< 2 Samuelin 22 >
1 Ja Daavid puhui Herralle tämän laulun sanat sinä päivänä, jona Herra oli pelastanut hänet kaikkien hänen vihollistensa ja Saulin vallasta. Hän sanoi:
১যি কালত যিহোৱাই দায়ূদক চৌল আৰু আন আন শক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰিছিল, সেই সময়ত তেওঁ যিহোৱাৰ উদ্দ্যেশেৰে এই কথাৰে গীত গালে৷
2 "Herra, minun kallioni, linnani ja pelastajani!
২তেওঁ প্ৰার্থনা কৰি ক’লে, “যিহোৱা মোৰ শিলা, মোৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা।
3 Jumala, minun vuoreni, jonka turviin minä pakenen, minun kilpeni, autuuteni sarvi, varustukseni ja pakopaikkani, sinä pelastajani, joka pelastat minut väkivallasta!
৩মোৰ ঈশ্বৰ, মোৰ শিলা; তেৱেঁই মোৰ আশ্রয়স্থান। তেওঁ মোৰ ঢাল, মোৰ পৰিত্ৰাণৰ শিং, মোৰ উচ্চ দু্ৰ্গ আৰু মোৰ আশ্ৰয়স্থান, তুমি মোৰ ত্ৰাণকৰ্তা; তুমি মোক উপদ্ৰৱৰ পৰা নিস্তাৰ কৰোঁতা।
4 'Ylistetty olkoon Herra' -niin minä huudan, ja vihollisistani minä pelastun.
৪প্ৰশংসাৰ যোগ্য যি যিহোৱা, মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্ৰুবোৰৰ পৰা মই উদ্ধাৰ পাওঁ।
5 Sillä kuoleman aallot piirittivät minut, turmion virrat peljästyttivät minut.
৫কিয়নো মৃত্যুৰ ঢৌৱে মোক বেৰি ধৰিছিল৷ অধৰ্মৰূপ ঢল পানীয়ে মোক অভিভূত কৰিছিল।
6 Tuonelan paulat kietoivat minut, kuoleman ansat yllättivät minut. (Sheol )
৬চিয়োলৰ জৰীয়ে মোক আগুৰি ধৰিছিল; মৃত্যু-পাশে মোক মেৰাই ধৰিছিল। (Sheol )
7 Ahdistuksessani minä rukoilin Herraa, Jumalaani minä rukoilin; ja hän kuuli minun ääneni temppelistänsä, minun huutoni kohosi hänen korviinsa.
৭সঙ্কতৰ কালত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ; মোৰ ঈশ্বৰৰ আগত মই কাতৰোক্তি কৰিলোঁ; তাতে তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, তেওঁৰ সন্মুখত কৰা মোৰ কাতৰোক্তি তেওঁৰ কাণত পৰিল।
8 Silloin maa huojui ja järisi, taivaan perustukset järkkyivät; ne horjuivat, sillä hänen vihansa syttyi.
৮তেতিয়া পৃথিৱী কঁপিল আৰু জোকাৰ খালে৷ স্ৱর্গৰ মূলবোৰো জোকাৰ খাই লৰিল; কিয়নো তেওঁৰ ক্ৰোধ জ্বলি উঠিছিল।
9 Savu suitsusi hänen sieraimistaan, kuluttava tuli hänen suustansa, palavat hiilet hehkuivat hänestä.
৯তেওঁ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ গ’ল, তেওঁৰ মুখৰ পৰা ওলোৱা অগ্নিয়ে গ্ৰাস কৰিলে; তাৰ পৰা জ্বলি থকা আঙঠা ওলাই জ্বলি থাকিল।
10 Hän notkisti taivaan ja astui alas, synkkä pilvi jalkojensa alla.
১০তেতিয়া তেওঁ আকাশ মুকলি কৰি নামিল, তেওঁৰ চৰণৰ তলত ঘোৰ অন্ধকাৰ আছিল।
11 Hän ajoi kerubin kannattamana ja lensi, hän näkyi tuulen siipien päältä.
১১তেওঁ কৰূবত উঠিছিল আৰু উৰি ফুৰিছিল, এনে কি, বায়ুৰূপ ডেউকাৰে উৰা মাৰি আহি তেওঁ দৰ্শন দিছিল।
