চাৰিওকাষৰ দাঁতি সোণৰ কৰিলে।
13 Il fondit pour la table quatre anneaux d’or, et il mit les anneaux aux quatre coins, qui sont à ses quatre pieds.
১৩তেওঁ তাৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত ঢালিলে। সেই আঙঠি চাৰিটা খুঁটা থকা ঠাইৰ চাৰি চুকত লগালে।
14 Les anneaux étaient près du châssis pour recevoir les barres qui doivent porter la table.
১৪মেজ বৈ নিবলৈ, আৰু কানমাৰি সুমুৱাবলৈ সেই আঙঠি ফ্রেমৰ কাষত লগালে।
15 Il fit les barres de bois d’acacia et les revêtit d’or; elles servaient à porter la table.
১৫তেওঁ মেজ বৈ নিবৰ কাৰণে চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিলে।
16 Il fit les ustensiles qu’on devait mettre sur la table, ses plats, ses cassolettes, ses coupes et ses tasses pour servir aux libations; il les fit d’or pur.
১৬মেজৰ ওপৰত থকা পাত্ৰবোৰ, অৰ্থাৎ তাৰ কাঁহি, চামুচ, বাটি, আৰু দ্ৰাক্ষাৰস ঢালিবলৈ জাৰ প্রস্তুত কৰিলে। সেই সকলো শুদ্ধ সোণেৰে গঢ়ালে।
17 Il fit le chandelier d’or pur; il fit d’or battu le chandelier, avec son pied et sa tige; ses calices, ses boutons et ses fleurs étaient d’une même pièce.
১৭তেওঁ শুদ্ধ সোণ হাতুৰিৰে পিটি এটা দীপাধাৰ সাজিলে; তাৰ খুৰা, গা ভাগ, তাত কটা বাটি, কলি, আৰু ফুল একে ডোখৰ সোণেৰে গঢ়িলে।
18 Six branches sortaient de ses côtés; trois branches du chandelier de l’un de ses côtés, et trois branches du chandelier du second de ses côtés.
১৮তাৰ এফালৰ পৰা তিনটা শাখা, আৰু আনফালৰ পৰা তিনটা শাখা, এই দৰে সেই দীপাধাৰৰ দুই ফালৰ পৰা ছটা শাখা ওলাল।
19 Il y avait sur la première branche trois calices en fleurs d’amandier, bouton et fleur, et sur la seconde branche trois calices en fleurs d’amandiers, bouton et fleur; il en était de même pour les six branches partant du chandelier.
১৯তাৰ প্রথম শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল, আৰু আনটো শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল কৰিলে। দীপাধাৰৰ পৰা ওলোৱা ছয়োটা শাখাত একে দৰেই কৰিলে।
20 À la tige du chandelier, il y avait quatre calices, en fleurs d’amandier, avec leurs boutons et leurs fleurs.
২০সেই দীপাধাৰৰ মাজভাগতো বাদামফুলৰ আকৃতিৰে চাৰিটা বাটি, তাৰ কলি আৰু ফুল কৰিলে।
21 Il y avait un bouton sous les deux premières branches partant de la tige du chandelier, un bouton sous les deux branches suivantes partant de la tige du chandelier, et un bouton sous les deux dernières branches partant de la tige du chandelier, selon les six branches sortant du chandelier.
২১সেই দীপাধাৰৰ প্রথম জোৰা শাখাৰ তলত একে ডোখৰ সোণতে এটা কলি আৰু আনটো শাখাৰ তলতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰে তৃতীয় শাখাতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰেই দ্বীপাধাৰৰ পৰা বহিৰ ওলোৱা ছয়োটা শাখাতে একেদৰে কৰা আছিল।
22 Ces boutons et ces branches étaient d’une même pièce avec le chandelier; le tout était une masse d’or battu, d’or pur.
২২সেইবোৰৰ কলি আৰু সেইবোৰৰ ডাল একে ডোখৰ সোণতেই আছিল। সেই সকলোৱেই শুদ্ধ সোণ হাতুৰিৰে পিটি গঢ়োৱা হৈছিল।
23 Il fit ses lampes au nombre de sept, ses mouchettes et ses vases à cendre, en or pur.
২৩বচলেলে দীপাধাৰৰ সাতোটা প্ৰদীপ, চেপেনা আৰু তাৰ ট্রে শুদ্ধ সোণেৰে গঢ়ালে।
24 On employa un talent d’or pur pour faire le chandelier avec tous ses ustensiles.
২৪সেই দীপাধাৰ আৰু তাৰ সকলো বস্তু এক কিক্কৰ শুদ্ধ সোণেৰে নিৰ্মান কৰিলে।
25 Il fit l’autel des parfums de bois d’acacia; sa longueur était d’une coudée, et sa largeur d’une coudée; il était carré, et sa hauteur était de deux coudées; ses cornes faisaient corps avec lui.
২৫বচলেলে চিটীম কাঠেৰে ধূপ-বেদি নিৰ্মান কৰিলে। সেই বেদি এহাত দীঘল, আৰু এহাত বহল; তাৰ চাৰিওফালৰ চাৰিওটা চুক সমান; তাৰ ওখই দুহাত; আৰু তাৰ শিং একে ডোখৰ কাঠেৰেই তৈয়াৰ কৰা হ’ল।
26 Il le revêtit d’or pur, le dessus, les côtés tout autour et les cornes, et il y fit une guirlande d’or tout autour.
২৬তেওঁ ধূপ বেদিত, ইয়াৰ ওপৰত, কাষত, আৰু শিংবোৰত শুদ্ধ সোণেৰে পতা মাৰিলে। তেওঁ চাৰিওফালৰ দাঁতিও সোণেৰে তৈয়াৰ কৰিলে।
27 Il fit pour lui deux anneaux d’or, au-dessous de sa guirlande, sur ses deux arêtes; il les fit aux deux côtés, pour recevoir les barres qui servaient à le porter.
২৭ধূপ বেদি বৈ নিবৰ বাবে কানমাৰি সুমুউৱাবলৈ, তেওঁ সোণৰ দুটা খাৰুৱা গঢ়ালে, আৰু দাঁতিৰ তলত দুয়ো ফালে লগালে।
28 Il fit les barres de bois d’acacia et les revêtit d’or.
২৮তেওঁ চিটীম কাঠেৰে কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
29 Il fit l’huile pour l’onction sainte, et le parfum pour l’encensement, composé selon l’art du parfumeur.
২৯সুগন্ধিদ্ৰব্য তৈয়াৰ কৰা লোক সকলৰ দৰে, তেওঁ অভিষেকৰ পবিত্ৰ তেল, আৰু শুদ্ধ সুগন্ধি ধূপ যুগুত কৰিলে।