< Jeremian 6 >
1 Paetkaa, benjaminilaiset, Jerusalemista, puhaltakaa pasunaan Tekoassa ja nostakaa merkki Beet-Keremin kohdalle; sillä pohjoisesta nousee onnettomuus ja suuri hävitys.
১“হে বিন্যামীনৰ সন্তান সকল, তোমালোকে যিৰূচালেমৰ মাজৰ পৰা ৰক্ষাৰ পাবৰ বাবে পলোৱা, আৰু তকোৱাত শিঙা বজোৱা। আৰু বৈৎহক্কেৰমত এক নিচান তোলা; কিয়নো উত্তৰ ফালৰ পৰা এক অমঙ্গল আৰু মহাসংহাৰে দেখা দিছে।
2 Tytär Siionin, suloisen ja hemmotellun, minä hukutan.
২সুন্দৰী আৰু আলসুৱা চিয়োন জীয়াৰীক মই সংহাৰ কৰিম।
3 Hänen tykönsä tulee paimenia laumoinensa, he pystyttävät telttansa häntä vastaan yltympäri, syöttävät alansa kukin.
৩মেৰ-ছাগ ৰখীয়াবোৰে নিজ নিজ জাক লগত লৈ তাইৰ ওচৰলৈ আহিব; তেওঁলোকে তাইৰ বিৰুদ্ধে চাৰিওফালে নিজ নিজ তম্বু তৰিব, আৰু প্ৰতিজনে নিজ নিজ ঠাইত চৰিব।
4 Julistakaa häntä vastaan pyhä sota. "Nouskaa ja menkäämme puolipäivän aikaan! Voi meitä, sillä päivä painuu, sillä illan varjot pitenevät!
৪তোমালোকে তাইৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰা। “আমি উঠি দুপৰীয়া যাত্ৰা কৰোঁহক। কি দুখৰ বিষয়! চোৱা, দিনৰ শেষ হৈছে, এনে কি, সন্ধিয়া বেলাৰ ছাঁ দীঘলীয়া হৈছে।
5 Nouskaa ja menkäämme yöllä ja hävittäkäämme hänen linnansa."
৫আমি উঠি ৰাতি যাত্ৰা কৰি তাইৰ অট্ৰালিকাবোৰ নষ্ট কৰোঁহক।”
6 Sillä näin sanoo Herra Sebaot: Kaatakaa puita ja luokaa valli Jerusalemia vastaan. Se on kaupunki, jota on rangaistava; siinä on pelkkää väkivaltaa.
৬কিয়নো বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: তোমালোকে কাঠ কাটি যিৰূচালেমৰ অহিতে দ’ম বান্ধা। সেয়ে দণ্ড পাবলগীয়া নগৰী; তাৰ মাজত সম্পূৰ্ণ অত্যাচাৰ আছে।
7 Niinkuin kaivo pitää vetensä tuoreena, niin sekin pitää pahuutensa tuoreena; sortoa, hävitystä kuuluu sieltä, minun edessäni on aina kipu ja haavat.
৭যেনকৈ ভুমুকে নিজৰ শীতল পানী উলিয়াই থাকে, তেনেকৈ তাই নিজৰ দুষ্টতা উলিয়াই থাকে। তাইৰ মাজত অত্যাচাৰ আৰু লুটৰ কথা শুনা যায়; নৰিয়া পৰা আৰু ঘা লগা সদায় মোৰ চকুত পৰে।
8 Ota ojentuaksesi, Jerusalem, ettei minun sieluni vieraannu sinusta, etten tee sinua autioksi, asumattomaksi maaksi.
৮হে যিৰূচালেম, সতৰ্ক হোৱা, নহ’লে মোৰ মন তোমাৰ পৰা নিলগত হব; নহ’লে মই তোমাক উচ্ছন্ন ঠাই আৰু নিবাসীহীন দেশ কৰিম।
9 Näin sanoo Herra Sebaot: Israelin jäännöksestä pidetään jälkikorjuu niinkuin viinipuusta; ojenna kätesi köynnöksiä kohti niinkuin viininkorjaaja.
৯বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যে তেওঁলোকে দ্ৰাক্ষাফলৰ দৰে ইস্ৰায়েলৰ অৱশিষ্টখিনি সম্পূৰ্ণকৈ গোটাব। দ্ৰাক্ষাগুটি চপাওঁতা জনৰ নিচিনা তুমি বাৰে বাৰে পাচিলৈ হাত নিয়া।
10 Kenelle minä puhuisin, ketä varoittaisin, että he kuulisivat? Katso, heidän korvansa ovat ympärileikkaamattomat, eivät he voi kuunnella. Katso, Herran sana on tullut heille pilkaksi, ei se heille kelpaa.
