< 1 Samuel 15 >
1 Samuel dit à Saül: « C’est moi que Yahweh a envoyé pour t’oindre comme roi sur son peuple, sur Israël; écoute donc ce que dit Yahweh.
১চমূৱেলে চৌলক ক’লে, “যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰজা হ’বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল; এই হেতুকে এতিয়া তুমি যিহোৱাৰ বাক্য শুনা।
2 Ainsi parle Yahweh des armées: J’ai considéré ce qu’Amalec a fait à Israël, lorsqu’il s’est élevé contre lui sur le chemin, quand Israël montait d’Égypte.
২বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলসকল, মিচৰৰ পৰা ওলাই অহা সময়ত অমালেকে বাটৰ মাজত তেওঁলোকক কি দৰে বাধা দিছিল, তালৈ মই লক্ষ্য কৰিলোঁ।
3 Va maintenant, frappe Amalec, et dévoue par anathème tout ce qui lui appartient; tu n’auras pas pitié de lui, et tu feras mourir hommes et femmes, enfants et nourrissons, bœufs et brebis, chameaux et ânes. »
৩সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা, তেওঁলোকলৈ দয়া নকৰিবা; কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়াহ খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধ সকলোকে বধ কৰিবা।”
4 Saül le fit savoir au peuple, qu’il passa en revue à Télaïm: il compta deux cent mille hommes de pied et dix mille hommes de Juda.
৪চৌলে লোকসকলক মাতি আনিলে আৰু টলায়ীমত তেওঁলোকক গণনা কৰিলে; তাতে দুই লাখ পদাতিক আৰু যিহূদাৰ দহ হাজাৰ লোক হ’ল।
5 Saül s’avança jusqu’à la ville d’Amalec, et il mit une embuscade dans la vallée.
৫তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল।
6 Saül dit aux Cinéens: « Allez, retirez-vous, descendez du milieu d’Amalec, de peur que je ne vous enveloppe avec lui; car vous avez usé de bonté envers tous les enfants d’Israël, lorsqu’ils montèrent d’Égypte. » Et les Cinéens se retirèrent du milieu d’Amalec.
৬তেতিয়া চৌলে কেনীয়াসকলক ক’লে, “তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তোমালোককো বিনষ্ট নকৰিম। কাৰণ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা।” সেয়ে কেনীয়া সকল অমালেকৰ মাজৰ পৰা ওলাই গ’ল।
7 Saül battit Amalec depuis Hévila jusqu’à Sur, qui est à l’est de l’Égypte.
৭তাৰ পাছত চৌলে হবীলাৰ পৰা মিচৰৰ পূবফালে থকা চূৰলৈকে অমালেকীয়া সকলক আক্ৰমণ কৰিলে।
8 Il prit vivant Agag, roi d’Amalec, et il dévoua tout le peuple par anathème, en le passant au fil de l’épée.
৮তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।
9 Mais Saül et le peuple épargnèrent Agag, ainsi que le meilleur des brebis, des bœufs, des bêtes de la seconde portée, les agneaux et tout ce qu’il y avait de bon; ils ne voulurent pas le dévouer à l’anathème; et tout ce qui était chétif et sans valeur, ils le vouèrent à l’anathème.
৯কিন্তু চৌল আৰু লোকসকলে অগাগক আৰু উত্তম উত্তম মেৰ, ছাগলী, গৰু, হৃষ্টপুষ্ট দামুৰি আৰু মেৰ পোৱালিবোৰ আৰু আটাই উত্তম বস্তুবোৰ ধ্বংস নকৰিলে, কিন্তু যিবোৰ ঘিণলগা আৰু মূল্যহীন সেইবোৰক সম্পূৰ্ণ ভাৱে ধংস কৰিলে।
10 La parole de Yahweh fut adressée à Samuel, en ces termes:
১০তাৰ পাছত চমূৱেললৈ যিহোৱাৰ বাক্য আহিল,
11 « Je me repens d’avoir établi Saül pour roi, car il s’est détourné de moi, et il n’a pas exécuté mes paroles. » Samuel s’attrista, et il cria vers Yahweh toute la nuit.