12 Ja hän pani pimeyden majaksi ympärillensä, synkät vedet, paksut pilvet.
১২আৰু তেওঁ অন্ধকাৰক নিজৰ চাৰিওফালে তম্বুৰূপে স্থাপন কৰি ল’লে, তেওঁ আকাশৰ মেঘত গধুৰ জলৰাশি একত্রিত কৰিলে৷
13 Hohteesta, joka kävi hänen edellänsä, hehkuivat palavat hiilet.
১৩তেওঁৰ সন্মুখত থকা দীপ্তিৰ পৰা জ্বলন্ত আঙঠা ওলাই পৰিল।
14 Herra jylisi taivaasta, Korkein antoi äänensä kaikua.
১৪যিহোৱাই আকাশৰ পৰা গৰ্জ্জন কৰিলে৷ সৰ্ব্বোপৰি জনে আটাহ পাৰিলে।
15 Hän lennätti nuolia ja hajotti heidät, salamoita, ja kauhistutti heidät.
১৫তেওঁ বাণ মাৰি তেওঁৰ শত্ৰুসকলক গোট গোট কৰিলে, তেওঁ বজ্ৰ মাৰি তেওঁলোকক ব্যাকুল কৰিলে।
16 Silloin meren syvyydet tulivat näkyviin, maanpiirin perustukset paljastuivat Herran nuhtelusta, hänen vihansa hengen puuskauksesta.
১৬যিহোৱাৰ ভৎসৰ্নাত আৰু তেওঁৰ নাকৰ নিশ্বাস প্ৰশ্বাসৰ বায়ুত, সমুদ্ৰৰ তলি দেখা গ’ল, পৃথিৱীৰ মূলবোৰ অনাবৃত হ’ল।
17 Hän ojensi kätensä korkeudesta ja tarttui minuun, veti minut ylös suurista vesistä.
১৭তেওঁ ওপৰৰ পৰা হাত মেলিলে; আৰু মোক ধৰিলে! তেওঁ মহাজল সমূহৰ পৰা মোক তুলি আনিলে৷
18 Hän pelasti minut voimallisesta vihollisestani, minun vihamiehistäni, sillä he olivat minua väkevämmät.
১৮তেওঁ মোক বলৱন্ত শত্ৰুৰ পৰা উদ্ধাৰ কৰিলে, মোৰ বৈৰীবোৰৰ পৰা মোক উদ্ধাৰ কৰিলে; কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত আছিল।
19 He hyökkäsivät minun kimppuuni hätäni päivänä, mutta Herra tuli minun tuekseni.
১৯মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল।
20 Hän toi minut avaraan paikkaan, hän vapautti minut, sillä hän oli mielistynyt minuun.
২০তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে।
21 Herra tekee minulle minun vanhurskauteni mukaan; minun kätteni puhtauden mukaan hän minulle maksaa.
২১যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে।
22 Sillä minä olen noudattanut Herran teitä enkä ole luopunut pois Jumalastani, jumalattomuuteen.
২২কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷
23 Kaikki hänen oikeutensa ovat minun silmieni edessä, enkä minä poikkea hänen käskyistänsä.
২৩কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷
24 Minä olen vilpitön häntä kohtaan ja varon itseni pahoista teoista.
২৪তেওঁৰ দৃষ্টিত মই সিদ্ধও আছিলোঁ, আৰু নিজ অপৰাধৰ পৰা মই নিজকে আঁতৰে ৰাখিলোঁ।
25 Sentähden Herra palkitsee minulle vanhurskauteni mukaan, sen mukaan kuin olen puhdas hänen silmiensä edessä.
২৫এই হেতুকে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক ফল দিলে, তেওঁৰ চকুৰ আগত থকা মোৰ হাতৰ শুদ্ধতাৰ দৰেই মোক ফল দিলে।
26 Hurskasta kohtaan sinä olet hurskas, nuhteetonta sankaria kohtaan nuhteeton;
২৬যি জন বিশ্বাসযোগ্য, তেওঁলৈ তুমি নিজৰ বিশ্বাসযোগ্যতা প্রকাশ কৰা, যি জন নিৰ্দোষী, তেওঁলৈ তুমি নিৰ্দোষীতা প্রকাশ কৰা৷
27 puhdasta kohtaan sinä olet puhdas, mutta kieroa kohtaan nurja.
