< 2 Mooseksen 4 >
1 Mooses vastasi ja sanoi: "Katso, he eivät usko minua eivätkä kuule minua, vaan sanovat: 'Ei Herra ole sinulle ilmestynyt'".
১মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”
2 Herra sanoi hänelle: "Mikä sinulla on kädessäsi?" Hän vastasi: "Sauva".
২যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”
3 Hän sanoi: "Heitä se maahan". Ja hän heitti sen maahan, ja se muuttui käärmeeksi; ja Mooses pakeni sitä.
৩তেতিয়া যিহোৱাই ক’লে, “লাখুটি ডাল মাটিত পেলাই দিয়া।” তেতিয়া মোচিয়ে লাখুটিডাল মাটিত পেলাই দিলে, আৰু তেতিয়াই সেই লাখুটি ডাল সাপ হৈ পৰিল। মোচিয়ে তাৰ পৰা পাছ হুঁহকি গ’ল।
4 Mutta Herra sanoi Moosekselle: "Ojenna kätesi ja tartu sen pyrstöön". Niin hän ojensi kätensä ja tarttui siihen, ja se muuttui sauvaksi hänen kädessänsä.
৪তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা।” মোচিয়ে নিজৰ হাত মেলি তাক ধৰিলে, আৰু তেওঁৰ হাতত সেই সাপ ডাল পুনৰ লাখুটি হ’ল।
5 -"Siitä he uskovat, että Herra, heidän isiensä Jumala, Aabrahamin Jumala, Iisakin Jumala ja Jaakobin Jumala, on sinulle ilmestynyt".
৫“ইয়াৰ বাবেই তেওঁলোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব।”
6 Ja Herra sanoi vielä hänelle: "Pistä kätesi poveesi". Ja hän pisti kätensä poveensa. Ja kun hän veti sen ulos, niin katso, hänen kätensä oli pitalista valkoinen niinkuin lumi.
৬যিহোৱাই তেওঁক পুনৰ ক’লে, “তুমি তোমাৰ হাত চোলাত ভৰোৱা।” সেয়ে মোচিয়ে হাতখন নিজৰ চোলাত ভৰালে। পাছত তেওঁ যেতিয়া হাতখন বাহিৰলৈ উলিয়াই আনিলে, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনা বগা হৈছে।
7 Ja hän sanoi: "Pistä kätesi takaisin poveesi". Ja hän pisti kätensä takaisin poveensa. Ja kun hän veti sen ulos povestansa, niin katso, se oli taas niinkuin hänen muukin ihonsa.
৭যিহোৱাই ক’লে, “তোমাৰ হাত পুনৰ চোলাত ভৰোৱা।” তেতিয়া মোচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে; আৰু যেতিয়া বাহিৰলৈ উলিয়ালে তেওঁ দেখিলে যে, তেওঁৰ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ’ল।
8 Herra sanoi: "Jos he eivät usko sinua eivätkä tottele ensimmäistä tunnustekoa, niin he uskovat toisen tunnusteon.
৮যিহোৱাই ক’লে, “তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে, আৰু মোৰ শক্তিৰ সেই প্ৰথম চিনকো যদি বিশ্বাস নকৰে, তেনেহ’লে তেওঁলোকে দ্বিতীয় চিনত বিশ্বাস কৰিব।
9 Mutta jos he eivät usko näitäkään kahta tunnustekoa eivätkä kuule sinua, niin ota vettä Niilivirrasta ja kaada kuivalle maalle, niin se vesi, jonka virrasta otat, on muuttuva vereksi kuivalla maalla."
৯তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেনেহ’লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওঁতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
10 Niin Mooses sanoi Herralle: "Oi Herra, minä en ole puhetaitoinen mies; en ole ollut ennen enkä senkään jälkeen, kuin sinä puhuit palvelijallesi; sillä minulla on hidas puhe ja kankea kieli".
১০তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
11 Ja Herra sanoi hänelle: "Kuka on antanut ihmiselle suun, tahi kuka tekee mykän tai kuuron, näkevän tai sokean? Enkö minä, Herra?
১১যিহোৱাই মোচিক ক’লে, “মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই যিহোৱায়ে জানো তাক নকৰোঁ?
12 Mene siis nyt, minä olen sinun suusi apuna ja opetan sinulle, mitä sinun on puhuttava."
১২তেনেহ’লে এতিয়া তুমি যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”
13 Mutta hän sanoi: "Oi Herra, lähetä kuka muu tahansa!"
১৩কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”
14 Niin Herra vihastui Moosekseen ja sanoi: "Eikö sinulla ole veljesi Aaron, leeviläinen? Minä tiedän, että hän osaa puhua. Ja katso, hän tuleekin sinua vastaan; ja kun hän näkee sinut, iloitsee hän sydämestänsä.
১৪তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব।
15 Ja puhu sinä hänelle ja pane sanat hänen suuhunsa. Ja minä olen sinun suusi apuna ja hänen suunsa apuna ja opetan teille, mitä teidän on tehtävä.
