< Jesajan 62 >
1 Siionin tähden minä en voi vaieta, ja Jerusalemin tähden en lepoa saa, ennenkuin sen vanhurskaus nousee kuin aamunkoi ja sen autuus kuin palava tulisoihtu.
১চিয়োনৰ বাবে মই নিজম দি নাথাকোঁ, আৰু যিৰূচালেমৰ বাবে মই নিৰৱে নাথাকোঁ, যেতিয়ালৈকে তেওঁৰ ধাৰ্মিকতা উজ্বলতাৰে আগুৱাই নাযায়, আৰু তেওঁৰ পৰিত্ৰাণ জ্বলি থকা প্ৰদীপৰ দৰে নহয়।
2 Ja kansat näkevät sinun vanhurskautesi, kaikki kuninkaat sinun kunniasi; ja sinulle annetaan uusi nimi, jonka Herran suu säätää.
২দেশবাসীয়ে তোমাৰ ধাৰ্মিকতা, আৰু সকলো ৰজাই তোমাৰ গৌৰৱ দেখিব; আৰু যিহোৱাই নিৰ্বাচন কৰা এটা নতুন নামেৰে তোমাক মতা হ’ব।
3 Sinä tulet kauniiksi kruunuksi Herran kädessä ja kuninkaalliseksi päähineeksi Jumalasi kädessä.
৩তোমালোক যিহোৱাৰ হাতত এটি সুন্দৰ কিৰীটি, আৰু তোমালোকৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুটস্বৰূপ হ’বা।
4 Ei sinua enää sanota "hyljätyksi", eikä sinun maatasi enää sanota "autioksi"; vaan sinua kutsutaan "minun rakkaakseni" ja sinun maatasi "aviovaimoksi", sillä Herra rakastaa sinua, ja sinun maasi otetaan avioksi.
৪তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
5 Sillä niinkuin nuori mies ottaa neitsyen avioksi, niin sinun lapsesi ottavat sinut omaksensa; ja niinkuin ylkä iloitsee morsiamesta, niin sinun Jumalasi iloitsee sinusta.
৫কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰসকলে তোমাক বিবাহ কৰিব; আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব।
6 Sinun muureillesi, Jerusalem, minä asetan vartijat; älkööt he milloinkaan vaietko, ei päivällä eikä yöllä. Te, jotka ylistätte Herraa, älkää itsellenne lepoa suoko.
৬হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
7 Älkää antako hänelle lepoa, ennenkuin hän on asettanut ennallensa Jerusalemin, tehnyt sen ylistykseksi maassa.
৭তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণী ল’বলৈ নিদিবা, যিৰূচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিবীত প্ৰশংসা কৰক।
8 Herra on vannonut oikean kätensä ja väkevyytensä käsivarren kautta: En totisesti minä enää anna jyviäsi sinun vihollistesi ruuaksi, eivätkä juo enää muukalaiset sinun viiniäsi, josta sinä olet vaivan nähnyt.
৮যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
9 Vaan jotka viljan kokoavat, ne sen syövät ja ylistävät Herraa; ja jotka viinin korjaavat, ne sen juovat minun pyhissä esikartanoissani.
৯কাৰণ যিসকলে শস্য চপাই, তেওঁলোকে তাক ভোজন কৰিব আৰু যিহোৱাৰ প্ৰশংসা কৰিব, আৰু যিসকলে দ্ৰাক্ষাগুটি গোটাই, তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্রাক্ষাৰস পান কৰিব।”
10 Käykää, käykää ulos porteista, tasoittakaa kansalle tie, tehkää, tehkää valtatie, raivatkaa kivet pois, kohottakaa lippu kansoille.
১০আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা।
11 Katso, Herra on kuuluttanut maan ääriin asti: Sanokaa tytär Siionille: Katso, sinun pelastuksesi tulee. Katso, hänen palkkansa on hänen mukanansa, hänen työnsä ansio käy hänen edellänsä.
১১চোৱা, যিহোৱাই পৃথিবীৰ অন্তলৈকে ঘোষণা কৰিছে, “তোমালোকে চিয়োনজীয়াৰীক কোৱা চোৱা, তোমাৰ ত্ৰাণকৰ্ত্তা আহি আছে; চোৱা, তেওঁৰ পুৰস্কাৰ তেওঁৰ সৈতে আছে, আৰু তেওঁৰ আগত তেওঁ দিব লগীয়া প্রতিফল আছে’।”
12 Ja heitä kutsutaan "pyhäksi kansaksi", "Herran lunastetuiksi"; ja sinua kutsutaan "halutuksi", "kaupungiksi, joka ei ole hyljätty".
১২তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি “অন্বেষিতা” আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা।