< Nehemian 3 >
1 Ja Eljasib, ylimmäinen pappi, nousi pappein veljeinsä kanssa, rakensivat Lammasportin ja pyhittivät sen, ja panivat siihen ovet; ja he pyhittivät sen Mean torniin asti, hamaan Hananeelin torniin saakka.
১প্ৰধান পুৰোহিত ইলিয়াচীব আৰু তেওঁৰ পুৰোহিত ভাইসকলে উঠি মেৰ-ছাগদুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশ টা স্তম্ভ আৰু হননেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে।
2 Ja Jerihon miehet rakensivat hänen vieressänsä, ja Sakkur Imrin poika rakensi hänen vieressänsä.
২তেওঁৰ পাছত যিৰীহোৰ লোকসকলে কাম কৰিলে, আৰু তেওঁলোকৰ পাছত ইম্ৰীৰ পুত্ৰ জক্কুৰে কাম কৰিলে।
3 Mutta Senaan lapset rakensivat Kalaportin, ja kattivat sen, ja panivat siihen ovet, lukot ja teljet.
৩হচচানাৱাৰ পুত্ৰসকলে মৎস্য-দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে।
4 Ja Meremot Urian poika, Hakkotsin pojan, rakensi heidän vieressänsä, ja Mesullam Berekian poika, Mesesabelin pojan, rakensi heidän vieressänsä; Zadok Baenan poika rakensi heidän vieressänsä.
৪মৰেমোতে তাৰ পাছৰ অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হক্কোচৰ পুত্র আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মচেজবেলৰ পুত্র আছিল। তেওঁৰ পাছত চাদোকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ।
5 Niiden tykönä rakensivat Tekoan miehet; mutta heidän sankarinsa ei kääntäneet kaulaansa Herransa palvelukseen.
৫তেওঁলোকৰ পাছত তকোৱা লোকসকলে মেৰামতি কৰিলে, কিন্তু তেওঁলোকৰ তদাৰক কৰোঁতা জনৰ আদেশ তেওঁলোকৰ মূখ্য লোকসকলে অমান্য কৰিলে।
6 Vanhan portin rakensi Jojada Passean poika ja Mesullam Besodian poika, ja kattivat sen, ja panivat siihen ovet, lukot ja teljet.
৬পচেহৰ পুত্ৰ যোয়াদা, আৰু বচোদিয়াৰ পুত্ৰ মচুল্লমে পুৰণি দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে চৌকাঠ লগাই তাত দুৱাৰখন লগালে, আৰু শলখা ও ডাং লগালে।
7 Melatia Gibeonilainen ja Jadon Meronotilainen rakensi heidän vieressänsä, Gibeonin ja Mitspan miehet, päämiehen istuimen tykönä, sillä puolella virtaa.
৭তেওঁলোকৰ পাছত গিবিয়োনীয়াৰ মলটিয়াৰ লগত মেৰোনোথীয়াৰ যাদোনে মেৰামতি কৰিলে। তেওঁলোক গিবিয়োন আৰু মিস্পাৰ মূখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্রদেশত দেশাধ্যক্ষ আছিল, সেই খনেই মিস্পা নগৰ।
8 Hänen vieressänsä rakensi Ussiel Harhakan kultasepän poika; hänen vieressänsä rakensi Hanania yrtteinmyyjän poika; ja he rakensivat Jerusalemia leviään muuriin asti.
৮তেওঁৰ পাছত সোণাৰীসকলৰ এজন হৰ্হয়াৰ পুত্ৰ উজ্জীয়েলে মেৰামতি কৰিলে, আৰু তেওঁৰ পাছত গন্ধৰস প্রস্তুত কৰোঁতা হননিয়াই মেৰামতি কৰিলে। তেওঁলোকে বহল দেৱাললৈকে যিৰূচালেম পুনৰ সাজিলে।
9 Hänen vieressänsä rakensi Rephaja Hurin poika, puolen Jerusalemin päämies.
৯তেওঁলোকৰ পাছত হুৰৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ যিৰূচালেম জিলাৰ আধা অংশত শাসন কৰিছিল।
10 Heidän vieressänsä rakensi Jedaja Harumaphin poika, huoneensa kohdalla; hänen vieressänsä rakensi Hattus, Hasabnejan poika.
