< Hoosean 13 >
1 Milloin Efraim puhui, syntyi kauhu: korkealle kohosi hän Israelissa. Mutta hän joutui syynalaiseksi Baalin takia, ja hän kuoli.
১ইফ্ৰয়িমে কথা ক’লে, লোকসকল কঁপে; ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজত তেওঁ মহান হৈছিল। কিন্তু বাল দেৱতাৰ সেৱা উপসনা কৰাৰ দোষত দোষী হৈ তেওঁ মৰিল।
2 Nyt he jatkavat synnintekoa, tekevät itselleen valettuja kuvia hopeastansa, epäjumalankuvia ymmärryksensä mukaan, taitoniekkain tekemiä kaikki tyynni. Niille he puhuvat; ihmisiä teurastavat, vasikoita suutelevat.
২এতিয়া তেওঁলোকে অধিককৈ পাপ কৰি আছে; তেওঁলোকে তেওঁলোকৰ ৰূপেৰে নিজৰ কাৰণে সাঁচত ঢলা মূর্তি, অর্থাৎ নিজৰ কলা-কৌশলেৰে প্ৰতিমা সাজিলে; এই সকলোবোৰ শিল্পকাৰৰ কাৰ্য; এই মূর্তিবোৰৰ সম্বন্ধে তেওঁলোকে কয়, “যি সকলে উৎসর্গ কৰে, তেওঁলোকে দামুৰিৰ মূর্তিবোৰক চুমা খাওঁক”।
3 Sentähden he ovat kuin aamupilvi, kuin kaste, joka varhain haihtuu, kuin akanat, jotka puimatantereelta lentävät, kuin savu, joka häipyy ikkunasta.
৩সেই বাবে তেওঁলোক প্ৰভাতৰ কুঁৱলীৰ নিচিনা হ’ব, সোনকালে অদৃশ্য হৈ যোৱা নিয়ৰৰ নিচিনা, মৰণা মৰা মজিয়াৰ পৰা বা’মৰলী বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা, খিড়িকিয়েদি বাহিৰলৈ ওলোৱা ধুঁৱাৰ নিচিনা হ’ব।
4 Mutta minä olen Herra, sinun Jumalasi, hamasta Egyptin maasta lähtien; muuta Jumalaa sinä et tunne kuin minut, eikä ole muuta auttajaa kuin minä.
৪তথাপি মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা দিনৰে পৰা ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; মোৰ বাহিৰে তোমালোকৰ আন কোনো ঈশ্বৰ নাই; মোৰ বাহিৰে তোমালোকৰ আন কোনো উদ্ধাৰকৰ্ত্তা নাই।
5 Minä tunsin sinut erämaassa, kuivassa maassa.
৫মৰুভূমিত, শুকান দেশত ময়েই তোমালোকক দেখা-শুনা কৰিছিলোঁ।
6 Sen mukaan kuin heidän laitumensa olivat, he kylläisiksi tulivat. He tulivat kylläisiksi, ja heidän sydämensä tuli ylpeäksi; sentähden he unhottivat minut.
৬যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা, তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল, এই নিমিত্তে তমালোকে মোক পাহৰিলা।
7 Niin minusta tuli heille ikäänkuin leijona, niinkuin pantteri tien ohessa minä heitä väijyin.
৭সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম; নাহৰফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।
8 Minä käyn heidän kimppuunsa kuin karhu, jolta on riistetty poikaset, revin heidän sydänkalvonsa ja syön heidät siinä paikassa kuin naarasleijona. Metsän pedot raatelevat heidät.
৮পোৱালি কাঢ়ি চুৰ কৰি নিয়া ভালুকীৰ দৰে মই তেওঁলোকৰ ওপৰত আক্রমণ কৰি তেওঁলোকৰ হিয়া চিৰা-ছিৰ কৰিম; সিংহিনীৰ নিচিনাকৈ মই তেওঁলোকক সেই ঠাইতে গ্ৰাস কৰিম; বনৰীয়া জন্তুৰ দৰে তেওঁলোকক ছিন্ন ভিন্ন কৰিম।
9 Se on sinun turmiosi, Israel, että olet minua vastaan, joka olen sinun apusi.
৯হে ইস্ৰায়েল, তুমি মোৰ বিপক্ষে অর্থাৎ তোমালোকৰ সহায়কাৰীৰ বিপক্ষে থকাৰ কাৰণে মই তোমাক বিনাশ কৰিম,
10 Missä on nyt sinun kuninkaasi, että hän auttaisi sinua kaikissa kaupungeissasi, ja sinun tuomarisi, joista olet sanonut: "Anna minulle kuningas ja ruhtinaat"?
১০এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা, “মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?”
11 Kuninkaan minä annan sinulle vihassani ja otan pois kiivastuksessani.
১১সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।
12 Efraimin rikos on sidottu kokoon, talteen on pantu hänen syntinsä.
১২ইফ্ৰয়িমৰ অপৰাধ বান্ধি থোৱা হ’ল; তেওঁৰ পাপবোৰ সাঁচি থোৱা হ’ল।
13 Hänelle tulee synnyttäjän tuskat. Hän on älytön lapsi, sillä hän ei aikanansa tule esiin kohdusta.
১৩নাৰীৰ প্ৰসৱবেদনাৰ দৰে তেওঁৰ ওপৰলৈ কষ্ট আহিব। কিন্তু তেওঁতো এজন অজ্ঞান পুত্ৰ; জন্মৰ সঠিক সময়ত তেওঁ গর্ভৰ প্ৰসৱ-দুৱাৰৰ মুখলৈ নাহা।
14 Tuonelan kädestä minä heidät päästän, kuolemasta minä heidät lunastan. Missä on sinun ruttosi, kuolema, missä sinun surmasi, tuonela? Katumus on peitetty minun silmiltäni. (Sheol )
১৪চিয়োলৰ শক্তিৰ পৰা মই তেওঁক উদ্ধাৰ কৰিম নে? মৃত্যুৰ পৰা মই তেওঁক মুক্ত কৰিম নে? হে মৃত্যু, তোমাৰ মহামাৰীবোৰ ক’ত? হে চিয়োল, তোমাৰ সংহাৰ ক’ত? মোৰ চকুৰ পৰা মমতা লুকাই আছে। (Sheol )
15 Vaikka hän veljien seassa on hedelmöitseväinen, on itätuuli tuleva, on nouseva Herran tuuli erämaasta, ja hänen kaivonsa kuivuu, ja hänen lähteensä ehtyy: se on ryöstävä hänen aarteensa, kaikki hänen kallisarvoiset kalunsa.
১৫ইফ্ৰয়িমে তেওঁৰ ভাইসকলৰ মাজত সফলতা লাভ কৰিলেও, যিহোৱাৰ পৰা এক প্রৱল পূবৰ বতাহ আহিব, মৰুভূমিৰ পৰা বৈ আহিব; ইফ্রয়িমৰ জুৰিবোৰ শুকাই যাব আৰু কুৱাঁত পানী নোহোৱা হ’ব; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মূল্যৱান বস্তু লুট কৰি নিব।
16 Samaria joutuu syystänsä kärsimään, koska se on niskoitellut Jumalaansa vastaan: he kaatuvat miekkaan, heidän pienet lapsensa ruhjotaan, ja heidän raskaat vaimonsa halkaistaan.
১৬চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।