< 2 Timothée 4 >
1 Je t’adjure devant Dieu et devant le Christ Jésus, qui doit juger les vivants et les morts, et par son apparition et son règne,
১মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যি জন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকৰ্তা, তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ -
2 prêche la parole, insiste à temps et à contre temps, reprends, menace, exhorte, avec une entière patience et toujours en instruisant.
২তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।
3 Car un temps viendra où les hommes ne supporteront plus la saine doctrine; mais ils se donneront une foule de docteurs, suivant leurs convoitises et avides de ce qui peut chatouiller leurs oreilles;
৩কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।
4 ils les fermeront à la vérité pour les ouvrir à des fables.
৪তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব।
5 Mais toi, sois circonspect en toutes choses, endure la souffrance, fais l’œuvre d’un prédicateur de l’Evangile, sois tout entier à ton ministère.
৫কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।
6 Car, pour moi, je sers déjà de libation, et le moment de mon départ est proche.
৬কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে।
7 J’ai combattu le bon combat, j’ai achevé ma course, j’ai gardé la foi;
৭মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।
8 il ne me reste plus qu’à recevoir la couronne de justice, que me donnera en ce jour-là le Seigneur, le juste Juge, et non seulement à moi, mais à tous ceux qui auront aimé son avènement.
৮মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।
9 Tâche de me rejoindre au plus tôt;
৯মোৰ ওচৰলৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা;
10 car Démas, m’a quitté par amour pour le siècle présent, et il est parti pour Thessalonique; Crescent est allé en Galatie, Tite en Dalmatie. (aiōn )
১০কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি, মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল। (aiōn )
11 Luc seul est avec moi. Prends Marc et amène-le avec toi, car il m’est d’un grand secours pour le ministère.
১১একমাত্ৰ লূকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী।
12 J’ai envoyé Tychique à Ephèse.
১২তুখিকক ইফিচলৈ পঠালোঁ।
13 En venant, apporte le manteau que j’ai laissé à Troas chez Carpus, ainsi que les livres, surtout les parchemins.
১৩ত্রোৱা নগৰত মই যি বৰ চোলাটো কার্পৰ হাতত এৰি আহিলোঁ, তুমি আহোতে সেই চোলাটো আৰু পুস্তকবোৰ, বিশেষকৈ ছালত লেখা পুস্তক আৰু সামগ্ৰীবোৰ লৈ আহিবা।
14 Alexandre, le fondeur, m’a fait bien du mal: le Seigneur lui rendra selon ses œuvres.
১৪আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব।
15 Toi aussi, tiens-toi en garde contre lui, car il a fait une forte opposition à notre prédication.
১৫তেওঁলৈ তুমিও সাৱধান হবা; কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছিল।
16 Personne ne m’a assisté dans ma première défense; tous m’ont abandonné: que cela ne leur soit pas imputé!
১৬মই প্ৰথম বাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।
17 Cependant, le Seigneur m’a assisté et m’a fortifié afin que la parole fût pleinement annoncée par moi et entendue de toutes les nations; et j’ai été délivré de la gueule du lion.
১৭কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ।
18 Le Seigneur me délivrera de toute œuvre mauvaise, et il me sauvera en me faisant entrer dans son royaume céleste. A lui soit la gloire aux siècles des siècles! Amen! (aiōn )
১৮প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন। (aiōn )
19 Salue Prisca et Aquila, et la famille d’Onésiphore.
১৯তুমি প্ৰিষ্কা, আক্কিলাক আৰু অনীচিমৰ ঘৰ লোক সকলক মঙ্গলবাদ দিবা।
20 Eraste est resté à Corinthe, et j’ai laissé Trophime malade à Milet.
২০ইৰাস্তচ কৰিন্থত থাকিল, কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলীতত থৈ আহিলোঁ।
21 Hâte-toi de venir avant l’hiver. Eubule te salue, ainsi que Pudens, Linus, Claudia et tous les frères.
২১তুমি জাৰ-কালিৰ আগেয়ে আহিবলৈ যত্ন কৰিবা। উবুল, পূদেন্ত, লীন, ক্লৌদিয়া ভনী আৰু সকলো ভাইয়ে তোমাক মঙ্গলবাদ কৰিছে।
22 Que le Seigneur Jésus-Christ soit avec ton esprit! Que la grâce soit avec vous! Amen!
২২প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ সৈতে তেওঁৰ অনুগ্ৰহ থাকক। আমেন৷