১০তেওঁলোকৰ পাছত হৰূমফৰ পুত্ৰ যদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত হচবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে।
11 Mutta Malkia Harimin poika ja Hasub Pahatmoabin poika rakensivat toista kulmaa, niin myös Pätsitornin.
১১হাৰীমৰ পুত্ৰ মল্কিয়া আৰু পহৎ-মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে।
12 Hänen vieressänsä rakensi Sallum Haloeksen poika, puolen Jerusalemin päämies: hän itse ja hänen tyttärensä.
১২তেওঁৰ পাছত যিৰূচালেম জিলাৰ আধা অংশৰ শাসনকৰ্তা হল্লোহেচৰ পুত্ৰ চল্লুমৰ সৈতে তেওঁৰ জীয়েকসকলে মেৰামতি কৰিলে।
13 Laaksoportin rakensi Hanun ja Sanoan asujamet; ne rakensivat sen ja panivat siihen ovet, lukot ja teljet, ja tuhannen kyynärää muuria Sontaporttiin asti.
১৩হানুন আৰু জানোহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি, তাত দুৱাৰ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে। তেওঁলোকে গোবৰ-দুৱাৰলৈকে এক হাজাৰ হাত মেৰামতি কৰিলে।
14 Mutta Malkia Rekabin poika, viinamäen kulmakunnan päämies, rakensi Sontaportin, hän rakensi sen ja pani siihen ovet, lukot ja teljet.
১৪বৈৎহক্কেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰ-দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে।
15 Mutta Lähdeportin rakensi Sallun Kolhosen poika, Mitspan kulmakunnan päämies; hän rakensi ja katti sen, ja pani siihen ovet, lukot ja teljet; niin myös Selan lammin muurin kuninkaan yrttitarhan tykönä, niihin astuimiin asti, jotka tulevat alas Davidin kaupungista.
১৫মিস্পা জিলাৰ শাসনকৰ্তা কল-হোজিৰ পুত্ৰ চল্লুনে ভুমুক-দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে, আৰু তাত দুৱাৰ, শলখা আৰু ডাং লগালে। তেওঁ যি খটখটিয়েদি দায়ুদৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলোহ পুখুৰীলৈকে দেৱাল সাজিলে।
16 Hänen vieressänsä rakensi Nehemia Asbukin poika, puolen Betsuurin päämies, aina Davidin hautain kohdalle, ja kaivettuun lammikkoon asti väkeväin huoneeseen asti.
১৬বৈৎ-চুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই দায়ুদৰ মৈদামবোৰৰ ঠাইৰ পৰা, মানুহে খনা পুখুৰীলৈকে, আৰু বীৰপুৰুষ সকলৰ ঘৰলৈকে মেৰামতি কৰিলে।
17 Häntä likimpänä rakensivat Leviläiset, Rehum Banin poika; hänen vieressänsä rakensi Hasabia, puolen Kegilan päämies kulmakuntansa puolesta.
১৭তেওঁৰ পাছত লেবীয়াসকলৰ সৈতে বানীৰ পুত্ৰ ৰহূমে মেৰামতি কৰিলে। তেওঁৰ পাছত কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হচবিয়াই নিজৰ জিলাৰ অৰ্থে মেৰামতি কৰিলে।
18 Häntä likimpänä rakensivat heidän veljensä Bavai Hanadadin poika, toisen puolen Kegilan päämies.
১৮তেওঁৰ পাছত তেওঁলোকৰ দেশীয় লোকসকলৰ সৈতে কয়ীলা জিলাৰ আধা অংশৰ শাসনকৰ্তা হেনাদদৰ পুত্ৰ বব্বয়ে মেৰামতি কৰিলে।
19 Hänen vieressänsä rakensi Eser Jesuan poika, Mitspan päämies, toisen osan siinä kulmassa, asehuoneen puolessa.
১৯তেওঁৰ পাছত মিস্পাৰ শাসনকৰ্তা যেচুৱাৰ পুত্ৰ এজৰে অস্ত্ৰ-গৃহৰ বিপৰীতে উঠি যোৱা বাটৰ আন এটা অংশৰ দেৱালৰ বাহিৰ ফালে দিয়া আলমৰ মেৰামতি কৰিলে।
20 Häntä likinnä rakensi Baruk Sabbain poika kiivaasti toisen osan kulmasta Eljasibin ylimmäisen papin huoneen oveen asti.
২০তেওঁৰ পাছত জক্কয়ৰ পুত্ৰ বাৰূকে অতি আগ্ৰহেৰে আলমৰ পৰা প্ৰধান পুৰোহিত ইলিয়াচীবৰ ঘৰৰ দুৱাৰলৈকে এটা অংশ মেৰামতি কৰিলে।
21 Häntä likinnä rakensi Meremot Urian poika, Hakkotsin pojan, toisen osan, Eljasibin huoneen ovesta Eljasibin huoneen loppuun asti.