১১“চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।
12 Samuel se leva de bon matin pour aller à la rencontre de Saül; et on avertit Samuel en disant: « Saül est allé à Carmel, et voici qu’il s’est élevé un monument; puis il s’en est retourné et, passant plus loin, il est descendu à Galgala. »
১২চমূৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল। কিন্তু চমূৱেলক এই কথা কোৱা হ’ল, “চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয়স্তম্ভ স্থাপন কৰিলে, আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ’ল।”
13 Samuel vint vers Saül, et Saül lui dit: « Sois béni de Yahweh! J’ai exécuté la parole de Yahweh. »
১৩তাৰ পৰা চমূৱেল চৌলৰ ওচৰলৈ আহিল, চৌলে তেওঁক ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হওঁক; মই যিহোৱাৰ আজ্ঞা পালন কৰিলোঁ।”
14 Samuel dit: « Qu’est-ce donc que ce bêlement de brebis à mes oreilles, et ce mugissement de bœufs que j’entends? »
১৪চমূৱেলে ক’লে, “তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবেনি হৈছে কিয়? আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ, কিয়?”
15 Saül répondit: « Ils les ont amenés de chez les Amalécites, car le peuple a épargné le meilleur des brebis et des bœufs pour les sacrifier à Yahweh, ton Dieu; le reste, nous l’avons voué à l’anathème. »
১৫চৌলে ক’লে, “সেইবোৰ অমালেকীয়া সকলৰ পৰা অনা হৈছে; কিয়নো নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে লোকসকলে উত্তম উত্তম মেৰ ও ছাগলী, আৰু উত্তম উত্তম গৰু ৰাখিলে; কিন্তু অৱশিষ্টবোৰ আমি ধ্বংস কৰিলোঁ।”
16 Samuel dit à Saül: « Assez! Je vais te faire connaître ce que Yahweh m’a dit cette nuit. » Et Saül lui dit: « Parle! »
১৬চমূৱেলে চৌলক ক’লে, “ৰ’বা, যোৱা ৰাতি যিহোৱাই মোক যি ক’লে, তাক মই তোমাক কওঁ।” চৌল তেওঁক ক’লে, “কওক!”
17 Samuel dit: « Est-ce que, lorsque tu étais petit à tes propres yeux, tu n’es pas devenu le chef des tribus d’Israël, et Yahweh ne t’a-t-il pas oint pour roi sur Israël?
১৭চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।
18 Yahweh t’avait envoyé dans le chemin en disant: Va, et dévoue à l’anathème ces pécheurs, les Amalécites, et combats-les jusqu’à ce qu’ils soient exterminés.
১৮যিহোৱাই তোমাক তোমাৰ পথত পঠাই দি ক’লে, যোৱা পাপী লোকসকলক সম্পূৰ্ণভাৱে ধংস কৰা, আৰু অমালেকীয়াসকল সম্পূৰ্ণ ভাৱে ধ্বংস নোহোৱালৈকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা।
19 Pourquoi n’as-tu pas écouté la voix de Yahweh, et t’es-tu jeté sur le butin, et as-tu fait ce qui est mal aux yeux de Yahweh? »
১৯তেনেহলে তুমি যিহোৱাৰ বাক্য কিয় পালন কৰা নাছিলা, কিন্তু তাৰ পৰিবৰ্তে কিয় লুট কৰা বস্তু জব্দ কৰি যিহোৱাৰ দৃষ্টিত কিয় পাপ কৰিলা?”
20 Saül dit à Samuel: « Mais oui, j’ai écouté la voix de Yahweh, et j’ai marché dans le chemin où Yahweh m’envoyait. J’ai amené Agag, roi d’Amalec, et j’ai voué Amalec à l’anathème.
