< Josué 20 >
1 Yahvé parla à Josué, et dit:
১তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে,
2 Parle aux enfants d'Israël, et dis: « Attribuez les villes de refuge dont je vous ai parlé par Moïse,
২“তুমি ইস্ৰায়েলৰ লোকসকলক কোৱা, বোলে, ‘মই তোমালোকক মোচিৰ দ্ৱাৰাই যি কথা কৈছিলোঁ, সেই বিষয়ে আশ্ৰয় লোৱা নগৰবোৰ নিৰূপণ কৰা৷
3 afin que le meurtrier qui tue quelqu'un par accident ou involontairement puisse s'y réfugier. Elles seront pour vous un refuge contre le vengeur du sang.
৩তোমালোকে ইয়াকে কৰা, যাতে কোনো এজন লোকে যদি অনিচ্ছাকৃত ভাৱে আন এজনক হত্যা কৰে, তেতিয়া তেওঁ সেই ঠাইলৈ গৈ ৰক্ষা পাব পাৰে৷ কোনো এজন লোকে যদি আন কোনো এজন হত্যা কৰা লোকৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ব বিচাৰে, তেতিয়া এই নগৰবোৰেই তেওঁলোকৰ বাবে আশ্ৰয় লোৱা ঠাই হ’ব।
4 Il s'enfuira dans l'une de ces villes, se tiendra à l'entrée de la porte de la ville et exposera son cas aux oreilles des anciens de cette ville. Ils le prendront avec eux dans la ville et lui donneront une place, afin qu'il vive au milieu d'eux.
৪সেই জন লোকে সেই নগৰবোৰৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ, নগৰৰ দুৱাৰ মুখত থিয় দি যেতিয়া তেওঁৰ সেই অভিযোগ সেই নগৰৰ বৃদ্ধ লোক সকলৰ আগত বুজাই ক’ব; তেতিয়া তেখেতসকলে তেওঁক নগৰলৈ লৈ গৈ তেওঁক তেখেতসকলৰ মাজত বাস কৰিবলৈ কোনো এটা ঠাই দিব৷
5 Si le vengeur du sang le poursuit, on ne livrera pas entre ses mains le meurtrier de l'homme, parce qu'il a frappé son prochain sans le vouloir et sans le haïr auparavant.
৫আৰু যদি কোনো এজন লোকে হত্যা হোৱা জনৰ ৰক্তপাতৰ প্ৰতিশোধ লোৱাৰ প্ৰয়াসেৰে আহে, তেতিয়া সেই নৰবধীক নগৰবোৰৰ লোকসকলে কৰ্তৃপক্ষৰ হাতত শোধাই নিদিব৷ তেওঁলোকে এইদৰে কৰা উচিত ন’হব, কিয়নো তেওঁ অনিচ্ছাকৃত ভাৱেহে নিজৰ চুবুৰীয়াক বধ কৰিলে, আগেয়ে তেওঁলৈ কোনো হিংসা ভাব নাছিল।
6 Il demeurera dans cette ville jusqu'à ce qu'il se présente devant l'assemblée pour être jugé, jusqu'à la mort du grand prêtre qui aura lieu en ces jours-là. Alors l'homme qui a tué son prochain s'en retournera et reviendra dans sa ville et dans sa maison, dans la ville qu'il a fuie.'"
৬সেই কালৰ মহা-পুৰোহিতৰ মৃত্যু নোহোৱা পৰ্য্যন্ত আৰু সেই নৰবধীয়ে বিচাৰৰ বাবে সমাজৰ সাক্ষাতে থিয় নোহোৱালৈকে, তেওঁ সেই নগৰতে বাস কৰিব লাগিব৷ তেতিয়া তেওঁ যি নগৰৰ পৰা পলাই আহিছিল, নিজৰ সেই নগৰ আৰু নিজৰ ঘৰলৈ উলটি যাব পাৰিব’।”
7 Ils mirent à part Kedesh en Galilée, dans la montagne de Nephtali, Sichem dans la montagne d'Ephraïm, et Kiriath Arba (appelée aussi Hébron) dans la montagne de Juda.
৭গতিকে ইস্রায়েলীয়া সকলে গালীলৰ পৰ্বতীয়া অঞ্চলত থকা নপ্তালীৰ কেদচ, ইফ্ৰয়িম পৰ্ব্বতত থকা চিখিম আৰু যিহূদা পৰ্ব্বতত থকা কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ নিৰ্বাচন কৰি ল’লে।
8 Au-delà du Jourdain, à Jéricho, vers l'est, ils attribuèrent Bezer dans le désert, dans la plaine, à la tribu de Ruben, Ramoth en Galaad, à la tribu de Gad, et Golan en Basan, à la tribu de Manassé.
৮আৰু যৰ্দ্দনৰ সিপাৰে যিৰীহোৰ পুৱফালে ৰূবেণ ফৈদৰ ভিতৰত থকা সমথলৰ মৰুপ্ৰান্তত বেচৰ, গাদ ফৈদৰ ভিতৰত থকা গিলিয়দত ৰমোৎ আৰু মনচি ফৈদৰ ভিতৰৰ বাচানত থকা গোলন নামেৰে ঠাই সমূহ নিৰূপণ কৰিলে।
9 Ces villes étaient destinées à tous les enfants d'Israël et à l'étranger qui vit au milieu d'eux, afin que quiconque tuerait quelqu'un involontairement puisse s'y réfugier et ne pas mourir de la main du vengeur du sang, jusqu'à ce qu'il soit jugé devant l'assemblée.
৯কোনোৱে অনিচ্ছাকৃত ভাৱে নৰবধ কৰিলে, সমাজৰ সাক্ষাতে তেওঁ থিয় নহয় মানে, সেই ঠাইলৈ পলাই গৈ যেন ৰক্তপাতৰ প্ৰতিশোধ লোৱাজনৰ হাতত মৰা নপৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে আৰু তেওঁলোকৰ মাজত বসতি কৰা বিদেশী লোকৰ বাবেও, নিৰূপণ কৰা নগৰ এইবোৰ।