২১তেওঁৰ পাছত মৰেমোতে, যিজন উৰিয়াৰ পুত্র আছিল, আৰু উৰিয়া হক্কোচৰ পুত্র। সেই মৰেমোতে ইলিয়াচীবৰ ঘৰৰ দুৱাৰৰ পৰা ইলিয়াচীবৰ ঘৰৰ শেষলৈকে এটা অংশ মেৰামতি কৰিলে।
22 Ja hänen jälkeensä rakensivat papit, miehet lakeudelta.
২২তেওঁৰ পাছত যিৰূচালেমৰ চাৰিও সীমাৰ পৰা অহা লোকসকল আৰু পুৰোহিতসকলে মেৰামতি কৰিলে।
23 Heidän jälkeensä rakensi Benjamin ja Hassub oman huoneensa kohdalla; heidän perässänsä rakensi Asaria Maesejan poika, Ananian pojan, huoneensa tykönä.
২৩তেওঁলোকৰ পাছত বিন্যামীন আৰু হচুবে নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে। তেওঁলোকৰ পাছত অণিয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্ৰ অজৰিয়াই নিজৰ ঘৰৰ ওচৰত মেৰামতি কৰিলে।
24 Hänen jälkeensä rakensi Binnui Henadadin poika, toisen osan, Asarian huoneesta niin loukkaasen ja hamaan kulmaan asti.
২৪তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।
25 Palal Usain poika loukasta vastaan ja tornia, joka menee kuninkaan ylisestä huoneesta, joka oli vankikartanon tykönä; hänen jälkeensä Pedaja Paroksen poika.
২৫উজয়ৰ পুত্ৰ পাললে আলমৰ বিপৰীতে ওপৰ ফালে ৰজাৰ গৃহৰ পৰা স্তম্ভৰ প্ৰহৰীৰ চোতাললৈকে মেৰামতি কৰিলে। তেওঁৰ পাছত পৰিয়োচৰ পুত্ৰ পদায়াই মেৰামতি কৰিলে।
26 Mutta Netinimit asuivat Ophelin tykönä Vesiporttiin asti itään päin, josta torni käy ulos.
২৬তাৰ পাছত ওফেলত থকা মন্দিৰৰ দাসবোৰে পুব-দিশে জল-দুৱাৰৰ বিপৰীতে থকা প্রকল্পৰ স্তম্ভলৈকে মেৰামতি কৰিলে।
27 Sitälikin rakensivat Tekoalaiset toisen osan, isoa tornia päin, kuin näkyy ulos, Opelin muuriin asti,
২৭তেওঁৰ পাছত তকোৱাৰ লোকসকলে বাহিৰ ফালে থকা বৃহৎ স্তম্ভৰ বিপৰীতে ওফেলৰ দেৱাললৈকে আন এটা অংশ মেৰামতি কৰিলে।
28 Mutta Hevosportin yläpuolelta rakensivat papit, jokainen huoneensa kohdalla.
২৮অশ্ব-দুৱাৰৰ ওপৰ ফালৰ পৰা প্রতিজন পুৰোহিতে নিজৰ নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে।
29 Heidän jälissänsä rakensi Zadok Immerin poika, huoneensa kohdalla; hänen jälissänsä rakensi Semaja Sekanian poika, Itäportin vartia.
২৯তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।
30 Hänen jälissänsä rakensi Hananian Selemian poika, ja Hanun kuudes Salaphin poika, toisen osan; hänen jälissänsä rakensi Mesullam Berekian poika, makaushuoneensa kohdalla.
৩০তেওঁৰ পাছত চেলেমিয়াৰ পুত্ৰ হননিয়া আৰু চালফৰ ষষ্ঠ পুত্ৰ হানুনে আন এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত বেৰেখিয়াৰ পুত্ৰ মচুল্লমে নিজৰ কোঁঠালিৰ বিপৰীতে মেৰামতি কৰিলে।
31 Hänen jälissänsä rakensi Malkia kultasepän poika, Netinimein ja kauppamiesten huoneesen asti, Käräjäportin kohdalla, hamaan Kulmasaliin saakka.
৩১তেওঁৰ পাছত সোণাৰী মল্কিয়াই মন্দিৰৰ দাস সকলৰ আৰু বণিকসকলৰ সাক্ষাত কৰা দুৱাৰৰ বিপৰীতে, চুকৰফালে ওপৰত থকা কোঁঠালৈকে মেৰামতি কৰিলে।
32 Kultasepät ja kauppamiehet rakensivat Kulmasalin välillä ja Lammasporttiin asti.
৩২চুকৰফালে থকা ওপৰৰ কোঁঠা আৰু মেৰ-ছাগদুৱাৰৰ মাজৰ অংশ সোণাৰী আৰু বণিকসকলে মেৰামতি কৰিলে।