< Deutéronome 15 >
1 A la fin de chaque septième année, tu feras rémission.
১আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব।
2 Voici comment se pratiquera la rémission: tout créancier qui aura fait un prêt accordera rémission pour ce qu’il a prêté à son prochain: il ne pressera pas son prochain et son frère, quand on aura publié la rémission de Yahweh.
২সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
3 Tu pourras presser l’étranger; mais pour ce qui t’appartient chez ton frère, ta main fera rémission,
৩আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।
4 afin qu’il n’y ait pas de pauvre chez toi. Car Yahweh te bénira certainement dans le pays que Yahweh, ton Dieu, t’a donné en héritage pour le posséder,
৪যাহোক আপোনালোকৰ মাজত কোনো দৰিদ্রলোক নাথাকিব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
5 pourvu seulement que tu obéisses à la voix de Yahweh, ton Dieu, en mettant soigneusement en pratique tous ses commandements que je te prescris aujourd’hui.
৫যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।
6 Car Yahweh, ton Dieu, te bénira, comme il te l’a dit; tu feras des prêts à beaucoup de nations, et toi tu n’emprunteras pas; tu domineras sur beaucoup de nations, et elles ne domineront pas sur toi.
৬কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।
7 S’il y a chez toi un pauvre d’entre tes frères, dans l’une de tes portes, au pays que Yahweh, ton Dieu, te donne, tu n’endurciras pas ton cœur et ne fermeras pas ta main à ton frère pauvre;
৭ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব।
8 mais tu lui ouvriras ta main, et tu lui prêteras de quoi pourvoir à ses besoins selon ce qui lui manque.
৮কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
9 Prends garde qu’il ne s’élève dans ton cœur cette pensée basse: « La septième année, l’année de rémission, approche! » et que ton œil ne soit mauvais envers ton frère pauvre, de peur que tu ne lui donnes rien, et qu’il ne crie à Yahweh contre toi, et que tu ne sois chargé d’un péché.
৯সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব।
10 Tu dois lui donner, et, en lui donnant, que ton cœur n’ait pas de regret; car, à cause de cela, Yahweh, ton Dieu, te bénira dans tous tes travaux et dans toutes tes entreprises.
১০আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
11 Il ne manquera jamais de pauvre au milieu du pays; c’est pourquoi je te donne ce commandement: Tu ouvriras ta main à ton frère, à l’indigent et au pauvre dans ton pays.
১১কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব।
12 Si l’un de tes frères hébreux, homme ou femme, se vend à toi, il te servira six ans et, la septième année, tu le renverras libre de chez toi.
১২যদি তোমাৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা আপোনাৰ হাতত বেচা হয়, আৰু তেওঁ আপোনাক ছয় বছৰ খাটি দিয়ে, তেন্তে আপুনি সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিব।
13 Et quand tu le renverras libre de chez toi, tu ne le renverras pas à vide;
১৩মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব।
14 mais tu ne manqueras pas de lui donner des présents de ton menu bétail, de ton aire et de ton pressoir; tu lui donneras une part des biens dont Yahweh, ton Dieu, t’aura béni.
১৪আপোনালোকে আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব।
15 Tu te souviendras que tu as été esclave au pays d’Égypte, et que Yahweh, ton Dieu, t’a racheté; c’est pourquoi je te donne aujourd’hui ce commandement.
১৫আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ।
16 Mais si ton esclave te dit: « Je ne veux pas sortir de chez toi, » parce qu’il t’aime, toi et ta maison, et qu’il se trouve bien chez toi,
১৬কিন্তু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ প্রতি ভাল পোৱাৰ কাৰণে আৰু আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়,
17 alors prenant un poinçon, tu lui perceras l’oreille contre la porte de ta maison, et il sera pour toujours ton serviteur; tu feras de même pour ta servante.
১৭তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধনাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব; আৰু বেটীলৈকো সেইদৰেই কৰিব।
18 Tu ne trouveras pas pénible de le renvoyer libre de chez toi, car, en te servant six ans, il t’a valu le double du salaire d’un mercenaire, et Yahweh, ton Dieu, te bénira dans tout ce que tu feras.
১৮তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
19 Tu consacreras à Yahweh, ton Dieu, tout premier-né mâle qui naîtra dans ton bétail gros et menu; tu ne travailleras pas avec le premier-né de ton bœuf, et tu ne tondras pas le premier-né de tes brebis,
১৯আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।
20 mais tu le mangeras chaque année, toi et ta famille, devant Yahweh, ton Dieu, dans le lieu qu’il aura choisi.
২০যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতিবছৰে আহাৰ হিচাপে গ্রহণ কৰিব।
21 Mais s’il a une difformité, s’il est boiteux ou aveugle, ou s’il a toute autre difformité mauvaise, tu ne l’offriras pas en sacrifice à Yahweh, ton Dieu.
২১যদি তাত কোনো ঘুণীয়া থাকে, অৰ্থাৎ সেইবোৰত যদি খোৰা, কণা, বা আন প্ৰকাৰৰ কোনো ঘুণ থকা হয়, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব।
22 Tu le mangeras dans tes portes; l’homme impur et l’homme pur en mangeront l’un et l’autre, comme on mange de la gazelle ou du cerf.
২২আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণসাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব।
23 Seulement tu n’en mangeras pas le sang: tu le répandras sur la terre comme de l’eau.
২৩আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।