২৭তুমি শুচি লোকলৈ নিজৰ শুচিতা প্ৰকাশ কৰা, কিন্তু বিপথগামী লোকলৈ তুমি চতুৰ ব্যৱহাৰ কৰোঁতা।
28 Ja sinä pelastat nöyrän kansan, mutta sinun silmäsi ovat ylpeitä vastaan, sinä alennat heidät.
২৮তুমি দুখ পোৱা লোকক পৰিত্ৰাণ দিওঁতা, কিন্তু গৰ্ব্বী চকুক তল কৰোঁতা।
29 Sillä sinä, Herra, olet minun lamppuni; Herra valaisee minun pimeyteni.
২৯কিয়নো হে যিহোৱা, তুমি মোৰ প্ৰদীপ৷ আৰু যিহোৱাই মোৰ অন্ধকাৰক পোহৰ কৰি দিয়ে৷
30 Sinun avullasi minä hyökkään rosvojoukkoa vastaan, Jumalani avulla minä ryntään ylitse muurin.
৩০কিয়নো তোমাৰ সহায়ত মই সৈন্যদলৰ বিৰুদ্ধে খেদি যাওঁ; আৰু মোৰ ঈশ্বৰৰ সহায়ত মই জাপ মাৰি গড় পাৰ হওঁ।
31 Jumalan tie on nuhteeton, Herran sana tulessa koeteltu. Hän on kaikkien kilpi, jotka häneen turvaavat.
৩১ঈশ্বৰৰ পথ হ’লে সিদ্ধ৷ যিহোৱাৰ বাক্য নিভাঁজ৷ তেওঁ প্ৰত্যেক লোকৰ ঢালস্বৰূপ; যি জন তেওঁত থাকে, তেওঁ তাৰ আশ্ৰয়স্থান।
32 Sillä kuka muu on Jumala paitsi Herra, ja kuka muu on pelastuksen kallio paitsi meidän Jumalamme?
৩২কিয়নো যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰত বাহিৰে কোন শিলা আছে?
33 se Jumala, joka on minun vahva turvani ja johdattaa nuhteetonta hänen tiellänsä,
৩৩ঈশ্বৰ মোৰ দৃঢ় আশ্ৰয়; তেওঁ সিদ্ধ লোকক নিজ পথত চলায়।
34 tekee hänen jalkansa nopeiksi niinkuin peurat ja asettaa minut kukkuloilleni,
৩৪তেওঁ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ কৰে আৰু মোক পর্বতৰ ওখ ঠাইত থিয় কৰায়।
35 joka opettaa minun käteni sotimaan ja käsivarteni vaskijousta jännittämään.
৩৫তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিক্ষা দিয়ে, তাতে মোৰ বাহুৱে পিতলৰ ধনুকো বেকা কৰিব পাৰে৷
36 Sinä annat minulle pelastuksen kilven; ja kun sinä kuulet minun rukoukseni, teet sinä minut suureksi.
৩৬তুমি মোক পৰিত্ৰাণ স্বৰূপ ঢাল দিলা, আৰু তোমাৰ সাহাৰ্যই মোক মহান কৰিলে।
37 Sinä annat minun askeleilleni avaran tilan, ja minun jalkani eivät horju.
৩৭তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা, তাতে মোৰ ভৰি পিছলি নগ’ল।
38 Minä ajan vihollisiani takaa ja tuhoan heidät enkä palaja, ennenkuin teen heistä lopun.
৩৮মই মোৰ শত্ৰুবোৰৰ পাছত খেদি গৈ তেওঁলোকক বিনষ্ট কৰিলোঁ৷ তেওঁলোক বিনষ্ট নহ’লমানে মই উভটি নাহিলোঁ।
39 Minä lopetan heidät ja murskaan heidät, niin etteivät enää nouse; he sortuvat minun jalkojeni alle.
৩৯মই তেওঁলোকক সংহাৰ কৰি এনেকৈ গুড়ি কৰিলোঁ যে, তেওঁলোকে উঠিব নোৱাৰিলে৷ এনে কি, তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
40 Sinä vyötät minut voimalla sotaan, sinä painat vastustajani minun alleni.
৪০কিয়নো যুদ্ধ কৰিবৰ অৰ্থে তুমি মোক বলৰূপ কটিবন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক, মোৰ তলতীয়া কৰিলা।