১৫তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।
16 Ja hän on puhuva sinun puolestasi kansalle; niin hän on oleva sinulla suuna, ja sinä olet oleva hänellä jumalana.
১৬তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখস্থৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।
17 Ja ota käteesi tämä sauva, jolla olet tekevä nuo tunnusteot."
১৭এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”
18 Niin Mooses tuli takaisin appensa Jetron luo ja sanoi hänelle: "Anna minun mennä takaisin veljieni tykö Egyptiin, katsomaan, ovatko he vielä elossa". Jetro sanoi Moosekselle: "Mene rauhassa".
১৮তাৰ পাছত মোচিয়ে তেওঁৰ শহুৰেক যিথ্রোৰ ওচৰলৈ উভটি গ’ল, আৰু তেওঁক ক’লে, “মই বিনয় কৰোঁ, মিচৰত থকা মোৰ সম্পৰ্কীয় লোকসকল এতিয়ালৈকে জীয়াই আছে নে নাই, তাক চাবৰ বাবে তেওঁলোকৰ ওচৰলৈ উভটি যাবলৈ মোক দিয়ক।” যিথ্ৰোৱে মোচিক ক’লে, “শান্তিৰে যোৱা।”
19 Ja Herra sanoi Moosekselle Midianissa: "Mene takaisin Egyptiin, sillä kaikki ne ovat kuolleet, jotka väijyivät sinun henkeäsi".
১৯যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
20 Niin Mooses otti vaimonsa ja poikansa ja pani heidät aasin selkään ja palasi Egyptin maahan; ja Mooses otti käteensä Jumalan sauvan.
২০তেতিয়া মোচিয়ে নিজৰ ভাৰ্যা আৰু পুত্রক এটা গাধত উঠাই ল’লে আৰু মিচৰ দেশলৈ যাত্রা কৰিলে। মোচিয়ে ঈশ্বৰৰ সেই লাখুটি ডালো নিজৰ হাতত ল’লে।
21 Ja Herra sanoi Moosekselle: "Kun tulet takaisin Egyptiin, niin katso, että teet faraon edessä kaikki ne ihmeet, jotka minä olen pannut sinun käteesi. Mutta minä paadutan hänen sydämensä, niin että hän ei päästä kansaa.
২১যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।
22 Sano silloin faraolle: 'Näin sanoo Herra: Israel on minun esikoispoikani;
২২তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’;
23 sentähden minä sanon sinulle: Päästä minun poikani palvelemaan minua. Mutta jos kieltäydyt päästämästä häntä, niin katso, minä tapan sinun esikoispoikasi.'"
২৩মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”
24 Ja matkan varrella yöpaikassa tapahtui, että Herra kävi hänen kimppuunsa ja tahtoi surmata hänet.
২৪তাৰ পাছত যাত্রা কৰি গৈ থাকোতে, ৰাতি হোৱাৰ বাবে তেওঁলোক এঠাইত থাকিল; তাতে যিহোৱাই মোচিক লগ পালে, আৰু বধ কৰিব খুজিলে।
25 Silloin Sippora otti terävän kiven ja leikkasi pois poikansa esinahan, kosketti sillä Moosesta alhaalta ja sanoi: "Sinä olet minun veriylkäni".
২৫তেতিয়া চিপ্পোৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ ল’লে; আৰু নিজৰ পুত্ৰৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰি, মোচিৰ ভৰিত পেলাই দি ক’লে, “নিশ্চয়ে আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা।”
26 Niin hän jätti hänet rauhaan. Silloin Sippora sanoi: "Veriylkä ympärileikkauksen kautta".
২৬সেয়ে যিহোৱাই তেওঁক এৰি দিলে। চিপ্পোৰাই ক’লে, “চুন্নতৰ কাৰণে আপুনি তেজৰ দ্বাৰাই পোৱা দৰা।”
27 Ja Herra sanoi Aaronille: "Mene Moosesta vastaan erämaahan". Ja hän meni ja kohtasi hänet Jumalan vuorella ja suuteli häntä.
২৭যিহোৱাই হাৰোণক কৈছিল, “তুমি মোচিৰে সৈতে সাক্ষাৎ কৰিবলৈ মৰুভূমিলৈ যোৱা।” তেতিয়া হাৰোণ গ’ল, আৰু ঈশ্বৰৰ পৰ্বতত মোচিক লগ ধৰি, তেওঁক চুমা খালে।
28 Ja Mooses kertoi Aaronille kaikki, mitä Herra oli puhunut lähettäessään hänet, ja kaikki ne tunnusteot, jotka hän oli käskenyt hänen tehdä.
২৮তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে।
29 Niin Mooses ja Aaron menivät ja kokosivat kaikki israelilaisten vanhimmat.
২৯তাৰ পাছত মোচি আৰু হাৰোণ দুয়ো গৈ ইস্ৰায়েলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে।
30 Ja Aaron puhui kaikki, mitä Herra oli Moosekselle sanonut, ja Mooses teki tunnusteot kansan silmien edessä.
৩০যিহোৱাই মোচিক কোৱা সকলো কথা হাৰোণে তেওঁলোকক ক’লে। তেওঁ লোকসকলৰ আগত যিহোৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে।
31 Ja kansa uskoi. Ja kun he kuulivat, että Herra oli pitänyt huolta israelilaisista ja nähnyt heidän kurjuutensa, kumartuivat he maahan ja rukoilivat.
৩১তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।