১০তোমালোকে শুনিবৰ কাৰণে মই কাৰ আগত কম, আৰু সাক্ষ্য দিম? চোৱা, তেওঁলোকৰ কাণ অচুন্নৎ, তেওঁলোকে শুনিব নোৱাৰে; চোৱা! যিহোৱাৰ বাক্য তেওঁলোকৰ ধিক্কাৰৰ বিষয় হৈছে; তেওঁলোকে তাত একো সন্তোষ নাপায়।
11 Minä olen täynnä Herran vihaa, en jaksa sitä pidättää; vuodata se lapsukaisiin kadulla, niin myös nuorukaisparveen. Sillä niin mies kuin vaimokin vangitaan, niin vanhus kuin ikäloppu.
১১এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত, আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।
12 Heidän talonsa joutuvat vieraille, niin myös pellot ja vaimot; sillä minä ojennan käteni maan asukkaita vastaan, sanoo Herra.
১২তেওঁলোকৰ ঘৰবোৰ, পথাৰবোৰ আৰু তেওঁলোকৰ মহিলাসকলক অন্যক দিয়া যাব। কাৰণ যিহোৱাই কৈছে, মই দেশনিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম।
13 Sillä kaikki, niin pienet kuin suuretkin, pyytävät väärää voittoa, kaikki, niin profeetat kuin papitkin, harjoittavat petosta.
১৩কিয়নো তেওঁলোকৰ সৰুৰ পৰা বৰলৈকে প্ৰতিজন লোভত আসক্ত, আৰু ভাববাদীৰ পৰা পুৰোহিতলৈকে প্ৰতিজনে প্ৰবঞ্চনা কাৰ্য কৰে।
14 He parantavat minun kansani vamman kepeästi, sanoen: "Rauha, rauha!" vaikka ei rauhaa ole.
১৪যেতিয়া কোনো ‘শান্তি! নাই, তেতিয়া তেওঁলোকে শান্তি! বুলি কৈ মোৰ প্ৰজাসকলৰ ঘা সামান্যৰূপে সুস্থ কৰিলে।
15 He joutuvat häpeään, sillä he ovat tehneet kauhistuksia; mutta heillä ei ole hävyntuntoa, he eivät osaa hävetä. Sentähden he kaatuvat kaatuvien joukkoon, sortuvat, kun minä heitä rankaisen, sanoo Herra.
১৫তেওঁলোক ঘিণলগীয়া কাৰ্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই; সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।”
16 Näin on Herra sanonut: "Astukaa teille ja katsokaa ja kysykää muinaisia polkuja, kysykää, mikä on hyvä tie, ja vaeltakaa sitä, niin te löydätte levon sieluillenne". Mutta he vastasivat: "Emme vaella".
১৬যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
17 Ja minä olen asettanut teille vartijat: "Kuunnelkaa pasunan ääntä". Mutta he vastasivat: "Emme kuuntele".
১৭শিঙাৰ শব্দলৈ কাণ পাতিবা বুলি কৈ, মই তোমালোকৰ ওপৰত প্ৰহৰীবোৰ নিযুক্ত কৰিলোঁ; কিন্তু তেওঁলোকে ক’লে, “আমি কাণ নাপাতিম।”
18 Sentähden kuulkaa, te kansat, ja tiedä, seurakunta, mitä heille on tapahtuva.
১৮এই হেতুকে হে জাতি সমূহ, শুনা! হে মণ্ডলী, তেওঁলোকৰ অন্তৰত কি আছে, তাক বুজা।
19 Kuule, maa! Katso, minä tuotan onnettomuuden tälle kansalle, heidän hankkeittensa hedelmän, sillä he eivät ole kuunnelleet minun sanojani, vaan ovat hyljänneet minun lakini.
১৯শুনা, হে পৃথিৱী! চোৱা, মই এই জাতিৰ ওপৰত অমঙ্গল ঘটাম, তেওঁলোকৰ কল্পনাবোৰৰ ফল দিম। কিয়নো তেওঁলোকে মোৰ বাক্যলৈ কাণ দিয়া নাই, আৰু মোৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে।
20 Mitä on minulle suitsutus, joka tulee Sabasta, ja paras kalmoruoko kaukaisesta maasta? Teidän polttouhrinne eivät ole minulle otolliset, eivätkä teidän teurasuhrinne minulle kelpaa.
২০চিবাৰ পৰা মোৰ ওচৰলৈ কুন্দুৰু, আৰু দূৰ দেশৰ পৰা সুগন্ধি বচ কি অভিপ্ৰায়েৰে আহিছে? তোমালোকৰ হোম-বলিবোৰ গ্ৰহণীয় নহয়, নাইবা তোমালোকৰ মঙ্গলাৰ্থক বলি মোৰ সন্তোষজনক নহয়।
21 Sentähden, näin sanoo Herra: Katso, minä asetan tälle kansalle kompastuskiviä, joihin he kompastuvat, isät ja pojat yhdessä, ja naapuri naapurinsa kanssa hukkuu.