২০চৌলে চমূৱেলক ক’লে, “মই অৱশ্যে যিহোৱাৰ বাক্যলৈ পালন কৰিলোঁ। আৰু যিহোৱাই মোক যি বাটেদি পঠাইছিল, সেই বাটেদি গ’লো। অমালেকৰ ৰজা অগাগক মই বন্দী কৰিলোঁ, আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰিলোঁ।
21 Et le peuple a pris, sur le butin des brebis et des bœufs, les prémices de l’anathème, pour les sacrifier à Yahweh, ton Dieu, à Galgala. »
২১কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ, যেনে মেৰ, ছাগলী, আৰু গৰু আনিলে।”
22 Samuel dit: « Yahweh trouve-t-il du plaisir aux holocaustes et aux sacrifices, comme à l’obéissance à la voix de Yahweh? L’obéissance vaut mieux que le sacrifice et la docilité que la graisse des béliers.
২২চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
23 Car la rébellion est aussi coupable que la divination, et la résistance que l’idolâtrie et les théraphim. Puisque tu as rejeté la parole de Yahweh, il te rejette aussi pour que tu ne sois plus roi. »
২৩কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
24 Alors Saül dit à Samuel: « J’ai péché, car j’ai transgressé l’ordre de Yahweh et tes paroles; je craignais le peuple et j’ai écouté sa voix.
২৪তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
25 Maintenant, je te prie, pardonne mon péché, reviens avec moi, et j’adorerai Yahweh. »
২৫এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
26 Samuel dit à Saül: « Je ne reviendrai pas avec toi, car tu as rejeté la parole de Yahweh, et Yahweh te rejette afin que tu ne sois plus roi sur Israël. »
২৬চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”
27 Et, comme Samuel se tournait pour s’en aller, Saül saisit l’extrémité de son manteau, qui se déchira.
২৭যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।
28 Et Samuel lui dit: « Yahweh a déchiré aujourd’hui de dessus toi la royauté d’Israël, et il l’a donnée à ton voisin qui est meilleur que toi.
২৮চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।
29 Celui qui est la splendeur d’Israël ne ment pas et ne se repent point, car il n’est pas un homme pour se repentir. »
২৯আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
30 Saül dit: « J’ai péché! Maintenant, honore-moi, je te prie, en présence des anciens de mon peuple et en présence d’Israël; reviens avec moi, et j’adorerai Yahweh, ton Dieu. »
৩০তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
31 Samuel revint et suivit Saül, et Saül adora Yahweh.
৩১সেয়ে চমূৱেলে চৌলৰ পাছত ঘুৰি গ’ল, আৰু চৌলে যিহোৱাৰ প্ৰশংসা কৰিলে।
32 Et Samuel dit: « Amenez-moi Agag, roi d’Amalec. » Et Agag s’avança vers lui d’un air joyeux; Agag disait: Certainement l’amertume de la mort est passée!
৩২তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”
33 Samuel dit: « De même que ton épée a privé des femmes de leurs enfants, ainsi ta mère sera privée d’enfants, entre les femmes! » Et Samuel coupa Agag en morceaux devant Yahweh, à Galgala.
৩৩চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।
34 Samuel partit pour Rama, et Saül monta dans sa maison, à Gabaa de Saül.
৩৪তাৰ পাছত চমূৱেল ৰামালৈ গ’ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ’ল।
35 Et Samuel ne revit plus Saül jusqu’au jour de sa mort. TROISIÈME PARTIE. SAÜL ET DAVID. Comme Samuel pleurait sur Saül, — car Yahweh s’était repenti d’avoir fait Saül roi sur Israël, —
৩৫কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমূৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমূৱেলে চৌলৰ বাবে শোক কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ ওপৰত চৌলক যে ৰজা পাতিলে, তাৰ বাবে তেওঁ বেজাৰ কৰিলে।