41 Sinä ajat minun viholliseni pakoon, vihamieheni minä hukutan.
৪১তুমি মোৰ শত্ৰুবোৰক মোলৈ পিঠি দিয়ালা; তাতে মোক ঘিণ কৰোঁতাবোৰক মই সংহাৰ কৰিলোঁ।
42 He katselevat, mutta pelastajaa ei ole, katsovat Herran puoleen, mutta hän ei heille vastaa.
৪২তেওঁলোকে সহায়ৰ বাবে আটাহ পাৰিলে, কিন্তু পৰিত্ৰাণ কৰোঁতা কোনো নাছিল৷ তেওঁলোকে যিহোৱালৈ আটাহ পাৰিলে, কিন্তু তেওঁ তেওঁলোকক উত্তৰ নিদিলে।
43 Minä survon heidät maan tomuksi, kadun loaksi minä heidät poljen ja tallaan.
৪৩তাতে পৃথিৱীৰ ধূলিৰ নিচিনাকৈ মই তেওঁলোকক গুড়ি কৰিলোঁ, আৰু বাটৰ বোকাৰ দৰে মই তেওঁলোকক গচকিলোঁ আৰু মৰ্দ্দন কৰিলোঁ।
44 Sinä pelastat minut kansani riidoista, sinä varjelet minua, niin että tulen pakanain pääksi; kansat, joita minä en tunne, palvelevat minua.
৪৪তুমি মোৰ লোকসকলৰ বিবাদৰ পৰা মোক ৰক্ষা কৰিলা৷ তুমি মোৰ ফৈদক উত্তৰাধিকাৰ হ’বলৈ ৰাখিলা৷ মোৰ অপৰিচিত এটা জাতিক মোৰ দাস হ’বলৈ দিলা।
45 Muukalaiset minua mielistelevät; jo korvan kuulemalta he tottelevat minua.
৪৫বিদেশীসকল মোৰ বশীভূত হ’ল৷ শুনামাত্ৰকে তেওঁলোকে মোৰ আজ্ঞা পালন কৰিলে।
46 Muukalaiset masentuvat; he tulevat vyöttäytyneinä varustuksistansa.
৪৬বিদেশীসকল নিৰূৎসাহী হৈ নিজ নিজ দুৰ্গৰ পৰা কঁপি কঁপি ওলাই আহিল।
47 Herra elää! Kiitetty olkoon minun kallioni, ja ylistetty Jumala, minun pelastukseni kallio,
৪৭যিহোৱা জীৱন্ত! মোৰ শিলাৰ প্রশংসা হওঁক৷ মোৰ পৰিত্ৰাণৰ শিলা, ঈশ্বৰ গৌৰৱাম্বিত হওঁক;
48 Jumala, joka hankkii minulle koston ja laskee kansat minun valtani alle;
৪৮যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ হৈ প্ৰতিকাৰ সাধে আৰু লোকসকলক মোৰ ভৰিৰ তলত চাপৰ কৰে,
49 sinä, joka vapahdat minut vihollisistani ja korotat minut vastustajaini ylitse ja päästät minut väkivaltaisesta miehestä.
৪৯আৰু মোৰ শত্ৰুবোৰৰ মাজৰ পৰা মোক উলিয়াই আনে৷ এনে কি, তুমি মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত মোক তোলা, আৰু উপদ্ৰৱকাৰীবোৰৰ পৰাও মোক উদ্ধাৰ কৰা।
50 Sentähden minä ylistän sinua, Herra, kansojen keskuudessa ja veisaan sinun nimesi kiitosta;
৫০এই হেতুকে হে যিহোৱা, মই জাতিবোৰৰ মাজত তোমাক ধন্যবাদ কৰিম; আৰু তোমাৰ নামৰ উদ্দেশে প্ৰশংসাৰ গান কৰিম।
51 sinun, joka annat kuninkaallesi suuren avun ja osoitat armoa voidellullesi, Daavidille, ja hänen jälkeläisilleen, iankaikkisesti."
৫১ঈশ্ৱৰে নিজ ৰজাক মহা-পৰিত্ৰাণ দিয়ে, আৰু তেওঁ নিজৰ অভিষিক্ত জনক দয়া কৰে। তেৱেঁই সদাকাললৈকে দায়ুদ আৰু তেওঁৰ বংশক দয়া কৰিব।”