২১এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই এই জাতিৰ আগত উজুটি খোৱা মূঢ়া থম; তেতিয়া বাপেক আৰু পুতেকহঁতে একে সময়ত তাত উজুটি খাই পৰিব। ওচৰ-চুবুৰীয়া আৰু তাৰ বন্ধু বিনষ্ট হ’ব।
22 Näin sanoo Herra: Katso, kansa tulee pohjoisesta maasta, suuri kansa nousee maan perimmäisiltä ääriltä.
২২যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দেশৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি উত্তেজিত হৈছে।
23 He käyttävät jousta ja keihästä, ovat julmat ja armahtamattomat. Heidän pauhinansa on kuin pauhaava meri, ja he ratsastavat hevosilla, varustettuina kuin soturi taisteluun sinua vastaan, tytär Siion.
২৩তেওঁলোকে ধনু আৰু বৰছা ধৰিব। তেওঁলোক নিষ্ঠুৰ আৰু দয়াহীন; তেওঁলোকৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা, আৰু তেওঁলোক ঘোঁৰাত উঠে; হে চিয়োন-জীয়াৰী, তোমাৰ বিৰুদ্ধে তেওঁলোক প্ৰতিজনে যুদ্ধাৰুৰ দৰে সাজু হৈ আছে।
24 Kun kuulemme siitä sanoman, niin meidän kätemme herpoavat; ahdistus valtaa meidät, tuska, niinkuin synnyttäväisen.
২৪আমি তেওঁলোকৰ যশস্যা শুনিছোঁ। আমাৰ হাত দুৰ্ব্বল হ’ল। যাতনাই, প্ৰসৱকাৰীণীৰ বেদনাৰ দৰে বেদনাই আমাক ধৰিছে।
25 Älkää menkö vainiolle, älkää vaeltako tiellä, sillä vihollisen miekka-kauhistus on kaikkialla!
২৫পথাৰলৈ নাযাবা, আৰু ৰাজআলিত অহা-যোৱা নকৰিবা, কিয়নো শত্ৰূ তৰোৱাল, চাৰিওফালে ত্ৰাসৰ সৃষ্টি কৰি আছে।
26 Tytär, minun kansani! Kääriydy säkkiin, vieriskele tuhassa; pidä itkiäiset, niinkuin ainokaista poikaa itketään, katkerat valittajaiset, sillä äkkiarvaamatta käy kimppuumme hävittäjä.
২৬হে মোৰ জাতিস্বৰূপা জীয়াৰী, কঁকালত চট বান্ধা, আৰু ছাইত বাগৰা; একেটি পুত্ৰৰ মৃত্যুৰ বাবে শোক কৰাৰ দৰে শোক কৰা। আৰু অত্যন্ত বিলাপ কৰা, কিয়নো বিনষ্ট কৰোঁতাই অকস্মাতে আমাৰ ওপৰত আক্ৰমণ চলাব।
27 Minä olen asettanut sinut kansani koettelijaksi, suojavarustukseksi, että oppisit tuntemaan ja koettelisit heidän vaelluksensa.
২৭মোৰ প্ৰজাসকলৰ পথ পৰীক্ষা কৰি জানিবৰ বাবে, মই তেওঁলোকৰ মাজত তোমাক পৰীক্ষক কৰি দুৰ্গস্বৰূপে স্থাপন কৰিলোঁ।
28 Kaikki he ovat pääniskureita, liikkuvat panettelijoina; he ovat vaskea ja rautaa, ovat kelvottomia kaikki tyynni.
২৮তেওঁলোক সকলোৱেই অতিশয় বিদ্ৰোহী আৰু পৰচৰ্চ্চাকাৰী। তেওঁলোক পিতল আৰু লোহাস্বৰূপ; তেওঁলোক সকলো দুৰাচাৰী।
29 Palkeet puhkuvat, tulesta lähtee vain lyijyä. Turhaan on sulatettu ja sulatettu: pahat eivät ole erottuneet.
২৯ভাতীয়ে বৰকৈ তাও দিছে; সীহ জুইত নষ্ট হৈছে; লোকে মিছাকৈয়ে খপি থাকিছে; কিয়নো ভাঁজস্বৰূপ দুষ্টবোৰক বাহিৰ কৰা নাযায়।
30 Hylkyhopeaksi heitä sanotaan, sillä Herra on heidät hyljännyt.
৩০যিহোৱাই তেওঁলোকক অগ্ৰাহ্য কৰা বাবে, মানুহে তেওঁলোকক “পেলনীয়া ৰূপ” বুলিব’!”